বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতত বন্যপ্ৰাণী সৰবৰাহকাৰী নেটৱৰ্কৰ বিৰুদ্ধে ডিআৰআইৰ অভিযান

সমগ্ৰ দেশজুৰি চলোৱা এক সমন্বিত অভিযানত ৪৪০টাতকৈও অধিক বিপন্ন/সংৰক্ষিত বন্যপ্ৰাণী আৰু প্ৰায় ১৫ কেজি হাতীৰ দাঁতৰ সামগ্ৰী জব্দ; ৩৩জন লোকক গ্ৰেপ্তাৰ

प्रविष्टि तिथि: 13 JUL 2026 7:22PM by PIB Guwahati

অবৈধ বন্যপ্ৰাণী সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱা তথ্যৰ ভিত্তিত সমগ্ৰ দেশজুৰি চলোৱা ধাৰাবাহিক অভিযানত ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডিআৰআই)-এ ৪৪০টা বিপন্ন/সংৰক্ষিত বন্যপ্ৰাণী আৰু প্ৰায় ১৫ কেজি হাতীৰ দাঁতৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। এই অভিযানত বন্যপ্ৰাণী সৰবৰাহৰ সৈতে জড়িত ৩৩জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।

ডিআৰআইৰ বিষয়াসকলে ১০.০৭.২৬ তাৰিখে ৰাজস্থানৰ সুজানগড়ৰ ওচৰত হাতী দাঁতৰ অবৈধ ব্যৱসায়ত লিপ্ত থকা লোকক আটক কৰে। এই অভিযানত প্ৰায় ১১ কেজি হাতীৰ দাঁত উদ্ধাৰ কৰাৰ লগতে জব্দ কৰা হয়। চাৰিজন ব্যক্তিক আটক কৰি বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ অনুসৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ বাবে জব্দকৃত সামগ্ৰীৰ সৈতে বন বিভাগৰ হাতত গতাই দিয়া হয়। ভাৰতীয় হাতী বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ অনুসূচী-১ৰ অন্তৰ্ভুক্ত, যিয়ে হাতী আৰু ইয়াৰ অংগৰ ব্যৱসায় নিষিদ্ধ বুলি গণ্য কৰে। চাইট(CITES)ৰ নিয়ম অনুসৰি ভাৰতত হাতীৰ দাঁতৰ বাণিজ্যিক ব্যৱসায়ো নিষিদ্ধ আৰু বৈদেশিক বাণিজ্য নীতিৰ অধীনত হাতীৰ দাঁতৰ আমদানি-ৰপ্তানি নিষিদ্ধ কৰা হৈছে।

ইয়াৰ পূৰ্বে হাওৰাত ডিআৰআইৰ বিষয়াই দুজন লোকক আটক কৰি হাতীৰ দাঁতেৰে তৈয়াৰী দুটা দেৱ-দেৱীৰ মূৰ্তি জব্দ কৰে। এই সামগ্ৰীবোৰ বাংলাদেশৰ পৰা ভাৰতলৈ চোৰাংকৈ অনা হৈছিল বুলি সন্দেহ কৰা হৈছে।

কৰ্ণাটকৰ মহীশূৰত চলোৱা আন এক অভিযানত, ডিআৰআইৰ বিষয়াসকলে ৪ কেজি হাতীৰ দাঁত জব্দ কৰে। অবৈধ ব্যৱসায়ত জড়িত তিনিজনক আটক কৰি পৰৱৰ্তী ব্যৱস্থাৰ বাবে বন বিভাগৰ হাতত অৰ্পণ কৰে।

৭-৮ জুলাই, ২০২৬ত মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগৰ বিভিন্ন স্থানত আন্তঃৰাজ্যিক বন্যপ্ৰাণী সৰবৰাহকাৰী চক্ৰক উৎখাত কৰা হয়। ডিআৰআই (মুম্বাই) আৰু চিবিআইৰ অৰ্থনৈতিক অপৰাধ শাখা, মুম্বাইয়ে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ সহযোগত চলোৱা এই ধৰণৰ এইটো আছিল প্ৰথমটো বৃহৎ যৌথ অভিযান। অভিযানৰ সময়ত বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ অনুসূচী-১ত তালিকাভুক্ত ১৫টা লাজুকী বান্দৰ, দুটা বিন্টুৰংগ, ২৮টা তৰা কাছ, ৬টা মিছৰীয় শগুন আৰু দুটা শিখৰা চৰাই উদ্ধাৰ কৰা হয়। এই গোচৰটোৰ বাবে ডিআৰআইয়ে তথ্য সংগ্ৰহ কৰিছিল আৰু বৰ্তমান চিবআইয়ে তদন্ত চলাই আছে। ছয়জন অভিযুক্তক আটক কৰাৰ পাছত চিবিআয়ে গ্ৰেপ্তাৰ কৰে।

অন্য কিছুমান ক্ষেত্ৰত, বেংকক, কুৱালালামপুৰ আৰু কলম্বোৰ পৰা অহা যাত্ৰীৰ জৰিয়তে আন্তৰ্জাতিক বিমানবন্দৰেদি সংৰক্ষিত বন্যপ্ৰাণী ভাৰতলৈ চোৰাংকৈ অনাৰ কেইবাটাও প্ৰচেষ্টা ডিআৰআইয়ে সফলভাৱে ব্যৰ্থ কৰিছে। ইয়াৰ ভিতৰত এলবিনো ৰেড ইয়াৰ্ড টাৰ্টল, হাইপো জিৰো বিয়াৰ্ডেড ড্ৰেগন, আফ্ৰিকান স্পাৰ্ড টৰটইজ, বৰ্নিও পাইথন, গ্ৰীণ ইগুৱানা, মেংগ্ৰোভ মনিটৰ লিজাৰ্ড, আৰ্জেন্টাইন ব্লেক এণ্ড হোৱাইট টেগু, গোল্ডিছ মাৰমোছেট, ইয়েল' চিকড গিবন, ইণ্ডোনেছিয়ান ব্লু টাংড স্কিংক, ছিয়ামং গিবন, উলী বান্দৰ, ছিলভাৰী লুটুং, ইয়েল' বেলি বল পাইথন, পেষ্টেল বল পাইথন আদি প্ৰজাতি উদ্ধাৰ কৰা হৈছে।

বেংগালুৰু, ৱাৰাংগল, পুনে, চুৰাট, চেন্নাই, কলকাতা, ত্ৰিচী, মাধুৰাই, শ্ৰীকাকুলাম, হোজাই (অসম), ৰাজস্থান, মহীশূৰ আৰু হাওৰাত চলোৱা ডিআৰআইৰ এই সমন্বিত অভিযানত পেংগোলিনৰ বাকলি, নাহৰফুটুকীৰ ছাল, ছী-হৰ্ছ আধাৰিত বন্যপ্ৰাণীৰে প্ৰস্তুত কৰা সামগ্ৰী, ৰঙা চন্দন কাঠ আৰু গিবন, জেঠী, কাছ, চৰাই, কেৰ্কেটুৱা, সাপ, ৰেড চেণ্ড বোৱা আদিৰ দৰে সংৰক্ষিত প্ৰজাতিৰ বন্যপ্ৰাণী সামগ্ৰী উদ্ধাৰ হৈছে।

অভিযানসমূহৰ বহুকেইটা চিবিআই, ডব্লিউচিচিবি, বেংগালুৰু, কলকাতা, ত্ৰিচী আৰু মাধুৰাইৰ শুল্ক বিভাগৰ এয়াৰপৰ্ট ইণ্টেলিজেন্স ইউনিট, ৰাজ্যিক বন বিভাগ আৰু স্থানীয় আৰক্ষীৰ সৈতে ঘনিষ্ঠ সমন্বয়ত সম্পন্ন কৰা হৈছে।

এই নিৰন্তৰ চোৰাংচোৱা-আধাৰিত অভিযানসমূহে সংগঠিত বন্যপ্ৰাণী অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়া আৰু বিপন্ন জীৱ-জন্তু আৰু উদ্ভিদৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় সৰবৰাহ নেটৱৰ্কক উতখাত কৰাৰ ক্ষেত্ৰত ডিআৰআইৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। ডিআৰআইয়ে 'কনভেনচন অন ইণ্টাৰনেশ্যনেল ট্ৰেড ইন এনডেঞ্জাৰ্ড স্পিচিজ অৱ ৱাইল্ড ফাউনা এণ্ড ফ্লোৰা' (CITES)-ৰ অধীনত ভাৰতৰ বাধ্যবাধকতাসমূহ শক্তিশালী কৰা অব্যাহত ৰাখিছে, যাৰ ফলত দেশৰ চহকী জৈৱ বৈচিত্ৰ্য সুৰক্ষাত অৰিহণা যোগাইছে।

***

SR/KMN/DB


(रिलीज़ आईडी: 2284368) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Gujarati , Urdu , हिन्दी , Marathi , Telugu , Kannada , Malayalam