বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ইউপিআই ব্যৱহাৰকাৰীসকলৰ বাবে নাই কোনো মাছুল

ব্যৱসায়ীসকলৰ বাবেও অধিকাংশ লেনদেনেই বিনামূলীয়া হৈ থাকিব

পেমেণ্ট এণ্ড চেটেলমেণ্ট চিষ্টেমছ এক্ট (PSS Act)-ৰ সংশোধনী হৈছে বিত্তীয় অন্তৰ্ভুক্তিৰ অধিক প্ৰসাৰ, ইউপিআই-ৰ দীৰ্ঘম্যাদী বহনক্ষমতা, প্ৰযুক্তিগত অগ্ৰগতি আৰু উদীয়মান বিপদাশংকাৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা নিশ্চিত কৰাৰ এক সহায়ক ব্যৱস্থা

পোষ্ট কৰা হৈছে: 08 AUG 2026 6:40PM by PIB Guwahati

ভাৰত চৰকাৰে স্পষ্টভাৱে জনাব বিচাৰে যে:

  • ব্যৱহাৰকাৰীৰ বাবে কোনো মাছুল নাই: ধন পৰিশোধ কৰা গ্ৰাহকসকলে কোনো ধৰণৰ লেনদেনৰ মাছুল ভৰিব নালাগে।
  • পি২পি (P2P) লেনদেন বিনামূলীয়া: সকলো ব্যক্তিৰ পৰা ব্যক্তিলৈ (Person-to-Person) কৰা লেনদেন বিনামূলীয়া হৈয়েই থাকিব।
  • ব্যৱসায়ীসকলৰ বাবে নামমাত্ৰ এমডিআৰ (MDR): যেতিয়াই এমডিআৰ (MDR) মাছুল প্ৰৱৰ্তন কৰা হ'ব, সেয়া কেৱল নিৰ্দিষ্ট পৰিমাণতকৈ অধিক মূল্যৰ সীমিত সংখ্যক ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব, আৰু এই হাৰ নামমাত্ৰ হোৱাৰ লগতে ডেবিট বা ক্ৰেডিট কাৰ্ডৰ এমডিআৰতকৈ বহুত কম হ'ব।

ইউপিআই (UPI)-ৰ জৰিয়তে ব্যৱসায়ীসকলে কৰা অধিকাংশ লেনদেনেই বিনামূলীয়া হৈ থাকিব। এমডিআৰ (MDR) প্ৰৱৰ্তন কৰিলেও সেয়া কেৱল এক নিৰ্দিষ্ট পৰিমাণৰ ওপৰতহে আধাৰিত হ'ব আৰু সকলোৰে ওপৰত সামগ্ৰিকভাৱে জাপি দিয়া নহ'ব।

যেতিয়া সংসদে 'কৰ আৰু অন্যান্য আইন (সংশোধনী) বিধেয়ক, ২০২৬' গৃহীত কৰিব (যিয়ে 'পেমেণ্ট এণ্ড চেটেলমেণ্ট চিষ্টেমছ এক্ট, ২০০৭'-ৰ ধাৰা ১০এ সংশোধন কৰাৰ প্ৰস্তাৱ দিছে), তেতিয়া এনপিচিআই (NPCI)-ৰ অধ্যক্ষতাত গঠিত "ইউপিআই এণ্ড চাৰ্ভিচেচ ষ্টিয়েৰিং কমিটি"য়ে এমডিআৰ (MDR) প্ৰযোজ্য হ'ব নে নহয় সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব।

পেমেণ্ট এণ্ড চেটেলমেণ্ট চিষ্টেমছ এক্ট কিয় সংশোধন কৰিব লাগে?

পেমেণ্ট এণ্ড চেটেলমেণ্ট চিষ্টেমছ এক্ট (PSS Act)-ৰ শেহতীয়া সংশোধনীয়ে বিতৰ্কৰ সৃষ্টি কৰিছে, য'ত একাংশই ইয়াক সাধাৰণ ব্যৱহাৰকাৰীৰ ওপৰত মাছুল আৰোপ কৰাৰ এক পদক্ষেপ বুলি ভুলকৈ ব্যাখ্যা কৰিছে। প্ৰকৃততে, এই সংশোধনীটো হৈছে ইউপিআই-ৰ দীৰ্ঘম্যাদী বহনক্ষমতা, প্ৰযুক্তিগত অগ্ৰগতি আৰু উদীয়মান বিপদাশংকাৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা নিশ্চিত কৰিবলৈ প্ৰস্তুত কৰা এক কাৰ্যকৰী ব্যৱস্থা।

  • ইউপিআইৰ বিকাশ: লেনদেনৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগে লগে, ব্যৱস্থাটোক চাইবাৰ সুৰক্ষা, প্ৰৱঞ্চনা প্ৰতিৰোধ আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট আৰু নিৰন্তৰ উন্নীতকৰণৰ প্ৰয়োজন।
  • বজাৰ সম্প্ৰসাৰণ: অধিক কোম্পানীক তেওঁলোকৰ কাৰ্যকলাপ সম্প্ৰসাৰণ কৰিবলৈ উৎসাহিত কৰি প্ৰতিযোগিতা বৃদ্ধি কৰাটো প্ৰয়োজনীয়, যাৰ বাবে এক স্ব-বহনক্ষম ৰাজহ আৰ্হিৰ প্ৰয়োজন।
  • স্ব-বহনক্ষমতা: পৰৱৰ্তী পৰ্যায়ৰ বিকাশৰ বাবে কেৱল ৰাজসাহায্যৰ ওপৰত নিৰ্ভৰ কৰাটো ব্যৱহাৰিক নহয়। ইউপিআই যাতে শক্তিশালী, সৰ্বব্যাপী আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত হৈ থাকে, সেয়া নিশ্চিত কৰিবলৈ এক ভাৰসাম্যপূৰ্ণ গাঁথনিৰ প্ৰয়োজন।

ভুৱা প্ৰচাৰৰ সন্দৰ্ভত স্পষ্টীকৰণ

কিছুমান সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে বাহ্যিক প্ৰভাৱৰ ফলত নীতিগত পৰিৱৰ্তন ঘটিব পাৰে। এই দাবী ভিত্তিহীন, সম্পূৰ্ণ মিছা আৰু বিভ্ৰান্তিকৰ। যদি বাহ্যিক চাপ কোনো কাৰক হ'লহেঁতেন, তেন্তে চৰকাৰে ২০১৬ চনত ইউপিআই (UPI) প্ৰৱৰ্তন নকৰিলেহেঁতেন বা ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা ব্যৱসায়ী আৰু নাগৰিক উভয়ৰে বাবে ইয়াক বিনামূলীয়া নকৰিলেহেঁতেন আৰু ইয়াক বিশ্বৰ সৰ্ববৃহৎ ৰিয়েল-টাইম ইণ্টাৰঅপাৰেবল পেমেণ্ট চিষ্টেম হিচাপে গঢ়ি তোলাটো নিশ্চিত নকৰিলেহেঁতেন।

সেয়েহে, ভাৰতৰ ডিজিটেল পেমেণ্ট আন্তঃগাঁথনি যাতে বহনক্ষম, প্ৰতিযোগিতামূলক, উদ্ভাৱনীমূলক আৰু দেশৰ দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা ডিজিটেল অৰ্থনীতিক সেৱা আগবঢ়াবলৈ সক্ষম হৈ থাকে, সেয়া নিশ্চিত কৰাৰ বাবে চৰকাৰৰ বহল উদ্দেশ্যৰ প্ৰেক্ষাপটত এই সংশোধনীক বিবেচনা কৰা উচিত।

সত্যটো একেবাৰে সহজ: ইউপিআই হৈছে ভাৰতৰ নিজা উদ্ভাৱন, আৰু আগন্তুক দশকবোৰত ইয়াৰ বহনক্ষমতা নিশ্চিত কৰাৰ লগতে নাগৰিকসকলৰ বাবে ইয়াক বিনামূলীয়া কৰি ৰখাৰ ক্ষেত্ৰত চৰকাৰ দৃঢ়প্ৰতিজ্ঞ।

বিকাশৰ পৰৱৰ্তী ঢৌ

ভাৰত এতিয়া ডিজিটেল পেমেণ্টৰ বিকাশৰ পৰৱৰ্তী ঢৌৰ দুৱাৰদলিত থিয় দিছে। গ্ৰাম্য আৰু অৰ্ধ-চহৰাঞ্চললৈ ইউপিআইক অধিক সম্প্ৰসাৰিত কৰিবলৈ আৰু প্ৰতিযোগিতামূলক পৰিৱেশ বজাই ৰাখিবলৈ, ইউপিআই ইকোচিষ্টেম স্ব-বহনক্ষম আৰু সুলভ হোৱাটো প্ৰয়োজন। পিএছএছ এক্টৰ সংশোধনী হৈছে ইউপিআইয়ে এক সুৰক্ষিত, সুলভ, সৰ্বব্যাপী আৰু বিশ্বস্তৰত স্বীকৃতিপ্ৰাপ্ত পেমেণ্ট চিষ্টেম হিচাপে যাতে বিকাশ লাভ কৰি থাকে সেয়া নিশ্চিত কৰাৰ এক দূৰদৰ্শী পদক্ষেপ।

সামৰণি

ভাৰত চৰকাৰে পুনৰ দৃঢ়তাৰে স্পষ্ট কৰি দিছে যে:

  • নাগৰিকসকলৰ বাবে ইউপিআই বিনামূলীয়া হৈয়েই থাকিব।
  • নাগৰিকসকলৰ দৈনন্দিন লেনদেনৰ ওপৰত কোনো মাছুল আৰোপ কৰা নহ'ব।
  • ভৱিষ্যতৰ যিকোনো এমডিআৰ নামমাত্ৰ হ'ব, আৰু সেয়া কেৱল সীমিত সংখ্যক ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব।
  • ইউপিআই ভাৰতৰ সৰ্বোৎকৃষ্ট ডিজিটেল উদ্ভাৱন হৈয়েই আছে, যি বৰ্তমান বিশ্বজুৰি সম্প্ৰসাৰিত হৈছে।

২০১৬-১৭ চনত মুকলি হোৱাৰ পিছৰে পৰা, ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচে ভাৰতৰ ডিজিটেল অৰ্থনীতিক বিশ্বৰ অন্যতম সৰ্বব্যাপী আৰু গতিশীল পেমেণ্ট ইকোচিষ্টেমলৈ ৰূপান্তৰিত কৰিছে। ৰিয়েল-টাইম, ইণ্টাৰঅপাৰেবল পেমেণ্টৰ ক্ষেত্ৰত এক সাহসী পৰীক্ষা হিচাপে আৰম্ভ হোৱা এই ব্যৱস্থা এতিয়া এক বিশ্বব্যাপী মানদণ্ডত পৰিণত হৈছে, যিয়ে প্ৰতি মাহে কোটি কোটি লেনদেন সম্পন্ন কৰাৰ লগতে দৈনন্দিন জীৱনৰ গভীৰলৈকে প্ৰৱেশ কৰিছে। বৰ্তমান ইউপিআই বিশ্বৰ সৰ্ববৃহৎ ৰিয়েল-টাইম পেমেণ্ট চিষ্টেম হিচাপে পৰিগণিত হৈছে, যিয়ে কেৱল ২০২৬ চনৰ জুলাই মাহতেই ২৯.৯ লাখ কোটি টকাৰ ২,৩৬৬ কোটি লেনদেন সম্পন্ন কৰিছে। ইউপিআই বৰ্তমান ১১ খন বিদেশী ৰাষ্ট্ৰতো উপলব্ধ হৈছে আৰু আন বহুতো দেশে ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে।

ইউপিআই হৈছে ভাৰতীয়সকলৰ দ্বাৰা, ভাৰতীয়সকলৰ বাবে নিৰ্মিত এক ৰাষ্ট্ৰীয় কৃতিত্ব। চৰকাৰে যোৱা এক দশক ধৰি ইয়াৰ প্ৰচাৰ কৰিছে, পুঁজি যোগান ধৰিছে আৰু বিকশিত কৰিছে, আৰু ভৱিষ্যতেও এই ধাৰা অব্যাহত ৰাখিব। নাগৰিকসকলক কেৱল বিত্ত মন্ত্ৰালয়, ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু এনপিচিআই-ৰ পৰা প্ৰকাশিত চৰকাৰী তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আৰু সত্যতা প্ৰমাণিত নোহোৱা বাৰ্তাসমূহ ফৰৱাৰ্ড নকৰিবলৈ অনুৰোধ জনোৱা হৈছে।

****

SR/AD/RD


(ৰিলিজ আই ডি : 2296745) অতিথি কক্ষ : 48