ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত ভাষণ কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত, সমবায় মন্ত্ৰালয়ে বিগত পাঁচ বছৰত সমবায় খণ্ডৰ সৈতে জড়িত ৩০ কোটি লোকৰ জীৱনলৈ নতুন শক্তি কঢ়িয়াই আনিছে

পাঁচ বছৰীয়া যাত্ৰাত, মন্ত্ৰালয়ে সমবায় খণ্ডই সন্মুখীন হোৱা প্ৰধান প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰিছে, ইয়াৰ বিকাশ আৰু সমাধানৰ বাবে এক ব্যাপক ৰোডমেপ প্ৰস্তুত কৰিছে, আৰু সমবায় পৰিৱেশতন্ত্ৰক এক আধুনিক, স্বচ্ছ, প্ৰযুক্তি-চালিত আৰু প্ৰতিযোগিতামূলক খণ্ডলৈ ৰূপান্তৰিত কৰিছে

২০৪৭ চনত যেতিয়া দেশে স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰিব, তেতিয়া সমবায় আন্দোলনে এক সমৃদ্ধিশালী ভাৰতৰ শক্তিশালী ভেটি হিচাপে কাম কৰিব

কৃষি, ডেইৰী (দুগ্ধজাত), বেংকিং, লজিষ্টিক্স আৰু গতিশীলতা আদি খণ্ডসমূহক একত্ৰিত কৰিবলৈ নতুন সমবায় প্ৰতিষ্ঠানৰ এক দেশজোৰা নেটৱৰ্ক স্থাপন কৰা হৈছে, যাৰ লগতে ৩২ কোটিতকৈও অধিক সমবায় সদস্যৰ এক ডিজিটেল ডাটাবেচো সৃষ্টি কৰা হৈছে

নটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় সমিতি গঠন কৰি চৰকাৰে সমবায় আন্দোলনক নটা খণ্ডৰ এক একীকৃত গাঁথনি সৃষ্টি কৰাৰ লগতে ইয়াৰ প্ৰসাৰ গাঁও পৰ্যায়লৈ বিস্তৃত কৰিছে। অহা দশকত এই প্ৰতিষ্ঠানসমূহ বিশ্বৰ বৃহত্তম সমবায় হিচাপে গঢ়ি উঠিবলৈ সাজু হৈছে

সমবায় মডেলৰ জৰিয়তে কৃষকৰ উৎপাদিত সামগ্ৰীক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰিবলৈ আৰু ভাৰতক বীজ উৎপাদনত বিশ্বৰ এক অগ্ৰণী দেশ হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰা হৈছে

ভাৰত বীজ সমবায় সমিতি লিমিটেড অহা তিনি বছৰৰ ভিতৰত দেশৰ বৃহত্তম বীজ উৎপাদনকাৰী প্ৰতিষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিব। প্ৰতিখন ৰাজ্যতে নতুন গোটসমূহে কৃষকসকলৰ বাবে উচ্চ গুণসম্পন্ন আৰু উন্নত বীজৰ উপলব্ধতা নিশ্চিত কৰিব

গ্ৰাম্য অৰ্থনীতিৰ বিকাশ ত্বৰান্বিত কৰিবলৈ জৈৱিক খেতি, বৃত্তাকাৰ অৰ্থনীতি, গৰুৰ গোবৰ-আৱৰ্জনা ব্যৱস্থাপন, জৈৱিক সাৰ আৰু শক্তি উৎপাদনক সমবায় আৰ্হিৰ সৈতে একত্ৰিত কৰা হৈছে

ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয়ে সমবায় খণ্ডৰ প্ৰতিটো ভাগৰ বাবে দক্ষ পেছাদাৰী সৃষ্টি কৰিব। ই পেকছ পৰ্যায়ৰ পৰা পেছাদাৰীত্ব আনিব

प्रविष्टि तिथि: 06 JUL 2026 6:48PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মীন পালন, পশুপালন আৰু দুগ্ধ উন্নয়ন মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিং, ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজন লাল শৰ্মা, কেন্দ্ৰীয় সমবায় ৰাজ্যিক মন্ত্ৰী শ্ৰী কিষাণ পাল গুৰ্জাৰ আৰু শ্ৰী মূৰুলীধৰ মোহল, ৰাজস্থানৰ মুখ্য সচিব শ্ৰী ভি. শ্ৰীনিবাস, সমবায় মন্ত্ৰালয়ৰ সচিব ড° আশীষ কুমাৰ ভূটানী, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সচিব শ্ৰী অতীশ চন্দ্ৰ, পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ সচিব শ্ৰী নৰেশ পাল গাংৱাৰ আৰু বহু জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। সমবায় খণ্ডৰ ৰাষ্ট্ৰীয় সমবায় প্ৰতিষ্ঠান, সমবায় ফেডাৰেচন, সমবায় বেংক, দুগ্ধ সমবায়, ভাৰত টেক্সি, পেকছ আৰু অন্যান্য অংশীদাৰসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

এই উপলক্ষে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজিৰ দিনটো আমাৰ সকলোৰে বাবে অত্যন্ত পবিত্ৰ দিন। ঠিক পাঁচ বছৰ আগতে দেশজুৰি সমবায়ৰ সৈতে জড়িত ৩২ কোটি লোক আৰু ৮.৫০ লক্ষাধিক সমবায় প্ৰতিষ্ঠানৰ ৭৫ বছৰীয়া দীঘলীয়া প্ৰতীক্ষাৰ অন্ত পৰিছিল। এই বিশেষ দিনটোতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত চৰকাৰত এক স্বতন্ত্ৰ সমবায় মন্ত্ৰালয় স্থাপনৰ ঐতিহাসিক সিদ্ধান্ত লৈছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ এই সিদ্ধান্তই দেশৰ সমবায় আন্দোলনক এক নতুন উচ্চতালৈ লৈ গ’ল, যিটো ইয়াৰ পূৰ্বে ৭৫ বছৰ ধৰি অৱহেলিত হৈ আছিল আৰু দ্বিতীয় শ্ৰেণীৰ আচৰণৰ বলি হৈছিল। তেওঁ কয় যে সমবায় মন্ত্ৰালয় স্থাপন কৰি মোদী জীয়ে সমবায় খণ্ডলৈ নতুন জীৱন কঢ়িয়াই আনিলে।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় ধে যেতিয়াই আমাৰ দল বা মিত্ৰজোঁটে চৰকাৰ চলোৱাৰ সুযোগ পাইছে, আমি গ্ৰামোন্নয়ন আৰু কৃষিসম্পৰ্কীয় সকলো খণ্ডতে বিশেষ গুৰুত্ব দিছোঁ। তেওঁ কয় যে যেতিয়া অটল জী প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়া তেওঁ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয় স্থাপন কৰিছিল। ২০১৯ চনত মোদী জীয়ে জল শক্তি মন্ত্ৰালয় স্থাপন কৰি জল ব্যৱস্থাপনাক এটা একীকৃত মন্ত্ৰালয়ৰ অধীনলৈ আনে। একে বছৰতে মীন মন্ত্ৰালয় সৃষ্টি কৰা হয়। সেই বছৰতে পশুপালন আৰু দুগ্ধ উন্নয়ন মন্ত্ৰালয় সুকীয়াভাৱে স্থাপন কৰা হয় আৰু ২০২১ চনত সমবায় মন্ত্ৰালয় সৃষ্টি কৰি মোদী জীয়ে কৃষি আৰু গ্ৰামোন্নয়নৰ ক্ষেত্ৰত এক ডাঙৰ বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰে।

কেন্দ্ৰীয় সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে পাঁচ বছৰ পূৰ্বে যেতিয়া সমবায় মন্ত্ৰালয় স্থাপন কৰা হৈছিল, তেতিয়া আটাইতকৈ ডাঙৰ বিতৰ্কৰ সৃষ্টি হৈছিল যে ভাৰতীয় সংবিধানৰ অধীনত ‘সমবায়’ এটা ৰাজ্যিক বিষয় আৰু কেন্দ্ৰত সমবায় মন্ত্ৰালয় গঠন কৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ কামত হস্তক্ষেপ কৰিব। তেওঁ কয় যে পাঁচ বছৰ পাৰ হৈ গ’ল, কিন্তু বিৰোধী দল শাসিত ৰাজ্যসমূহেও কেতিয়াও অভিযোগ কৰা নাই যে কেন্দ্ৰীয় সমবায় মন্ত্ৰালয়ে কোনো ধৰণৰ হস্তক্ষেপ কৰিছে, আৰু এয়াই আমাৰ আটাইতকৈ ডাঙৰ সফলতা। তেওঁ কয় যে যিসকলে সমবায় বুজি পায়, তেওঁলোকে জানে যে সমবায়ত হস্তক্ষেপৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। সকলোকে লগত লৈ আগবাঢ়ি যোৱা, সকলোৰে সহযোগত আগবাঢ়ি যোৱা আৰু অহৰহ সকলোৰে শক্তিক একত্ৰিত কৰাই হৈছে সমবায়ৰ আচল মূল কথা। তেওঁ কয় যে বিগত পাঁচ বছৰত সমবায় মন্ত্ৰালয়ে প্ৰমাণ কৰি দেখুৱাইছে যে ই ৰাজ্যসমূহৰ কাম-কাজত হস্তক্ষেপ কৰিবলৈ নহয়, বৰঞ্চ তেওঁলোকক সহায় কৰিবলৈ, নীতি নিৰ্ধাৰণত সহযোগিতা কৰিবলৈ আৰু তেওঁলোকৰ উন্নতিত সহায় কৰিবলৈহে সৃষ্টি কৰা হৈছে। শ্ৰী শ্বাহে কয় যে সমবায় মন্ত্ৰালয়ে এনে বহু পদক্ষেপ গ্ৰহণ কৰিছে যিয়ে নেতিবাচক মানসিকতাৰ লোকসকলৰ ধাৰণাক সম্পূৰ্ণ মিছা প্ৰমাণিত কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে এই পাঁচ বছৰত আমি সমস্যাসমূহ চিনাক্ত কৰিছোঁ, সম্ভাৱনাসমূহক লালন-পালন কৰিছোঁ আৰু ৰাজ্যসমূহক ভৱিষ্যমুখী নীতিও প্ৰদান কৰিছোঁ। তেওঁ কয় যে বিগত পাঁচ বছৰ সমবায় মন্ত্ৰালয়ৰ বাবে এক সোণালী সময় বুলি প্ৰমাণিত হৈছে। যেতিয়াই ভাৰতৰ সমবায় আন্দোলনৰ ইতিহাস লিখা হ’ব, তেতিয়াই এই সময়ছোৱা নিশ্চিতভাৱে সোণালী আখৰেৰে লিপিৱদ্ধ হ’ব। তেওঁ কয় যে পেকছৰ পৰা আদি কৰি শীৰ্ষ প্ৰতিষ্ঠানলৈ, ৰাজ্য চৰকাৰৰ পৰা জিলা পৰ্যায়ৰ সমবায় ফেডাৰেচনলৈকে আমি প্ৰতিটো স্তৰতে ব্যাপক আলোচনাৰ অন্তত আমাৰ পদক্ষেপসমূহক ফলাফললৈ ৰূপান্তৰিত কৰিছোঁ।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ৬২ বছৰ ধৰি সমবায়ৰ কাম-কাজ কৃষি মন্ত্ৰালয়ৰ অধীনত কেৱল এজন যুটীয়া সচিবৰ পৰ্যায়ত পৰিচালিত হৈছিল। আজি সম্পূৰ্ণ স্বতন্ত্ৰ সমবায় মন্ত্ৰালয় এটাই সমগ্ৰ দেশৰ সকলো ৰাজ্য আৰু ৮.৩০ লাখ সমবায় সমিতিক লগত লৈ আগবাঢ়িছে। তেওঁ কয় যে বিগত পাঁচ বছৰত আমি কেৱল কেইবাটাও মাইলৰ খুঁটি লাভ কৰাই নহয়, আমাৰ সমবায় ব্যৱস্থাক আধুনিক, স্বচ্ছ, প্ৰযুক্তিগতভাৱে সক্ষম আৰু প্ৰতিযোগিতামূলক কৰি তোলাৰ বাবেও কাম কৰিছোঁ। ইয়াৰ পূৰ্বে সমবায় মূলতঃ কেৱল প্ৰাথমিক খণ্ডতে সীমাবদ্ধ আছিল। আমি প্ৰাথমিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ কৃষি ঋণ, ডেইৰী, সাৰ বিতৰণ আৰু গ্ৰাম্য সেৱাক সংযোগ কৰিছোঁ। ইয়াৰ সমান্তৰালভাৱে গৌণ আৰু সেৱা খণ্ডকো সমবায়ৰ সৈতে সংযোগ কৰাৰ কাম কৰা হৈছে। সংৰক্ষণ, উৎপাদন, ৰপ্তানি, জৈৱিক উৎপাদন, পৰম্পৰাগত বীজ উৎপাদন, উচ্চ উৎপাদনশীল বীজৰ বিকাশ, ডিজিটেল সেৱা, বেংকিং, গতিশীলতা, লজিষ্টিক্স আৰু সেউজ শক্তি — এই আটাইবোৰ খণ্ড বিগত পাঁচ বছৰত একেলগে বৈ দিয়া হৈছে। সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে বহু বছৰৰ মূৰত সমবায় মন্ত্ৰালয়ৰ উদ্যোগত নতুনকৈ সৃষ্টি হোৱা তিনিখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় সমিতিকে ধৰি মুঠ নখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় সমিতি গঠন কৰা হৈছে। এই নখন সমিতিৰ জৰিয়তে সমবায়ক দেশৰ পৰা গাঁৱলৈ নটা ভিন্ন খণ্ডৰ জৰিয়তে সংযোগ কৰা হৈছে। তেওঁ কয় যে যিদৰে ইফকো, ক্ৰিভকো, আমুল আৰু এনডিডিবি-এ সমবায় আন্দোলনৰ পৰিচয় গঢ়ি তুলিছে আৰু গোলকীয় পৰ্যায়ত মৰ্যাদা লাভ কৰিছে, তেনেদৰে আমাৰ নখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় সমিতিও ডাঙৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় প্ৰতিষ্ঠান হিচাপে গঢ়ি উঠিব।

শ্ৰী অমিত শ্বাহে কয় যে সমবায় মন্ত্ৰালয়ৰ পাঁচ বছৰীয়া কাৰ্যকালত পাঁচটা স্তম্ভৰ অধীনত পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰথম স্তম্ভৰ অধীনত আমি প্ৰতিষ্ঠানিক সংস্কাৰ, সুশাসন আৰু স্বচ্ছতা শক্তিশালী কৰিছোঁ। ইয়াৰ বাবে সমবায়ৰ এক একীকৃত ডাটাবেচ প্ৰস্তুত কৰা হৈছে। আজি প্ৰতিখন ৰাজ্যৰ সমবায় পঞ্জীয়কৰ হাতত তথ্য আছে যে কোনখন গাঁৱত পেকছ নাই, ক’ত ডেইৰী সমবায় নাই আৰু ক’ত নগৰীয়া গৃহ নিৰ্মাণ সমিতি নাই। এই সকলোবোৰ অভাৱ এতিয়া চিনাক্ত কৰা হৈছে, আৰু ইয়াৰ ভিত্তিতে সমবায় আগবাঢ়িব। তেওঁ কয় যে ৩০টা খণ্ডৰ ৮,৫৮,০০০ সমবায় সমিতি আৰু ৩২ কোটি সদস্য এতিয়া এটা ডাটাবেচত একেলগে উপলব্ধ হৈছে। ইয়াত সকলো সমবায় সমিতিৰ অডিট স্থিতি, টাৰ্ণঅভাৰ আৰু এবিচি গ্ৰেডিঙো উপলব্ধ। ৰাজ্যিক সমবায় পঞ্জীয়কসকলে এই ডাটাবেচ ব্যৱহাৰ কৰি সমিতি, জিলা সমবায় বেংক আৰু ৰাজ্যিক ডেইৰীসমূহৰ লগতে গাঁও পৰ্যায়ত কাম কৰি থকা ডেইৰী আৰু পেকছসমূহৰ মান উন্নীত কৰিব পাৰে আৰু বৰ্তমানৰ অভাৱসমূহ পূৰণ কৰিব পাৰে। শ্ৰী শ্বাহে কয় যে এই বছৰ আমি সমবায় প্ৰতিষ্ঠানসমূহৰ বাবে এটা ৰেংকিং ফ্ৰেমৱৰ্ক মুকলি কৰিছোঁ। ইয়াৰ জৰিয়তে প্ৰতিটো খণ্ডতে উৎকৃষ্ট কাম কৰি থকা শীৰ্ষ পাঁচখন সমবায় সমিতি চিনাক্ত কৰা হ’ব, ৰেংক প্ৰদান কৰা হ’ব আৰু তেওঁলোকৰ আৰ্হিমূলক কামসমূহক আন প্ৰতিষ্ঠানৰ বাবে অনুপ্ৰেৰণা হিচাপে তুলি ধৰা হ’ব। তেওঁলোকক উৎসাহিতও কৰা হ’ব।

কেন্দ্ৰীয় সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আমি বহু-ৰাজ্যিক সমবায় সমিতি আইন, ২০০২ ত ৫০টা গুৰুত্বপূৰ্ণ সংশোধনী আনিছোঁ, যাৰ ফলত সমগ্ৰ সমবায় ব্যৱস্থাটো অধিক স্বচ্ছ আৰু গণতান্ত্ৰিক হৈ পৰিছে। এই প্ৰতিষ্ঠানসমূহৰ অধ্যয়নে দেখুৱাইছে যে ইয়াৰ নেতৃত্ব সমবায়ৰ সৈতে জড়িত লোকৰ হাতত থকাৰ বিপৰীতে ইয়াৰ প্ৰশাসন আৰু শাসন এক পেছাদাৰী পদ্ধতিৰে চলোৱা হৈছিল। এই সফল আৰ্হি গ্ৰহণ কৰিবলৈ ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয় আৰম্ভ কৰা হয়। তেওঁ কয় যে সমবায়ৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰশ্নটো সদায় নেতৃত্ব আৰু প্ৰতিষ্ঠানিক সুস্থিৰতাক লৈ আহিছে। গতিকে, আমি সফল সমবায় আৰ্হিসমূহ পুঙ্খানুপুঙ্খভাৱে অধ্যয়ন কৰিলোঁ — ইফকো, ক্ৰিভকো আৰু আমুল কিয় সফল হ’ল, বিভিন্ন ৰাজ্যৰ গাখীৰ সমবায় সমিতিসমূহ কিয় সফল হ’ল আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডে কেনেকৈ ইমান উৎকৃষ্ট কাম কৰিছে। তেওঁ কয় যে ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয়ে বেংকিং, ডেইৰী, মাৰ্কেটিং, কৃষি, সাৰ আৰু সমবায়ৰ অন্যান্য ক্ষেত্ৰত প্ৰশিক্ষণপ্ৰাপ্ত পেছাদাৰী প্ৰস্তুত কৰিব। এই পেছাদাৰীসকলক যোগ্যতাৰ ভিত্তিত নিযুক্তি দিয়া হ’ব। আমাৰ লক্ষ্য হৈছে প্ৰাথমিক সমবায় সমিতিৰ পৰা শীৰ্ষ প্ৰতিষ্ঠানলৈকে পৰ্যায়ক্ৰমে পেছাদাৰী ব্যৱস্থাপনা প্ৰৱৰ্তন কৰা। ইয়াৰ ফলত নিযুক্তিত স্বচ্ছতা বৃদ্ধি পাব, দক্ষতা উন্নত হ’ব আৰু নিযুক্তি সম্পৰ্কীয় দুৰ্নীতি ফলপ্ৰসূভাৱে ৰোধ কৰিব পৰা যাব। তেওঁ কয় যে নিযুক্তিত দুৰ্নীতি নিৰ্মূল কৰিলে সমবায় খণ্ডৰ ওপৰত জনসাধাৰণৰ আস্থা বৃদ্ধি পাব।

শ্ৰী অমিত শ্বাহে কয় যে দ্বিতীয়টো পদক্ষেপ আছিল পেকছ শক্তিশালী কৰা। এসময়ত পেক্সে বহু ধৰণৰ কাৰ্যকলাপ কৰিছিল, কিন্তু লাহে লাহে সেইবোৰ নিৰ্দিষ্ট সুতৰ হাৰত ধন ধাৰ দিয়া আৰু লোৱাৰ মাজতে সীমাবদ্ধ হৈ পৰিল। ইয়াৰ ফলত তেওঁলোকৰ লাভ কমি গল। আমি পেকছৰ বাবে আৰ্হি উপ-আইন প্ৰস্তুত কৰিলোঁ। আজি বংগকে ধৰি সমগ্ৰ দেশে এই আৰ্হি উপ-আইন গ্ৰহণ কৰিছে। দেশজুৰি থকা পেকছসমূহে এতিয়া এটা আৰ্হি উপ-আইনৰ গাঁথনিৰ অধীনত কাম কৰিছে। আজি ৫৫,০০০ পেক্সে চিএছচিৰ জৰিয়তে গঞা ৰাইজক ৩০০তকৈও অধিক সেৱা প্ৰদান কৰিছে। তাৰ পৰাই ৰে’লৰ টিকট বুকিং কৰা হয়, জন্ম-মৃত্যুৰ পঞ্জীয়ন কৰা হয়, প্ৰধানমন্ত্ৰীৰ আঁচনিৰ বাবে আবেদন দাখিল কৰা হয় আৰু তাতেই ধন পৰিশোধো গ্ৰহণ কৰা হয়। এইদৰে আমি ৩০০টা ভিন্ন কাৰ্যকলাপৰ জৰিয়তে ৫৫,০০০ পেকছৰ জৰিয়তে চিএছচি সেৱা প্ৰদান কৰিছোঁ। সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে ৩৯,০০০ পেকছ ‘কিশাণ সমৃদ্ধি কেন্দ্ৰ’ত পৰিণত হৈছে। ৬০০তকৈও অধিক পেকছ ‘জন ঔষধি কেন্দ্ৰ’ হৈ পৰিছে। ৭৫টা পেক্সে পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিপনী চলাই আছে। ১১৮টা পেক্সে পানী যোগান আঁচনিৰ চোৱাচিতা কৰি আছে। শ্ৰী শ্বাহে কয় যে ভাৰত চৰকাৰে পেকছসমূহ কম্পিউটাৰাইজড কৰিবলৈ ৩,০০০ কোটি টকা ব্যয় কৰিছে। তেওঁ কয় যে আজি ৫০,০০০ পেকছক ‘ই-পেকছ’ হিচাপে ঘোষণা কৰা হৈছে, যাৰ সমগ্ৰ ব্যৱসায় ইলেক্ট্ৰনিক পদ্ধতিৰে কৰা হৈছে, যিটো এক ডাঙৰ সাফল্য। ই-পেকছৰ উত্থানৰ লগে লগে ই-অডিটৰ ধাৰণাও কাৰ্যকৰী কৰা হৈছে। উৎপন্ন হোৱা সতৰ্কবাণীসমূহ পেকছৰ বৈঠকত ৰখা হ’ব, যাৰ ফলত পেকছৰ সমগ্ৰ কাৰ্যকলাপ স্বচ্ছ হৈ পৰিব।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে তৃতীয়টো ডাঙৰ কাম আছিল সমবায় খণ্ডত ঋণৰ প্ৰবাহ বৃদ্ধি কৰা। সমবায় বেংকসমূহক আধুনিক বেংকিং সেৱাৰ সৈতে সংযোগ কৰা হৈছে। ডিজিটেল পেমেণ্টৰ প্ৰৱৰ্তন কৰা হৈছে, চাইবাৰ সুৰক্ষা নিশ্চিত কৰা হৈছে, ই-কেৱাইচি আৰম্ভ কৰা হৈছে, আৰু ডিজিটেল ঋণৰ দৰে ব্যৱস্থাৰে আমাৰ অৰ্বান ক’অপাৰেটিভ বেংক (নগৰীয়া সমবায় বেংক) আৰু জিলা সমবায় বেংকসমূহ লাহে লাহে আগবাঢ়িছে। জিলা সমবায় বেংকসমূহৰ মুঠ ব্যৱসায় পূৰ্বে ১৯.৬ লাখ কোটি টকা আছিল, যিটো এতিয়া ২৫ লাখ কোটি টকাৰ সীমা পাৰ হৈ গৈছে। এয়া এক ডাঙৰ সফলতা। তেওঁ কয় যে গুজৰাটত ‘সমবায়ৰ মাজত সমবায়’ পৰীক্ষাৰ অধীনত প্ৰতিখন সমবায় সমিতিৰ একাউণ্ট এটা সমবায় বেংকত খোলা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে কেৱল গুজৰাটতে ডেইৰী, এপিএমচি, পেকছ আৰু সকলো ধৰণৰ সমবায় সমিতিৰ একাউণ্ট সমবায় বেংকত খোলাৰ বাবে জিলা সমবায় বেংকসমূহৰ জমা ধনৰ পৰিমাণো বৃদ্ধি পাইছে। এই প্ৰচেষ্টাসমূহে বহু জিলা সমবায় বেংকক লাভজনক কৰি তুলিছে। অৰ্বান ক’অপাৰেটিভ বেংকসমূহৰ নিকা লাভ প্ৰায় দুগুণ হৈছে। বিগত পাঁচ বছৰত আমি এই বেংকসমূহৰ থূলমূল এনপিএ  ১২.৮ শতাংশৰ পৰা ৬.২ শতাংশলৈ হ্ৰাস কৰিছোঁ আৰু নিকা এনপিএ  ৫.১ শতাংশৰ পৰা ০.৭ শতাংশলৈ হ্ৰাস কৰাত সফল হৈছোঁ। ইয়াৰ ফলত ৰাইজৰ আস্থা বৃদ্ধি পাইছে। ইলেক্ট্ৰনিক মাধ্যমেৰে এই সকলোবোৰ কাৰ্যকলাপ আগবঢ়াই নিয়াত এই আস্থা আৰু অধিক শক্তিশালী হৈছে। এনচিডিচিৰ নিকা এনপিএ-ও তেনেই নগণ্য হৈ পৰিছে। এয়া দেশৰ জনসাধাৰণ আৰু সমবায়ৰ সমালোচনা কৰা সকলৰ বাবে এক স্পষ্ট উত্তৰ — যে মানুহে যেতিয়া একেলগ হয়, তেতিয়া বহুত ডাঙৰ লাভ অৰ্জন কৰিব পাৰে। শ্ৰী শ্বাহে কয় যে ২০৪৭ চনৰ ১৫ আগষ্টত দেশে যেতিয়া স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰিব, তেতিয়া আমাৰ সমবায় আন্দোলন এক সমৃদ্ধিশালী ভাৰতৰ শক্তিশালী ভেটি হ’ব।

কেন্দ্ৰীয় সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে আমি সমবায় খণ্ডৰ বাবে বজাৰ সংযোগো শক্তিশালী কৰিছোঁ। ৰপ্তানি আৰু জৈৱিক উৎপাদনৰ বাবে তিনিখন নতুন সমবায় সমিতি গঠন কৰা হৈছে। দুগ্ধ খণ্ডত মাটিত ১০০ শতাংশ বৃত্তাকাৰ অৰ্থনীতি ৰূপায়িত কৰিবলৈ আৰু তিনিখন সমবায় সমিতি গঠন কৰা হৈছে। আমি নিমখ খণ্ডতো প্ৰৱেশ কৰিছোঁ। আগতে এজন কৃষকৰ উৎপাদিত সামগ্ৰী গাঁৱৰ পৰা মাণ্ডিলৈ গৈছিল; এতিয়া সমবায়ৰ জৰিয়তে কৃষকৰ উৎপাদিত সামগ্ৰী সমগ্ৰ বিশ্বতে উপলব্ধ হৈছে। তেওঁ কয় ধে বীজ উৎপাদনৰ বাবে গঢ়ি তোলা সমবায় সমিতিখন তিনি বছৰৰ পাছত ভাৰতৰ সৰ্ববৃহৎ বেচৰকাৰী বীজ উৎপাদনকাৰী প্ৰতিষ্ঠান হৈ পৰিব। ইয়াৰ জৰিয়তে কৃষকসকলে বিশুদ্ধ আৰু ভেজালহীন বীজ লাভ কৰিব, যাৰ ফলত উৎপাদন বৃদ্ধি পাব। আমি এই গাঁথনিৰ ভিতৰতে ভাৰতীয় বীজ সংৰক্ষণৰো ব্যৱস্থা কৰিছোঁ। কল আৰু আলু খেতিয়কসকলক প্ৰযুক্তিগতভাৱে উন্নত বীজ যোগান ধৰিবলৈ আমাৰ সমবায় সমিতিসমূহে প্ৰতিখন ৰাজ্যতে নতুন গোট আৰম্ভ কৰিব। এই গোটসমূহৰ জৰিয়তে টিছু কালচাৰ উদ্ভিদ আৰু উচ্চ উৎপাদনশীল, একে আকাৰৰ আলুৰ বীজৰ জাত কৃষকৰ ওচৰলৈ যাব। ইয়াৰ ফলত বিশ্বৰ চিপছ ব্যৱসায় ভাৰতলৈ অনাত সহায় হ’ব। গুজৰাটৰ বানাস ডেইৰীয়ে এই দিশত অতি ভাল আৰম্ভণি কৰিছে। আমি একে আৰ্হি প্ৰতিখন ৰাজ্যলৈ লৈ যাম আৰু টিছু কালচাৰ আৰু নতুন প্ৰযুক্তিৰ জৰিয়তে কৃষকসকলক কল, অমিতা আৰু আলুৰ বীজ যোগান ধৰাৰ কাম কৰিম।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজিৰ তাৰিখত জৈৱিক উৎপাদন বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়। আমি আমাৰ ১৪০ কোটি নাগৰিক আৰু বিশ্বৰ জনসাধাৰণৰ স্বাস্থ্যক লৈও চিন্তিত। গতিকে ভাৰতৰ কৃষকে জৈৱিক উৎপাদন বৃদ্ধি কৰিব লাগে। ৰাসায়নিক সাৰ ব্যৱহাৰ বন্ধ কৰিলে উৎপাদন কমি যাব বুলি থকাটো এটা ভুল ধাৰণা। বিগত পাঁচ বছৰে প্ৰমাণ কৰিছে যে ৰাসায়নিক সাৰৰ ব্যৱহাৰ হ্ৰাস কৰিলে উৎপাদন কমি নাযায়; বৰঞ্চ উৎপাদন বৃদ্ধি পায় আৰু মাটিও সুৰক্ষিত হয়। আমি চেনি আৰু দুগ্ধ খণ্ডত ১০০ শতাংশ বৃত্তাকাৰ অৰ্থনীতি আনিছোঁ। ইয়াৰ জৰিয়তে ডিএপিৰ বিকল্প হিচাপে কাম কৰিব পৰা সাৰ উৎপাদন কৰা হ’ব। এই থলুৱা সাৰ ডিএপিতকৈ কম খৰচী আৰু গুণগত দিশত উন্নত হ’ব, আৰু পথাৰৰ বাবে অধিক উপকাৰী হ’ব। সমগ্ৰ দেশৰ বহু ঠাইত এনে সমবায় সমিতি স্থাপন কৰা হৈছে। শ্ৰী অমিত শ্বাহে দেশৰ কৃষকসকলক ডিএপি ত্যাগ কৰি অনাগত দিনত এই নতুন সাৰ গ্ৰহণ আৰু গ্ৰহণ কৰিবলৈ আহ্বান জনায়। জৈৱিক সামগ্ৰীৰ গোলকীয় বজাৰ অন্বেষণৰ বাবে আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন সমবায় সমিতি গঠন কৰিছোঁ। সমবায় বজাৰৰ সংযোগ প্ৰতিখন গাঁৱলৈ লৈ যাবলৈ আমি সকলো ৰাজ্যতে বিপণন ফেডাৰেচনসমূহ শক্তিশালী কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। পঞ্চমটো পদক্ষেপ এক নতুন অৰ্থনৈতিক ব্যৱস্থাৰ সৈতে জড়িত যিটো বহনক্ষম, সম্পদ-দক্ষ আৰু বৃত্তাকাৰ। আমি সমবায়ৰ প্ৰতিটো ক্ষেত্ৰতে বৃত্তাকাৰ অৰ্থনীতি ৰূপায়ণ কৰিব বিচাৰোঁ। আমি ডেইৰীৰ পৰা আৰম্ভ কৰিছোঁ।

কেন্দ্ৰীয় সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আমি মোদী জীৰ ‘অন্নদাতা’ক ‘উৰ্জাদাতা’ (শক্তি দাতা)লৈ ৰূপান্তৰিত কৰাৰ মিছন আগবঢ়াই লৈ যাব বিচাৰোঁ। আজি মুকলি কৰা গোময় সমবায় সমিতি লিমিটেডে পশুখাদ্য, পশু স্বাস্থ্য, কৃত্ৰিম প্ৰজনন, গোবৰ ব্যৱস্থাপন, জৈৱিক সাৰ আৰু নবীকৰণযোগ্য শক্তি উৎপাদনৰ জৰিয়তে দুগ্ধ খণ্ডত এক সম্পূৰ্ণ বৃত্তাকাৰ অৰ্থনীতিক প্ৰসাৰিত কৰিব। শ্বেত বিপ্লৱ ২.০ৰ জৰিয়তে আমি সমবায় ডেইৰীসমূহৰ এক শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিব বিচাৰোঁ। মই সকলো ৰাজ্যৰ ডেইৰী ফেডাৰেচনক অহা দুবছৰত গাখীৰ উৎপাদনকাৰী কৃষকৰ সংখ্যা অন্ততঃ ৩৫ শতাংশ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ অৰ্থ হ’ল ৩৫ শতাংশ অধিক গাঁৱত নতুন পেকছ গঠন কৰিব লাগিব, প্ৰাথমিক দুগ্ধ সমিতি স্থাপন কৰিব লাগিব আৰু গাঁৱৰ কোনো এজন কৃষকো গাখীৰ যোগানৰ বাবে ডেইৰী নেটৱৰ্কৰ পৰা বাদ পৰি যাব নালাগিব। সমবায় চেনি খণ্ডত আমি সমগ্ৰ ব্যৱস্থাটো কাৰ্যকৰী কৰিছোঁ — চেনি আৰু মলাচেছৰ পৰা ইথানলৰ পৰা আৰম্ভ কৰি বাগাছ, শক্তি, প্ৰেচমাড, জৈৱিক সাৰ আৰু চালফাৰ উৎপাদনলৈকে। এই পৰীক্ষা সফল হৈছে। ইয়াৰ বাবে সমবায় সমিতিও গঠন কৰা হৈছে। ক্লাষ্টাৰ ভিত্তিক সমবায় সমিতিৰ জৰিয়তে প্ৰতিটো ডেইৰীয়ে নিজাকৈ বিনিয়োগ কৰিব নালাগিব, বৰঞ্চ এই ব্যৱস্থাই কুঁহিয়াৰৰ চূড়ান্ত ব্যৱহাৰ পৰ্যন্ত সমগ্ৰ প্ৰক্ৰিয়াটোৰ বুজ ল’ব আৰু চেনি কলসমূহলৈ লাভ ঘূৰাই আনিব।

কেন্দ্ৰীয় সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আমি কুঁহিয়াৰৰ অধিক মূল্য পৰিশোধৰ ওপৰত কৰ ৰেহাই নিশ্চিত কৰিছোঁ আৰু পুৰণি কৰ বিতৰ্কৰ সমাধান কৰিছোঁ। কেৱল কুঁহিয়াৰ খণ্ডতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ ৪৬,০০০ কোটি টকাৰ আয়কৰ ৰেহাই দিছে। শ্ৰী শ্বাহে কয় যে মেচিন উৎপাদনৰ বাবে আমি নেশ্যনেল হেভী ইঞ্জিনিয়াৰিং ক’অপাৰেটিভ পুনৰুজ্জীৱিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। এই সমবায়খনে ডেইৰী মেচিন, প্ৰাথমিক ডেইৰীৰ মেচিন, গেছ উৎপাদনৰ মেচিন আৰু সাৰ উৎপাদনৰ মেচিন নিৰ্মাণ কৰিব, আৰু আগবাঢ়ি যাব। ভাৰত টেক্সিও অতি শক্তিশালীভাৱে আগবাঢ়িছে। অহা দুবছৰত ভাৰত টেক্সি ভাৰতৰ ৫০০তকৈও অধিক চহৰত আৰু প্ৰতিখন ৰাজ্যতে উপলব্ধ হ’ব, যাৰ ফলত আমাৰ সতীৰ্থসকল শোষণৰ পৰা মুক্ত হ’ব।

শ্ৰী অমিত শ্বাহে কয় যে আজিকালি প্ৰায় ২০ শতাংশ কৃষি ঋণ, ৩৫ শতাংশ সাৰ বিতৰণ, ৩১ শতাংশ চেনি উৎপাদন সমবায়ৰ জৰিয়তে কৰা হৈছে। ভাৰত টেক্সিৰ আৰ্হিত আমি অনাগত দিনত ইউটিলিটি এগ্ৰিগেটৰ ক’অপাৰেটিভ আৰু অধিক বিকশিত কৰিবলৈ গৈ আছোঁ। ইয়াৰ সমান্তৰালভাৱে ইফকো-টকিঅ’ৰ সৈতে দুয়ো ধৰণৰ বীমা পদক্ষেপ সফলতাৰে ৰূপায়ণ কৰি আমি এখন সমবায় জীৱন বীমা কোম্পানী গঠন কৰিবলৈ গৈ আছোঁ, যিয়ে বীমা খণ্ডতো সমবায়ক শক্তিশালীভাৱে আগবঢ়াই লৈ যাব। এই পাঁচ বছৰ প্ৰতি মুহূৰ্ততে, প্ৰতিদিনেই, প্ৰতিমাহে আৰু প্ৰতিবছৰে সমবায়ৰ মৌলিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে আছিল। আমাৰ মন্ত্ৰালয়ে সকলোকে লগত লৈ এই দিশত নিৰন্তৰ আৰু অক্লান্তভাৱে কাম কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমবায়ৰ প্ৰতি দ্বিতীয় শ্ৰেণীৰ আচৰণ আৰু গ্ৰহণযোগ্য নহয়। আমি সম অধিকাৰেৰে সকলোৰে সৈতে কান্ধত কান্ধ মিলাই থিয় দিম আৰু ভাৰতক সমৃদ্ধিশালী কৰাৰ এই বৃহৎ পৰিকল্পনাত সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰিম। আমাৰ প্ৰয়াস হ’ব যাতে এই খণ্ডৰ সমগ্ৰ লাভ মৰ্যাদাৰে সেইজন ব্যক্তিৰ ওচৰত পৌঁছায় যাৰ ইয়াৰ ওপৰত ন্যায়সংগত দাবী আছে — কৃষক আৰু পশুপালক।

কাৰ্যসূচীৰ আৰম্ভণিতে গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে ড° মুখাৰ্জীয়ে তেওঁৰ দৰে কোটি কোটি কৰ্মীৰ জীৱনত ভাৰতীয়ত্বৰ মূল্যবোধ, ভাৰত মাতাৰ প্ৰতি শ্ৰদ্ধা আৰু ভাৰতীয় সংস্কৃতিৰ গুৰুত্ব প্ৰতিষ্ঠা কৰিছিল। তেওঁ কয় যে যদি শ্যামা প্ৰসাদ মুখাৰ্জী নাথাকিলহেঁতেন, তেন্তে কাশ্মীৰ আজি ভাৰতৰ অংশ নহ’লহেঁতেন। ড° মুখাৰ্জীয়ে কৈছিল যে এখন দেশৰ দুখন সংবিধান, দুজন প্ৰধান আৰু দুটা পতাকা থাকিব নোৱাৰে। তেওঁ কেৱল এই কাৰণৰ বাবেই এটা আন্দোলন আৰম্ভ কৰাই নাছিল, বৰঞ্চ ইয়াৰ বাবে নিজৰ জীৱনকো বলিদান দিছিল। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৭০ অনুচ্ছেদ বাতিল কৰি ড° মুখাৰ্জীৰ সপোন পূৰণ কৰিলে। তেওঁ কয় যে যদি শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়া নাথাকিলহেঁতেন, তেন্তে অসম পাকিস্তানৰ অংশ হ’লহেঁতেন আৰু পশ্চিম বংগৰ বাকী অংশও পাকিস্তানলৈ গ’লহেঁতেন। তেওঁ কয় যে শ্যামা প্ৰসাদ মুখাৰ্জীৰ আন্দোলনৰ বাবেই অসম আৰু বংগ আজি ভাৰতৰ গৌৰৱময় অংশ। তেওঁ কয় যে মোদী জীৰ নেতৃত্বত ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী বৰ্ষ গাঁৱৰ পৰা আৰম্ভ কৰি প্ৰতিখন চহৰ আৰু মহানগৰলৈকে অতি উৎসাহেৰে উদযাপন কৰা হ’ব।

এই উপলক্ষে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আধাৰশিলা স্থাপন কৰে, দেশবাসীৰ নামত উছৰ্গা কৰে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প আৰু পদক্ষেপৰ শুভাৰম্ভ কৰে। ইয়াৰ ভিতৰত আছিল ১৩৫টা খাদ্যশস্য সংৰক্ষণ ভঁৰাল হস্তান্তৰ, ৮৫টা ভঁৰাল দেশবাসীৰ উদ্দেশ্যে উছৰ্গা আৰু ৪৭টা ভঁৰালৰ আধাৰশিলা স্থাপন; আমুল আৰু এনচিচিএফৰ দ্বাৰা ‘সহকাৰ বন’ৰ ভূমি পূজন; উত্তৰ প্ৰদেশৰ বাৰাবংকী আৰু মহাৰাষ্ট্ৰৰ জলগাঁৱত বিবিএছএছএল  টিছু কালচাৰ সুবিধাৰ ভূমি পূজন, এনচিডি ৩.০ আৰু জিঅ’-টেগ ম’বাইল এপ্লিকেশ্বনৰ মুকলি; এনডিডিবিৰ গাখীৰ যোগান পৰ্যালোচনা ড্যাশবৰ্ড পৰ্টেল মুকলি, ক’অপাৰেটিভ ইনপুটছ এণ্ড চাৰ্ভিচেছ ডেলিভাৰী মাল্টি-ষ্টেট লিমিটেডৰ অধীনত দুগ্ধজাত পশুৰ উৎপাদনশীলতা সম্পৰ্কীয় পদক্ষেপৰ শুভাৰম্ভ; ক’অপাৰেটিভ মিল্ক প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্বন মাল্টি-ষ্টেট লিমিটেডৰ উদ্বোধন, গোময় সমবায় সমিতি মাল্টি-ষ্টেট লিমিটেডৰ উদ্বোধন আৰু এনইউচিএফডিচিৰ দুটা ডাঙৰ পদক্ষেপ — সহকাৰ চিবিএছ, এটা কেন্দ্ৰীকৃত ক’ৰ বেংকিং প্লেটফৰ্ম, আৰু অৰ্বান ক’অপাৰেটিভ বেংকসমূহৰ বাবে এক বাৰ্তালাপ ভিত্তিক এআই-চালিত  প্লেটফৰ্ম ‘সহকাৰ সহযোগী’ উন্মোচন। এই কাৰ্যসূচীত ৫০,০০০ পেকছক ই-পেকছলৈ ৰূপান্তৰিত কৰাৰ মাইলৰ খুঁটিও চিহ্নিত কৰা হয়, যিটো তৃণমূল পৰ্যায়ৰ সমবায় প্ৰতিষ্ঠানসমূহৰ ডিজিটেল সৱলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। বীজ ব্যৱস্থাক শক্তিশালী কৰিবলৈ বিবিএএছএছএল আৰু আইচিএআ ৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। এই উপলক্ষে শ্ৰী অমিত শ্বাহে দুগ্ধ সমবায় সমিতিসমূহৰ বাবে আৰ্হি উপ-আইন আৰু বিগত পাঁচ বছৰত সমবায় মন্ত্ৰালয়ৰ সাফল্যৰ আধাৰত প্ৰকাশিত এখন গ্ৰন্থও উন্মোচন কৰে।

 

***

RK/AK/PR/PS/DB


(रिलीज़ आईडी: 2282335) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam