ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
ইউ আই ডি এ আই-ৰ বিশেষ অভিযানে বিদ্যালয়ৰ ল’ৰা-ছোৱালীৰ বাবে আধাৰত ২ কোটিৰো অধিক বাধ্যতামূলক বায়োমেট্রিক আপডেট (এম বি ইউ) সম্পূৰ্ণ কৰিছে, যিয়ে সমগ্ৰ দেশৰ প্ৰায় ১.৬ লাখ বিদ্যালয়ক সামৰি লৈছে
এই পদক্ষেপৰ অংশ হিচাপে, ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে ৫-১৭ বছৰ বয়সৰ ল’ৰা ছোৱালীৰ বাবে এম বি ইউ বিনামূলীয়া
प्रविष्टि तिथि:
18 AUG 2026 2:36PM by PIB Guwahati
ভাৰতীয় অনন্য পৰিচয় প্ৰাধিকৰণে (ইউ আই ডি এ আই) সমগ্ৰ দেশতে বিদ্যালয়ৰ ল’ৰা-ছোৱালীৰ বাবে ২ কোটিতকৈও অধিক এম বি ইউ সম্পূৰ্ণ কৰি বাধ্যতামূলক বায়’মেট্ৰিক আপডেট (এম বি ইউ) ৰ বাবে আৰম্ভ কৰা দেশজোৰা অভিযানত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে।
বিদ্যালয়সমূহত শিশুৰ এম বি ইউ স্থিতিৰ দৃশ্যমানতা প্ৰদান কৰা ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেচন চিষ্টেম ফৰ এডুকেশ্বন প্লাস (ইউ ডি আই এছ ই +) ৰ সৈতে ইউ আই ডি এ আই-ৰ প্ৰযুক্তিগত একত্ৰীকৰণৰ দ্বাৰা এই পদক্ষেপটো সক্ষম কৰা হৈছে।
২০২৫ চনৰ ছেপ্টেম্বৰত আৰম্ভ কৰা এই বিশেষ অভিযানত এতিয়ালৈকে ১.৫৬ লাখৰো অধিক বিদ্যালয় সামৰি লোৱা হৈছে, যাৰ ফলত বিদ্যালয়ৰ শিশুসকলে বিদ্যালয় পৰ্যায়ৰ সমৰ্পিত শিবিৰৰ জৰিয়তে আৰু ইউ আই ডি এ আই আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিক্ষা বিভাগৰ সমন্বিত প্ৰসাৰৰ জৰিয়তে সুবিধাজনকভাৱে তেওঁলোকৰ আধাৰ বায়োমেট্রিক আপডেট সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। ই এম বি ইউ সেৱাক শিশুসকলৰ ওচৰলৈ পোনপটীয়াকৈ তেওঁলোকৰ বিদ্যালয়লৈ যাবলৈ সহায় কৰিছে, যাৰ ফলত কোটি কোটি শিক্ষাৰ্থীৰ বাবে এই প্ৰক্ৰিয়াটো অধিক সুগম আৰু সুবিধাজনক হৈ পৰিছে।
পাঁচ বছৰৰ তলৰ শিশুৰ বাবে জনগাঁথনিগত তথ্য আৰু ফটোগ্ৰাফৰ সহায়ত আধাৰ পঞ্জীয়ন কৰা হয়, আনহাতে আঙুলিৰ ছাপ আৰু আইৰিছ বায়োমেট্রিক্স সেই বয়সত ধৰা নহয় কিয়নো এই বায়োমেট্রিক্স এতিয়াও বিকশিত হৈ আছে।
এম বি ইউ-য়ে শিশুৰ আধাৰত যাতে আপডেট কৰা বায়োমেট্রিক তথ্য অব্যাহত থাকে সেয়া নিশ্চিত কৰাত সহায় কৰে। এটা শিশুৱে ৫ বছৰ আৰু পুনৰ ১৫ বছৰ বয়সত উপনীত হ’লে এম বি ইউ প্ৰয়োজনীয়। সময়মতে সম্পূৰ্ণ হোৱাটোৱে শিশুসকলে বিদ্যালয় আৰু উচ্চ শিক্ষাৰ জৰিয়তে অগ্ৰগতি লাভ কৰাৰ লগতে আধাৰ প্ৰমাণীকৰণৰ প্ৰয়োজন হ’ব পৰা বিভিন্ন সেৱা আৰু সুবিধাসমূহ লাভ কৰাৰ বাবে এক মসৃণ আধাৰ প্ৰমাণীকৰণৰ অভিজ্ঞতা নিশ্চিত কৰাত সহায় কৰে।
সময়মতে সম্পূৰ্ণ কৰিবলৈ উৎসাহিত কৰিবলৈ আৰু এই সেৱা অধিক সহজ কৰি তুলিবলৈ, ইউ আই ডি এ আই-এ ২০২৫ চনৰ ১ অক্টোবৰৰ পৰা এবছৰৰ বাবে ৭-১৫ বছৰ বয়সৰ শিশুৰ বাবে এম বি ইউ-ৰ মাচুল ৰেহাই দিছিল। ৫-৭ বছৰ আৰু ১৫-১৭ বছৰ বয়সৰ শিশুৰ বাবে এম বি ইউ বিনামূলীয়াকৈ অব্যাহত আছে। সেয়েহে, কাৰিকৰীভাৱে এম বি ইউ এতিয়া ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে ৫-১৭ বছৰ বয়সৰ ল’ৰা ছোৱালীৰ বাবে বিনামূলীয়া।
আধাৰত এম বি ইউ-ৰ অভাৱত বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত লাভালাভ গ্ৰহণ কৰাৰ বাবে প্ৰমাণীকৰণ সম্পন্ন কৰা, প্ৰতিযোগিতামূলক আৰু বিশ্ববিদ্যালয় পৰীক্ষা যেনে এন ই ই টি, জে ই ই, চি ইউ ই টি আদিত পঞ্জীয়ন কৰাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ইউ আই ডি আই-এ পিতৃ-মাতৃ আৰু অভিভাৱকসকলক তেওঁলোকৰ সন্তানৰ বাবে আধাৰত এম বি ইউ সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাই আহিছে।
***
Vinod Kumar / Kanishk Sharma/MK
(रिलीज़ आईडी: 2301064)
आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Bengali
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada