উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

উপ-ৰাষ্ট্ৰপতিয়ে বন্দে মাতৰমৰ ১৫০ বছৰৰ স্মৃতিত সাংসদ সকলৰ হৰ ঘৰ তিৰংগা বাইক ৰেলীৰ ফ্লেগ অফ কৰে

হৰ ঘৰ তিৰংগা এটি গণ অভিযানত পৰিণত হৈছে, এই অভিযানে বন্দে মাতৰমৰ গূঢ়াৰ্থক দৃশ্যমান ৰূপ প্ৰদান কৰিছেঃ উপ-ৰাষ্ট্ৰপতি

বন্দে মাতৰমে মাতৃভূমিৰ প্ৰতি প্ৰেমক ৰাষ্ট্ৰীয় কৰ্তব্যলৈ ৰূপান্তৰিত কৰিছেঃ উপ-ৰাষ্ট্ৰপতি

प्रविष्टि तिथि: 12 AUG 2026 11:03AM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণনে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰৰ স্মৃতিত সাংসদ আৰু আন-আন জনপ্ৰতিনিধি সকলৰ সৈতে হৰ ঘৰ তিৰংগা বাইক ৰেলীৰ ফ্লেগ অফ কৰে।

ৰাষ্ট্ৰীয় গৌৰৱ, ঐক্য আৰু নাগৰিক সকলৰ অংশগ্ৰহণৰ বাৰ্তা বহনেৰে ভাৰত মণ্ডপমৰ পৰা মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামলৈ এই ৰেলী আগবাঢ়ে।

ইয়াত সমবেত সকলক সম্বোধন কৰি তেওঁ কয় যে বন্দে মাতৰমে মাতৃভূমিৰ প্ৰতি প্ৰেমক ৰাষ্ট্ৰীয় কৰ্তব্যলৈ ৰূপান্তৰিত কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মনোভাৱৰ এক মূৰ্ত প্ৰকাশ হৈ পৰিছে। ইয়াৰ অমৰ শব্দৰাজিয়ে অগণন স্বাধীনতা সংগ্ৰামীক কেনেদৰে সাহস, ত্যাগৰ ভাৱনা আৰু আশাৰে অনুপ্ৰাণিত কৰিছিল, তাকেই অনুৰণিত কৰে।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শেহতীয়াকৈ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভ্ৰমণৰ কথা স্মৰণ কৰি কয় যে নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ আৰু ঐতিহাসিক চেলুলাৰ জেল ভ্ৰমণে তেওঁক গভীৰভাৱে আৱেগিক কৰি তুলিছিল। তেওঁ আৰু কয় যে এই ভ্ৰমণৰ সময়ছোৱাত ১৯৪৩-ত নেতাজীয়ে ত্ৰিৰংগা উত্তোলন কৰাৰ কথা আৰু চেলুলাৰ জেলত বন্দী স্বাধীনতা সংগ্ৰামী সকলৰ বলিদানৰ কথা মনত পৰিছিল। তেওঁলোকৰ গৰিষ্ঠসংখ্যকেই বন্দে মাতৰম উচ্চাৰণেৰে ফাঁচীকাঠত উঠিছিল।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ দেশজোৰা প্ৰভাৱৰ ওপৰত আলোকপাত কৰি শ্ৰী চি. পি. ৰাধাকৃষ্ণনে তামিলনাডুৰ স্বাধীনতা সংগ্ৰামী আৰু নেতাসকলৰ অৱদান আৰু ত্যাগৰ কথা স্মৰণ কৰে। তেওঁলোকৰ অন্যতম ভি. অ’. চিদাম্বৰম পিল্লাই, সুব্ৰহ্মণ্য শিৱ, তিৰুপপুৰ কুমাৰন আৰু বঞ্চিনাথনকে প্ৰমুখ্য কৰি ৰাষ্ট্ৰীয় কবি সুব্ৰহ্মণ্য ভাৰতীয়ে বন্দে মাতৰমৰ মনোভাৱ আৰু বাৰ্তাক ৰাইজৰ মাজলৈ নিছিল বুলি তেওঁ কয়।

২০২২-ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযান এটি গণ অভিযানত পৰিণত হৈছে বুলি উল্লেখেৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই অভিযানৰ অংশস্বৰূপে নাগৰিক সকলে ত্ৰিৰংগা যাত্ৰা, বাইক আৰু চাইকেল ৰেলী, সাংস্কৃতিক কাৰ্য্যসূচী আৰু আন-আন কাৰ্য্যসূচী সমূহত অংশগ্ৰহণ কৰিছে। তেওঁ ত্ৰিৰংগাই মাতৃভূমিৰ প্ৰতি অনুভূতিক এক দৃশ্যমান ৰূপ প্ৰদান কৰিছে বুলি উল্লেখ কৰি সাংসদ আৰু জনপ্ৰতিনিধি সকলক নিজ-নিজ সমষ্টিত এই অভিযানৰ প্ৰচাৰ আৰু নাগৰিক সকলক গৌৰৱেৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনায়।

এই ৰেলীত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, শ্ৰী ৰাজীৱ ৰঞ্জন সিং, শ্ৰী বীৰেন্দ্ৰ কুমাৰ, শ্ৰী জি. কিষাণ ৰেড্ডী, শ্ৰী কিৰেণ ৰিজিজু আৰু শ্ৰী জিতেন্দ্ৰ সিঙকে প্ৰমুখ্য কৰি সাংসদ আৰু আন-আন জনপ্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে।

****

PR/ASM/VMJ/SB
 


(रिलीज़ आईडी: 2298877) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Bengali , Bengali-TR , Punjabi , Gujarati , Tamil , Telugu , Malayalam