পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
২০২৬ চনৰ বিশ্ব হস্তী দিৱসত হাতী সংৰক্ষণৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত ভাৰতৰ
হাতীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ অৰ্থ হৈছে আমাৰ বনাঞ্চল, জৈৱ বৈচিত্ৰ্য আৰু পৰিবেশগত ঐতিহ্য সুৰক্ষিতকৰণঃ শ্ৰী ভূপেন্দ্র যাদৱ
प्रविष्टि तिथि:
12 AUG 2026 11:19AM by PIB Guwahati
২০২৬ চনৰ বিশ্ব হস্তী দিৱস উপলক্ষে কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্র যাদৱে হাতী আৰু মানুহৰ বাবে এক অংশীদাৰী ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।
সামাজিক মাধ্যমৰ এটা পোষ্টত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ ১৪ খন ৰাজ্যত ৩৩ খন হস্তী সংৰক্ষিত বনাঞ্চল আৰু ১৫০ টা বৈজ্ঞানিকভাৱে বৈধ হাতী কৰিডৰ আছে। শ্ৰী যাদৱে কয় যে উন্নত জনসংখ্যা নিৰীক্ষণ আৰু শক্তিশালী ব্যৱস্থাই হাতী-মানুহৰ সংঘাত হ্ৰাস কৰিব আৰু হাতী সংৰক্ষণ ব্যৱস্থা শক্তিশালী কৰিব।
মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘যেতিয়া আমি হাতীৰ ভৱিষ্যত সুৰক্ষিত কৰো, তেতিয়া আমি আমাৰ বনাঞ্চল, জৈৱ বৈচিত্ৰ্য আৰু পৰিবেশগত ঐতিহ্য সুৰক্ষিত কৰো।’ মন্ত্ৰীগৰাকীয়ে ভৱিষ্যত প্ৰজন্মৰ বাবে হাতীয়ে যাতে ভাৰতৰ অৰণ্য আৰু ভূ-ভাগৰ মাজেৰে মুক্তভাৱে বিচৰণ কৰিব পাৰে, তাক নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ বাবে আহ্বান জনায়।
এই উপলক্ষে সামাজিক মাধ্যমৰ এটা পোষ্টত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী (ইএফচিচি) শ্ৰী কীৰ্তিবৰ্ধন সিঙে কয় যে ভাৰত পৃথিৱীৰ অন্যতম চহকী আৰু বৈচিত্ৰ্যময় ভূ-দৃশ্যাৱলীৰ স্থান। শ্ৰী সিঙে কয় যে বিশ্বৰ প্ৰায় ৬০ শতাংশ বন্য এছীয় হাতী ভাৰতত বাস কৰে, যাৰ ফলত সেইবোৰ দেশৰ পৰিবেশগত ঐতিহ্যৰ এক জীৱন্ত প্ৰতীক হৈ পৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত হস্তী সংৰক্ষণৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণ হিচাপে থিয় দিছে।
শ্ৰী কীৰ্তিবৰ্ধন সিঙে পৰিবেশতন্ত্ৰৰ অভিযন্তা হিচাপে হাতীৰ ভূমিকাৰ সন্দৰ্ভতো আলোকপাত কৰে। শ্ৰী সিঙে কয় যে হাতীবোৰে ঘূৰি ফুৰাৰ সময়ত বীজবোৰ বহু দূৰত্লৈ বিস্তাৰিত কৰে, নতুন উদ্ভিদৰ জন্ম হয় আৰু হাতীৰ প্ৰতিটো পদক্ষেপে প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখাত সহায় কৰে। এই হাতীসমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সকলোকে একত্ৰিত হ’বলৈ তেওঁ আহ্বান জনায়।
*****
VM/GS/SK/NB
(रिलीज़ आईडी: 2298398)
आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Malayalam