প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশিষ্ট বৌদ্ধ পণ্ডিত ৰবাৰ্ট এ এফ থাৰমেনৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
18 JUN 2026 5:30AM by PIB Guwahati
ৰবাৰ্ট এ এফ থাৰমেনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে থাৰমেনক বৌদ্ধ ধৰ্মৰ এগৰাকী বিশিষ্ট পণ্ডিত, এগৰাকী বিশিষ্ট শিক্ষক আৰু ভাৰতৰ আজীৱন বন্ধু বুলি বৰ্ণনা কৰে। শ্ৰী মোদীয়ে কয় যে কামৰ জৰিয়তে থাৰমেনে বৌদ্ধ চিন্তাধাৰাক বিশ্বজুৰি জনপ্ৰিয় কৰি তুলিছিল আৰু ভিন্ন সংস্কৃতিৰ মাজত বুজাবুজিৰ স্থায়ী সেতু নিৰ্মাণ কৰিছিল।
কেইবছৰমান পূৰ্বে নিউয়ৰ্ক চহৰত থাৰমেনৰ সৈতে হোৱা বৈঠকৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ মাজত এক উৎকৃষ্ট বাৰ্তালাপ হৈছিল।
প্ৰধানমন্ত্ৰীয়ে দুখৰ সময়ত থাৰমেনৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অনুগামীসকলৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰে।
এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে কৈছে;
"বৌদ্ধ ধৰ্মৰ বিশিষ্ট পণ্ডিত, বিশিষ্ট শিক্ষক আৰু ভাৰতৰ আজীৱন বন্ধু ৰবাৰ্ট এ এফ থাৰমেনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। কৰ্মৰ জৰিয়তে তেওঁ বৌদ্ধ চিন্তাধাৰাক সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰিছিল আৰু লগতে ভিন্ন সংস্কৃতিৰ মাজত বুজাবুজিৰ স্থায়ী সেতু নিৰ্মাণ কৰিছিল। কেইবছৰমান পূৰ্বে নিউয়ৰ্ক চহৰত হোৱা আমাৰ সাক্ষাতৰ কথা মোৰ মনত পৰিছে, য’ত আমাৰ মাজত এক সুন্দৰ বাৰ্তালাপ হৈছিল। দুখৰ এই সময়ত তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অনুগামীসকললৈ সহানুভূতি প্ৰকাশ কৰিছো।"
*****
MJPS/SS/ST/HS
(ৰিলিজ আই ডি : 2274423)
অতিথি কক্ষ : 35
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam