তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

টেলিভিছন আৰু ৰেডিঅ' সেৱাৰ বাবে নিয়ন্ত্ৰণ কাঠামো সৰল কৰিবলৈ দূগ-সংযোগ (টেলিভিছন, ৰেডিঅ' আৰু সংশ্লিষ্ট সেৱা) অধিনিয়ম, ২০২৬ৰ খচৰা

সম্প্ৰচাৰকসকলৰ বাবে অনুপালন সুশৃংখলিতকৰণ আৰু ব্যৱসায় কৰাৰ সাচ্ছন্দ্য বৃদ্ধিৰ বাবে প্ৰস্তাৱিত একক নিয়মাৱলী

খচৰা অধিনিয়মসমূহে বৰ্তমানৰ অনুজ্ঞাপত্ৰধাৰীসকলক স্বেচ্ছামূলক প্ৰব্ৰজনৰ বাবে বাছনি কৰিবলে বা প্ৰব্ৰজন নোহোৱালৈকে বৰ্তমানৰ অনুজ্ঞাপত্ৰসমূহ/অনুমতিসমূহৰ অধীনত চলি থাকিবলৈ নমনীয়তা প্ৰদান কৰে

प्रविष्टि तिथि: 22 JUL 2026 3:53PM by PIB Guwahati

টেলিভিছন আৰু ৰেডিঅ’ সেৱাৰ বাবে জাৰি কৰা বিভিন্ন নিৰ্দেশনাসমূহ একত্ৰিত কৰিবলৈ চৰকাৰে নতুনকৈ প্ৰণয়ন কৰা দূৰসংযোগ আইন, ২০২৩ৰ পৰিসৰৰ ভিতৰত দূৰসংযোগ (টেলিভিছন, ৰেডিঅ’ আৰু সংশ্লিষ্ট সেৱা) অধিনিয়ম, ২০২৬ৰ খচৰা প্ৰকাশ কৰিছে। এই অধিনিয়মৰ গোটত নিম্নলিখিত নিৰ্দেশিকাসমূহ সংযুক্ত কৰা হৈছে:

ক. ভাৰতত চেটেলাইট টেলিভিছন চেনেলসমূহৰ আপলিংকিং আৰু ডাউনলিংকিঙৰ বাবে নীতি নিৰ্দেশনা;

খ. ভাৰতত প্ৰত্যক্ষভাৱে ঘৰলৈ (ডিটিএইচ) সম্প্ৰচাৰ সেৱা প্ৰদানৰ অনুজ্ঞাপত্ৰ লাভৰ বাবে নিৰ্দেশনা;

গ. ভাৰতত হেডএণ্ড-ইন-দ্য-স্কাই (HITS) সম্প্ৰচাৰ সেৱা প্ৰদানৰ বাবে নিৰ্দেশনা;

ঘ. ব্যক্তিগত সংস্থাৰ জৰিয়তে এফ এম ৰেডিঅ’ সম্প্ৰচাৰ সেৱা সম্প্ৰসাৰণৰ নীতি নিৰ্দেশনা (তৃতীয় পৰ্যায়);

ঙ. ভাৰতত কমিউনিটী ৰেডিঅ’ ষ্টেশ্যন স্থাপনৰ বাবে সংশোধিত নীতি নিৰ্দেশনা; আৰু

চ. ইণ্টাৰনেট প্ৰট'কল টেলিভিছন (IPTV) সেৱাসমূহ প্ৰদানৰ বাবে নিৰ্দেশনা।

এই অধিনিয়মৰ গোটৰ দ্বাৰা উদ্যোগটোৰ হাতত এতিয়া এক ঐক্যবদ্ধ আৰু যথেষ্ট সৰলীকৃত নিয়মাৱলী থাকিব। এই নিয়মসমূহ টেলিভিছন আৰু ৰেডিঅ’ সম্প্ৰচাৰ খণ্ডত ব্যৱসায় কৰাত সহজতাক প্ৰসাৰিত কৰাৰ লগতে বৰ্তমানৰ শাসন ব্যৱস্থাৰ সৈতে মিল ৰাখিবলৈ ৰচনা কৰা হৈছে। খচৰা নিয়মসমূহ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৱেবছাইটত (https://www.mib.gov.in/) প্ৰকাশ কৰা হৈছে, য’ত ২০২৬ চনৰ ২৭ জুলাইৰ ভিতৰত ইনপুট, মন্তব্য বা পৰামৰ্শ আমন্ত্ৰণ জনোৱা হৈছে।

নতুন নিয়ন্ত্ৰণ কাঠামোলৈ উদ্যোগৰ পৰিৱৰ্তন সমৰ্থন কৰিবলৈ, খচৰা নিয়মসমূহে বৰ্তমানৰ অনুজ্ঞাপত্ৰসমূহৰ স্বেচ্ছামূলক প্ৰব্ৰজন/নতুন অনুমোদন কাঠামোলৈ অনুমতি বা প্ৰব্ৰজন নোহোৱালৈকে বৰ্তমানৰ অনুজ্ঞাপত্ৰসমূহ/অনুমতিসমূহ অব্যাহত ৰখাৰ ব্যৱস্থা কৰে।

এই খচৰা নিয়মত মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা জিলাৰ দুৰ্গম আৰু গ্ৰাম্য অঞ্চলকে ধৰি সমগ্ৰ দেশতে কমিউনিটী ৰেডিঅ’ সেৱাকে ধৰি টেলিভিছন আৰু ৰেডিঅ’ সেৱাৰ উপলব্ধতা উন্নত কৰাৰ ব্যৱস্থা আছে।

এই তথ্য কেন্দ্ৰীয় ৰে’লৱে, তথ্য আৰু সম্প্ৰচাৰ আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে শ্ৰী মুকেশকুমাৰ চন্দ্ৰকান্ত দালাল আৰু শ্ৰী দীনেশভাই মাকৱানাই উত্থাপন কৰা লোকসভাত এক তাৰকাযুক্ত প্ৰশ্নৰ প্ৰতি প্ৰদান কৰে।

****

Mahesh Kumar/ Vivek Vishwash/KB


(रिलीज़ आईडी: 2288173) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam