গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি নতুন দিল্লীত নাৰ্কো-কৰ্ডিনেচন চেণ্টাৰ (এন চি অ’ ডি)ৰ দশমখন উচ্চ পৰ্যায়ৰ বৈঠকত “ভিজন ডকুমেণ্ট অন ড্ৰাগ কণ্ট্ৰ’ল (২০২৬-২০২৯)” উন্মোচন কৰা হয়

শ্ৰী অমিত শ্বাহে লগতে “অনলাইন ড্ৰাগছ ডিচপজেবল ফৰ্থনাইট কেম্পেইন”ও আৰম্ভ কৰে, যাৰ লক্ষ্য হৈছে ৬,০০০ কোটি টকাৰো অধিক মূল্যৰ ২,০৯,৫০০ কিলোগ্ৰাম নিচাজাতীয় দ্ৰব্য ধ্বংস কৰা

ড্ৰাগছৰ বিৰুদ্ধে যুঁজত এনচিবিয়ে প্ৰকাশ কৰা ভিজন ডকুমেণ্ট অন নাৰ্কটিকছ কণ্ট্ৰ’লৰ লক্ষ্য হৈছে কৃত্ৰিম ড্ৰাগছ, ডাৰ্কনেট নেটৱৰ্ক, সীমা অতিক্ৰম কৰি কৰা চোৰাংচোৱাগিৰি আৰু নতুন ভাবুকিৰ বিৰুদ্ধে প্ৰতিষ্ঠানিক ক্ষমতা আৰু অধিক শক্তিশালী কৰা
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি অহা তিনি বছৰত সমগ্ৰ ড্ৰাগছ সৰবৰাহৰ পৰিৱেশতন্ত্ৰ উৎখাত কৰিম, যাতে ই দশক দশক ধৰি পুনৰুজ্জীৱিত হ’ব নোৱাৰে

“ডিটেক্ট, ডিচৰাপ্ট এণ্ড ডেষ্ট্ৰ’য়” নীতিৰ জৰিয়তে আমি মানৱ আৰু প্ৰযুক্তিৰ চোৰাংচোৱাগিৰি আৰু সামূহিক নিৰীক্ষণৰ জৰিয়তে উৎসৰ পৰা মূল ব্যৱহাৰকাৰীলৈ সমগ্ৰ নিচাযুক্ত সামগ্ৰীৰ নেটৱৰ্কটো ভাঙি পেলাম

আমি ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰতি নিৰ্দয় দৃষ্টিভংগী আৰু ভুক্তভোগী যুৱক-যুৱতীসকলৰ প্ৰতি সহানুভূতিশীল দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব

এন ডি পি এছৰ ডাঙৰ ডাঙৰ গোচৰত বিত্তীয় তদন্ত, অপৰাধৰ পৰা প্ৰাপ্ত ধনৰ ব্যৱহাৰ বন্ধ আৰু জব্দ কৰাটো আমাৰ প্ৰাথমিক অগ্ৰাধিকাৰ

সকলো ৰাজ্যই এণ্টি নাৰ্কোটিক টাস্ক ফৰ্চ (এএনটিএফ)ক পূৰ্ণকালীন, নিষ্ঠাৱান, সুসজ্জিত আৰু দায়বদ্ধ গোট হিচাপে গঢ়ি তুলিব লাগিব

ৰাজ্যসমূহে ৰেড কৰ্ণাৰ নটিচ, প্ৰত্যাৰ্পণ আৰু চিবিআইৰ জৰিয়তে বিদেশত লুকাই থকা ড্ৰাগছ সৰবৰাহকাৰী আৰু গেংষ্টাৰৰ বিৰুদ্ধে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব

চাহিদা হ্ৰাস কৰিবলৈ ড্ৰাগছমুক্ত অঞ্চল সৃষ্টি কৰা হ’ব আৰু অভিভাৱক, শিক্ষক, শিক্ষানুষ্ঠান, যুৱ সংগঠন আৰু মন্ত্ৰালয়ৰ অংশগ্ৰহণেৰে জনসজাগতা অভিযান চলোৱা হ’ব

ডাঙৰ ডাঙৰ গোচৰত শীঘ্ৰে শাস্তি নিশ্চিত কৰিবলৈ গৃহ মন্ত্ৰালয়ে

একচেটিয়া এন ডি পি এছ আদালত স্থাপনৰ দিশত কাম কৰি আছে। ৰাজ্যসমূহেও নিজৰ নিজৰ উচ্চ ন্যায়ালয়ত একচেটিয়া এন ডি পি এছ আদালত স্থাপন কৰিব লাগে

প্ৰতিটো ড্ৰাগছ নেটৱৰ্ক সীমান্ত, বন্দৰ, বিমানবন্দৰ বা গ্ৰামাঞ্চল সামূহিক নিৰীক্ষণ আৰু অপৰাধ নক্সাৰ জৰিয়তে চিনাক্ত কৰিব লাগিব

ড্ৰাগছ উৎপাদক চক্ৰৰ বিত্তীয় সাহায্য, নেতৃত্ব আৰু সমগ্ৰ নেটৱৰ্কক আক্ৰমণ কৰিব লাগিব। ডাঙৰ ডাঙৰ ক্ষেত্ৰত ই ডিয়ে বিত্তীয় তদন্ত এনচিবিৰ জৰিয়তে চলোৱাটো বাধ্যতামূলক হ’ব লাগে

ড্ৰাগছ যুদ্ধৰ বিৰুদ্ধে আমাৰ ৰূপৰেখা চাৰিটা স্তম্ভৰ

प्रविष्टि तिथि: 26 JUN 2026 5:08PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত নাৰ্কো কৰ্ডিনেচন চেণ্টাৰৰ দশমখন শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে "নাৰ্কটিকছ কণ্ট্ৰল ভিজন ডকুমেণ্ট (২০২৬-২০২৯)" আৰু "এনচিবিৰ বাৰ্ষিক প্ৰতিবেদন-২০২৫" উন্মোচন কৰাৰ লগতে জম্মু আৰু গুৱাহাটীত এনচিবিৰ খণ্ড কাৰ্যালয়সমূহ ই-উদ্বোধন কৰে। শ্ৰী অমিত শ্বাহে "অনলাইন ড্ৰাগছ ডিচপজেবল ফৰ্থনাইট কেম্পেইন"ও আৰম্ভ কৰে, যাৰ লক্ষ্য হৈছে ৬,০০০ কোটি টকাৰো অধিক মূল্যৰ ২,০৯,৫০০ কিলোগ্ৰাম নিচাজাতীয় দ্ৰব্য ধ্বংস কৰা।

ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজি আমাৰ দেশখন নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে যুঁজৰ এক টাৰ্নিং পইণ্টত থিয় দিছে, য’ত অহা তিনিটা বছৰে সিদ্ধান্ত ল’ব যে ড্ৰাগছে আমাক জয় কৰিব নে আমি ড্ৰাগছক জয় কৰিম। তেওঁ কয় যে আগন্তুক ১০০ বছৰৰ দেশৰ ভৱিষ্যতৰ বাবে আমি দৃঢ়তা আৰু যৌথ প্ৰচেষ্টাৰে এই যুদ্ধত জয়ী হ’ব লাগিব। এই যুদ্ধ কোনো এটা বিভাগ, ৰাজ্য, চৰকাৰ বা ব্যক্তিয়ে কৰিব নোৱাৰে; বৰঞ্চ সকলো ৰাজ্য আৰু নিজ নিজ বিভাগে একেখন মঞ্চত একত্ৰিত হ’ব লাগিব। এই যুঁজত আমি জনসাধাৰণক অনুপ্ৰাণিত কৰা ব্যক্তিসকলক, দেশৰ ভৱিষ্যত গঢ় দিয়া যুৱক-যুৱতীসকলক, আমাৰ নাৰী শক্তিকো জড়িত কৰিব লাগিব। তেতিয়াহে আমি এই যুঁজত সম্পূৰ্ণ সফল হম। শ্ৰী শ্বাহে কয় যে ড্ৰাগছৰ সমস্যা কেৱল আইন-শৃংখলা আৰু জনস্বাস্থ্যৰ বিষয় নহয়, ই আভ্যন্তৰীণ সুৰক্ষা, সামাজিক স্থিতিশীলতা, অৰ্থনৈতিক স্বাৰ্থৰ সুৰক্ষা আৰু আমাৰ যুৱ প্ৰজন্মৰ সৈতেও জড়িত, আৰু তেওঁলোকৰ জৰিয়তে দেশৰ ভৱিষ্যতৰ সৈতেও সংলগ্ন। এই সমস্যা সম্পূৰ্ণৰূপে জয় কৰাটো ভাৰতৰ সকলো ৰাজ্যৰে সামূহিক লক্ষ্য হ’ব লাগে।

শ্ৰী অমিত শ্বাহে কয় যে এই সমস্যাটো ড্ৰাগছ সৰবৰাহ, সংগঠিত অপৰাধ, নিচাযুক্ত সন্ত্ৰাসবাদী বিত্তীয় সাহায্য আৰু সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদী নেটৱৰ্কৰ বাবে পুঁজিৰে বিকশিত হোৱা নিচাযুক্ত সন্ত্ৰাসবাদৰ পৰিৱেশতন্ত্ৰত পৰিণত হৈছে। আমাৰ দেশৰ আভ্যন্তৰীণ নিৰাপত্তা, অৰ্থনীতি আৰু আমাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আমি এই সমস্যা সম্পূৰ্ণৰূপে জয় কৰিব লাগিব। আমি ডেথ ট্ৰাইএংগল আৰু ডেথ ক্ৰেচেণ্টৰ মাজত অৱস্থিত আৰু ড্ৰ’ন ভিত্তিক যোগান, সাগৰৰ মাজেৰে কণ্টেইনাৰযুক্ত কাৰ্গো, ডাৰ্কনেট, ক্ৰিপ্টো পেমেণ্ট, অৰ্ডাৰ-টু-ডেলিভাৰী মডেল আৰু পাৰ্চেল ব্যৱহাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীয়ে আমাৰ যুঁজখন আৰু অধিক কঠিন কৰি তুলিছে। নিচাযুক্ত অপৰাধীসকল প্ৰযুক্তিগতভাৱে শক্তিশালী, নেটৱৰ্ক ভিত্তিক হৈ পৰিছে আৰু আমাৰ ওচৰত বহুপাক্ষিক অপৰাধৰ সন্মুখীন হৈছে। এই কঠিন যুদ্ধৰ প্ৰতি আমাৰ সঁহাৰি সামূহিক আৰু সংগঠিত, ৰূপৰেখা ভিত্তিক, আধুনিক আৰু চোৰাংচোৱাৰ নেতৃত্বত হ’ব লাগিব। আমাৰ দৃষ্টিভংগী প্ৰযুক্তি-চালিত হ’ব লাগিব আৰু আমি নিৰ্দয় দৃষ্টিভংগীৰে নেটৱৰ্ককেন্দ্ৰিক যুদ্ধ কৰিব লাগিব, তেতিয়াহে আমি এই সমস্যাৰ বিৰুদ্ধে জয়লাভ কৰিব পাৰিম।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আমি ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰতি নিৰ্দয় দৃষ্টিভংগী আৰু ড্ৰাগছৰ ভুক্তভোগীসকলৰ প্ৰতি সহানুভূতিশীল দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব। তেওঁ কয় যে কেৱল আমাৰ সদিচ্ছাইহে এইক্ষেত্ৰত বলি হোৱা শিশুসকলক স্বাভাৱিক জীৱনৰ সৈতে পুনৰ সংযোগ কৰিব পাৰিব আৰু আমি তেওঁলোকক পুনৰ সঠিক পথত আগুৱাই নিবলৈ কাম কৰিব লাগিব।

শ্ৰী অমিত শ্বাহে কয় যে আজি ইয়াত আগবঢ়োৱা উপস্থাপনত চাৰিটা স্তম্ভৰ ভিতৰত আমাৰ যুঁজখনৰ স্পষ্ট ৰূপৰেখা দাঙি ধৰা হৈছে, প্ৰতিটো স্তম্ভৰ ভিতৰত উপ-স্তম্ভ আছে। প্ৰতিটো উপ-স্তম্ভই লক্ষ্য আৰু ইয়াক লাভ কৰাৰ সময়ো চিনাক্ত কৰে। এবছৰৰ পাছত আমি এই পৰিকল্পনাটো পৰ্যালোচনা কৰিম, ইয়াক পুনৰ সংজ্ঞায়িত কৰি যুঁজখনৰ শেষৰ দুটা বছৰ আগুৱাই যাম।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আজি ইয়াত এনচিবিৰ বাৰ্ষিক প্ৰতিবেদনো মুকলি কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ ড্ৰাগছমুক্ত ভাৰতৰ ৰূপৰেখাৰ ভিজন ডকুমেণ্টো উন্মোচন কৰা হয়। আজি এনচিবিৰ গুৱাহাটী আৰু জম্মুৰ খণ্ড কাৰ্যালয়ৰ শুভাৰম্ভ কৰা হয়। আজিলৈকে ১৫,৮৭৬খন জিলা পৰ্যায়ৰ এনচিঅ’আৰডিৰ বৈঠক, ২৬৬খন ৰাজ্যিক পৰ্যায়ৰ বৈঠক, সাতখন কাৰ্যবাহী পৰ্যায়ৰ বৈঠক আৰু আজি আমি আমাৰ দশমখন শীৰ্ষ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছোঁ। সকলো ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী অধীক্ষকসকলে এনচিঅ’আৰডিৰ বৈঠকসমূহ যাতে ফলপ্ৰসূ হয় তাৰ বাবে চেষ্টা কৰিব লাগে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰতৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু লগতে আমাক ড্ৰাগছমুক্ত ভাৰতৰ লক্ষ্যও দিছে। প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্ধাৰণ কৰা এই লক্ষ্যত উপনীত হ’বলৈ ২০২৬ চনৰ পৰা ২০২৯ চনলৈ চাৰিটা ডাঙৰ স্তম্ভৰ ওপৰত ভিত্তি কৰি ৰূপৰেখা নিৰ্মাণ কৰা হৈছে। প্ৰথম স্তম্ভটো হ’ল এনফৰ্চমেণ্ট, ইণ্টেলিজেন্স এণ্ড অপাৰেচন। ইয়াৰ উদ্দেশ্য হৈছে সমগ্ৰ নেটৱৰ্কত লক্ষ্য নিৰ্ধাৰণ কৰি চোৰাংচোৱাৰ নেতৃত্বত অভিযান চলোৱা আৰু ইয়াক ভাঙি পেলোৱা। দ্বিতীয় স্তম্ভটো হ’ল প্ৰিকিউচৰ্ছ আৰু চিন্থেটিক ড্ৰাগ কণ্ট্ৰ’ল। আমি উৎপাদন পৰ্যায়তে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ বন্ধ কৰাৰ কৌশল গ্ৰহণ কৰিব লাগিব। তৃতীয় স্তম্ভটো হ’ল চাহিদা আৰু ক্ষতি হ্ৰাসকৰণ, যিটো আমি সমাজ, শিক্ষা আৰু পুনৰ্বাসনৰ জৰিয়তে আগবাঢ়িব লাগিব। সামৰ্থ্য বিকাশ, সমন্বয় আৰু নিৰীক্ষণৰ চতুৰ্থ স্তম্ভটোক দক্ষ, সমন্বিত, দায়বদ্ধ আৰু আধুনিক কৰি তুলিবলৈ ডিজাইন কৰা হৈছে। এই ৰূপৰেখাটো সমগ্ৰ চৰকাৰ আৰু সমাজৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে। এই ৰূপৰেখাত ভাৰতৰ প্ৰতিজন নাগৰিকৰ ভূমিকা সন্নিবিষ্ট কৰা হৈছে যদিও নাগৰিকক প্ৰেৰণা দিয়াৰ কাম সকলো ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰৰ সকলো বিভাগৰ সচিবসকলে কান্ধত ল’ব। এই ৰূপৰেখাৰ সফলতা আৰু ইয়াৰ লক্ষ্যসমূহ সময়মতে লাভ কৰাৰ বাবে দায়িত্বসমূহ ভাগ কৰা হৈছে আৰু এটা নিৰীক্ষণ ব্যৱস্থা স্থাপন কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ড্ৰাগছ সেৱনৰ বিৰুদ্ধে যুঁজখনক তিনিটা শব্দত সামৰি ল’ব পাৰি : ডিটেক্ট, ডিচৰাপ্ট আৰু ডেষ্ট্ৰয়। সীমান্ত আৰু স্পৰ্শকাতৰ জিলাসমূহত এইচ ইউ এম আই এন টি, কাৰিকৰী চোৰাংচোৱা আৰু সামূহিক নিৰীক্ষণৰ জৰিয়তে আমি তিনিওবিধ উতপাদক চক্ৰ ভাঙি পেলাবলৈ আগবাঢ়িব লাগিব : বিদেশৰ পৰা দেশলৈ ড্ৰাগছ সৰবৰাহ কৰা, দেশৰ ভিতৰত ৰাজ্যসমূহলৈ সৰবৰাহ আৰু ৰাজ্যৰ পৰা ব্যৱহাৰকাৰীলৈ পৰিবহণ কৰা। আমাৰ সকলো বিত্তীয় সংস্থাই ডাৰ্ক ৱেব মনিটৰিং, হাৱালা, ক্ৰিপ্টো লেনদেন আৰু বন্দৰ আৰু বিমানবন্দৰৰ ব্যৱহাৰৰ ওপৰত এটা সাধাৰণ কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ নিজৰ সামৰ্থ্য অনুসৰি সমন্বিতভাৱে কাম কৰিব লাগিব। "ধ্বংস"ৰ অধীনত আমি ড্ৰাগছ সৰবৰাহকাৰীক তেওঁলোকৰ উৎস, ট্ৰেনজিট, বিত্ত আৰু নেতৃত্বকে ধৰি প্ৰতিটো স্তৰতে দমন কৰিব লাগিব। আমি অবৈধ ড্ৰাগছ ধ্বংস কৰাৰ অভিযান আৰম্ভ কৰিব লাগিব। সংস্থাসমূহে অবৈধ পৰীক্ষাগাৰৰ স্থান নিৰ্ণয় কৰি নিৰ্দয়ভাৱে ধ্বংস কৰাৰ ব্যৱস্থা গঢ়ি তুলিব লাগিব। আমি নিয়ন্ত্ৰিত ডেলিভাৰী কাৰ্যকলাপৰ নতুন পদ্ধতিও বিচাৰিব লাগিব আৰু এই পদ্ধতিৰ নিৰন্তৰ বলৱৎ আৰু নিৰীক্ষণৰ জৰিয়তে আমি ইয়াক ইয়াৰ যুক্তিসংগত সিদ্ধান্তলৈ লৈ যাব লাগিব। শ্ৰী শ্বাহে কয় যে আমি পিএমএলএ আৰু ইডিৰ জৰিয়তে ড্ৰাগছ সৰবৰাহকাৰীৰ বিত্তীয় সাহায্য নিৰ্দয়ভাৱে তদন্ত কৰিব লাগিব আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ নেটৱৰ্ক ভাঙি পেলোৱাৰ দায়িত্ব আমাৰ আছে। "ধ্বংস"ৰ অধীনত ভাঙি পেলোৱা নেটৱৰ্কটো আমি নিৰ্দয়ভাৱে মষিমূৰ কৰি পেলাব লাগিব যাতে ইয়াক পুনৰ প্ৰতিষ্ঠা কৰিব নোৱাৰি। আটক কৰা মূল সৰবৰাহকাৰীসকলক ৰেহাই দিয়া উচিত নহয় আৰু ইয়াৰ বাবে সকলো ব্যৱস্থা আমাৰ আইনত উপলব্ধ। নিচামুক্তকৰণ আৰু পুনৰ্বাসনৰ জৰিয়তে আমি যোগান হ্ৰাস কৰি সেইবোৰ ধ্বংস কৰিবলৈ আগবাঢ়িব লাগিব। এই সমগ্ৰ ৰূপৰেখাটো এই তিনিটা শব্দৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে : ডিটেক্ট, ডিচৰাপ্ট আৰু ডেষ্ট্ৰয়।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰৰ সকলো মন্ত্ৰালয়, ৰাজ্য, বিভাগে একেলগে কাম কৰি ড্ৰাগছ সেৱনৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি ৰূপায়ণ কৰিব লাগিব। এন ডি পি এছৰ ডাঙৰ ডাঙৰ গোচৰৰ বিত্তীয় তদন্ত ৰাজ্যৰ আৰক্ষী অধীক্ষকৰ বাবে বাধ্যতামূলক কৰিব লাগিব। অপৰাধৰ পৰা পোৱা ধনৰ পৰা আৰম্ভ কৰি অপৰাধীক চিনাক্ত কৰা, সেয়া ফ্ৰীজ কৰা, জব্দ কৰা আৰু কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াত বাধা দিয়ালৈকে সমগ্ৰ প্ৰক্ৰিয়াটো প্ৰমাণভিত্তিক আৰু আধুনিক প্ৰযুক্তিৰে সজ্জিত হ’ব লাগিব। বিশেষ আদালত স্থাপন, পৰ্যাপ্ত সংখ্যক ন্যায়াধীশ নিশ্চিত কৰা আৰু শাস্তি নিৰ্ধাৰণৰ বাবে ডাঙৰ ডাঙৰ গোচৰৰ দৈনিক শুনানি অগ্ৰাধিকাৰ দিয়াৰ বাবেও গৃহ মন্ত্ৰালয়ে সকলো উচ্চ ন্যায়ালয়ৰ আগত এই বিষয়টো উত্থাপন কৰিছে। যদিহে আমি বাস্তৱ সময়ৰ অংশীদাৰিত্ব নিশ্চিত নকৰোঁ, আমি ধনৰ লেনদেন অনুসৰণ কৰিব নোৱাৰিম আৰু সেয়েহে, আমি বাস্তৱ সময়ৰ অংশীদাৰিত্ব নিশ্চিত কৰিব লাগিব।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে আমি পূৰ্বসূৰী আৰু মনোৰোগ সৃষ্টিকাৰী পদাৰ্থৰ সময়সূচী পুনৰ বিবেচনা কৰিব লাগিব আৰু নাৰ্কো-ফাইনেন্সিঙৰ বিৰুদ্ধে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰিব লাগিব। সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে ড্ৰাগছমুক্ত ভাৰত অভিযান আৰু জনসচেতনতা অভিযান, সম্প্ৰদায়ৰ সংযোগ আৰু চিকিৎসা তথা পুনৰ্বাসন সেৱাসমূহ সম্প্ৰসাৰণ কৰি ইয়াৰ চাহিদা হ্ৰাস কৰিব লাগিব। স্বাস্থ্য মন্ত্ৰালয়ে ফাৰ্মাচিউটিকেল ডাইভাৰচন আৰু অনলাইন ফাৰ্মাচীৰ নিৰীক্ষণ নিশ্চিত কৰিব লাগিব। শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ মাধ্যমিক শিক্ষা আৰু উচ্চ শিক্ষা বিভাগে ড্ৰাগছমুক্ত কেম্পাছৰ পৰিকাঠামো গ্ৰহণ কৰিব লাগিব। আমি সকলোৰে সন্মতি সাপেক্ষে এই ধাৰণাটোক প্ৰচাৰ কৰাৰ সমান্তৰালকৈ অভিভাৱক আৰু শিক্ষকৰ সজাগতাও সুনিশ্চিত কৰিব লাগিব।

শ্ৰী অমিত শ্বাহে কয় যে মূল সৰবৰাহকাৰী চিনাক্ত কৰিবলৈ এনচিআৰবি, এনএফএছইউ, ডিএফএছএছ, আই৪চি  আৰু নেটগ্ৰিডিয়ে নিজ নিজ পৰ্যায়ত বহু কাম কৰিব লাগিব। ৰাজ্যসমূহে এএনটিএফসমূহক পূৰ্ণকালীনভাৱে গঢ়ি তুলিব লাগিব আৰু ৰাজ্যিক আৰক্ষী অধীক্ষকসকলে ইয়াক নিবেদিত, সম্পদশালী, সজ্জিত আৰু দায়বদ্ধ গোটলৈ ৰূপান্তৰিত কৰিবলৈ কাম কৰিব লাগে। ড্ৰাগছৰ বাণিজ্যিক পৰিমাণৰ সম্পৰ্কে বিত্তীয় তদন্ত আৰু ইয়াৰ সংযোগ আমাৰ তদন্তৰ এক গুৰুত্বপূৰ্ণ অংশ হ’ব লাগে, কিয়নো ইয়াৰ অবিহনে আমি ব্যৱস্থাটো ভাঙি পেলাব নোৱাৰোঁ। ৰাজ্য আৰু জিলা পৰ্যায়ৰ এন চি অ’ ডিৰ বৈঠকসমূহ ফলপ্ৰসূ হ’ব লাগে আৰু নিবিড়ভাৱে নিৰীক্ষণ কৰিব লাগে। আমি শক্তিশালী অভিযোগনামা আৰু ফলপ্ৰসূ বিচাৰৰ বাবে বিশেষ ৰাজহুৱা অভিযুক্ত থকাৰ দিশত আগবাঢ়িব লাগে আৰু ৰাজ্যিক আৰক্ষী অধীক্ষকসকলে একচেটিয়া এনডিপিএছ আদালতৰ বাবে নিজৰ গৃহ বিভাগৰ জৰিয়তে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লাগে। ৰাজ্যসমূহেও অভিভাৱক, অধ্যাপক আৰু শিক্ষকৰ মাজত চাহিদা হ্ৰাস, চিকিৎসা, পুনৰ্বাসন আৰু সজাগতাৰ বাবে প্ৰতিটো বিভাগতে এজন ন’ডেল বিষয়া নিযুক্তি দিব লাগে। ইয়াৰ উপৰি চিবিআইৰ জৰিয়তে আমি পলাতক অভিযুক্তক ঘূৰাই অনাৰ অভিযান আৰম্ভ কৰিছোঁ, যিটো অতি সফল হৈছে। ৰাজ্য চৰকাৰসমূহক অনুৰোধ জনোৱা হৈছে যে যিসকল বিদেশত লুকাই থকা ড্ৰাগছ সৰবৰাহকাৰী বা গেংষ্টাৰ আছে তেওঁলোকৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ নটিছ জাৰি কৰি, চিবিআই আৰু অন্যান্য সংস্থাসমূহ ব্যৱহাৰ কৰি ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰক।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ২০০৪ চনৰ পৰা ২০১৪ চনলৈ ৪০ হাজাৰ কোটি টকাৰ ২৬ লাখ কিলোগ্ৰাম কৃত্ৰিম ড্ৰাগছ জব্দ কৰা হৈছে, আনহাতে ২০১৪ চনৰ পৰা ২০২৬ চনলৈ ১ কোটি ১৮ লাখ কিলোগ্ৰাম ১,৮৪,০০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। ইয়াৰ পৰা দেখা যায় যে আমাৰ অভিযান সফলতাৰ দিশে আগবাঢ়িছে। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ ৮০০০ কোটি টকাৰ ৩,২৬,০০০ কিলোগ্ৰাম ড্ৰাগছ ধ্বংস হৈছিল, আনহাতে ২০১৪ চনৰ পৰা ২০২৬ চনৰ ভিতৰত আমি ৮৯,৮৯৬ কোটি টকাৰ ৪২,৪৭,০০০ কিলোগ্ৰাম ড্ৰাগছ ধ্বংস কৰিছোঁ। একেদৰে আমি অবৈধ কানি বা ভাং খেতিৰ ধ্বংস ধাৰাবাহিকভাৱে বৃদ্ধি কৰি আহিছোঁ। ২০২০ চনত ১০ হাজাৰ একৰ অবৈধ আফিং খেতি ধ্বংস কৰা হৈছিল, ২০২৫ চনত আমি ৪২,২৮২ একৰ এনে অবৈধ খেতি ধ্বংস কৰিছিলোঁ। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ ১ লাখ ৭৩ হাজাৰ গোচৰ পঞ্জীয়ন হৈছিল, যাৰ ফলত ১,৯৫,০০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। ২০১৪ চনৰ পৰা ২০২৬ চনলৈকে ৮ লাখ ৭৫ হাজাৰ গোচৰ পঞ্জীয়ন হৈছিল আৰু ১০ লাখ ৯৭ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই পৰিসংখ্যাই প্ৰমাণ কৰে যে আমি যেতিয়া চেষ্টা কৰিম তেতিয়া আমি সফলতা লাভ কৰিম। মোদী চৰকাৰে নিজৰ প্ৰচেষ্টা নিৰ্দিষ্ট কৰিছে, লক্ষ্য কেন্দ্ৰীভূত কৰিছে আৰু সময়সীমাবদ্ধ প্ৰচেষ্টাত নিয়োজিত হৈছে। আমি ড্ৰাগছৰ বিৰুদ্ধে যুঁজৰ সকলো মূল বিন্দু চিনাক্ত কৰি এই ৰূপৰেখা প্ৰস্তুত কৰিছোঁ।

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে আমি যদি এই যুদ্ধখন সমূহীয়াকৈ আৰু ঐক্যবদ্ধভাৱে আগবঢ়াই নিওঁ তেন্তে আমি নিশ্চয় জয়লাভ কৰিম। তিনি বছৰৰ ভিতৰত ভাৰতত ড্ৰাগছৰ নেটৱৰ্ক নিৰ্মূল কৰাৰ দিশত আমি ভাৰতত যথেষ্ট অগ্ৰগতি লাভ কৰিম। যদি আমি সকলোৱে তিনি বছৰীয়া সময়সীমা আৰু এক ভাগ-বতৰা কৌশলৰ সৈতে একক লক্ষ্যৰে আৰু সামূহিকভাৱে কাম কৰোঁ, তেন্তে জয় নিশ্চিত।

 

****

RK/RR/PR/PS/KD


(रिलीज़ आईडी: 2278297) आगंतुक पटल : 16
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Khasi , English , Urdu , Marathi , हिन्दी , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam