কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

মুঠ মূলধন ব্যয় ৩৫৯০.৭৩ কোটি টকা ব্যয়েৰে ২২নং ৰাষ্ট্ৰীয় ঘাইপথৰ মুজাফ্ফৰপুৰ-সীতামঢ়ী-সোনবাৰছা খণ্ডক হাইব্ৰিড এন্যুইটি মোডত (এইচ এ এম) চাৰিলেনলৈ উন্নীতকৰণত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 19 AUG 2026 3:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে বিহাৰৰ ২২নং ৰাষ্ট্ৰীয় ঘাইপথৰ মুজাফ্ফৰপুৰ-সীতামঢ়ী-সোনবাৰছা খণ্ডক চাৰিলেনলৈ উন্নীতকৰণত অনুমোদন জনাইছে। এই প্ৰকল্পটো হাইব্ৰিড এন্যুইটি মোড (এইচ এ এম)ত ৩৫৯০.৭৩ কোটি টকাৰ মুঠ মূলধন ব্যয়েৰে বিকশিত কৰা হ'ব যাৰ মুঠ দৈৰ্ঘ্য ৮২.৫৭৮ কিলোমিটাৰ।

বিহাৰৰ সম্প্ৰসাৰিত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ সৈতে ইয়াৰ একত্ৰীকৰণৰ বাবে প্ৰস্তাৱিত প্ৰকল্পটোৱে গুৰুত্বপূৰ্ণ কৌশলগত আৰু অৰ্থনৈতিক তাৎপর্য বহন কৰিছে। ই ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ (পূব-পশ্চিম কৰিড’ৰ) মুজাফ্ফৰপুৰৰ দৰে অৰ্থনৈতিক কেন্দ্ৰৰ সৈতে সোনবাৰছাত ভাৰত-নেপাল সীমান্তক সংযোগ কৰা এক মূল ফিডাৰ কৰিড’ৰ হিচাপে কাম কৰে। এই প্ৰকল্পটোৱে মুজাফ্ফৰপুৰ, মুকছুদপুৰ, ৰুনী ছাইদপুৰ, থুম্মা, দুমৰা, ভুটাহী আৰু সোনবাৰছাৰ ঘন জনবসতিপূৰ্ণ অঞ্চলসমূহত যানজঁট যথেষ্ট হ্ৰাস কৰিব।

এই প্ৰকল্পটোৱে যাত্ৰী আৰু সামগ্ৰীৰ পৰিবহন দ্ৰুত আৰু সুৰক্ষিত চলাচল, ভ্ৰমণ দক্ষতা উন্নীতকৰণ আৰু আঞ্চলিক সংযোগ শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। গড় গতিবেগ ৮০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ সৈতে ১০০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰ বাবে ইয়াৰ আৰ্হি প্ৰস্তুত কৰা হৈছে, যাতে মাজত কোনো মুকলি ঠাই নাথাকে আৰু দ্ৰুত আৰু সুৰক্ষিত ভ্ৰমণ নিশ্চিত হয়।

প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ নীতি অনুসৰি পৰিকল্পনা কৰা এই প্ৰকল্পটোৱে ঔদ্যোগিক অঞ্চল আৰু মুখ্য ৰে'লৱে ষ্টেচনকে ধৰি মূল অৰ্থনৈতিক, সামাজিক আৰু লজিষ্টিক স্থানসমূহৰ সৈতে সংযোগ উন্নত কৰি মাল্টিম'ডেল একত্ৰীকৰণ বৃদ্ধি কৰিব। উন্নত সংযোগে সামগ্ৰী আৰু কৃষি যোগান শৃংখলৰ দক্ষ চলাচলৰ সুবিধা প্ৰদান কৰিব, আঞ্চলিক অৰ্থনৈতিক বিকাশত সহায় কৰিব, আৰু বৌদ্ধ চাৰ্কিট আৰু সীতামঢ়ীৰ ঐতিহাসিক জানকী পুনাউৰা ধাম মন্দিৰৰ দৰে গুৰুত্বপূৰ্ণ সাংস্কৃতিক আৰু ধৰ্মীয় গন্তব্যস্থানলৈ উন্নত যোগাযোগ আগবঢ়াব।

ৰাষ্ট্ৰীয় সামগ্ৰী বহনকাৰী গ্ৰীডৰ সৈতে নিৰবিচ্ছিন্ন সংযোগ নিশ্চিত কৰি ২২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মুজাফ্ফৰপুৰ- সীতামঢ়ী-সোনবাৰছা খণ্ডই গুৰুত্বপূৰ্ণ কৌশলগত আৰু অৰ্থনৈতিক তাৎপর্য বহন কৰে। ই এনএইচ-৩১ আৰু এনএইচ-১২২ৰ দৰে ইতিমধ্যে থকা কৰিড’ৰৰ সৈতে বাৰাউনীৰ দৰে ঔদ্যোগিক অঞ্চল আৰু গংগাৰ কাষৰ নদীৰ লজিষ্টিক হাবসমূহৰ সৈতে সংযোগ বৃদ্ধি কৰে। ই ভিথামোৰৰ ওচৰৰ স্থল বন্দৰৰ জৰিয়তে আন্তঃসীমান্ত যাত্ৰী আৰু সামগ্ৰীৰ সৰবৰাহো বৃদ্ধি কৰে।

ইয়াৰ উপৰি এই প্ৰকল্পটোত বিপৰীতমুখী যান-বাহনৰ চলাচল অব্যাহত ৰাখিবলৈ আৰু নিৰাপদ, উচ্চ গতিৰ ভ্ৰমণ নিশ্চিত কৰিবলৈ সাতখন প্ৰধান দলং (বছৰজুৰি বৈ থকা বাগমতী নদীৰ ওপৰত ৩৪০ মিটাৰ দীঘল এখন ডাঙৰ দলঙকে ধৰি), তিনিখন ৰে'লৱে অ'ভাৰ ব্ৰীজ (আৰ অ' বি) আৰু দুখন ফ্লাইঅ'ভাৰৰ (১১৭০ মিটাৰ আৰু ২৭০মিটাৰ) ব্যৱস্থা আছে।

এই প্ৰকল্পটোৱে ভ্ৰমণৰ গড় গতি বৃদ্ধি কৰিব, ভ্ৰমণৰ সময় হ্ৰাস কৰিব আৰু সামগ্ৰিক পথ সুৰক্ষা, ইন্ধনৰ দক্ষতা আৰু বাহন পৰিচালনাৰ ব্যয় উন্নত কৰিব, যাৰ ফলত আঞ্চলিক গতিশীলতা আৰু আৰ্থ-সামাজিক বিকাশ বৃদ্ধি পাব।

এই প্ৰকল্পটোৱে সমগ্ৰ বিহাৰৰ মূল অৰ্থনৈতিক, সামাজিক আৰু লজিষ্টিক কেন্দ্ৰসমূহলৈ নিৰবচ্ছিন্ন সংযোগ প্ৰদান কৰে। ইয়াৰ উপৰি, উন্নত কৰিড’ৰটোৱে পাঁচটা পিএম গতি-শক্তি অৰ্থনৈতিক কেন্দ্ৰ (চাৰিখন ঔদ্যোগিক পাম আৰু এখন মেগা ফুড পাৰ্ক), চাৰিটা সামাজিক কেন্দ্ৰ (বাবা গৰিবনাথ মন্দিৰ, মাতা জানকী মন্দিৰ, পুনাউৰা ধাম, মুজাফ্ফৰপুৰ আৰু সীতামঢ়ী আকাংক্ষিত জিলা) আৰু দুটা লজিষ্টিক কেন্দ্ৰ(মুজাফ্ফৰপুৰ আৰু সীতামঢ়ী ৰে’লৱে ষ্টেচন)লৈ সংযোগ বৃদ্ধি কৰিব, যাৰ ফলত সমগ্ৰ অঞ্চলটোত সামগ্ৰী আৰু যাত্ৰীৰ দ্ৰুত চলাচলৰ সুবিধা হ'ব।

***

MJPS/HS


(रिलीज़ आईडी: 2301187) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam