গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

আজিৰে পৰা সমগ্ৰ দেশতে বলৱৎ হ'ল ভিবি-জি ৰাম জি আইনঃ “গ্ৰাম্য ভাৰতৰ বাবে এক ঐতিহাসিক দিন”: শিৱৰাজ সিং চৌহান

২ জুলাইত অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত অনুষ্ঠিত হ’ব ভিবি-জি ৰাম জিৰ ৰাষ্ট্ৰীয় উদ্বোধনী অনুষ্ঠান ; অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ

ভিবি-জি ৰাম জিৰ অধীনত সংশোধিত মজুৰিৰ হাৰৰ বিষয়ে অধিসূচনা জাৰি কৰা হৈছে; ৩০০ টকাতকৈ কম দৈনিক মজুৰি ৰখা হোৱা নাই, ৰাষ্ট্ৰীয় গড় মজুৰিৰ ক্ষেত্ৰত ১০ শতাংশতকৈ অধিক বৃদ্ধি

प्रविष्टि तिथि: 01 JUL 2026 6:22PM by PIB Guwahati

গ্ৰাম্য জীৱিকা শক্তিশালী কৰাৰ লগতে উন্নত গ্ৰাম্য ভাৰতৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ পদক্ষেপ হিচাবে  আজিৰে পৰা দেশজুৰি বলৱৎ হৈছে বিকশিত ভাৰত – ৰোজগাৰ আৰু আজীৱিকা মিছন নিশ্চয়তা (গ্ৰামীণ) (ভিবি-জি ৰাম জি আইন, ২০২৫)  এই আইন খন আৰম্ভ হোৱাৰ লগে লগে যোগ্য গ্ৰাম্য পৰিয়ালসমূহে এতিয়া ১২৫ দিনৰ নিশ্চিত মজুৰিৰে নিয়োগৰ বিধিগত অধিকাৰ লাভ কৰিব। এই আইনখনে গ্ৰাম্য নিয়োগক অধিক ফলপ্ৰসূ, স্বচ্ছ আৰু ফলাফলমুখী কৰি তোলাৰ লগতে প্ৰযুক্তি নিৰ্ভৰ  গ্ৰাম্য সম্পত্তিৰ সৃষ্টি, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ, কৃষি উৎপাদনশীলতা বৃদ্ধি, জীৱিকাৰ প্ৰসাৰ আৰু মহিলা নেতৃত্বাধীন উন্নয়ন ত্বৰান্বিত কৰিব বিচাৰিছে।

এই আইনখন কাৰ্যকৰী হোৱাৰ লগে লগে ভাৰত চৰকাৰে সকলো ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু অধিসূচিত মজুৰি এলেকাৰ বাবে ভিবি-জি ৰাম জি আইন, ২০২৫ৰ অধীনত সংশোধিত মজুৰিৰ হাৰৰ বিষয়েও অৱগত কৰিছে। ফলত দেশৰ কোনো ঠাইতে কোনো অধিসূচিত দৈনিক মজুৰি  ৩০০ টকাৰ তলত নাথাকিব। ৰাষ্ট্ৰীয় গড় অধিসূচিত মজুৰি প্ৰতিদিনে ২৯৮.৮ টকাৰ পৰা প্ৰতিদিনে ৩২৭.৪ টকালৈ বৃদ্ধি পাইছে, যিয়ে গড় ১০ শতাংশতকৈ অধিক বৃদ্ধিৰ কথাকেই  প্ৰতিফলিত কৰিছে।  উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, অসম, অৰুণাচল প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ দৰে ৰাজ্যত ১৫ৰ পৰা ২৫ শতাংশলৈকে মজুৰি বৃদ্ধি পাব।  প্ৰথম দিনাৰে  পৰাই আইনখনৰ নিৰৱচ্ছিন্ন আৰু ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰিবলৈ চৰকাৰে ইতিমধ্যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ৯৫,৬৯২.৩১ কোটি টকাৰ অন্তৱৰ্তীকালীন আবণ্টন মুকলি কৰি দিছে,  যাতে নিৰৱচ্ছিন্নভাৱে কৰ্মসংস্থাপন সৃষ্টি, সময়মতে মজুৰি প্ৰদান আৰু উন্নয়নমূলক কাম-কাজ সম্পন্ন কৰাত সুবিধা হয়।

কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে আজি ভাৰতৰ গ্ৰাম্য অঞ্চলৰ বাবে এক ঐতিহাসিক আৰু অভূতপূৰ্ব দিন। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভি বি-জি ৰাম জি আইন কেৱল নতুন আইন হিচাবে নহয়,  বৰঞ্চ লাখ লাখ গ্ৰাম্য শ্ৰমিকৰ স্বাভিমান, আত্মসন্মান আৰু জীৱিকাৰ সুৰক্ষাৰ নতুন যুগৰ সূচনা কৰা এক পৰিৱৰ্তনশীল পদক্ষেপ হিচাবে বিবেচিত হৈছে। তেওঁ কয় যে যোগ্য গ্ৰাম্য পৰিয়ালসমূহে এতিয়া ১০০ দিনৰ পৰিৱৰ্তে ১২৫ দিনৰ কৰ্মসংস্থাপনৰ বিধিগত অধিকাৰ লাভ কৰিব। শ্ৰী চৌহানে  লগতে কয় যে চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈছে কোনো যোগ্য গ্ৰাম্য শ্ৰমিক যাতে এদিনৰ বাবেও কৰ্মসংস্থাপনৰ পৰা বঞ্চিত নহয়। তেওঁ লগতে কয় যে এই আইনখনৰ  ফলপ্ৰসূ  ৰূপায়ণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহে প্ৰয়োজনীয় সকলো প্ৰশাসনিক, বিত্তীয় তথা  কাৰিকৰী প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। গভীৰ আস্থা প্ৰকাশ কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা গাঁওসমূহত নতুন জীৱিকাৰ সুযোগ সৃষ্টি হ’ব, স্থায়ী সম্পত্তিৰ সৃষ্টি ত্বৰান্বিত হ’ব, মহিলা সবলীকৰণ শক্তিশালী হ’ব আৰু আত্মনিৰ্ভৰ আৰু বিকশিত গ্ৰাম্য ভাৰতৰ দৃষ্টিভংগীক  গতি প্ৰদান কৰিব। সমৃদ্ধিশালী, ক্ষমতাশালী আৰু স্বাৱলম্বী গাঁও নিৰ্মাণৰ ক্ষেত্ৰত সকলো নাগৰিককে অংশীদাৰ হ’বলৈ তেওঁ  আহ্বান জনায়।

ভিবি-জি ৰাম জি আইন, ২০২৫ৰ ৰাষ্ট্ৰীয় ৰূপায়ণৰ অৰ্থে ২০২৬ চনৰ ২ জুলাইত অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি জিলাৰ ওবুলাৱৰীপল্লে মণ্ডলৰ মুক্কাৱৰীপল্লে গাঁৱত ৰাষ্ট্ৰীয় উন্মোচন কাৰ্যসূচী অনুষ্ঠিত হ’ব।এই কাৰ্যসূচীত কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডু, উপ মুখ্যমন্ত্ৰী শ্ৰী কনিডেলা পৱন কল্যাণ, ৰাজ্যিক মন্ত্ৰী ড° চন্দ্ৰ শেখৰ পেম্মাছানী, ৰাজ্যিক মন্ত্ৰী শ্ৰী কমলেশ পাছোৱানৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব।

ৰাষ্ট্ৰীয় উন্মোচন কাৰ্যসূচীত ভিবি-জি ৰাম জিৰ আনুষ্ঠানিক আৰম্ভণি, হিতাধিকাৰীসকলক গ্ৰাম্য নিয়োগ নিশ্চয়তা কাৰ্ড বিতৰণ, ভিবি-জি ৰাম জি চফট্ ৱেৰ প্লেটফৰ্ম মুকলি, বিভিন্ন বিষয়ৰ পুস্তিকা আৰু নথি প্ৰকাশ, হিতাধিকাৰীৰ সৈতে মত বিনিময়, আইনখনৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ লক্ষ্যৰে কেইবাটাও পদক্ষেপ আৰম্ভ কৰা হ’ব।

***

RC/PU/DM


(रिलीज़ आईडी: 2280101) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Khasi , English , Urdu , हिन्दी , Marathi , Odia , Tamil , Telugu , Telugu_Vw , Malayalam