পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
ভাৰতে দ্বাদশ ব্ৰিকছৰ পৰিৱেশ মন্ত্ৰীসকলৰ বৈঠকত জনকেন্দ্ৰিক, ৰূপায়ণমুখী পৰিৱেশ সম্পৰ্কীয় পদক্ষেপৰ আহ্বান জনায়
জ্ঞান-বিনিময়, প্ৰযুক্তি বিষয়ক সহযোগিতা আৰু শক্তিশালী প্ৰতিষ্ঠানিক অংশীদাৰিত্বৰ জৰিয়তে ব্ৰিকছে সহযোগিতাক সামৰ্থ্যলৈ ৰূপান্তৰিত কৰিব পাৰে: শ্ৰী ভূপেন্দ্ৰ যাদৱ
সমাজক পিছ পৰি নোযোৱাকৈ স্থিতিস্থাপকতা গঢ়ি তোলা, দায়িত্বশীলতাৰে উদ্ভাৱনক অনুসৰণ কৰা আৰু বহনক্ষমতাক উন্নয়নৰ কেন্দ্ৰবিন্দুত ৰখাটো গুৰুত্বপূৰ্ণ: কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী
যুটীয়া মন্ত্ৰীৰ বিবৃতিৰ লগতে চাৰিখন বিশেষ পুস্তিকা মুকলিৰে দ্বাদশ ব্ৰিকছৰ পৰিৱেশ মন্ত্ৰীসকলৰ বৈঠকৰ সামৰণি পৰে
পোষ্ট কৰা হৈছে:
18 AUG 2026 3:28PM by PIB Guwahati
ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱে আজি নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ভাৰতৰ ব্ৰিকছ অধ্যক্ষতা ২০২৬ৰ অধীনত দ্বাদশ ব্ৰিকছ পৰিৱেশ মন্ত্ৰীসকলৰ বৈঠকত ব্ৰিকছৰ সদস্য দেশসমূহৰ মন্ত্ৰী আৰু প্ৰতিনিধি দলৰ মুৰব্বীসকলক আদৰণি জনায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী যাদৱে কয় যে ভাৰতৰ অধ্যক্ষতা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ গ্ল’ৱেল চাউথৰ উদ্বেগক কাৰ্যসূচীৰ আগস্থানত ৰাখি ব্ৰিকছক “সহযোগিতা আৰু বহনক্ষমতাৰ বাবে স্থিতিস্থাপকতা আৰু উদ্ভাৱন গঢ়ি তোলা” হিচাপে পুনৰ সংজ্ঞায়িত কৰা হৈছে, সো জনকেন্দ্ৰিক দৃষ্টিভংগী আৰু “মানৱতা প্ৰথম”ৰ মনোভাৱেৰে কৰা হৈছে।
শ্ৰী যাদৱে জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ্যৰ ক্ষতি, প্ৰদূষণ আৰু দুৰ্যোগৰ বিপদৰ ক্ৰমবৰ্ধমান বিশ্বজোৰা পৰিৱেশ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ত আলোকপাত কৰে, বিশেষকৈ উন্নয়নশীল দেশসমূহৰ বাবে , য’ত পৰিৱেশৰ দুৰ্বলতা প্ৰায়ে উন্নয়নৰ অগ্ৰাধিকাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ থাকে। তেওঁ বনজুই প্ৰতিৰোধ, প্ৰস্তুতি, আগতীয়া সতৰ্কবাণী, সঁহাৰি আৰু জুইৰ পিছৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ব্ৰিকছৰ শক্তিশালী সহযোগিতাৰ আহ্বান জনোৱাৰ লগতে জলবায়ু বিত্ত, অভিযোজন আৰু স্থানীয় জনগোষ্ঠীসমূহক সবলীকৰণৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে।
ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে “পৰিৱেশ পুনৰুদ্ধাৰ আৰু মানৱ উন্নয়ন একেলগে আগবাঢ়িব পাৰে”, পৰিৱেশ পুনৰুদ্ধাৰ, জনসাধাৰণৰ অংশগ্ৰহণ আৰু সম্প্ৰদায়ৰ মালিকীস্বত্বৰ সংমিশ্ৰণৰ উদাহৰণ হিচাপে মিছন লাইফ আৰু এক পেড় মা কে নাম উল্লেখ কৰে। তেওঁ পৰম্পৰাগত জ্ঞান আৰু আধুনিক বিজ্ঞানক একত্ৰিত কৰি সমাধানসমূহ “বৈজ্ঞানিকভাৱে শক্তিশালী, স্থানীয়ভাৱে প্ৰাসংগিক আৰু সামাজিকভাৱে অন্তৰ্ভুক্ত” হোৱাটো নিশ্চিত কৰাৰ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে ২০৩১-২০৩৫ চনৰ বাবে ভাৰতৰ নতুন ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদানে জলবায়ু ব্যৱস্থাক আগুৱাই নিয়াৰ অভিলাষী প্ৰতিশ্ৰুতিক কেনেদৰে অধিক প্ৰতিফলিত কৰে আৰু লগতে সৰ্বাংগীন উন্নয়ন আৰু শক্তি সুৰক্ষাক সমৰ্থন কৰে সেই বিষয়ে কয়। মন্ত্ৰীগৰাকীয়ে ভাৰতৰ ব্ৰিকছৰ অধ্যক্ষতাৰ চাৰিটা অগ্ৰাধিকাৰৰ ৰূপৰেখাও দাঙি ধৰে: বহনক্ষম জীৱনশৈলীৰ প্ৰসাৰ; বনানীকৰণ, বনজুই ব্যৱস্থাপনা আৰু দুৰ্যোগ স্থিতিস্থাপকতা; বৃত্তাকাৰ অৰ্থনীতি; আৰু অভিযোজন। তেওঁ কয় যে “একেলগে এই চাৰিটা অগ্ৰাধিকাৰে এক সহজ অথচ শক্তিশালী প্ৰত্যয় প্ৰতিফলিত কৰে - পৰিৱেশ সম্পৰ্কীয় কাৰ্য্য জনকেন্দ্ৰিক আৰু বহনক্ষম, কাৰ্যকৰীকৰণ বা কাৰ্য্যমুখী আৰু উন্নয়নশীল দেশসমূহৰ বাস্তৱতাৰ প্ৰতি সঁহাৰি জনোৱা হৈ থাকিব লাগিব”।
শ্ৰী যাদৱে কয় যে ভাৰতৰ অধ্যক্ষৰ সময়ছোৱাত যি অগ্ৰগতি লাভ কৰা হৈছে আৰু তাত মাহৰ পিছত মাহ ধৰি চলি অহা আলোচনা আৰু সহযোগিতাৰ প্ৰতিফলন ঘটিছে। মন্ত্ৰীগৰাকীয়ে সম্প্ৰদায়সমূহক পিছ পৰি নোযোৱাকৈ স্থিতিস্থাপকতা গঢ়ি তোলা, দায়িত্বশীলতাৰে উদ্ভাৱনক অনুসৰণ কৰা আৰু বহনক্ষমতাক উন্নয়নৰ কেন্দ্ৰবিন্দুত ৰখাৰ আহ্বান জনায়। তেওঁ কয় যে ব্ৰিকছে জ্ঞান নেটৱৰ্ক, কাৰিকৰী বিনিময়, প্ৰশিক্ষণ, প্ৰযুক্তি সহযোগিতা আৰু শক্তিশালী প্ৰতিষ্ঠানিক অংশীদাৰিত্বৰ জৰিয়তে “সহযোগিকতাক সামূহিক আৰু সমবায় সামৰ্থ্যলৈ ৰূপান্তৰিত কৰিব পাৰে”।ব্ৰিকছৰ দ্বাদশ পৰিৱেশ মন্ত্ৰীসকলৰ বৈঠকৰ সামৰণি পৰে মন্ত্ৰীসকলৰ যুটীয়া বিবৃতি (জেএমএছ)ৰ লগতে চাৰিখন জ্ঞান বিষয়ক পত্ৰ উন্মোচনৰ জড়িয়তে । জেএমএছত চাৰিটা ফলাফলৰ নথিপত্ৰ আছে, যিবোৰ তলত দিয়া ধৰণে:
• টাৰ্মছ অৱ ৰেফাৰেন্স (ToR) - বহনক্ষম জীৱনশৈলীত জ্ঞান বিনিময়, গৱেষণা আৰু উদ্ভাৱনক আগবঢ়াই নিবলৈ ব্ৰিকছ প্ৰতিষ্ঠানসমূহৰ নেটৱৰ্ক গঢ়ি তোলা
• মৰুভূমি, বহনক্ষম ভূমি ব্যৱস্থাপনা আৰু পৰিৱেশ তন্ত্ৰৰ স্থিতিস্থাপকতাৰ বিৰুদ্ধে যুঁজিবলৈ সংহত ভূ-প্ৰকৃতি ব্যৱস্থাপনাৰ বাবে ব্ৰিকছৰ নীতি
• সমগ্ৰ ব্ৰিকছত বনজুই প্ৰতিৰোধৰ প্ৰস্তুতি আৰু সঁহাৰিৰ বাবে সাধাৰণ বুজাবুজি।
• পৰম্পৰাগত জ্ঞানৰ ওপৰত প্ৰতিস্থিত মানুহকেন্দ্ৰিক আৰু সম্প্ৰদায়ভিত্তিক অভিযোজনৰ জৰিয়তে জলবায়ু স্থিতিস্থাপকতা আগবঢ়াই নিয়াৰ বাবে ব্ৰিকছৰ নীতি
পৰিৱেশ মন্ত্ৰীসকলৰ বৈঠকত আকৰ্ষণীয় পেনেল আলোচনা অনুষ্ঠিত হয়:
• জলবায়ু পৰিৱৰ্তনৰ বিষয়ত ব্ৰিকছৰ উচ্চ পৰ্যায়ৰ আলোচনা - জনকেন্দ্ৰিক, সম্প্ৰদায়ভিত্তিক অভিযোজন: জনকেন্দ্ৰিক, স্থিতিস্থাপক আৰু বহনক্ষম কাঠামোৰ জৰিয়তে আধুনিক বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ সৈতে পৰম্পৰাগত জ্ঞান আৰু স্থানীয় পদ্ধতিৰ একত্ৰীকৰণক প্ৰসাৰিত কৰি জলবায়ুৰ অভিযোজনক আগুৱাই নিয়া।
• সংহত লেণ্ডস্কেপ-ভিত্তিক সেউজীয়াকৰণ - স্থিতিস্থাপক দৃশ্যপট আৰু বহনক্ষম উন্নয়নৰ বাবে ব্ৰিকছৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰা: সদস্য দেশসমূহৰ মাজত সফল সংহত লেণ্ডস্কেপ পুনৰুদ্ধাৰ পদক্ষেপ আৰু জ্ঞান-বিনিময় প্ৰদৰ্শন কৰা।
অনুষ্ঠানত এম অ’ ই এফ চি চিয়ে ইমাৰ্চিভ গেমিং আৰু ইন্টাৰেক্টিভ প্ৰযুক্তিৰ জৰিয়তে ভাৰতৰ ফ্লেগশ্বিপ পদক্ষেপ প্ৰদৰ্শন কৰি ডিজিটেল আৰু ইন্টাৰেক্টিভ মিছন লাইফ পেভিলিয়ন স্থাপন কৰিছিল। ইয়াত ভাৰতৰ বহনক্ষম জীৱনশৈলীৰ প্ৰসাৰৰ প্ৰচেষ্টাৰ ৩৬০ ডিগ্ৰী অভিজ্ঞতা প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰি ২ দিনীয়া বৈঠকৰ সৈতে সংগতি ৰাখি ভাৰতীয় শিল্পীসকলৰ নান্দনিক আৰু মন্ত্ৰমুগ্ধকৰ পৰিৱেশনে সকলোকে আপ্লুত কৰে।
***
VM/GS/DM
(ৰিলিজ আই ডি : 2301838)
অতিথি কক্ষ : 30
ত এই ৰিলিজটো পঢ়ক:
Marathi
,
हिन्दी
,
Tamil
,
Kannada
,
Malayalam
,
English
,
Urdu
,
Bengali
,
Bengali-TR
,
Gujarati
,
Telugu