গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি পশ্চিমবংগৰ ৰাজধানী কলকাতাত এখন আইন-শৃংখলাজনিত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ৰাজ্যখনৰ নিৰাপত্তা, ন্যায় ব্যৱস্থা আৰু আৰক্ষীৰ সামৰ্থ্য শক্তিশালী কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে

মহিলাৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি গ্ৰামাঞ্চলত মহিলাৰ প্ৰচাৰ কাৰ্যসূচী অনুষ্ঠিত কৰাত গুৰুত্ব আৰোপ কৰা হয়

আভ্যন্তৰীণ নিৰাপত্তা আৰু অধিক শক্তিশালী কৰাৰ বাবে এএনটিএফ, এটিএছ আৰু এনআইএৰ আৰ্হিত ৰাজ্যখনত বিশেষ তদন্তকাৰী সংস্থা (এছআইএ) স্থাপনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে

ৰাজ্যখনৰ সৈতে জড়িত সন্ত্ৰাসবাদ আৰু ইউএপিএৰ সকলো গোচৰৰ পুংখানুপুংখ পৰ্যালোচনাৰ সিদ্ধান্ত এনআইএই গ্ৰহণ কৰে

সীমাৱৰ্তী অঞ্চলৰ চৰকাৰী ভূমিত অবৈধ বেদখল দূৰ কৰিব লাগে

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ আৰক্ষীক আধুনিকীকৰণ আৰু সেৱা প্ৰদান ব্যৱস্থাৰ উন্নতিৰ বাবে পৰ্যাপ্ত বাজেট আবণ্টনৰ আশ্বাস দিয়ে

পূৰ্বৰ বাঁওপন্থী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলত স্থাপন কৰা নিৰাপত্তা শিবিৰসমূহৰ এক তৃতীয়াংশ চৰকাৰী সেৱাৰ সুবিধা উন্নত কৰাৰ বাবে ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা জৰিয়তে সেৱাৰ মান নিশ্চিত হ’ব

চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সামৰ্থ্য বিকাশ, নিয়মীয়া এনচিঅ’আৰ্ডৰ বৈঠক অনুষ্ঠিত কৰা আৰু কলকাতাৰ বাবে এক বিস্তৃত বান ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰা

प्रविष्टि तिथि: 19 JUL 2026 7:02PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি পশ্চিম বংগৰ ৰাজধানী কলকাতাত এখন আইন-শৃংখলাজনিত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী, ৰাজ্যিক মুখ্য সচিব, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু পশ্চিমবংগ চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা, ন্যায় ব্যৱস্থা আৰু আৰক্ষীৰ সামৰ্থ্য শক্তিশালী কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। গৃহমন্ত্ৰীগৰাকীয়ে গ্ৰামাঞ্চলত মহিলাৰ সুৰক্ষাক সৰ্বাধিক অগ্ৰাধিকাৰ দি "মহিলা আউটৰিচ প্ৰগ্ৰেম" ৰূপায়ণৰ নিৰ্দেশ দিয়ে। তেওঁ গ্ৰামাঞ্চলৰ মহিলাসকলক সংবেদনশীল আৰু সবলীকৰণৰ বাবে বিষয়াসকলে নিয়মীয়াকৈ যোগাযোগ স্থাপন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে প্ৰয়োজন হ’লে পোনপটীয়াকৈ কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে।

বৈঠকৰ সময়ত এন আই এৰ আৰ্হিত ৰাজ্যত "এন্টি-নাৰ্কটিকছ টাস্ক ফ'ৰ্চ" (এন্টি-নাৰ্কটিকছ টাস্ক ফ'ৰ্চ" (এনটিএফ),"এন্টি-টেৰ'ৰিষ্ট স্কোয়াড" (এটিএছ) আৰু  "স্পেচিয়েল ইনভেষ্টিগেচন এজেন্সি" (এছআইএ) স্থাপন কৰি ৰাজ্যখনৰ আভ্যন্তৰীণ নিৰাপত্তা অধিক শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় তদন্ত সংস্থাই (এন আই এ) ৰাজ্যখনৰ সৈতে জড়িত সকলো সন্ত্ৰাসবাদ আৰু ইউ এ পি এৰ গোচৰৰ সম্পূৰ্ণ পৰ্যালোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত চৰকাৰী ভূমিত অবৈধ বেদখল আঁতৰোৱাৰ বাবেও নিৰ্দেশ দিয়া হয়।

এই বৈঠকত সামৰ্থ্য বৃদ্ধি, আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু পশ্চিমবংগ আৰক্ষীৰ বাবে অত্যাধুনিক সুবিধাসমূহৰ বিকাশৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৰাজ্যৰ আৰক্ষীক আধুনিকীকৰণ আৰু সেৱা প্ৰদান ব্যৱস্থাৰ উন্নতিৰ বাবে পৰ্যাপ্ত বাজেট আবণ্টনৰ আশ্বাস দিয়ে। এই সন্দৰ্ভত ৰাষ্ট্রীয় গড়ৰ লগত সংগতি ৰাখি আৰক্ষী বাহিনী কেডাৰৰ শক্তি বৃদ্ধিৰ বাবে আৰু আৰক্ষী জিলাৰ সংখ্যা যুক্তিসংগত কৰাৰ বাবে আৰক্ষী বাহিনীৰ কেডাৰৰ এক ব্যাপক পৰ্যালোচনা কৰা হ’ব৷ ইয়াৰ উপৰি সকলো খালী পদ সময়মতে পূৰণ কৰা, প্ৰশিক্ষণৰ সামৰ্থ্য পৰ্যালোচনা কৰা, ক্ৰমান্বয়ে নাগৰিক স্বেচ্ছাসেৱকৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা, কনিষ্টবল নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

পূৰ্বৰ বাঁওপন্থী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলত স্থাপন কৰা নিৰাপত্তা শিবিৰৰ এক তৃতীয়াংশক ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰি চৰকাৰী সেৱাৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে এই বৈঠকত সন্মতি প্ৰকাশ কৰে। ইয়াৰ উপৰি চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সামৰ্থ্য গঢ়ি তোলা, নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে এন চি অ’ ডিৰ নিয়মীয়া বৈঠক অনুষ্ঠিত কৰা, কলকাতাৰ বাবে বান ব্যৱস্থাপনাৰ এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাৰ নিৰ্দেশনা দিয়া হৈছিল। বৈঠকৰ সামৰণিত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে মূল অগ্ৰাধিকাৰসমূহ চিনাক্ত কৰা হয় আৰু সংশ্লিষ্ট সংস্থাসমূহক সময়মতে কাৰ্যকৰী কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হয়।

 

*****

 

RK / RR / PS /KD


(रिलीज़ आईडी: 2286414) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Telugu , Kannada