প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

प्रविष्टि तिथि: 20 JUN 2026 8:32AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সাহস, সৰলতা, নম্ৰতা আৰু জনসেৱাৰ প্ৰতি অটল দায়বদ্ধতাৰে চিহ্নিত তেওঁৰ এই যাত্ৰাই সমগ্ৰ দেশৰ জনসাধাৰণক  অনুপ্ৰাণিত কৰি আহিছে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে বহু বছৰ ধৰি ৰাজহুৱা জীৱনৰ মাজেৰে ৰাষ্ট্ৰপতিগৰাকীয়ে অসাধাৰণভাৱে দেশৰ বাবে  সেৱা আগবঢ়াই আহিছে  আৰু বিশেষভাৱে অভাৱগ্ৰস্ত তথা সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ লোকসকলৰ মংগলৰ প্ৰতি সংবেদনশীল হৈ আহিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ উন্নয়নৰ প্ৰতি তেওঁৰ অটল সমৰ্পণ অতি প্ৰেৰণাদায়ক।

শ্ৰী মোদীয়ে দেশৰ  সেৱা কৰি যাবলৈ  তেওঁৰ দীৰ্ঘ আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা কৰি কয় যে তেওঁ  শীঘ্ৰে ওড়িশাত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত তেওঁক লগ পাবলৈ আগ্ৰহী।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত লিখিছে;

‘ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জীলৈ জন্মদিনৰ উষ্ম শুভেচ্ছা।সাহস, সৰলতা, নম্ৰতা আৰু জনসেৱাৰ প্ৰতি অটল দায়বদ্ধতাৰে চিহ্নিত তেওঁৰ এই যাত্ৰাই সমগ্ৰ দেশৰ মানুহক অনুপ্ৰাণিত কৰি আহিছে।

ৰাজহুৱা জীৱনৰ বহু বছৰৰ মাজেৰে তেওঁ বিশেষকৈ অভাৱগ্ৰস্ত আৰু সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ  লোকসকলৰ মংগলৰ বাবে আবেগিকভাৱে তথা  অসাধাৰণভাৱে দেশৰ প্ৰতি  সেৱা আগবঢ়াই আহিছে। ভাৰতৰ উন্নয়নৰ প্ৰতি তেওঁৰ অটল সমৰ্পণ অতি প্ৰেৰণাদায়ক।

দেশৰ সেৱা কৰি যাবলৈ তেওঁ  দীর্ঘ আৰু সুস্থ জীৱনৰ আশীর্বাদ লাভ কৰক। আজিৰ পিছৰ দিনটোত ওড়িশাৰ অনুষ্ঠানত তেওঁক  লগ পাবলৈ আগ্ৰহী।

@rashtrapatibhvn”

 

*****

MJPS/SS/ST/DM


(रिलीज़ आईडी: 2275572) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Tamil , Telugu , Kannada , Malayalam