কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

আত্মনিৰ্ভৰ ভাৰতৰ বাবে ইউৰিয়া সম্পৰ্কীয় ৰাষ্ট্ৰীয় বিনিয়োগ নীতি-২০২৬(নিপু-২০২৬)ত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 15 JUL 2026 3:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে আজি সাৰ বিভাগৰ ‘আত্মনিৰ্ভৰ ভাৰতৰ বাবে ইউৰিয়া সম্পৰ্কীয় ৰাষ্ট্ৰীয় বিনিয়োগ নীতি-২০২৬’ (নিপু-২০২৬) ৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

লাভালাভসমূহ:

এই নীতিয়ে দেশত গেছভিত্তিক ইউৰিয়া উৎপাদন গোট স্থাপনৰ বাবে ইউৰিয়া খণ্ডত নতুন বিনিয়োগক উৎসাহিত কৰিব। ই আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। তদুপৰি, পূৰ্বৰ নিপ-২০১২ৰ সৈতে তুলনা কৰিলে দেখা যায় যে ইয়াৰ মূল পৰিৱৰ্তনসমূহৰ ভিতৰত আছে— অধিক স্বচ্ছতাৰ বাবে স্থায়ী আৰু পৰিৱৰ্তনশীল খৰচসমূহক পৃথক কৰা, সৰ্বনিম্ন ১২% আৰু সৰ্বাধিক ১৬% সীমাৰে এক কাৰ্যক্ষম ৰিটাৰ্ণ অন ইকুইটি বেণ্ড প্ৰৱৰ্তন কৰা আৰু চাৰি বছৰৰ পিছত প্ৰচলিত বিনিময় হাৰৰ ভিত্তিত স্থায়ী খৰচসমূহক ভাৰতীয় টকালৈ ৰূপান্তৰ কৰি বৈদেশিক বিনিময়ৰ ক্ষতিশংকা হ্ৰাস কৰা। এই ব্যৱস্থাসমূহৰ ফলত নিপ-২০১২ৰ তুলনাত নিপু-২০২৬ ৰ অধীনত প্ৰতিষ্ঠা কৰা প্ৰতিটো উদ্যোগৰ পৰা ২৫০ কোটি টকাতকৈও অধিক ধন ৰাহি হ’ব বুলি অনুমান কৰা হৈছে।

ৰূপায়ণৰ ৰণনীতি আৰু লক্ষ্য:

নতুন ইউৰিয়া উৎপাদন গোটসমূহ স্থাপনৰ কাম ‘আত্মনিৰ্ভৰ ভাৰতৰ বাবে ইউৰিয়া সম্পৰ্কীয় ৰাষ্ট্ৰীয় বিনিয়োগ নীতি-২০২৬’ৰ অধীনত সামৰি লোৱা হ’ব।

পটভূমি:

ইউৰিয়া খণ্ডত নতুন বিনিয়োগ আকৰ্ষিত কৰাৰ বাবে ২০১২ চনত সাৰ বিভাগৰ দ্বাৰা সংস্কাৰ, সম্প্ৰসাৰণ, পুনৰুজ্জীৱিতকৰণ/ব্ৰাউনফিল্ড আৰু গ্ৰীণফিল্ড প্ৰকল্পসমূহৰ বাবে বিনিয়োগ নীতি চূড়ান্ত কৰা হৈছিল। নতুন বিনিয়োগ নীতি(নিপ)- ২০১২ৰ অধীনত সৰ্বমুঠ ৬টা নতুন ইউৰিয়া গোট স্থাপন কৰা হৈছে, যাৰ ভিতৰত মনোনীত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ যৌথ উদ্যোগ কোম্পানীৰ জৰিয়তে ৪টা আৰু ব্যক্তিগত কোম্পানীৰ দ্বাৰা দুটা ইউৰিয়া গোট স্থাপন কৰা হৈছে। নিপ-২০১২ৰ অধীনত নতুন বিনিয়োগৰ সময়সীমা ২০১৯ চনৰ অক্টোবৰ মাহত উকলি গৈছিল।

বৰ্তমান দেশত ৩৩টা কাৰ্যক্ষম ইউৰিয়া উৎপাদন গোট আছে, যাৰ সৰ্বমুঠ পুনৰ নিৰ্ধাৰিত/স্থাপিত ক্ষমতা ২৬৯.৪২ লাখ মেট্ৰিক টন। দেশত ইউৰিয়াৰ থলুৱা উৎপাদন বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে। দেশত ইউৰিয়াৰ থলুৱা উৎপাদন আৰু চাহিদাৰ মাজত এটা ব্যৱধান আছে, যিটো ইউৰিয়া আমদানিৰ জৰিয়তে পূৰণ কৰা হয়।

সাৰ বিভাগে ইউৰিয়া গোট স্থাপনৰ বাবে বিভিন্ন প্ৰস্তাৱ লাভ কৰিছে। গতিকে, ইউৰিয়াৰ বাবে এটা ৰাষ্ট্ৰীয় বিনিয়োগ নীতিৰ অত্যন্ত প্ৰয়োজন।

 

***

MJPS/DB


(रिलीज़ आईडी: 2284894) आगंतुक पटल : 24
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Kannada , Malayalam