গ্ৰামোন্নয়ণ মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত অনুষ্ঠিত "ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ সন্মিলন"ত 'বিকশিত গাঁও – বিকশিত ভাৰত'ৰ এক যুটীয়া ৰূপৰেখা প্ৰস্তুত
প্ৰথমবাৰৰ বাবে একেখন মঞ্চত একত্ৰিত ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গ্ৰামোন্নয়ন মন্ত্ৰীসকল
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে গাঁওসমূহ কেৱল হিতাধিকাৰী নহয়, বৰঞ্চ উন্নয়নৰ চালিকা শক্তিহে
"বিকশিত ভাৰতৰ পথ বিকশিত গাঁৱৰ মাজেৰেই পাৰ হৈ যায়": শ্ৰী শিৱৰাজ সিং চৌহান
"১ জুলাইৰ পৰা সমগ্ৰ দেশতে 'বিকশিত ভাৰত-ভিবি-জি-ৰাম-জি' আঁচনি কাৰ্যকৰী কৰা হ’ব": শ্ৰী শিৱৰাজ সিং চৌহান
"ৰাজ্যিক পুঁজিৰ সময়মতে মুক্তি আৰু খালী পদসমূহ পূৰণ কৰাটোৱেই হৈছে উন্নয়নৰ মূল চাবিকাঠি": শ্ৰী শিৱৰাজ সিং চৌহান
স্বচ্ছতা আৰু উন্নত সেৱা প্ৰদান নিশ্চিত কৰিবলৈ এআই আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ সকলো ৰাজ্যকে আহ্বান কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰীৰ
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক গৃহ প্ৰদানৰ কথা ঘোষণা কৰে; কোনো যোগ্য পৰিয়াল বঞ্চিত নহ’ব
"এয়া অংশীদাৰিত্বৰ সময়, ৰাজনীতিৰ নহয়": শ্ৰী শিৱৰাজ সিং চৌহান
গ্ৰাম্য মহিলাসকলৰ বাবে 'লাখপতি দিদি ডেশ্ববৰ্ড' আৰু 'SHE LEAPS' প্লেটফৰ্ম মুকলি শ্ৰী শিৱৰাজ সিং চৌহানৰ
प्रविष्टि तिथि:
29 JUN 2026 5:30PM by PIB Guwahati
নতুন দিল্লীৰ পুছা কেম্পাছত অনুষ্ঠিত 'গ্ৰামোদয় ছে ৰাষ্ট্ৰোদয়' শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ সন্মিলনৰ দ্বিতীয় দিনা কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গ্ৰামোন্নয়ন মন্ত্ৰীসকলৰ সৈতে ব্যাপক আলোচনাত মিলিত হয়। এই সন্মিলনত কেৱল প্ৰধান গ্ৰামোন্নয়ন আঁচনিসমূহৰ ৰূপায়ন আৰু প্ৰগতিৰ পৰ্যালোচনাই কৰা হোৱা নাই, বৰঞ্চ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু নিৰ্দেশনাত 'বিকশিত গাঁও – বিকশিত ভাৰত'ৰ সপোনক বাস্তৱায়িত কৰিবলৈ সুদৃঢ় ৰণনীতিও প্ৰস্তুত কৰা হৈছে। সমবেত ৰাইজক সম্বোধন কৰি শ্ৰী চৌহানে কয় যে গাঁওসমূহ কেৱল মাটি, পথাৰ আৰু চ'কৰ সমষ্টি নহয়; ই ভাৰতৰ শক্তি, ভাৰতৰ চেতনা আৰু দেশৰ আত্মাৰ প্ৰতীক। গাঁওসমূহ সমৃদ্ধিশালী, স্বাৱলম্বী আৰু বিকশিত নহ’লে এক সমৃদ্ধিশালী আৰু বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত হ’ব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে গ্ৰাম্য ভাৰতৰ প্ৰগতি অবিহনে ৰাষ্ট্ৰীয় প্ৰগতি অসম্ভৱ।

২৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰীসকলৰ ঐতিহাসিক সমাৱেশ
প্ৰথমবাৰৰ বাবে ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গ্ৰামোন্নয়ন মন্ত্ৰী, জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু নীতি নিৰ্ধাৰকসকল কেৱল গ্ৰামোন্নয়নৰ ভৱিষ্যতৰ ওপৰত আলোচনা কৰিবলৈ এক উমৈহতীয়া মঞ্চত একত্ৰিত হয়। এই সন্মিলনত উত্তৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ছত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী বিজয় শৰ্মা, বিভিন্ন ৰাজ্যৰ গ্ৰামোন্নয়ন মন্ত্ৰী আৰু অন্যান্য জ্যেষ্ঠ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। এই সমাৱেশে সমবায় যুক্তৰাষ্ট্ৰীয়তাবাদৰ প্ৰকৃত প্ৰতিচ্ছবি প্ৰতিফলিত কৰে, য’ত ৰাজনৈতিক মতভেদ আঁতৰাই সমগ্ৰ দেশৰ গ্ৰাম্য সমাজৰ স্বাৰ্থত উন্নয়নৰ গতি ত্বৰান্বিত কৰা, শাসন ব্যৱস্থাৰ উন্নতি সাধন কৰা আৰু কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰা হয়।

বিকশিত ভাৰতৰ বাবে বিকশিত গাঁৱৰ লক্ষ্য
ভাৰতৰ উন্নয়নৰ যাত্ৰাত গাঁৱৰ কেন্দ্ৰীয় ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী চৌহানে কয় যে গাঁওসমূহ অৰ্থনৈতিকভাৱে স্বাৱলম্বী, কৰ্মসংস্থাপনমুখী আৰু মানদণ্ডসম্পন্ন আন্তঃগাঁথনি তথা অত্যাৱশ্যকীয় ৰাজহুৱা সেৱাৰে সমৃদ্ধ হ’লেহে বিকশিত ভাৰতৰ লক্ষ্য পূৰণ হ’ব পাৰে। গাঁওসমূহক দেশৰ আত্মা, শক্তি আৰু চেতনা বুলি বৰ্ণনা কৰি তেওঁ কয় যে গ্ৰামোন্নয়ন হৈছে দেশৰ সামগ্ৰিক উন্নয়নৰ ভেটি। তেওঁ উল্লেখ কৰে যে গাঁৱত কৰা প্ৰতিটো বিনিয়োগেই অৱশেষত ভাৰতৰ দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশ, সামাজিক প্ৰগতি আৰু ৰাষ্ট্ৰীয় সমৃদ্ধিত অৱদান যোগায়।

১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব নতুন নিয়োগ আঁচনি
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে বৰ্তমানৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ পৰিৱৰ্তে ১ জুলাইৰ পৰা সমগ্ৰ দেশতে 'বিকশিত ভাৰত-ভিবি-জি-ৰাম-জি' আঁচনি ৰূপায়ন কৰা হ’ব। তেওঁ সন্মিলনত জনায় যে এই নতুন কাৰ্যসূচী ৰূপায়নৰ বাবে ইতিমধ্যে ৯৫,৬৮২ কোটি টকাৰ অন্তৰ্ৱৰ্তীকালীন অনুমোদন প্ৰদান কৰা হৈছে। ৰাজ্য চৰকাৰসমূহক কোনো পলম নকৰাকৈ সকলো প্ৰয়োজনীয় প্ৰক্ৰিয়াগত আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাই শ্ৰী চৌহানে কয় যে সময়মতে নিয়ম মানি চলিলে আঁচনিখনৰ সুচাৰুৰূপে শুভাৰম্ভ নিশ্চিত হ’ব আৰু সমগ্ৰ দেশৰ গ্ৰাম্য পৰিয়ালসমূহে ইয়াৰ লাভালাভ অবিৰতভাৱে লাভ কৰিব পাৰিব।
লাখপতি দিদি মিছনলৈ নতুন গতি
এই সন্মিলনতে 'লাখপতি দিদি ডেশ্ববৰ্ড' মুকলি কৰাৰ লগতে আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলৰ বাবে 'SHE LEAPS' (Self Help Entrepreneur - Livelihoods and Enterprise Application for Prosperity and Sustainability) নামৰ ডিজিটেল প্লেটফৰ্মৰ উদ্বোধন কৰা হয়। শ্ৰী চৌহানে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাখপতি দিদি গঢ়াৰ লক্ষ্য ৩ কোটিৰ পৰা ৬ কোটি মহিলালৈ বৃদ্ধি কৰিছে। এই অভিলাষী লক্ষ্যত উপনীত হ’বলৈ অহা পাঁচ বছৰত ১০ লাখ কোটি টকাৰ বেংক সংযোগৰ এক ৰূপৰেখা প্ৰস্তুত কৰা হৈছে। তেওঁ কয় যে এই উদ্যোগে মহিলাসকলৰ আৰ্থিক অন্তৰ্ভুক্তিকৰণ শক্তিশালী কৰিব, উদ্যোগী মনোভাবক প্ৰসাৰিত কৰিব আৰু বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰিব, যাৰ ফলত লাখ লাখ গ্ৰাম্য মহিলাই অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ গ্ৰাম্য সমৃদ্ধিত সক্ৰিয় অৱদান আগবঢ়াব পাৰিব।
ৰূপায়ন প্ৰক্ৰিয়াৰ উন্নীকৰণত গুৰুত্ব
গ্ৰামোন্নয়ন কাৰ্যসূচীসমূহৰ ৰূপায়ন প্ৰক্ৰিয়া উন্নত কৰাৰ বাবে শ্ৰী চৌহানে কেইবাটাও অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰে। তেওঁ কয় যে প্ৰকল্প আৰু ধন পৰিশোধত যাতে পলম নহয়, তাৰ বাবে ৰাজ্যসমূহে নিজৰ বিত্তীয় অংশ সময়মতে মুকলি কৰাটো নিশ্চিত কৰিব লাগিব। তদুপৰি তেওঁ গ্ৰামোন্নয়নৰ সৈতে জড়িত খালী পদসমূহ অতি সোনকালে পূৰণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে দীৰ্ঘদিন ধৰি পদ খালী হৈ থাকিলে কামৰ ক্ষমতা হ্ৰাস পায়। বিষয়া ৰদ-বদলৰ সন্দৰ্ভত তেওঁ কয় যে সঘনাই বদলি কৰিলে ধাৰাবাহিকতা আৰু দায়বদ্ধতাত বিৰূপ প্ৰভাৱ পৰে, সেয়েহে গুৰুত্বপূৰ্ণ দায়িত্বত থকা বিষয়াসকল সাধাৰণতে অন্ততঃ দুই-তিনি বছৰ একেটা স্থানতে থকা উচিত। তেওঁ লগতে ব্যাপক জনসজাগতা অভিযানৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে যাতে যোগ্য হিতাধিকাৰীসকলে চৰকাৰী আঁচনিসমূহৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰে। দায়বদ্ধতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰী চৌহানে সকলো কাৰ্যসূচীতে স্বচ্ছতা, দক্ষতা আৰু সেৱা প্ৰদানৰ মান উন্নত কৰাৰ বাবে শক্তিশালী সামাজিক অডিট আৰু কৃত্ৰিম বুদ্ধিমত্তা আধাৰিত নিৰীক্ষণ ব্যৱস্থাৰ অধিক ব্যৱহাৰৰ আহ্বান জনায়।
গৃহ নিৰ্মাণ, পথ আৰু দক্ষতা বিকাশ আঁচনিৰ পৰ্যালোচনা
প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আৰু দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনাৰ প্ৰগতিৰ পৰ্যালোচনা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেইবাখনো ৰাজ্যই প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়াইছে, আনহাতে আন কিছুমান ৰাজ্যই ৰূপায়নৰ গতি ত্বৰান্বিত কৰাৰ লগতে থকা ত্ৰুটিসমূহ দূৰ কৰাৰ প্ৰয়োজন আছে। তেওঁ গ্ৰামীণ গৃহ নিৰ্মাণ আঁচনিৰ অধীনত যোগ্য ভূমিহীন হিতাধিকাৰীসকলক ভূমি প্ৰদানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে আৰু আৱাসগৃহৰ সকলো অমীমাংসিত গোচৰ ক্ষিপ্ৰতাৰে সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰতিটো যোগ্য গ্ৰাম্য পৰিয়ালে যাতে মৌলিক সুবিধাসমূহৰ সৈতে এটা স্থায়ী ঘৰ লাভ কৰে তাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি দোহাৰি তেওঁ কয় যে কোনো যোগ্য হিতাধিকাৰী এই অধিকাৰৰ পৰা বঞ্চিত হ’ব নালাগে।
শ্ৰেষ্ঠ পদ্ধতিসমূহ আদান-প্ৰদান আৰু সংস্কাৰ সাধনৰ আহ্বান
ঝাড়খণ্ড, বিহাৰ, মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰ প্ৰদেশ আদি ৰাজ্যসমূহে হাতত লোৱা সফল পদক্ষেপসমূহৰ (যেনে মাল্টি-চেনেল মাৰ্কেটিং মডেল, সম্প্ৰদায়ভিত্তিক উদ্যোগ আৰু ঘৰুৱা জীৱিকা ঋণ আঁচনি) কথা উল্লেখ কৰি শ্ৰী চৌহানে কয় যে এই শ্ৰেষ্ঠ পদ্ধতিসমূহ লিপিবদ্ধ কৰি সকলো ৰাজ্যৰ সৈতে ভগাই লোৱা হ’ব যাতে সমগ্ৰ দেশতে এই সফল উদ্ভাৱনসমূহৰ প্ৰতিলিপি প্ৰস্তুত কৰিব পৰা যায়। তেওঁ স্পষ্টভাৱে স্বীকাৰ কৰে যে বহু আঁচনি আৰু প্ৰশাসনিক প্ৰক্ৰিয়াৰ উন্নতিৰ এতিয়াও যথেষ্ট থল আছে। ৰাজ্যসমূহক কেন্দ্ৰৰ সহযোগিতাৰ আশ্বাস দি তেওঁ কয় যে যদি বৰ্তমানৰ নিয়ম বা প্ৰক্ৰিয়াৰ বাবে কোনো ব্যৱহাৰিক অসুবিধাৰ সৃষ্টি হৈছে, তেন্তে গ্ৰামোন্নয়ন মন্ত্ৰালয়ে কেন্দ্ৰীয় কেবিনেট আৰু বিত্ত মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি প্ৰয়োজন সাপেক্ষে উপযুক্ত সংশোধনী আনিব।
পানীৰ নাটনি আৰু মৌচুমী বায়ুৰ সতৰ্কবাণী
স্বাভাৱিকতকৈ কম বৰষুণ হোৱাৰ সম্ভাৱনাক লৈ উদ্বেগ প্ৰকাশ কৰি গ্ৰামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্ৰীগৰাকীয়ে ১৪খন ৰাজ্যক সতৰ্ক হৈ থাকিবলৈ আৰু যিকোনো প্ৰতিকূল পৰিস্থিতিৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলাবলৈ আহ্বান জনায়। তেওঁ ৰাজ্য চৰকাৰসমূহক জল সংৰক্ষণ গাঁথনিসমূহ শক্তিশালী কৰিবলৈ আৰু প্ৰয়োজন হ’লে গ্ৰামাঞ্চলত অতিৰিক্ত সংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ পৰ্যাপ্ত প্ৰস্তুতি চলাবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে আগতীয়া পৰিকল্পনাই চৰকাৰসমূহক অপৰ্যাপ্ত বৰষুণৰ পৰা সৃষ্টি হোৱা যিকোনো প্ৰত্যাহ্বানৰ ফলপ্ৰসূভাৱে মোকাবিলা কৰাত সহায় কৰিব আৰু জীৱিকা তথা কৃষি কাৰ্য সুৰক্ষিত কৰিব।
অংশীদাৰিত্বৰ জৰিয়তে ৰূপান্তৰৰ বাৰ্তা
শ্ৰী চৌহানে কয় যে এয়া প্ৰতিযোগিতাৰ সময় নহয়, বৰঞ্চ অংশীদাৰিত্ব আৰু সামূহিক পদক্ষেপৰ সময়। তেওঁ জোৰ দি কয় যে কেন্দ্ৰীয় চৰকাৰে নীতি প্ৰণয়নৰ ওপৰত গুৰুত্ব দিব লাগে, ৰাজ্যসমূহে ফলপ্ৰসূ ৰূপায়ন নিশ্চিত কৰিব লাগে, পঞ্চায়তসমূহে তৃণমূল পৰ্যায়ত নেতৃত্ব প্ৰদান কৰিব লাগে আৰু নাগৰিকসকল উন্নয়ন প্ৰক্ৰিয়াৰ সক্ৰিয় অংশীদাৰ হ’ব লাগে। তেওঁৰ মতে, কেৱল এনে এক সহযোগিতামূলক আৰ্হিয়েহে গ্ৰামীণ ভাৰতৰ ভৱিষ্যত সলনি কৰিব পাৰে আৰু সমগ্ৰ দেশৰ গাঁৱৰ মানুহৰ জীৱনৰ মানদণ্ড তথা অৰ্থনৈতিক সম্ভাৱনাক মৌলিকভাৱে উন্নত কৰিব পাৰে।
যুৱক-যুৱতী আৰু উদ্ভাৱনক উৎসাহিতকৰণ
ভিবি-জি ৰাম জি আঁচনিৰ অধীনত আয়োজিত ল’গ’ ডিজাইন, কুইজ আৰু ডিজিটেল সমল প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰাৰ পিছত সন্মিলনৰ সামৰণি পৰে। শ্ৰী শিৱৰাজ সিং চৌহানে এই বঁটাসমূহ প্ৰদান কৰে। গ্ৰামোন্নয়ন খণ্ডত নতুন ধাৰণা, উদ্ভাৱনীমূলক আৰ্হি আৰু উদীয়মান দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই অনুষ্ঠানত কেইবাখনো গ্ৰন্থও প্ৰকাশ কৰা হয়, যিয়ে উদ্ভাৱনক উৎসাহিত কৰা, যুৱ প্ৰতিভাক স্বীকৃতি দিয়া আৰু গ্ৰামোন্নয়ন খণ্ডত নতুন চিন্তাধাৰাক প্ৰসাৰিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিক প্ৰতিপন্ন কৰে।
*****
RC/PU/MK/DB
(रिलीज़ आईडी: 2279241)
आगंतुक पटल : 6