প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২০২৬চনৰ কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক জয়ী ভাৰোত্তোলক বিন্দিয়াৰাণী দেৱী ছোৰোখাইবামক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 28 JUL 2026 7:50AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ কমনৱেলথ গেমছত মহিলাৰ ৫৮ কেজি শাখাৰ ভাৰোত্তোলন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰোত্তোলক বিন্দিয়াৰাণী দেৱী ছোৰোখাইবামক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সফলতা তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ ফল।

শ্ৰী মোদীয়ে তেওঁক ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

"ভাৰোত্তোলনত ভাৰতৰ বাবে আন এটা পদক! গ্লাছগো কমনৱেলথ গেমছত মহিলাৰ ৫৮ কেজি শাখাত ব্ৰঞ্জৰ পদক জয়ী বিন্দিয়াৰাণী দেৱী ছোৰোখাইবামৰ বাবে গৌৰৱান্বিত। তেওঁৰ সফলতা তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ ফল। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জনাইছো।

#CWG2026”

*************

MJPS/SS/ST/HS


(रिलीज़ आईडी: 2290277) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Telugu , Kannada , Malayalam , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati