প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

১২ বছৰীয়া পৰিৱৰ্তনঃ স্বাধীনতা দিৱসৰ ভাষণত ভাৰতৰ অগ্ৰগতিৰ বিষয়ত আলোকপাত কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

प्रविष्टि तिथि: 15 AUG 2026 1:18PM by PIB Guwahati

স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১২ বছৰত  সংঘটিত ভাৰতৰ পৰিৱৰ্তনৰ বিষয়ত আলোকপাত কৰি উৎপাদন, ডিজিটেল আন্তঃগাঁথনি, মৌলিক সুবিধা, শক্তি সুৰক্ষা, যুৱ সবলীকৰণ, উদ্ভাৱন, সামাজিক সুৰক্ষা আৰু অন্যান্য গুৰুত্বপূৰ্ণ খণ্ডসমূহত হোৱা অগ্ৰগতিৰ ৰূপৰেখা দাঙি ধৰে।

প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল উল্লেখযোগ্য দিশসমূহ হ’ল-

১/ উৎপাদন: পৰিসৰ  আৰু আত্মনিৰ্ভৰশীলতা

যোৱা ১২ বছৰত:

প্ৰতিৰক্ষা উৎপাদন প্ৰায় ৪ গুণ বৃদ্ধি পাইছে।

খাদী আৰু  গ্ৰাম্য উদ্যোগৰ উৎপাদন প্ৰায় ৫ গুণ বৃদ্ধি পাইছে।

ইলেক্ট্ৰনিকছ উৎপাদন প্ৰায় ৭ গুণ বৃদ্ধি পাইছে।

আধুনিক ৰে'লৰ দবাৰ উৎপাদন ২১ গুণ বৃদ্ধি পাইছে।

৩৫ গুণ বৃদ্ধি পাইছে মোবাইল ফোনৰ উৎপাদন।

২) ডিজিটেল ইণ্ডিয়া আৰু উদ্ভাৱন

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ডিজিটেল আৰু উদ্ভাৱন পৰিৱেশতন্ত্ৰৰ দ্ৰুত সম্প্ৰসাৰণৰ বিষয়ত  আলোকপাত কৰে:

ইণ্টাৰনেটৰ গ্ৰাহকৰ সংখ্যা  প্ৰায় ৪ গুণ বৃদ্ধি পাইছে।

পেটেণ্ট অনুদান ৪ গুণ বৃদ্ধি পাইছে।

ডিজিটেল লেনদেন প্ৰায় ১০০ গুণ বৃদ্ধি পাইছে।

ভাৰতে বৃহৎ ডিজিটেল আৰু উদ্ভাৱন পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে।

৩/ মৌলিক সুবিধাসমূহৰ দ্ৰুত উপলব্ধতা

প্ৰধানমন্ত্ৰীয়ে সাধাৰণ নাগৰিকৰ ওচৰলৈ মৌলিক সা-সুবিধাসমূহ যি দ্ৰুতগতিত প্ৰেৰণ কৰা  হৈছে সেই বিষয়ে আলোকপাত কৰে:

বছৰি গড় গতিত প্ৰায় ১৫ গুণ বেছি দ্ৰুততাৰে টেপ-পানীৰ সংযোগৰ ব্যৱস্থা কৰা হৈছে।

বছৰি প্ৰায় ৬ গুণ বেছি দ্ৰুতগতিত এল পি জি সংযোগ প্ৰদান কৰা হৈছে।

দৰিদ্ৰ লোকৰ বাবে শৌচাগাৰ প্ৰায় ৪ গুণ বেছি বেগেৰে বাৰ্ষিক গতিৰে নিৰ্মাণ কৰা হৈছে।

দৰিদ্ৰ লোকৰ বাবে পকা ঘৰৰ ব্যৱস্থা প্ৰায় ৩ গুণ বেছি দ্ৰুতগতিত বছৰি কৰা হৈছে।

শ শ অচল আইন বিলুপ্ত কৰা হৈছে।

মেট্ৰ’ ব্যৱস্থাকে ধৰি আধুনিক ৰাজহুৱা পৰিবহণে আৰু কেইবাখনো চহৰত উপনীত হৈছে।

৪/ অৰ্ধপৰিবাহী পৰিৱেশতন্ত্ৰ নিৰ্মাণ

প্ৰধানমন্ত্ৰীয়ে ঘৰুৱা অৰ্ধপৰিবাহী সামৰ্থ্য গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বিষয়ত  আলোকপাত কৰে:

ইয়াৰ পূৰ্বে ভাৰতত কোনো ডাঙৰ অৰ্ধপৰিবাহী নিৰ্মাণ প্ৰকল্প  নাছিল।

ভাৰতত এতিয়া এটা সম্পূৰ্ণ অৰ্ধপৰিবাহী পৰিৱেশতন্ত্ৰ নিৰ্মাণ কৰা হৈছে।

তিনিটা অৰ্ধপৰিবাহী উদ্যোগ আৰম্ভ কৰা হৈছে।

ভাৰতে চিপছ ৰপ্তানি আৰম্ভ কৰিছে।

৫/ জটিল খনিজ পদাৰ্থ সুৰক্ষিত কৰা হৈছে

উদীয়মান প্ৰযুক্তিৰ বাবে জটিল খনিজ পদাৰ্থৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এই খণ্ডত ভাৰতৰ সামৰ্থ্য শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰে।

ৰাষ্ট্ৰীয় জটিল খনিজ অভিযান আৰম্ভ কৰা হৈছে।

বাজেটত ঘোষণা কৰা হৈছে ক্ৰিটিকেল মিনাৰেল কৰিডৰ।

জটিল খনিজ যোগানৰ বাবে কেইবাখনো দেশৰ সৈতে চুক্তি স্বাক্ষৰিত হৈছে।

৬/ শক্তি সুৰক্ষা শক্তিশালী কৰা হৈছে

বিশেষকৈ চিপ, এআই আৰু ডাটা চেণ্টাৰৰ দৰে প্ৰযুক্তিৰ বাবে বিপুল পৰিমাণৰ বিদ্যুতৰ প্ৰয়োজন হোৱাৰ বাবে উন্নত ভাৰত গঢ়ি তোলাৰ বাবে শক্তি সুৰক্ষা এক অপৰিহাৰ্য চৰ্ত বুলি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে।

পাৰমাণৱিক শক্তিৰ ভূমিকাৰ বিষয়ত  আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ  কৰে:

পাৰমাণৱিক শক্তি খণ্ডত এক বৃহৎ সংস্কাৰ হিচাপে শান্তি আইন অনা হৈছে।

ফাষ্ট ব্ৰীডাৰ নিউক্লিয়াৰ টেকন'লজিৰে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে ভাৰতে।

ভাৰতক পাৰমাণৱিক ইন্ধনত স্বাৱলম্বী কৰি তোলাত এই প্ৰযুক্তিয়ে মুখ্য ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

৭) তেল আৰু গেছ অন্বেষণৰ সম্প্ৰসাৰণ

প্ৰধানমন্ত্ৰীয়ে অফশ্ব’ৰ অন্বেষণৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ বিষয়ত  আলোকপাত কৰে:

ভাৰতৰ প্ৰায় ৯৯% অফশ্ব’ৰ এলেকাক পূৰ্বতে ন’-গ’ এৰিয়া হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল।

এতিয়া এই পন্থা সলনি হৈছে ন’-গ’ এৰিয়াৰ পৰা গ’ এহেড এৰিয়ালৈ।

পূৰ্বতে নিষিদ্ধ অঞ্চলসমূহ অন্বেষণৰ বাবে মুকলি কৰা হৈছে।

ইয়াৰ ফলত নতুন তেল আৰু গেছৰ মজুত আৱিষ্কাৰৰ সম্ভাৱনাৰ সৃষ্টি হৈছে।

৮/ শক্তিৰ বৈচিত্ৰ্যতা

প্ৰধানমন্ত্ৰীয়ে শক্তিৰ বিভিন্ন উৎসৰ দ্ৰুত সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰে।

চহৰৰ গেছ বিতৰণ

২০১৪: ৭০খনতকৈও কম চহৰত উপলব্ধ আছিল।

আজি: প্ৰায় ৭০০ চহৰত উপলব্ধ হৈছে।

পাইপযুক্ত ৰন্ধন গেছ

২০১৪: প্ৰায় ২০–২২ লাখ পৰিয়াল।

আজিঃ প্ৰায় ১.৭৫ কোটি পৰিয়াল।

সৌৰ শক্তি

২০১৪: প্ৰায় ২ জিডব্লিউ।

আজি: প্ৰায় ১৬০ জিডব্লিউ।

প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ মুফট বিজলী যোজনা

এই আঁচনিখনে সামৰি লোৱা পৰিয়ালৰ সংখ্যাই  ৫০ লাখ অতিক্ৰম কৰিছে।

বিদ্যুৎ বিল কম বা শূন্যৰ জৰিয়তে লাভাৱান্বিত হৈছে লাখ লাখ পৰিয়াল।

পৰিয়ালসমূহেও উদ্বৃত্ত বিদ্যুৎ বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰে।

প্ৰতিটো পৰিয়ালত প্ৰায় ৮০,০০০ টকা পৰ্যন্ত সাহায্য উপলব্ধ।

৯) ৰে'লৱে: বৈদ্যুতিকৰণ আৰু ভৱিষ্যতৰ ইন্ধন

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ৰে’লৱেৰ ৰূপান্তৰৰ বিষয়ত আলোকপাত কৰে:

২০১৪ চনত প্ৰায় ৯০ বছৰৰ পাছত ৰে’লৱে নেটৱৰ্কৰ প্ৰায় ৩০%তহে বিদ্যুৎ সংযোগ হৈছিল।

আজি ভাৰতীয় ৰে’লৱে প্ৰায় সম্পূৰ্ণ বৈদ্যুতিকৰণৰ দিশত আগবাঢ়িছে।

ভাৰতে প্ৰথমখন মেড-ইন-ইণ্ডিয়া হাইড্ৰজেন ৰে’লৰ কাম আৰম্ভ কৰিছে।

ইয়াক বিশ্বৰ আটাইতকৈ দীঘল আৰু শক্তিশালী হাইড্ৰ’জেন ৰে’ল হিচাপে বিকশিত কৰা হৈছে।

১০) বিশ্ব সংকটৰ সময়ত ভাৰতৰ স্থিতিস্থাপকতা

প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ১০–১২ বছৰত গঢ় লৈ উঠা সামৰ্থ্যসমূহৰ পৰীক্ষা কৰা হৈছিল:

কোভিড-১৯ মহামাৰী।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ।

পশ্চিম এছিয়াত সংঘাত।

১১) কৃষকৰ বাবে সুলভ সাৰ

বিশ্বজুৰি  সাৰৰ উচ্চ মূল্যৰ পৰা কৃষকসকলক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰৰ প্ৰচেষ্টাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় -

ইউৰিয়া: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিটো বেগত প্ৰায় ৩,০০০ টকা; ভাৰতীয় কৃষকে ৩০০ টকাতকৈ কম মূল্যত পাইছে।

ডি এ পি: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৫,০০০ টকাতকৈ অধিক; ভাৰতীয় কৃষকে১,৩৫০ টকাত পাইছে।

১২) বাণিজ্য আৰু ৰপ্তানিৰ সুযোগ

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় উৎপাদক আৰু ৰপ্তানিকাৰকৰ বাবে সৃষ্টি হোৱা নতুন সুযোগসমূহৰ বিষয়ত  আলোকপাত কৰে:

২০১৪ চনৰ পৰা ভাৰতে প্ৰায় ৪০ খন দেশৰ সৈতে এফ টি এত প্ৰৱেশ কৰিছে।

কৃষি, মীন, এম এছ এম ই, বস্ত্ৰশিল্প আৰু অন্যান্য ৰপ্তানি খণ্ডৰ বাবে নতুন সুযোগ মুকলি হৈছে।

১৩) বিকশিত ভাৰতৰ কেন্দ্ৰত যুৱক

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ যুৱক-যুৱতীসকলৰ বিকশিত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্য ভূমিকা আছে । তেওঁ তেওঁলোকৰ বাবে মুকলি কৰা নতুন পথসমূহৰ বিষয়ত আলোকপাত কৰে:

ষ্টাৰ্টআপ ইণ্ডিয়াঃ উদ্ভাৱন আৰু উদ্যোগীকৰণৰ নতুন পথ।

১ লাখ কোটি টকাৰ গৱেষণা পুঁজিঃ যুৱ গৱেষকৰ বাবে নতুন সুযোগ।

ডিজিটেল ইণ্ডিয়াঃ সুলভ মূল্যৰ তথ্যৰ জৰিয়তে সবলীকৰণ।

দক্ষতা ভাৰত: ৰাষ্ট্ৰীয় দক্ষতা পৰিৱেশ তন্ত্ৰ।

মহাকাশ খণ্ড: ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ বাবে মুকলি কৰা হৈছে।

ৰাষ্ট্ৰীয় ড্ৰোন নীতি: যুৱ উদ্যোগী আৰু উদ্ভাৱকৰ বাবে নতুন সুযোগ।

খেলো ইণ্ডিয়াঃ ক্ৰীড়া পৰিৱেশতন্ত্ৰ শক্তিশালী কৰা হৈছে।

১৪) শিক্ষা আৰু উদ্ভাৱন

প্ৰধানমন্ত্ৰীয়ে শৈক্ষিক আৰু উদ্ভাৱনৰ সুযোগ সম্প্ৰসাৰণৰ বিষয়ত  আলোকপাত কৰে:

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০: ৩৫ বছৰৰ ব্যৱধানৰ পিছত প্ৰৱৰ্তন।

বিশ্ববিদ্যালয়: ২০০৪–২০১৪ চনৰ ভিতৰত ৩৫০ খনতকৈও কম আছিল; পিছৰ দশকত প্ৰায় ৬৫০খন নতুন বিশ্ববিদ্যালয় সংযোজন কৰা হৈছে।

চিকিৎসা মহাবিদ্যালয়: ২০১৪ চনৰ আগতে ৪০০ তকৈ কম আছিল; আজি প্ৰায় ৮৫০ খন হৈছে।

বিদ্যালয়সমূহত ১০ হাজাৰৰো অধিক অটল টিংকাৰিং লেব স্থাপন কৰা হৈছে।

সৰুৰে পৰা প্ৰযুক্তি আৰু উদ্ভাৱনৰ মানসিকতা গঢ়ি তোলাত গুৰুত্ব দিয়া হৈছে।

১৫) ষ্টাৰ্টআপ, স্পেচ আৰু এআই

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ক্ৰমবৰ্ধমান ষ্টাৰ্টআপ আৰু উদ্ভাৱন পৰিৱেশতন্ত্ৰৰ বিষয়ত  আলোকপাত কৰে:

এটা ভাৰতীয় মহাকাশ ষ্টাৰ্টআপে উৎক্ষেপণ কৰিছে মেড-ইন-ইণ্ডিয়া ৰকেট।

ভাৰতত এতিয়া প্ৰায় ২.৫ লাখ পঞ্জীয়নভুক্ত ষ্টাৰ্টআপ আছে।

এআইয়ে ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে।

এইবাৰ ভাৰতে আয়োজন কৰিছিল এ আই ইমপেক্ট ছামিট।

১৬) নতুন খণ্ড আৰু নতুন সুযোগ

জৈৱ অৰ্থনীতি

২০১৪: প্ৰায় ৬০,০০০ কোটি টকা।

আজি: প্ৰায় ২০ লাখ কোটি টকা।

এই সম্প্ৰসাৰণে নতুন চাকৰি আৰু উদ্যোগীকৰণৰ সুযোগৰ সৃষ্টি কৰিছে।

বৈদ্যুতিক বাহন

বিগত দশকৰ শেষৰ ফালে: বছৰি প্ৰায় ১.৫ লাখ ইভি বিক্ৰী হৈছিল।

যোৱা বছৰ: প্ৰায় ২৫ লাখ ইভি বিক্ৰী হৈছিল।

বিমান পৰিবহণ

নতুন বিমানবন্দৰ আৰু পথসমূহে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে।

এম আৰ অ’ই নতুন সুযোগ মুকলি কৰিছে।

ভাৰতে মেড-ইন-ইণ্ডিয়া বিমান নিৰ্মাণৰ দিশত আগবাঢ়িছে।

মেড-ইন-ইণ্ডিয়া চি-২৯৫ প্ৰতিৰক্ষা পৰিবহণ বিমানখনে সফলতাৰে উৰণ সমাপ্ত কৰিছে।

৭) স্বামীত্ব আঁচনিৰ জৰিয়তে গ্ৰাম্য সবলীকৰণ

প্ৰধানমন্ত্ৰীয়ে স্বামীত্ব  পদক্ষেপৰ প্ৰভাৱৰ বিষয়ত আলোকপাত কৰে:

প্ৰায় ৩.২৫ কোটি পৰিয়ালে লাভ কৰিছে প্ৰপাৰ্টি কাৰ্ড।

গ্ৰামাঞ্চলত প্ৰায় ১৪০ লাখ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনা মুকলি কৰা হৈছে।

সম্পত্তিৰ ৰেকৰ্ডে গাঁৱৰ লোকসকলক তেওঁলোকৰ সম্পত্তিৰ বিপৰীতে বেংকৰ ঋণ লাভ কৰিবলৈ সক্ষম কৰি তুলিছে।

গ্ৰাম্য নিয়োগ, স্বনিয়োগ আৰু উদ্যোগীকৰণৰ নতুন পথ মুকলি হৈছে।

১৮) প্ৰতিৰক্ষা ৰপ্তানি বৃদ্ধি

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিৰ সম্প্ৰসাৰণৰ বিষয়ত আলোকপাত কৰে:

প্ৰতিৰক্ষা ৰপ্তানি ৫০ গুণতকৈও অধিক বৃদ্ধি পাইছে।

ভাৰতীয় প্ৰতিৰক্ষা সঁজুলি এতিয়া প্ৰায় ১০০খন দেশলৈ ৰপ্তানি কৰা হয়।

১৯) মহিলা নেতৃত্বাধীন উন্নয়নঃ লাখপতি দিদি

ভাৰতৰ উন্নয়নত মহিলাৰ ক্ৰমবৰ্ধমান ভূমিকাৰ বিষয়ত  আলোকপাত কৰি তেওঁ কয়:

৩ কোটি লাখপতি দিদিৰ লক্ষ্যত উপনীত হৈছে।

সাধাৰণ, দলিত, পিছপৰা আৰু জনজাতীয় পৰিয়ালৰ মহিলাসকল লাখপতি দিদি  হৈ পৰিছে।

২০) সামাজিক সুৰক্ষাৰ সম্প্ৰসাৰণ

প্ৰধানমন্ত্ৰীয়ে সামাজিক সুৰক্ষাৰ আৱৰণ  সম্প্ৰসাৰণৰ  বিষয়ত আলোকপাত কৰে:

২০১৪ চনৰ পূৰ্বে প্ৰায় ২৫ কোটি লোক সামাজিক সুৰক্ষাৰ অধীনত আছিল।

আজি প্ৰায় ১০০ কোটি ভাৰতীয়  কিবা নহয় কিবা সামাজিক সুৰক্ষা আঁচনিৰ অধীনত আছে।

২১) আয়ুষ্মান ভাৰত

প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰতৰ জৰিয়তে পৰিয়ালসমূহক প্ৰদান কৰা আৰ্থিক সাহায্যৰ বিষয়ত আলোকপাত কৰে:

হিতাধিকাৰী পৰিয়ালসমূহে আনুমানিক ২ লাখ কোটি টকাৰ চিকিৎসা ব্যয়ৰ পৰা হাত সাৰিছে।

 

****

MJPS/SS/DM


(रिलीज़ आईडी: 2300098) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Telugu , Kannada , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Odia , Tamil