প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০-২১ জুনত পশ্চিমবংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
২০ জুনত হুগলীত অনুষ্ঠিত হ’বলগীয়া পশ্চিমবংগ দিৱস উদযাপনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে ৰেলৱে, কৃষি, গ্ৰামোন্নয়ন, মীন, পশুপালন খণ্ডৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগত কেইবাখনো গুৰুত্বপূৰ্ণ কেন্দ্রীয় কৃষি আঁচনিৰ আৰম্ভ কৰিব
এই আঁচনিসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, এগ্ৰিষ্টেক, প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় অভিযান আৰু প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা আদি অন্তৰ্ভুক্ত
প্ৰধানমন্ত্ৰীয়ে পি এম-কিষাণ নিধিৰ ২৩সংখ্যক কিস্তি ১৮,৮৮০ কোটি টকা মুকলি কৰিব, যাৰ ফলত সমগ্ৰ দেশৰ ৯.৪৪ কোটিৰো অধিক কৃষক উপকৃত হ’ব
প্ৰধানমন্ত্ৰীয়ে কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত তিনিখন থলুৱা আৰ্হিৰে নিৰ্মিত নৌসেনাৰ জাহাজ– আইএনএছ দুনাগিৰি, আইএনএছ সংশোধক আৰু আইএনএছ অগ্ৰয়ৰ শুভাৰম্ভ কৰিব
২০০ৰো অধিক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এম এছ এম ই)কে ধৰি ভাৰতীয় উদ্যোগৰ ব্যাপক অংশীদাৰিত্বৰে এই জাহাজসমূহ নিৰ্মাণ কৰা হৈছে
প্ৰধানমন্ত্ৰীয়ে ২১ জুনত কলকাতাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব দিব
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ মূল বিষয়বস্তু : "সুস্থ বাৰ্ধক্যৰ বাবে যোগ"
प्रविष्टि तिथि:
19 JUN 2026 11:54AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০-২১ জুন, ২০২৬ তাৰিখে পশ্চিমবংগ ভ্ৰমণ কৰিব। ২০ জুনৰ বিয়লি প্ৰায় ৩:৪৫ বজাত হুগলী জিলাৰ তাৰকেশ্বৰত পশ্চিমবংগ দিৱস উদযাপনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ পশ্চিমবংগৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰাম্ভ, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ এখন জনসভাও সম্বোধন কৰিব।
২১ জুনৰ পুৱা প্ৰায় ৬:৩০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কলকাতাত অনুষ্ঠিত হ’বলগীয়া দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ জন সমাৱেশক সম্বোধন কৰিব।
ইয়াৰ পিছত পুৱা প্ৰায় ৯:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত তিনিখন থলুৱা আৰ্হিৰে নিৰ্মিত নৌসেনাৰ জাহাজ– আই এন এছ দুনাগিৰি, আই এন এছ সংশোধক আৰু আই এন এছ অগ্ৰয় শুভাৰম্ভ কৰিব। এই উপলক্ষেও তেওঁ সভাত ভাষণ দিব।
হুগলীত প্ৰধানমন্ত্ৰী
পশ্চিমবংগ দিৱস উদযাপনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ সৈতে জড়িত ঐতিহাসিক তাৎপৰ্যপূৰ্ণ স্থান হুগলীৰ তাৰকেশ্বৰত এই ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান আয়োজন কৰা হৈছে।
পশ্চিমবংগ দিৱসৰ এইবাৰৰ মূল বিষয়বস্তু : "পশ্চিমবংগ : ঐতিহ্য, সমন্বয় আৰু উন্নয়ন", যি ৰাজ্যখনৰ সাংস্কৃতিক সমৃদ্ধি, সামাজিক সংহতি আৰু উন্নয়নমূলক আকাংক্ষাক প্ৰতিফলিত কৰে।
এই অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ কৰিব, ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব আৰু আধাৰশিলা স্থাপন কৰিব। ৰে’লৱে, কৃষি, গ্ৰামোন্নয়ন, মীন আৰু পশুপালনৰ দৰে খণ্ডসমূহক সামৰি লোৱা এই পদক্ষেপসমূহে আন্তঃগাঁথনি শক্তিশালী কৰিব, জীৱিকাৰ উন্নতি সাধন কৰিব, কৃষকৰ কল্যাণ বৃদ্ধি কৰিব আৰু সমগ্ৰ ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত কৰিব।
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পি এম-কিষাণ)ৰ ২৩সংখ্যক কিস্তিও মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই কিস্তিৰ অধীনত দেশজুৰি ৯.৪৪ কোটিৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ১৮,৮৮০ কোটি টকাৰ অধিক ধন হস্তান্তৰ কৰা হ’ব।
কেৱল পশ্চিমবংগতে ৪৫ লাখৰো অধিক হিতাধিকাৰীৰ একাউণ্টত ৯০০ কোটিতকৈ অধিক টকা জমা হ’ব, যাৰ ফলত ৰাজ্যখনত এই আঁচনিৰ অধীনত মুঠ ব্যয় ১৫ হাজাৰ কোটি টকাৰ অধিক হ’ব৷ ২০১৯ চনত এই আঁচনিখন আৰম্ভ হোৱাৰ পিছৰে পৰা সমগ্ৰ দেশতে মুঠ ব্যয় ৪.৪৬ লাখ কোটি টকা অতিক্ৰম কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগত কেন্দ্ৰীয় কৃষি আঁচনিৰ কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনি আৰম্ভ কৰিব। এই আঁচনিসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, ডিজিটেল কৃষি অভিযানৰ অধীনত এগ্ৰিষ্টেক, প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় অভিযান, প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা আদি অন্তৰ্ভুক্ত।
প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগত আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, যাৰ জৰিয়তে বিশ্বৰ সৰ্ববৃহৎ শস্য বীমা আঁচনিৰ সুবিধা ৰাজ্যখনৰ কৃষকসকলৰ মাজলৈ লৈ যাব। ২০২৬-২৭ চনৰ ভিতৰত এই পদক্ষেপৰ লক্ষ্য হৈছে পশ্চিমবংগৰ প্ৰায় ১৪ লাখ হেক্টৰ কৃষিভূমিৰ প্ৰায় ৫০ লাখ কৃষকক বীমা কভাৰেজ প্ৰদান কৰা, প্ৰায় ২৮,১৪০ কোটি টকাৰ আনুমানিক বীমা মূল্যৰ শস্যক সুৰক্ষা প্ৰদান কৰা আৰু যথেষ্ট পৰিমাণৰ প্ৰিমিয়াম ৰাজসাহায্যৰ জৰিয়তে কৃষকসকলক সহায় কৰা।
ডিজিটেল কৃষি অভিযানৰ অধীনত প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগত আৰম্ভ কৰিব এগ্ৰিষ্টেক। ইয়াৰ দ্বাৰা পৰীক্ষিত কৃষি সম্পৰ্কীয় সেৱা, যেনে- সাৰ বিতৰণ, কিষাণ ক্ৰেডিট কাৰ্ড, প্ৰত্যক্ষ লাভ হস্তান্তৰ আৰু ন্যূনতম সমৰ্থন মূল্য ব্যৱস্থাৰ অধীনত ক্ৰয়ৰ বাবে এক সংহত ডিজিটেল মঞ্চ প্ৰদান কৰা হ’ব। এই পদক্ষেপে কৃষি খণ্ডত ডিজিটেল প্ৰশাসন ব্যৱস্থাক শক্তিশালী কৰি তুলিব আৰু কৃষককেন্দ্ৰিক সেৱাৰ দক্ষতা প্ৰদানৰ সুবিধা প্ৰদান কৰিব।
ভাৰতীয় পৰম্পৰাগত পদ্ধতিৰ ওপৰত ভিত্তি কৰি বহনক্ষম, ৰাসায়নিক সাৰমুক্ত কৃষিৰ প্ৰসাৰৰ বাবে পশ্চিমবংগত প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে। ২০২৬-২৭ বৰ্ষৰ অনুমোদিত বাৰ্ষিক কাৰ্য পৰিকল্পনাৰ অধীনত ৰাজ্যখনে ১৭,৩০০ হেক্টৰ মাটিত বিস্তৃত ৩৪৬টা প্ৰাকৃতিক কৃষি ক্লাষ্টাৰ স্থাপন কৰাৰ লগতে জৈৱ-ইনপুট সম্পদ কেন্দ্ৰ সৃষ্টি কৰাৰ লগতে পৰিৱেশ-অনুকূল কৃষি পদ্ধতিৰ প্ৰসাৰৰ বাবে কৃষি সখীক সক্ৰিয় কৰি তুলিব।
সংহত কৃষি উন্নয়নৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগত প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা (পিএমডিডিকেৱাই) ৰূপায়ণৰ কামো আৰম্ভ কৰিব। এই আঁচনিখনৰ অধীনত পুৰুলীয়া, দাৰ্জিলিং, আলিপুৰদুৱাৰ আৰু ঝাৰগ্ৰাম জিলাক সামৰি লোৱা হ’ব আৰু কৃষি উৎপাদনশীলতা উন্নত কৰা, শস্যৰ বৈচিত্ৰ্য আৰু বহনক্ষম কৃষিৰ প্ৰসাৰ, শস্য চপোৱাৰ পিছৰ আন্তঃগাঁথনি আৰু জলসিঞ্চনৰ সুবিধাসমূহ শক্তিশালী কৰা, প্ৰতিষ্ঠানিক ঋণৰ সুবিধা বৃদ্ধি কৰা আৰু সামগ্ৰিক গ্ৰাম্য উন্নয়নৰ বাবে বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিৰ সমন্বয় নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰা হ’ব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে দক্ষিণ ২৪ পৰগনাৰ ফ্ৰেজাৰগঞ্জত আধুনিকীকৃত আৰু সম্প্ৰসাৰিত মীন বন্দৰ আৰু বীৰভূমৰ ছেইন্থিয়াত নতুনকৈ নিৰ্মাণ কৰা আধুনিক মাছৰ বজাৰ উদ্বোধন কৰিব। এই প্ৰকল্পসমূহে মীনৰ আন্তঃগাঁথনি শক্তিশালী কৰিব, মাছ ধৰাৰ পিছৰ ব্যৱস্থাপনা উন্নত কৰিব আৰু মীন উৎপাদক আৰু ব্যৱসায়ীসকলক উন্নত বিপণনৰ সুবিধা প্ৰদান কৰিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে নদিয়া জিলাৰ হৰিংঘাটাত স্থাপন কৰা ছাগলীৰ বাবে আঞ্চলিক বীৰ্য উৎপাদন পৰীক্ষাগাৰ আৰু বীৰ্য বেংকো উদ্বোধন কৰিব। পশুপালন আৰু দুগ্ধ বিভাগৰ ৰাষ্ট্ৰীয় পশুধন অভিযানৰ অধীনত প্ৰতিষ্ঠিত এই সুবিধা পূব ভাৰতত এয়াই প্ৰথম আৰু ই বৈজ্ঞানিক পশুপালন, প্ৰজনন, জিনীয় উন্নতি আৰু উৎপাদনশীলতা বৃদ্ধিত যথেষ্ট অৰিহণা যোগাব।
প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৫৯০ কোটি টকাৰ গুৰুত্বপূৰ্ণ ৰেল প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰিব আৰু দেশৰ বাবে উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে হাওৰা জিলাৰ সংক্ৰাইল-সন্ত্ৰগাছি লিংক লাইন প্ৰজেক্ট ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই প্ৰকল্পই পূব ভাৰতৰ অন্যতম ব্যস্ত ৰেল কৰিডৰ ভিৰমুক্ত কৰাৰ লগতে কাৰ্যকৰী দক্ষতা উন্নত কৰাৰ উপৰি যাত্ৰীবাহী আৰু মালবাহী ৰেলৰ মসৃণ চলাচল সক্ষম কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
প্ৰধানমন্ত্ৰীয়ে হাওৰাত ৩০০খন বিছনাযুক্ত নতুন সংমণ্ডল ৰেলৱে চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। আধুনিক স্বাস্থ্যসেৱাৰ সুবিধা, উন্নত নিদান, বিশেষ চিকিৎসা সেৱা আৰু জৰুৰীকালীন সেৱাৰে সজ্জিত এই চিকিৎসালয়খনে ৰে’লৱে হিতাধিকাৰী আৰু অঞ্চলটোৰ জনসাধাৰণৰ বাবে স্বাস্থ্যসেৱা যথেষ্ট শক্তিশালী কৰিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে পূব মেদিনীপুৰ জিলাৰ হাওৰ আৰু ৰাধামোহনপুৰৰ মাজত নিৰ্মাণ হ’বলগীয়া এখন উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পই ৰেল আৰু পথ ব্যৱহাৰকাৰী উভয়ৰে সুৰক্ষা বৃদ্ধি কৰিব আৰু মসৃণ তথা নিৰৱচ্ছিন্ন যাতায়াতৰ সুবিধা নিশ্চিত কৰিব।
প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ (PMGSY-III)ৰ অধীনত উন্নীত কৰা ৪৯টা পথ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। পশ্চিমবংগৰ বিভিন্ন জিলাত মুঠ ৩১৫ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ এই প্ৰকল্পসমূহে গ্ৰাম্য সংযোগ উন্নত কৰিব, বজাৰ, শিক্ষানুষ্ঠান আৰু স্বাস্থ্যসেৱাৰ সুবিধাসমূহৰ প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব আৰু সুষম আঞ্চলিক উন্নয়নত অৰিহণা যোগাব।
সামূহিকভাৱে এই প্ৰকল্পসমূহ পশ্চিমবংগৰ আন্তঃগাঁথনি শক্তিশালী কৰা, কৃষকসকলক সবলীকৰণ, জীৱিকাৰ উন্নতি আৰু নতুন অৰ্থনৈতিক সুযোগ সৃষ্টিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। এই পদক্ষেপসমূহে সৰ্বাংগীণ বিকাশ, আধুনিক আন্তঃগাঁথনি আৰু বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰি বিকশিত পশ্চিমবংগ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীত যথেষ্ট অৰিহণা যোগাব।
কলকাতাত প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ ৰেড ৰোডৰ পৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী উদযাপনৰ নেতৃত্ব দিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সমাৱেশত ভাষণ দি সহস্ৰাধিক যোগ সাধনাৰ সৈতে কমন যোগ প্ৰট’কল ছেছনত অংশগ্ৰহণ কৰিব।
২০২৬ চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয়বস্তু "সুস্থ বৃদ্ধাৱস্থাৰ বাবে যোগ"-এ শাৰীৰিক স্বাস্থ্য, মানসিক সুস্থতা, আৱেগিক স্থিতিস্থাপকতা আৰু সক্ৰিয় বয়োবৃদ্ধিৰ ক্ষেত্ৰত যোগৰ ভূমিকাক আলোকপাত কৰে, যাৰ ফলত জীৱনৰ মান উন্নত হয়। আয়ুস বৃদ্ধি আৰু সুস্থ, সক্ৰিয় আৰু মৰ্যাদাপূৰ্ণ বয়োবৃদ্ধিৰ ওপৰত গুৰুত্ব বৃদ্ধি পোৱা এই যুগত এই বিষয়বস্তু বিশেষভাৱে প্ৰাসংগিক। ২০১৫ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে উদযাপন কৰাৰ বাবে ভাৰতৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লী, চণ্ডীগড়, লক্ষ্ণৌ, মহীশূৰ, নিউয়ৰ্ক (ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়), শ্ৰীনগৰ, বিশাখাপট্টনকে ধৰি বিভিন্ন স্থানৰ পৰা এই উদযাপনৰ নেতৃত্ব দি আহিছে।
বিশ্বৰ প্ৰায় ২৫০০ স্থানত যোগ দিৱস উদযাপন কৰা হৈছে, য’ত ২১০ টাতকৈও অধিক ভাৰতীয় দূতাবাস আৰু কনছুলেটৰে অংশগ্ৰহণ কৰিছে। ই স্বাস্থ্য, সমন্বয় আৰু সামূহিক কল্যাণৰ বাবে যোগৰ এক গোলকীয় আন্দোলন হিচাপে থকা মৰ্যাদা পুনৰ সুদৃঢ় কৰিছে।
প্ৰধানমন্ত্ৰীয়ে থলুৱা আৰ্হিৰে নিৰ্মিত এডভান্সড ষ্টিল্থ ফ্ৰিগেট আই এন এছ দুনাগিৰি, ছাৰ্ভেই ভেছেল (লাৰ্জ) আই এন এছ সংশোধক আৰু এণ্টি-ছাবমেৰিন অগভীৰ পানীৰ জাহাজ আই এন এছ অগ্ৰয় নামৰ তিনিখন নৌসেনাৰ জাহাজৰো শুভাৰাম্ভ কৰিব।
এইবোৰৰ প্ৰচলনে দেশৰ কাৰ্যকৰী ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব, সামুদ্ৰিক আধিপত্যত সজাগতা বৃদ্ধি কৰিব আৰু ভূ-ৰাজনৈতিক ভাবুকিৰ বিৰুদ্ধে আমাৰ উপকূলীয় জলসীমাৰ নিৰাপত্তা শক্তিশালী কৰিব।
এই তিনিওখন জাহাজৰ আৰ্হি ভাৰতীয় নৌসেনাৰ ৱাৰশ্বিপ ডিজাইন ব্যুৰোৱে প্ৰস্তুত কৰিছিল আৰু গাৰ্ডেন ৰিচ্চ শ্বিপবিল্ডাৰ এণ্ড ইঞ্জিনীয়াৰে (জি আৰ এছ ই) কলকাতাত নিৰ্মাণ কৰিছিল, য’ত ২০০ৰো অধিক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগকে ধৰি ভাৰতীয় উদ্যোগৰ ব্যাপক অংশীদাৰিত্ব আছিল। ৭৫ শতাংশতকৈ অধিক থলুৱা সামগ্ৰীৰে নিৰ্মিত এই জাহাজসমূহ ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতিও অন্যতম প্ৰমাণ।
***
MJPS/SS/ST/KD
(रिलीज़ आईडी: 2275525)
आगंतुक पटल : 6