ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ দেশবাসীক সম্বোধন

प्रविष्टि तिथि: 14 AUG 2026 7:53PM by PIB Guwahati

মোৰ প্ৰিয় দেশবাসী,

নমস্কাৰ!

আমাৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মই আপোনালোক সকলোলৈ এই ৰাষ্ট্ৰীয় উৎসৱ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কেইঘণ্টামানৰ পিছতে আমাৰ দেশ স্বাধীনতাৰ ৮০সংখ্যক বছৰৰ শুভাৰম্ভণিৰ সাক্ষী হ’ব৷ দেশ-বিদেশত বসবাস কৰা সকলো ভাৰতীয়ই এই উৎসৱ অতি উৎসাহেৰে পালন কৰে। আমাৰ ত্ৰিৰংগা আমাৰ স্বাধীনতাৰ প্ৰতীক। অপৰিসীম গৌৰৱেৰে আমি ইয়াক উত্তোলন কৰোঁ।

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত মাতাই দাসত্বৰ বান্ধোনৰ পৰা মুক্তি লাভ কৰিছিল। প্ৰতিজন নাগৰিক হৈ পৰিছিল স্বাধীন ভাৰতৰ ভাগ্যৰ স্থপতি। স্বাধীনতাৰ প্ৰকৃত অৰ্থ হ’ল সকলো নাগৰিকে যাতে সুযোগ গ্ৰহণ কৰি নিজৰ আকাংক্ষা পূৰণ কৰিব পাৰে আৰু ভাৰতক বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ দিশত কাম কৰিব পাৰে।

নিষ্ঠাৱান ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী, উন্নয়নৰ প্ৰতি দায়বদ্ধ বিজ্ঞানী তথা অভিযন্তা, স্বাস্থ্যসেৱা প্ৰদান কৰা চিকিৎসক আৰু স্বাস্থ্যকৰ্মী, কঠোৰ পৰিশ্ৰমী শ্ৰমিক আৰু আমাৰ অন্নদাতা কৃষক– সকলোৱে নিজৰ প্ৰচেষ্টাৰ জৰিয়তে ৰাষ্ট্ৰ-নিৰ্মাণৰ ক্ষেত্ৰত অৰিহণা যোগাইছে।

প্ৰতিভাৱান ক্ৰীড়াবিদ, শিল্পকাৰ আৰু কলাশিল্পী, দূৰদৰ্শী বুদ্ধিজীৱী, ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডত কৰ্মৰত কঠোৰ পৰিশ্ৰমী লোক, জনসাধাৰণৰ সেৱাৰ বাবে উৎসৰ্গিত জনপ্ৰতিনিধি, ন্যায়পালিকাৰ বিষয়া, কৰ্তব্যপৰায়ণ চৰকাৰী কৰ্মচাৰী, আমাৰ অৰ্থনীতিলৈ অৰিহণা যোগোৱা সৰু-বৰ বিনিয়োগকাৰী, নিস্বাৰ্থ সমাজকৰ্মী আৰু স্বচ্ছ ভাৰত অভিযানৰ আগশাৰীৰ কৰ্মী– চাফাই মিত্ৰ এই সকলোৱেই দেশৰ অগ্ৰগতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। আন বিভিন্ন কামত নিয়োজিত অসংখ্য নাগৰিক আৰু আমাৰ সংবিধানত সন্নিৱিষ্ট মৌলিক কৰ্তব্যসমূহ নিষ্ঠাৰে পালন কৰা প্ৰতিজন নাগৰিক আমাৰ ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ সক্ৰিয় অংশীদাৰ।

তেওঁলোক সকলোৰে প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। বিশেষকৈ তিনিটা সশস্ত্ৰ বাহিনী, সশস্ত্ৰ আৰক্ষী বাহিনী আৰু সকলো আৰক্ষী জোৱানৰ কৰ্তব্যৰ প্ৰতি থকা অটল আনুগত্য আৰু নিষ্ঠাক মই বিশেষভাৱে প্ৰশংসা কৰিছোঁ। ভাৰতীয় প্ৰবাসী আৰু আমাৰ দূতাৱাসসমূহত কৰ্মৰত বিষয়াসকলকো মই প্ৰশংসা কৰিছোঁ, যিসকলে বিশ্বমঞ্চত ভাৰতৰ প্ৰতিপত্তি আৰু সন্মান বৃদ্ধি কৰিছে।

মোৰ প্ৰিয় দেশবাসী,

আমি ২০৪৭ চনৰ স্বাধীনতাৰ শতবাৰ্ষিকীৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়াৰ দিশত আগবাঢ়িছোঁ। অন্ত্যোদয়ৰ মনোভাবৰ দ্বাৰা পৰিচালিত হৈ উন্নয়নৰ ফল যাতে প্ৰতিজন ব্যক্তিৰ মাজলৈ যায়, সেয়া নিশ্চিত কৰাটো আমাৰ সংকল্প। আমাৰ চহকী ঐতিহ্য আৰু স্বাধীনতা আন্দোলনৰ আদৰ্শক আঁকোৱালি লৈ আমি আধুনিক উন্নয়নৰ পথত আগবাঢ়িছোঁ। বেদবাক্য ‘বয়ম ৰাষ্ট্ৰে জাগ্ৰিয়ম’-এ আমাক ৰাষ্ট্ৰৰ সেৱাৰ বাবে সদায় সাজু হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে।

আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়ত বৈচিত্ৰ্যপূৰ্ণ মতাদৰ্শৰ লোকসকলে এক উমৈহতীয়া লক্ষ্যৰে ভাৰতৰ স্বাধীনতাৰ বাবে একত্ৰিত হৈছিল। স্বদেশী আন্দোলনৰ সময়ত "বন্দে মাতৰম" গীতটো সাধাৰণ মানুহৰ গীতত পৰিণত হৈছিল। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত অগণন ভাৰতীয়ই স্বাধীনতা সংগ্ৰামৰ বাবে নিজকে উৎসৰ্গা কৰিছিল। বাবাচাহেব ড° ভীমৰাও আম্বেদকাৰে সমাজ সংস্কাৰ আৰু দেশপ্ৰেমৰ উচ্চতম আদৰ্শক মূৰ্ত কৰি তুলিছিল। ভাৰত মাতৃৰ সেই সকলো মহান পুত্ৰ-কন্যাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ, যিসকলৰ আদৰ্শই আমাৰ দেশক স্বাধীনতাৰ দিশে লৈ গৈছিল আৰু তাৰ পিছত প্ৰগতিৰ পথ দেখুৱাইছিল।

আজি ১৪ আগষ্টত আমি "বিভাজন বিভীষিকা স্মৃতি দিৱস" পালন কৰিছোঁ। বিভাজনৰ ফলত হোৱা হিংসাত্মক পৰিস্থিতিত প্ৰাণ হেৰুওৱা বা স্থানচ্যুতিৰ যন্ত্ৰণা ভোগ কৰিবলৈ বাধ্য হোৱা লাখ লাখ ভাৰতীয়ক আমি সন্মান সহকাৰে স্মৰণ কৰিছোঁ। সাম্প্ৰদায়িক হিংসাই লাখ লাখ লোকক শৰণাৰ্থী হ’বলৈ বাধ্য কৰাইছিল আৰু তেওঁলোকে বিভাজনৰ ভয়াৱহতা সহ্য কৰিব লগা হৈছিল। তথাপি তেওঁলোকে নিজৰ পৰিচয় এৰি দিয়া নাছিল।

আমাৰ স্বাধীনতাৰ সময়ত বিভাজনৰ ভয়াৱহ পৰিণতিৰ লগতে ৫৫০খনতকৈও অধিক ৰাজসাশিত ৰাজ্যক নতুনকৈ স্বাধীন ভাৰতৰ সৈতে একত্ৰিত কৰাৰ বিশাল প্ৰত্যাহ্বানো আছিল। চৰ্দাৰ পেটেলে ৰাজতন্ত্ৰ ব্যৱস্থা বিলুপ্ত কৰি ৰজা-শাসিত ৰাজ্যসমূহক আমাৰ স্বাধীন গণতন্ত্ৰত একত্ৰিত কৰিলে। আধুনিক ভাৰতৰ ঐক্যৰ স্থপতিবিদ "লৌহ পুৰুষ" চৰ্দাৰ বল্লভভাই পেটেলক তেওঁৰ পৱিত্ৰ স্মৃতিত এটা কৃতজ্ঞ জাতিৰ হৈ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।

মোৰ প্ৰিয় দেশবাসী,

ভাৰতৰ জনসাধাৰণে প্ৰণয়ন কৰা সংবিধান জনসাধাৰণৰ অংশগ্ৰহণৰ ভেঁটিৰ ওপৰত নিৰ্ভৰশীল। গণতন্ত্ৰৰ অসামান্য অংশগ্ৰহণৰ মনোভাব আমাৰ দেশৰ জনসাধাৰণৰ মাজত সদায় নিহিত হৈ আহিছে। আমাৰ দেশবাসীয়ে জনসাধাৰণৰ অংশগ্ৰহণৰ এই পৰম্পৰাক নৱীকৃত শক্তিৰে আগুৱাই লৈ গৈছে। ৰাইজৰ সক্ৰিয় অংশগ্ৰহণেৰে ৰাষ্ট্ৰীয় অভিযান ৰূপায়ণ কৰা হৈছে। এয়া আমাৰ গণতন্ত্ৰৰ এক প্ৰেৰণাদায়ক কৃতিত্ব।

মৰ্যাদা আৰু সুযোগৰ সমতাৰ লগতে ব্যক্তিৰ মৰ্যাদা আমাৰ সংবিধানৰ মূল আদৰ্শ। আজি সাধাৰণ পটভূমিৰ মানুহে বহু ক্ষেত্ৰত অসাধাৰণ অৱদান আগবঢ়াইছে। ইয়াৰ দ্বাৰা মোৰ বিশ্বাস দৃঢ় হৈ উঠে যে আজিৰ ভাৰতত সকলোৱে ডাঙৰ সপোন দেখি সেইবোৰ বাস্তৱায়িত কৰিব পাৰে।

আমাৰ সংবিধানত কাৰ্যবাহী, বিধায়িনী দল আৰু ন্যায়পালিকাৰ দায়িত্ব স্পষ্টভাৱে নিৰ্ধাৰণ কৰা হৈছে। বিধায়িনী দলত জনপ্ৰতিনিধিসকলে ৰাইজৰ আকাংক্ষাৰ কণ্ঠস্বৰ উপস্থাপন কৰাটো কৰ্তব্য। দেশ আৰু জনসাধাৰণৰ স্বাৰ্থ পূৰণ কৰাৰ নীতি ৰূপায়ণৰ দায়িত্ব কাৰ্যনিৰ্বাহকৰ। সম্পদৰ অভাৱত যাতে কাকো লোক ন্যায়ৰ পৰা বঞ্চিত নহয়, সেয়া ন্যায় ব্যৱস্থাৰ লগত জড়িত সকলোৰে কৰ্তব্য। বিশেষকৈ সমাজৰ বঞ্চিত শ্ৰেণীৰ সকলো নাগৰিকে সময়োপযোগী, মৰ্যাদাপূৰ্ণ ন্যায়ৰ সম অধিকাৰ লাভ কৰিব লাগে।

মোৰ প্ৰিয় দেশবাসীসকল,

দশক দশক ধৰি আমাৰ দেশখনে এইবোৰৰ সাক্ষী হৈছে :

দ্ৰুত আৰু সৰ্বাংগীণ উন্নয়ন;

ঐতিহ্য আৰু উন্নয়নৰ মাজত সমন্বয়ৰ অগ্ৰাধিকাৰ; আৰু

উন্নয়নৰ বাটত অসংখ্য, দশক-পুৰণি বাধাস্বৰূপ সমস্যা আঁতৰোৱা।

আমাৰ দেশত মহাত্মা জ্যোতিবা ফুলেৰ ২০০সংখ্যক জয়ন্তী উদযাপন কৰা হৈছে। মহাত্মা ফুলে আৰু ক্ৰান্তি-জ্যোতি সাবিত্ৰীবাই ফুলেই সামাজিক ন্যায়, শিক্ষা, নাৰী সৱলীকৰণ আৰু সমতাৰ ক্ষেত্ৰত ঐতিহাসিক অৱদান আগবঢ়াইছিল। তেওঁলোকৰ আদৰ্শ অনুসৰণ কৰি বিগত কেইবছৰমানৰ পৰা সমাজৰ বঞ্চিত শ্ৰেণীৰ উত্থানক ৰাষ্ট্ৰীয় পৰ্যায়ত অগ্ৰাধিকাৰ দিয়া হৈছে। মহিলা শিক্ষাৰ ক্ষেত্ৰত নতুন মান নিৰ্ধাৰণ কৰা হৈছে। ২৫ কোটিৰো অধিক লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে।

বিশ্বৰ সৰ্ববৃহৎ বিত্তীয় অন্তৰ্ভুক্তি কাৰ্যসূচী প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত প্ৰায় ৫৯ কোটি একাউণ্ট থকা থকা লোকক বেংকিং ব্যৱস্থাৰ সৈতে সংযুক্ত কৰা হৈছে। ইয়াৰে ৩২ কোটিতকৈ অধিক মহিলা। বিনামূলীয়া ৰেচন প্ৰদানেৰে ৮০ কোটিৰো অধিক লোকৰ খাদ্য সুৰক্ষা নিশ্চিত কৰা হৈছে।

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ৬০ কোটি লোকক প্ৰতি বছৰে ৫ লাখ টকা  পৰ্যন্ত বিনামূলীয়া স্বাস্থ্যসেৱাৰ কভাৰেজ প্ৰদান কৰা হৈছে। কিষাণ সন্মান নিধি আৰু কিষাণ ক্ৰেডিট কাৰ্ডে খেতি, দুগ্ধ, পশু, হাঁহ-কুকুৰা, মীনপালন, মৌপালনৰ দৰে কামত নিয়োজিত কৃষকসকলক সহায় কৰিছে।

সাংস্কৃতিক পৰিচয়ৰ প্ৰৱল অনুভূতিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দ্ৰুত আৰু বহনক্ষম দুয়োটা দিশতে হোৱা উন্নয়নৰে বিশ্ব ইতিহাসে সাক্ষ্য দিয়ে। সাংস্কৃতিক গৌৰৱবোধে এখন দেশৰ আভ্যন্তৰীণ শক্তিক শক্তিশালী কৰে বুলি আজি দেশত সচেতনতা বাঢ়িছে। আমাৰ পূৰ্বপুৰুষসকলে জ্ঞান, বিজ্ঞান, শিল্প আৰু সংস্কৃতি, আধ্যাত্মিকতা আৰু নৈতিকতাৰ এক সমৃদ্ধ উত্তৰাধিকাৰ আগবঢ়াই আহিছে। আমি আমাৰ ঐতিহ্য আৰু উন্নয়নৰ সমন্বয় সাধন কৰি আগবাঢ়িছোঁ।

ভাৰতে বিশ্বৰ সৰ্ববৃহৎ আৰু শ্ৰেষ্ঠ ডিজিটেল আন্তঃগাঁথনি গঢ়ি তুলিছে। সৰু সৰু গ্ৰাম্য  দোকান আৰু পথৰ কাষৰ বিক্ৰেতাসকলৰ মাজতো এতিয়া ডিজিটেল পে’মেণ্ট সাধাৰণ কথা। বিশ্বৰ আধাতকৈ অধিক বাস্তৱ-সময়ৰ ডিজিটেল লেনদেন ভাৰতত হয়। ভাৰতৰ জনসাধাৰণ আৰু চৰকাৰে মিলি বিশ্ব সমাজৰ বাবে ডিজিটেল বিপ্লৱৰ নিদৰ্শন দাঙি ধৰিছে। প্ৰযুক্তি ব্যৱহাৰ কৰি চৰকাৰে স্বচ্ছভাৱে কল্যাণমূলক আঁচনিৰ সুবিধাসমূহ ৰাইজৰ মাজলৈ আগবঢ়াইছে।

আমাৰ দেশখনে ঘাইপথ, জলপথ, ৰে’লপথ আৰু বিমানপথৰ ৰূপত আধুনিক আন্তঃগাঁথনিৰ অভূতপূৰ্ব সম্প্ৰসাৰণৰ সাক্ষী হৈ পৰিছে। ইয়াৰ ফলত নতুন উদ্যোগৰ বাবে সুযোগ সৃষ্টি হৈছে, নিয়োগ সৃষ্টি হৈছে, বিনিয়োগকাৰীৰ আত্মবিশ্বাস বৃদ্ধি হৈছে।

মোৰ প্ৰিয় দেশবাসী,

বিশ্বৰ বহু ঠাইত চলি থকা যুদ্ধ আৰু অস্থিৰতাই প্ৰতিখন দেশকে প্ৰভাৱিত কৰিছে। এই কঠিন পৰিস্থিতিতো আমাৰ অৰ্থনীতি বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে আগবাঢ়িছে। অৰ্থনৈতিক প্ৰক্ষেপণ অনুসৰি ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ গড় বিশ্বৰ বৃদ্ধিৰ হাৰৰ দুগুণতকৈও অধিক হ’ব বুলি আশা কৰা হৈছে। 'আত্মনিৰ্ভৰ ভাৰত অভিযান'-এ আমাৰ অৰ্থনৈতিক প্ৰগতি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভেঁটি আৰু অধিক শক্তিশালী কৰি তুলিছে।

আধুনিক উন্নয়নৰ পথত আগবাঢ়ি যোৱাৰ সমান্তৰালকৈ ভাৰতে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো বিশ্বব্যাপী গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। আমাৰ দেশখনে ২০৩০চনৰ বহনক্ষম উন্নয়নৰ লক্ষ্যত নিৰ্ধাৰিত সময়ৰ আগতেই উপনীত হৈছে। যোৱা কেইবছৰমানৰ পৰা নৱীকৰণযোগ্য শক্তিৰ বিকাশে অভূতপূৰ্ব গতি লাভ কৰিছে।

ৰাষ্ট্ৰীয় স্বাৰ্থ আমাৰ বৈদেশিক নীতিৰ ভেঁটি । শান্তি, সহযোগিতা, আলোচনা আৰু "বসুধৈৱ কুটুম্বকম"ৰ আদৰ্শ আমাৰ বৈদেশিক নীতিৰ স্তম্ভ। অৰ্থনৈতিক সহযোগিতা বৃদ্ধি আৰু পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে আমি বহু দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছোঁ। গোলকীয় দক্ষিণৰ দেশসমূহৰ মাজত আমি অগ্ৰণী ভূমিকা পালন কৰি আছোঁ। বিশ্বমঞ্চত আমাৰ দেশৰ উচ্চতা বৃদ্ধি পাইছে। আমি নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত বিশ্বাস কৰোঁ। আমাৰ প্ৰচেষ্টা হৈছে ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বহুপক্ষীয় সংস্থাসমূহত বিশ্ব সম্প্ৰদায়ক যাতে সঠিকভাৱে প্ৰতিনিধিত্ব কৰা হয়। আমাৰ দেশৰ এই প্ৰচেষ্টাই বহু দেশৰ পৰা প্ৰবল সমৰ্থন লাভ কৰিছে।

মোৰ প্ৰিয় দেশবাসী,

প্ৰাকৃতিক সম্পদৰ ওপৰত আমাৰ দৰেই ভৱিষ্যত প্ৰজন্মৰো অধিকাৰ আছে। আমি নিশ্চিত কৰিব লাগিব যে আমাৰ কোনো কাৰ্যই যাতে ভৱিষ্যত প্ৰজন্মক এই অধিকাৰৰ ব্যৱহাৰত বাধাৰ সৃষ্টি নকৰে। তেওঁলোকৰ বাবে আৰু অধিক চহকী প্ৰাকৃতিক সম্পদ এৰি যোৱাৰ বাবে আমি সকলো প্ৰচেষ্টা চলাব লাগিব। পৰিৱেশ সংৰক্ষণৰ প্ৰতি আমাৰ বিশ্বাস আমাৰ পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ। চাওঁতালী ভাষাৰ এটা সহজ গীতে এক গভীৰ বাৰ্তা প্ৰেৰণ কৰিছে। পণ্ডিত ৰঘুনাথ মুৰ্মুৱে ৰচনা কৰা সেই গীতটোৰ কেইটামান শাৰী এনেধৰণৰ :

ডাৰে গুজুগ কান ন্যেল তে

মিৰু চেনেই ৰাগা বায়াহা দয়া হায়া গে।

গুজুগ কান আপোৱাগ জাতি ধৰম দৰে

চেদাগ বাবন ৰাগা বায়াহা আবো আনা নিয়েল তে।

ডাৰে গুজুগ কান ন্যেল তে

এই গীতটোত কবিয়ে এজোপা গছ সম্পূৰ্ণৰূপে শুকাই যোৱাৰ বাবে শোকত কান্দি থকা এটা অশান্ত ভাটৌৰ বৰ্ণনা কৰিছে। তেওঁ কয় : "হে মোৰ মৰমৰ ভাইসকল! মৃত্যুমুখত পৰা গছ এজোপা দেখি ভাটৌটোৱে বিলাপ কৰিছে। হে মোৰ ভাইসকল! যেতিয়া মানৱ সংস্কৃতিৰ গছজোপা ধ্বংস হৈ গৈ আছে, তেতিয়া আমি মানুহে কিয় শোক নকৰোঁ?" এই গীতটিৰ বাৰ্তাটো হ'ল- সকলো মানুহে প্ৰকৃতি আৰু মানৱীয় মূল্যবোধৰ সংৰক্ষণৰ প্ৰতি দায়বদ্ধ হৈ থাকিব লাগে। এজোপা সজীৱ সেউজীয়া গছ মানৱ সমাজৰ নৈতিক আদৰ্শ আৰু মংগলৰ প্ৰতীক। ‘এক পেড় মা কে নাম’ আৰু "পৰিৱেশৰ বাবে জীৱনশৈলী" বা লাইফৰ দৰে অভিযানৰ মনোভাবৰ লগত খাপ খুৱাই আমি পৰিৱেশ সুৰক্ষাৰ বাবে ব্যক্তিগত আৰু সামূহিক প্ৰচেষ্টা চলোৱা উচিত।

মোৰ প্ৰিয় দেশবাসী,

আমাৰ কন্যা সন্তানসকলে শিক্ষাৰ ক্ষেত্ৰত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰা দেখি মই আনন্দিত হৈছোঁ। তদুপৰি কৃষি উৎপাদন বৃদ্ধিত সহায় কৰা "ড্ৰ'ন দিদি"ৰ পৰা আৰম্ভ কৰি বায়ুসেনাত "ফাইটাৰ কম্বেট লিডাৰ"লৈকে বিভিন্ন ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পাইছে। শেহতীয়াকৈ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতৰ ১৩টা স্বৰ্ণ পদকৰ ভিতৰত ৮টা স্বৰ্ণ পদক লাভ কৰে মহিলাসকলে। আমাৰ নাৰীসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে। ১০ কোটিতকৈ অধিক মহিলা আত্মসহায়ক গোটৰ সদস্য। লক্ষ্য আছিল ৩ কোটি "লাখপতি দিদি" সৃষ্টি কৰা। ইতিমধ্যে এই লক্ষ্যত উপনীত হৈছোঁ। এতিয়া আমাৰ দেশে আৰু ৩ কোটি "লাখপতি দিদি" সৃষ্টিৰ লক্ষ্যৰ দিশে আগবাঢ়িছে। মুদ্ৰা যোজনাৰ অধীনত আৰ্থিক সাহায্য লাভ কৰা উদ্যোগীসকলৰ প্ৰায় দুই তৃতীয়াংশই মহিলা।

অৰ্থনৈতিক স্বাৱলম্বিতা অৰ্জনৰ বাবে মহিলাসকলে কৰা প্ৰচেষ্টাৰ সমান্তৰালকৈ আমি বহু ক্ষেত্ৰত নেতৃত্বৰ ভূমিকাও গ্ৰহণ কৰা দেখিবলৈ পাইছোঁ। আমাৰ গণতান্ত্ৰিক গণৰাজ্যৰ এক বৃহৎ সফলতা যে মহিলাৰ ভোটদানৰ সংখ্যা বৃদ্ধি পাইছে। ২০২৩ চনত নাৰী শক্তি বন্দন আইন প্ৰণয়ন কৰি লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ প্ৰতিনিধিত্ব সংৰক্ষিত কৰি ৰখা হৈছে। এই আইনখনৰ উদ্দেশ্য পূৰণ হলে নেতৃত্বৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা বৃদ্ধি পাব আৰু আমাৰ গণতন্ত্ৰক অধিক সৰ্বাংগীণ কৰি তুলিব।

আমাৰ দেশৰ ৬৫ শতাংশ জনসংখ্যা ৩৫ বছৰৰ তলৰ। এই যুৱ জনসংখ্যা আমাৰ আটাইতকৈ মূল্যৱান সম্পদ। আমাৰ দেশৰ যুৱক-যুৱতীসকল প্ৰতিভাৱান, নিষ্ঠাৱান আৰু দক্ষ। তৃণমূল পৰ্যায়ত বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ তেওঁলোকে উদ্ভাৱনী আৰু ব্যৱহাৰিক সমাধান বিকশিত কৰা মই প্ৰত্যক্ষ কৰিছোঁ। ইয়াৰ দ্বাৰা আমাৰ যুৱক-যুৱতীসকলৰ সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি থকা সমৰ্পণ প্ৰতিফলন হৈছে। শেহতীয়াকৈ গড় বয়স মাত্ৰ ২৮ বছৰ বয়সৰ যুৱক-যুৱতীৰ এটা দলে সফল ৰকেট উৎক্ষেপণৰ জৰিয়তে মহাকাশ অন্বেষণৰ এক নতুন দিগন্তৰ সূচনা কৰিছে।

আমাৰ বহু যুৱকে আত্মসংস্থাপন লাভ কৰি চাকৰি সৃষ্টিৰ সংস্কৃতিক আঁকোৱালি লৈছে। যুৱ উদ্যোগীসকলৰ অংশগ্ৰহণে আমাৰ দেশত এক শক্তিশালী ষ্টাৰ্ট-আপ পৰিৱেশতন্ত্ৰৰ সৃষ্টি কৰিছে। বৃহৎ গোলকীয় কোম্পানীসমূহে ভাৰতীয় যুৱক-যুৱতীসকলৰ প্ৰতিভা আৰু নিষ্ঠাত আপ্লুত হৈ তেওঁলোকক নেতৃত্বৰ ভূমিকা অৰ্পণ কৰিছে। এনে যুৱ সাফল্যই বিশ্বজুৰি যুৱশক্তিৰ বাবে ভাৰতৰ সুনাম বৃদ্ধি কৰিছে। আমাৰ নৱপ্ৰজন্মই ভাৰতৰ উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ প্ৰতি মোৰ বিশ্বাসক দৃঢ় কৰি তোলে।

আমাৰ ছাত্ৰ-ছাত্ৰীসকল ভাৰতৰ ভৱিষ্যতৰ স্থপতি। ৰাষ্ট্ৰীয় নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰ আৰু সমাজ যেনেকৈ একত্ৰিত হ’ব লাগিব, তেনেদৰে আমাৰ ছাত্ৰ-ছাত্ৰীৰ বৰ্তমান আৰু ভৱিষ্যত ৰক্ষাৰ বাবে সকলোৱে একত্ৰিত আৰু ঐক্যবদ্ধ প্ৰচেষ্টা চলাব লাগিব। ৰাজহুৱা পৰীক্ষাই আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুযোগৰ দুৱাৰমুখ হিচাপে কাম কৰে। এই পৰীক্ষাসমূহৰ সংস্কাৰৰ বাবে চৰকাৰে ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে। এই সংস্কাৰৰ লক্ষ্য হৈছে ৰাজহুৱা পৰীক্ষাত অন্যায় উপায়ৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে ৰোধ কৰা আৰু পৰীক্ষা ব্যৱস্থাক অধিক স্বচ্ছ, সুৰক্ষিত, যুৱক-যুৱতীসকলৰ বাবে নিৰ্ভৰযোগ্য কৰি তোলা।

চৰকাৰী পদক্ষেপ আৰু উদীয়মান অৰ্থনৈতিক কাৰ্যকলাপৰ জৰিয়তে যুৱক-যুৱতীসকলৰ বাবে বহু নতুন পথ মুকলি হৈছে। এই নতুন সুযোগবোৰক আঁকোৱালি লৈ আমাৰ যুৱক-যুৱতীসকলে সফলতাৰ নতুন পথত আগবাঢ়িব পাৰে।

আমাৰ যুৱক-যুৱতীসকলৰ শাৰীৰিক আৰু মানসিক সুস্থতা আমাৰ দেশৰ ভৱিষ্যতৰ আধাৰ। আমাৰ যুৱক-যুৱতীসকলক উৎসাহেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰাৰ দায়িত্বও পৰিয়াল আৰু সমাজৰ।

ক্ৰীড়াক আমাৰ যুৱক-যুৱতীসকলৰ উন্নয়ন আৰু ৰাষ্ট্ৰ-নিৰ্মাণৰ এক মাধ্যম হিচাপে গ্ৰহণ কৰা হৈছে। ‘খেলো ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত সমগ্ৰ দেশতে, তৃণমূল পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে এক ক্ৰীড়া পৰিৱেশতন্ত্ৰ গঢ়ি তোলা হৈছে। ক্ৰীড়াৰ প্ৰসাৰৰ বাবে চৰকাৰে অভূতপূৰ্ব বিনিয়োগ কৰিছে। এই প্ৰচেষ্টাসমূহে ইতিবাচক ফল দিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত আমাৰ খেলুৱৈসকলৰ প্ৰদৰ্শন আৰু কৃতিত্বই উল্লেখযোগ্য সফলতা লাভ কৰিছে।

আমাৰ দেশত বিশ্বৰ সৰ্বাধিক যুৱ জনসংখ্যা থকাৰ বিপৰীতে জ্যেষ্ঠ নাগৰিকৰ সংখ্যাও বৃদ্ধি পাইছে। জ্যেষ্ঠ নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ প্ৰায় ৬ কোটি জ্যেষ্ঠ নাগৰিকে বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব। সামগ্ৰিকভাৱে সমাজখন জ্যেষ্ঠ নাগৰিকৰ প্ৰতি সংবেদনশীল হ’ব লাগে, তেওঁলোকৰ প্ৰতি নিজৰ বুলি ভবাৰ ভাৱনা গঢ়ি তুলিব লাগে আৰু তেওঁলোকৰ আত্মসন্মান অটুট ৰাখিব লাগে।

মোৰ প্ৰিয় দেশবাসী,

সত্য আৰু ন্যায় ৰক্ষাৰ বাবে মানৱতাৰ বিৰুদ্ধে কাম কৰা শক্তিক পৰাস্ত কৰাৰ আমাৰ পৰম্পৰাক লৈ আমি গৌৰৱান্বিত। ২৬ জুলাইত আমি কাৰ্গিল বিজয় দিৱস উদযাপন কৰিলোঁ। ইয়াৰ পূৰ্বে ৭ মে’ত আমি অপাৰেচন সিন্দূৰ আৰম্ভ হোৱাৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন কৰিছিলোঁ। আমাৰ সশস্ত্ৰ বাহিনীৰ অতুলনীয় বীৰত্ব আমি স্মৰণ কৰিলোঁ।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে সেই ঐতিহাসিক অভিযানে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে নিখুঁতভাৱে কাম কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰিছিল। ইয়াৰ দ্বাৰা সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকললৈ এটা স্পষ্ট আৰু শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হৈছিল যে তেওঁলোকে যি ঠাইতে লুকাই নাথাকক কিয়, তেওঁলোকে নিজৰ কাৰ্যৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব। সন্ত্ৰাসবাদক আশ্ৰয় দিয়া দেশৰ সৈতে সিন্ধু জল সন্ধি বন্ধ কৰাটো আমাৰ দেশৰ, বিশেষকৈ আমাৰ কৃষকৰ স্বাৰ্থত এক নিৰ্ণায়ক পদক্ষেপ।

দশক দশক ধৰি নক্সালবাদ দেশৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈয়েই আছিল। ভাৰতক নক্সালমুক্ত কৰি তোলাটো এটা ডাঙৰ সাফল্য। এসময়ত নক্সালবাদৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহত আজি এক উৎসাহৰ পৰিবেশ বিৰাজ কৰিছে। "সবকা সাথ, সবকা বিকাশ"ৰ নীতিৰে এই অঞ্চলসমূহত উন্নয়ন চলি আছে। বাষ্টাৰ অলিম্পিকত বহুসংখ্যক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল আৰু বহুসংখ্যক লোকে উপভোগ কৰা "বাষ্টাৰ পাণ্ডুম"ত অসংখ্য শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিছিল।

ৰাষ্ট্ৰীয় গৌৰৱ ৰক্ষাৰ বাবে নিৰ্মিত আৰু মাৰাঠা সামৰিক পৰম্পৰাৰ সৈতে জড়িত ১২টা দুৰ্গ যোৱা বছৰ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত সন্নিবিষ্ট কৰা হৈছিল। আৰু এইবাৰ ভগৱান বুদ্ধৰ প্ৰথম ধৰ্মধ্বনিৰ স্থান সাৰনাথ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত সন্নিৱিষ্ট হৈছে। এফালে ভাৰতত ভগৱান বুদ্ধৰ লগত জড়িত আধ্যাত্মিকতাৰ কীৰ্তিচিহ্ন আছে, আনহাতে আমাৰ গৌৰৱ আৰু গৌৰৱময় পৰম্পৰা ৰক্ষাৰ বাবে যুঁজ দিয়াৰ আমাৰ আকৰ্ষণীয় ক্ষমতাৰ প্ৰতীকো আছে।

মোৰ প্ৰিয় দেশবাসীসকল,

প্ৰতিজন ভাৰতীয়ৰ বিকাশ আৰু মংগল হৈছে ‘বিকশিত ভাৰত’ গঢ়ি তোলাৰ প্ৰকৃত উদ্দেশ্য। তেলেগু ভাষাত ৰচনা কৰা মহান জাতীয়তাবাদী সাহিত্যিক গুৰাজাদা আপ্পাৰাৱে তেওঁৰ এটা গীতত দেশপ্ৰেমৰ এক কালজয়ী বাৰ্তা আগবঢ়াইছে-

দেশামুনু প্ৰেমিঞ্চুমন্না, মানচি আন্নাদি পেঞ্চুমন্না।

দেশমন্তে মাট্টি কাডোয়, দেশমন্তে মানুশুলয়।

এই শাৰীকেইটাৰ সাৰমৰ্ম হ’ল-

নিজৰ দেশক ভালপোৱা, এই ভালপোৱাক প্ৰতিপালন কৰা।

এখন দেশ কেৱল নিজৰ মাটি নহয়, এখন দেশ তাৰ সকলো মানুহৰে।

মই বিশ্বাস কৰো যে সমাজৰ অংশগ্ৰহণ আৰু চৰকাৰৰ প্ৰচেষ্টাত সমগ্ৰ ভাৰতৰ প্ৰতিখন গাঁও, প্ৰতিখন চহৰ আৰু প্ৰতিখন ঘৰৰ মানুহ সুস্থ, সুখী, সমৃদ্ধিশালী হ’ব।

দেশপ্ৰেমৰ এই সৰ্বাংগীণ মনোভাবেৰে ‘স্বতন্ত্ৰ ভাৰত’ক ‘বিকশিত ভাৰত’লৈ ৰূপান্তৰিত কৰাৰ পৱিত্ৰ ৰাষ্ট্ৰীয় উদ্দেশ্যত নিজকে উৎসৰ্গা কৰোঁ আহক।

ধন্যবাদ!

জয় হিন্দ!

                    জয় ভাৰত!

***

MJPS/SS/PRK/KD


(रिलीज़ आईडी: 2299588) आगंतुक पटल : 26
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Telugu , Malayalam , Bengali , Odia , English , Khasi , Urdu , हिन्दी , Nepali , Marathi , Punjabi , Gujarati , Kannada