প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এফ আই এইচ হকী ৱমেনছ নেচন কাপ জয়ৰ বাবে ভাৰতীয় মহিলা হকী দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 21 JUN 2026 5:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এফ আই এইচ হকী ৱমেনছ নেচন কাপ জয় কৰাৰ বাবে ভাৰতীয় মহিলা হকী দলক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ প্ৰতিযোগিতাখনত দলটোৱে অসাধাৰণভাৱে উজ্জ্বল খেল প্ৰদৰ্শন কৰিছিল।

শ্ৰী মোদীয়ে দলটোক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আশা প্ৰকাশ কৰে যে এই বিজয়ে আন বহুতকে হকী খেলিবলৈ অনুপ্ৰাণিত কৰিব।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

“ভাৰতীয় হকী খেলুৱৈসকলে গৌৰৱ আৰু আনন্দৰ কঢ়িয়াই আনিছে!

এফ আই এইচ হকী ৱমেনছ নেচন কাপ জয় কৰাৰ বাবে মহিলা দলটোক অভিনন্দন। গোটেই প্ৰতিযোগিতাখনত দলটোৱে অসাধাৰণভাৱে উজ্জ্বল খেল প্ৰদৰ্শন কৰে। দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

এই বিজয়ে আন বহুতকো হকী খেলিবলৈ অনুপ্ৰাণিত কৰক।

@TheHockeyIndia”


*****************

 

MJPS/SS/ST/KD


(रिलीज़ आईडी: 2276380) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Gujarati , Odia , Tamil , Malayalam