কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
কেন্দ্ৰীয় কেবিনেটে কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ তিনিখন জিলাত ৰেল নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে এটা মাল্টি ট্ৰেকিং প্ৰকল্পত অনুমোদন জনায়। ইয়াৰ দ্বাৰা বৰ্তমানৰ ভাৰতীয় ৰে’লৱে নেটৱৰ্ক প্ৰায় ৪৬ কিলোমিটাৰ সম্প্ৰসাৰিত হ’ব
১,২৬৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পটো ২০২৮–২৯ চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে
प्रविष्टि तिथि:
24 JUL 2026 4:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট কমিটীয়ে কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ বল্লাৰী–গুন্তকাল অংশত তৃতীয় আৰু চতুৰ্থটো ৰেলপথ স্থাপনত অনুমোদন জনাইছে। এই প্ৰকল্পটোৰ বাবে প্ৰায় ১,২৬৪ কোটি টকা ব্যয় হ’ব বুলি অনুমান কৰা হৈছে।
প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ অধীনত প্ৰস্তুত কৰা এই প্ৰকল্পৰ লক্ষ্য হৈছে সমন্বিত পৰিকল্পনা আৰু সকলো অংশীদাৰৰ সৈতে সহযোগিতাৰ জৰিয়তে বহুমুখী সংযোগ শক্তিশালী কৰা আৰু লজিষ্টিক ক্ষমতা বৃদ্ধি কৰা। এই প্ৰকল্পই মানুহ, সামগ্ৰী, সেৱাৰ মসৃণ আৰু নিৰৱচ্ছিন্ন সৰবৰাহ সহজ কৰি তুলিব।
কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ তিনিখন জিলাক সামৰি লোৱা এই প্ৰকল্পটোৱে বৰ্তমানৰ ভাৰতীয় ৰে’লৱে নেটৱৰ্ক প্ৰায় ৪৬ কিলোমিটাৰ সম্প্ৰসাৰণ কৰিব।
এই অতিৰিক্ত মাল্টি-ট্ৰেকিং ৰেলপথে প্ৰায় ৯৯খন গাঁৱলৈ ৰেল সংযোগ উন্নত কৰিব আৰু প্ৰায় ৭ লাখ লোকক উপকৃত কৰিব।
ইয়াৰ জৰিয়তে বল্লাৰী দুৰ্গ, শ্ৰীকুমাৰস্বামী মন্দিৰকে ধৰি দেশৰ কেইবাটাও প্ৰধান পৰ্যটনস্থলীলৈ ৰে’ল সংযোগ উন্নত হ’ব।
এই প্ৰস্তাৱিত ৰেলপথটোৱে লোহাৰ আকৰ, ডলমাইট, চূণশিল, লো আৰু তীখা, কয়লা, সাৰ, শস্য আদি গুৰুত্বপূৰ্ণ সামগ্ৰীৰ বাবে এটা প্ৰধান পৰিবহণ পথ হিচাপে কাম কৰিব। এই প্ৰকল্প সম্পূৰ্ণ হ’লে বছৰি প্ৰায় ১৬.২২ মিলিয়ন টন অতিৰিক্ত মালবাহী ক্ষমতা বৃদ্ধি পাব। পৰিৱেশ অনুকূল আৰু শক্তি-সক্ষম পৰিবহণ পদ্ধতি হোৱাৰ বাবে ই দেশৰ জলবায়ুৰ লক্ষ্যত উপনীত হোৱা আৰু লজিষ্টিক খৰচ হ্ৰাস কৰাতো অৰিহণা যোগায়, অৰ্থাত ইয়াৰ জৰিয়তে ইন্ধন ৰাহি (প্ৰায় ১ কোটি ৩২ লাখ লিটাৰ) আৰু কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন (৬৬.৭ মিলিয়ন কিলোগ্ৰাম) হ্ৰাস পাব, যিটো প্ৰায় ০.২৭ কোটি গছপুলি ৰোপণৰ সমতুল্য।
বৰ্ধিত ৰে’লপথৰ সম্প্ৰসাৰণে সৰবৰাহ সুশৃংখলিত কৰিব, ভ্ৰমণ অধিক আৰামদায়ক কৰি তুলিব আৰু ভাৰতীয় ৰে’লৱেৰ পৰিচালনাৰ দক্ষতা তথা সেৱাৰ নিৰ্ভৰযোগ্যতা যথেষ্ট উন্নত কৰিব। এই মাল্টি ট্ৰেকিং প্ৰকল্পই ৰে’ল পৰিচালনা সুশৃংখলিত কৰাৰ লগতে যান-জঁট হ্ৰাস কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "নতুন ভাৰত"ৰ দৃষ্টিভংগীৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা এই প্ৰকল্পৰ লক্ষ্য হৈছে অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ জৰিয়তে জনসাধাৰণৰ সবলীকৰণ, আত্মনিৰ্ভৰশীলতা সূষ্টি আৰু কৰ্মসংস্থাপন তথা আত্মনিয়োগৰ সুযোগ বৃদ্ধি কৰা।
***
MJPS/KD
(रिलीज़ आईडी: 2289027)
आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam