প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাৰাষ্ট্ৰৰ পাৰভনীত দেৱাল ভাঙি পৰি প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

प्रविष्टि तिथि: 20 JUN 2026 6:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ পাৰভনীত  এখন দেৱাল ভাঙি পৰাৰ ফলত কেইবাজনো লোকে  প্ৰাণ হেৰুওৱাৰ ঘটনাত  গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই দুৰ্ঘটনাত প্ৰাণহানিৰ  ঘটনাটো  অতি  দুখজনক। তেওঁ  আপোনজনক হেৰুওৱাসকলৰ দুখৰ সমভাগী হোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এনেদৰে  লিখিছে;

“মহাৰাষ্ট্ৰৰ পাৰভনীত এখন দেৱাল ভাঙি পৰাৰ ফলত হোৱা প্ৰাণহানিৰ ঘটনা অত্যন্ত  দুখৰ বিষয়। মোৰ ভাবনা এই দুৰ্ঘটনাত নিজৰ আপোনজনক হেৰুওৱা   সকলৰ সৈতে আছে । আহতসকলে অতি সোনকালে আৰোগ্য লাভ কৰক ।

 

***

MJPS/SS/ST/DM


(रिलीज़ आईडी: 2275907) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Marathi , Bengali , Gujarati , Odia , Telugu , Malayalam