গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

চেনিৰ দামবৃদ্ধি ৰোধৰ লগতে উৎসৱৰ বতৰত পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে

प्रविष्टि तिथि: 21 AUG 2026 5:28PM by PIB Guwahati

যোৱা কেইটামান সপ্তাহত চেনিৰ দাম বৃদ্ধি পাইছে, ২০ জুলাই ২০২৬ তাৰিখে প্ৰতি কিলোগ্ৰামত ৪৮.১৮ টকাৰ পৰা ২০ আগষ্ট ২০২৬ তাৰিখে প্ৰতি কিলোগ্ৰামত ৫৫.৭০ টকালৈ বৃদ্ধি পাইছে। চৰকাৰে এই পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে আৰু গ্ৰাহকৰ বাবে চেনিৰ পৰ্যাপ্ত উপলব্ধতা আৰু সুস্থিৰ মূল্য নিশ্চিত কৰাৰ বাবে ধাৰাবাহিক ব্যৱস্থা গ্ৰহণ কৰিছে।

চেনিৰ দামবৃদ্ধিৰ বাবে ইথানলক দোষাৰোপ কৰিব নোৱাৰি

শেহতীয়াকৈ চেনিৰ দামবৃদ্ধিৰ কাৰণ হিচাপে ইথানল উৎপাদনত চেনিৰ ব্যাপক ব্যৱহাৰ বুলি কোৱাটো ভুল।

দৰাচলতে, ইথানলৰ বাবে ব্যৱহাৰ কৰা চেনিৰ অংশ ২০২২-২৩ চনৰ প্ৰায় ১২%ৰ পৰা ২০২৫-২৬ চনত প্ৰায় ৯%লৈ হ্ৰাস পাইছে। তদুপৰি এতিয়া দেশত উৎপাদিত ইথানলৰ প্ৰায় তিনি চতুৰ্থাংশ শস্যৰ পৰা, বিশেষকৈ কুঁহিয়াৰৰ পৰা আহে।

বৰ্তমান চেনিৰ দামবৃদ্ধিৰ কাৰণ হৈছে আশা কৰাতকৈ কম ঘৰুৱা উৎপাদন, উৎসৱৰ বতৰৰ আগেয়ে চাহিদা বৃদ্ধি, বতৰৰ বাবে কুঁহিয়াৰ উৎপাদনত হোৱা ক্ষতি, বিশ্বজুৰি চেনিৰ যোগান জটিল হোৱা আৰু উদ্যোগটোৰ একাংশৰ জল্পনা-কল্পনা তথা জমা কৰাৰ প্ৰৱণতা আদি।

প্ৰাৰম্ভিক অনুমানতকৈ চেনিৰ উৎপাদন হ্ৰাস

এইবাৰ চেনিৰ উৎপাদন প্ৰায় ৩০৬ এল এম টি হ’ব বুলি আশা কৰা হৈছে, কিন্তু কুঁহিয়াৰ খেতি কৰা ৰাজ্যসমূহে প্ৰাৰম্ভিকভাৱে ইয়াৰ উৎপাদন প্ৰায় ৩৪৩ এল এম টি বুলি অনুমান কৰিছিল।

কুঁহিয়াৰৰ ৰেড ৰট আৰু টপ ব’ৰ ৰোগৰ লগতে অতিৰিক্ত বৰষুণৰ ফলত পানী জমা হোৱাৰ ফলত উৎপাদন প্ৰভাৱিত হৈছে।

আনুমানিকতকৈ কম উৎপাদন হোৱাৰ পাছতো অক্টোবৰ মাহত চেনিৰ নতুন বতৰ আৰম্ভ নোহোৱালৈকে ঘৰুৱা চাহিদা পূৰণ কৰিবলৈ দেশত পৰ্যাপ্ত পৰিমাণৰ চেনি মজুত আছে।

সমগ্ৰ বিশ্বতে চেনিৰ দাম বৃদ্ধি পাইছে

চেনিৰ যোগান জটিল কৰাটো বিশ্বজুৰি এক পৰিঘটনা আৰু ই কেৱল ভাৰততে সীমাবদ্ধ নহয়।

২০২৬-২৭ চনৰ বাবে বিশ্বজুৰি চেনিৰ ঘাটি প্ৰায় ৩৩ এল এম টি বুলি অনুমান কৰা হৈছে। বতৰৰ পৰিস্থিতিক লৈ সৃষ্টি হোৱা উদ্বেগে বিশ্বৰ দৃষ্টিভংগীত আৰু অধিক প্ৰভাৱ পেলাইছে।

ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত চেনিৰ দাম ২০২৬ চনৰ ৩০ জুনত প্ৰতি টনত ৪৭৪ ডলাৰৰ পৰা ২০২৬ চনৰ ২০ আগষ্টত প্ৰতি টনত ৫৫২ ডলাৰলৈ তীব্ৰভাৱে বৃদ্ধি পাইছে, এয়া দুমাহতকৈও কম সময়ৰ ভিতৰত ১৬%তকৈ অধিক।

ইথানল কাৰ্যসূচীয়ে কৃষকসকলক সহায় কৰাৰ লগতে চেনি কলসমূহ সবল কৰিছে

ভাৰতত সাধাৰণতে বছৰি প্ৰায় প্ৰায় ২৮০-২৯০ এল এম টি চেনি ঘৰুৱাভাৱে ব্যৱহাৰ হোৱাৰ বিপৰীতে বছৰি ৩২০-৩৪০ এল এম টি চেনি উৎপাদন হয়। বছৰ বছৰ ধৰি উদ্বৃত্ত উৎপাদন আৰু অতিৰিক্ত জমাই চেনি কলৰ উপাৰ্জন বন্ধ কৰি দিয়ে আৰু কুঁহিয়াৰ খেতিয়কক ধন পৰিশোধ কৰাত বিলম্ব ঘটাব পাৰে।

অতিৰিক্ত চেনি ইথানলৰ ফালে সৰবৰাহ কৰাটোৱে এই গাঁথনিগত সমস্যাটো সমাধান কৰাত সহায় কৰিছে আৰু চেনি কলৰ আৰ্থিক পৰিস্থিতি উন্নত কৰিছে।

ইয়াৰ ফলাফল প্ৰমাণিত হৈছে। ২০২৬ চনৰ ২০ আগষ্টলৈকে ২০২৫-২৬ চনৰ চেনিৰ বতৰৰ বাবে কুঁহিয়াৰৰ বাবদ নিৰ্ধাৰিত পুঁজিৰ ৯৭% ইতিমধ্যে কৃষকক প্ৰদান কৰা হৈছে।

চেনি কলৰ উন্নত আৰ্থিক অৱস্থাই চৰকাৰী সহায়ৰ ওপৰত নিৰ্ভৰশীলতাও হ্ৰাস কৰিছে। ২০১৪ চনৰ পৰা ২০২১ চনৰ ভিতৰত চেনি উদ্যোগটোক প্ৰায় ১৪,৬০০ কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰা হৈছিল যদিও ২০২১-২২ চনৰ পিছত এনে কোনো ৰাজসাহায্য ঘোষণা কৰা হোৱা নাই।

একে সময়তে গ্ৰাহকৰ বাবে চেনিৰ দাম দীৰ্ঘদিন ধৰি সুস্থিৰ হৈ আছে, ২০২৪ চনৰ আগষ্টৰ পৰা ২০২৬ চনৰ জুলাইৰ ভিতৰত বছৰি মাত্ৰ প্ৰায় ৩%হে এই দাম বৃদ্ধি পাইছে।

চেনিৰ মজুতকৰণ বিৰুদ্ধে আৰু যোগান বৃদ্ধিৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে

চৰকাৰে লক্ষ্য কৰিছে যে একাংশ চেনি কল আৰু ব্যৱসায়ীৰ জল্পনা-কল্পনা আৰু মজুতকৰণেও শেহতীয়া দাম বৃদ্ধিত অৰিহণা যোগাইছে। সেয়েহে ইয়াৰ বিৰুদ্ধে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে:

১. ২০২৬ চনৰ ১ আগষ্টৰ পৰা ৩০ নৱেম্বৰলৈকে সমগ্ৰ দেশৰ চেনি ব্যৱসায়ীসকলৰ ক্ষেত্ৰত ৪০০ টনলৈ মজুতকৰণৰ সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে।

২. ১ ছেপ্টেম্বৰৰ পৰা পাইকাৰী গ্ৰাহকক ১৫ দিনতকৈ অধিক সময় চেনি মজুত ৰখাৰ অনুমতি দিয়া নহ’ব।

৩. কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিষয়াৰ যুটীয়া দলে মিলসমূহত চেনিৰ মজুতৰ পৰীক্ষণ কৰি জমা আৰু কৃত্ৰিম অভাৱ পৰীক্ষা কৰি আছে।

৪. সতৰ্কতামূলক ব্যৱস্থা হিচাপে চৰকাৰে ঘৰুৱা উপলব্ধতা আৰু অধিক বৃদ্ধিৰ বাবে ১০ এল এম টি কেঁচা চেনিৰ ক্ষেত্ৰত শুল্কমুক্ত আমদানিৰ অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে।

৫. ৰাজ্য আৰু চেনি কলসমূহক ২০২৬ চনৰ ১৫ অক্টোবৰৰ পৰা চেনিৰ উৎপাদন আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ ফলত অক্টোবৰ মাহত চেনিৰ উৎপাদন সাধাৰণ ৩-৪ এল এম টিৰ পৰা ১০ এল এম টিতকৈ অধিক হ’ব বুলি আশা কৰা হৈছে, যাৰ ফলত উৎসৱৰ বতৰত উপলব্ধতা আৰু অধিক উন্নত হ’ব।

গ্ৰাহক আৰু কুঁহিয়াৰ খেতিয়ক উভয়ৰে স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰ দায়বদ্ধ। ই চেনিৰ মজুত, দাম আৰু বজাৰৰ পদ্ধতিসমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি থাকিব আৰু কৃষকসকলক সময়মতে  ধন পৰিশোধ কৰাটো নিশ্চিত কৰাৰ লগতে মজুত তথা অযুক্তিকৰ দাম বৃদ্ধি ৰোধৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব।

 

***

 

 

RT/IA/ARC/KD


(रिलीज़ आईडी: 2302140) आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam