বহু কণ্ঠস্বৰ, এটি অঞ্চল: ১৯ সংখ্যক এম আই এফ এফ-য়ে উত্তৰ-পূব ভাৰতৰ ছবি প্ৰদৰ্শনৰ বাবে বিশেষ শিতানৰ দিহা কৰিছে
খাচী পাহাৰৰ পৰা মণিপুৰৰ ওপঙা ঘাঁহনিলৈ, এমআইএফএফ ২০২৬-য়ে ভাৰতৰ উত্তৰ-পূবৰ চহকী পৰম্পৰা, ঐতিহাসিক, আৰু প্ৰাকৃতিক বৈচিত্ৰ্যক সমৰ্থন আগবঢ়াইছে
২০২৬ চনৰ ১৫ জুনৰ পৰা ২১ জুনলৈ অনুষ্ঠিত ১৯ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-ত সাংস্কৃতিকভাৱে সমৃদ্ধ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ চুটি কল্পকাহিনী আৰু তথ্যচিত্ৰৰ বাবে বিশেষভাৱে আয়োজন কৰা এটা শিতান আছে। এই ছবিসমূহত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ চহকী পৰম্পৰা, ঐতিহাসিক, আৰু পৰিৱেশগত বৈচিত্ৰ্য প্ৰদৰ্শন কৰা হৈছে। উল্লেখযোগ্য ব্যক্তি, যুগমীয়া পৰম্পৰা, বিভিন্ন সম্প্ৰদায়, আৰু পৰিৱৰ্তিত প্ৰাকৃতিক দৃশ্যপটৰ জৰিয়তে এই ছবিসমূহে ভাৰতৰ উত্তৰ-পূবক সংজ্ঞায়িত কৰা বহুতো কণ্ঠৰ উন্মোচন কৰে। খাচী, নাগামী, আও, ককবৰক, ভূটীয়া, অসমীয়া, মণিপুৰী আৰু মিজো আদি স্থানীয় ভাষাত নিৰ্মিত এই ছবিসমূহে উৎসৱৰ দৰ্শকসকলক ঐতিহ্য, পৰিচয়, সহণশিলতা, প্ৰকৃতিৰ জীপাল বৈচিত্ৰ্যৰ সৈতে পৰিচয় কৰাই দিয়ে যিয়ে অঞ্চলটোৰ দৈনন্দিন জীৱনৰ ছন্দক গঢ় দি আহিছে।
কা পটেং (খাচী)
শংকিৰং এল খংৱিৰৰ পৰিচালনা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম লিমিটেড-ৰ হৈ পনবিশাল চিদাম্বৰানাথনে প্ৰযোজনা কৰা “কা পটেং” ভাৰতৰ খাচী ভাষাৰ কল্পকাহিনীমূলক ৩০ মিনিট দৈৰ্ঘ্যৰ চুটি ছবি (২০২৩)।

বহু বছৰ ধৰি বিচ্ছেদৰ অন্তত তিনিগৰাকী বিচ্ছিন্ন ভাই-ভনীক একেখন চালিৰ তলত পুনৰ একত্ৰিত কৰা এগৰাকী মাতৃৰ মৃত্যুৰ পৰৱৰ্তি ঘটনাক্ৰমেৰে ৰচিত হৈছে ছবিখনৰ কাহিনীভাগ। জ্যেষ্ঠ ভ্ৰাতৃ চহৰত বহুদিন থকাৰ পিছত উভতি আহে, মাজুটো ল’ৰাই শৈশৱৰ এক যন্ত্ৰণাদায়ক স্মৃতিৰ ভাৰ বহণ কৰি লৈ ফুৰে আৰু সৰু ভনীয়েকে এনে এক ৰহস্য গোপন ৰাখিব খোজে যিয়ে তাইক তাইৰ আসন্ন মাতৃত্বক লৈ সন্দেহ কৰিবলৈ বাধ্য কৰে।

লেনটিনা আও – এ লাইট অন দ্য ইষ্টাৰ্ণ হৰাইজন (ইংৰাজী, নাগামিজ, আও)
সঞ্জীৱ পৰাশৰ আৰু নীলাক্ষী মেধি পৰিচালিত আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম লিমিটেড-ৰ দ্বাৰা নিৰ্মিত ২০২৩ চনৰ এই তথ্যচিত্ৰখন ইংৰাজী, নাগামিজ, আৰু আও ভাষাত উপস্থাপন কৰা হৈছে। নগা জনগোষ্ঠীৰ কল্যাণ আৰু উত্থানৰ বাবে নিজকে উৎসৰ্গা কৰা সমাজকৰ্মী লেনটিনা আওৰ অসাধাৰণ জীৱন আৰু উত্তৰাধিকাৰিত্বৰ ইতিহাস হৈছে এই ছবিৰ উপজীৱ্য। ১৯৫৫ চনত দূৰ্গম নগা পাহাৰত ধাত্ৰী হিচাপে যাত্ৰা আৰম্ভ কৰা লেনটিনা আওৱে বহু দশক ধৰি নিজৰ সম্প্ৰদায়ৰ সেৱাত উচৰ্গা কৰিছিল, প্ৰায়ে সামাজিক অন্যায়, শিপাই যোৱা পক্ষপাতিত্ব আৰু ব্যক্তিগত দুৰ্যোগৰ সন্মুখীন হৈছিল।

মাই লাষ্ট ফেচ: ফ্লেট-নজ (মাই লাষ্ট ফেচ: কুংগবাৰা) (ককবৰক, কৌব্ৰু)
সুজিত দেববাৰ্মা আৰু প্ৰণৱ জ্যোতি ডেকাৰ পৰিচালনা আৰু প্ৰণৱ জ্যোতি ডেকা, দিলীপ দেববাৰ্মা, আৰু সুজিত দেববাৰ্মাৰ প্ৰযোজনাৰে ২০২৪ চনৰ এই তথ্যচিত্ৰখন ককবৰক আৰু কৌব্ৰু ভাষাত উপস্থাপন কৰা হৈছে। ত্ৰিপুৰাৰ সতেজ প্ৰাকৃতিক দৃশ্যৰ বিপৰীতে নিৰ্মিত এই ছবিখনে পৰম্পৰাগত সাজ-পোছাক আৰু অলংকাৰৰ জৰিয়তে ৰেয়াং সম্প্ৰদায়ৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সন্ধান কৰিছে। কেৱল শৃংগাৰতকৈয়ো অধিক এই কাপোৰ আৰু অলংকাৰে সৌন্দৰ্য্, আধ্যাত্মিকতা, পৰিচয় আৰু সুৰক্ষাৰ চিৰস্থায়ী প্ৰতীক হিচাপে কাম কৰে, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি কাহিনী, বিশ্বাস আৰু পূৰ্বপুৰুষৰ জ্ঞান-সম্ভাৰ কঢ়িয়াই লৈ ফুৰে। এই জীৱন্ত পৰম্পৰাসমূহক নথিভুক্ত কৰি ছবিখনে সম্প্ৰদায়টোৰ সাংস্কৃতিক পদ্ধতি আৰু সামূহিক স্মৃতি আৰু পৰিচয় সংৰক্ষণৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে এক সুক্ষ্ম অন্তৰ্দৃষ্টি আগবঢ়াইছে।

শ্বাংগ্ৰিলা – দ্য হিডেন পেৰাডাইজ [ছিকিমী (ভূটীয়া)]
সমতেন ভূটীয়া পৰিচালিত আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম লিমিটেড-ৰ প্ৰযোজনাৰ ২০২৫ চনৰ এই তথ্যচিত্ৰখন হৈছে ছিকিমী (ভূটীয়া) ভাষাৰ ৯০ মিনিটীয়া ছবি। মহিমাময়ী মাউণ্ট কাঞ্চনজংঘা আশ্ৰিত হিমালয়ৰ ছিকিম ৰাজ্যত পৰিৱেশিত এই ছবিখনে অঞ্চলটোৰ আন্তঃৰাষ্ট্ৰীয়ভাৱে বিখ্যাত প্ৰাকৃতিক দৃশ্য আৰু পৰ্যটনৰ আবেদনসমূহৰ বাহিৰলৈ গৈ ইয়াৰ কম পৰিচিত ইতিহাস, সংস্কৃতি আৰু ভূগোলৰ অন্বেষণ কৰিছে। ৰাজ্যখনৰ ঐতিহ্য আৰু পৰিচয়ৰ গভীৰ সম্পৰীক্ষাৰ জৰিয়তে তথ্যচিত্ৰখনে এনে এখন ভূমিৰ এক আকৰ্ষনীয় প্ৰতিচ্ছৱি আগবঢ়াইছে যাৰ চহকী উত্তৰাধিকাৰিত্ব বহুলাংশে অন্বেষণ নোহোৱাকৈয়ে আছে।

টীনছ অব ১৯৪২ (বিয়াল্লিছৰ ল’ৰালি)(অসমীয়া)
২০২৩ চনত নিৰ্মিত অসমীয়া তথ্যচিত্ৰ “টীনছ অব ১৯৪২”ৰ পৰিচালনা সমীৰণ ডেকা আৰু প্ৰযোজনা সমীৰণ ডেকা আৰু ভাস্কৰ জ্যোতি দাসৰ। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া শ্ৰদ্ধাঞ্জলি হিচাপে নিৰ্মিত এই ছবিখনে কিশোৰ স্বাধীনতা সংগ্ৰামী ভোলানাথ নগৰীয়া আৰু ৰাধা বৰাৰ অসাধাৰণ দেশপ্ৰেমক উদযাপন কৰিছে। তেওঁলোকৰ খণ্ডিত স্মৃতিৰ সংবেদনশীল পুনৰ্গঠনৰ জৰিয়তে তথ্যচিত্ৰখনে এই সাহসী অথচ অখ্যাত নায়কদ্বয়ক সন্মান জনাইছে, তেওঁলোকৰ কাহিনী সংৰক্ষণ কৰি ভৱিষ্যত প্ৰজন্মক তেওঁলোকৰ সাহস, ত্যাগ আৰু ৰাষ্ট্ৰৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি দায়বদ্ধতাৰে অনুপ্ৰাণিত কৰিছে।

হিলিং প্ৰিষ্ট (পুইথিয়াম) (মিজো)
নেপোলিয়ন আৰ জে থাংগাৰ পৰিচালনাৰে নিৰ্মিত ২০২৬ চনৰ এই মিজো ভাষাৰ চুটি কল্পকাহিনীমূলক ছবিখন হৈছে পৰম্পৰা, বিশ্বাস আৰু সমসাময়িক উদ্বেগৰ ৯ মিনিটৰ অন্বেষণ। দৈবাউলৰ প্ৰাচীন মিজো নিৰাময় অনুষ্ঠানৰ আধাৰত, য’ত এজন পুইথিয়াম-য়ে (নিৰাময় কৰা পুৰোহিত) অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু ৰোগ সৃষ্টি কৰা বুলি বিশ্বাস কৰা দুষ্ট আত্মাক আঁতৰাই পঠাবলৈ লেংগলেপ ওলোমাই দিছিল, ছবিখনে অতীত আৰু বৰ্তমানৰ মাজত সেতুবন্ধন কৰিছে। ইয়াত এগৰাকী হতাশ যুৱকে নিজৰ অসুস্থ পিতৃক সুস্থ কৰাৰ উপায় বিচাৰি ফুৰাৰ কাহিনী, পৰম্পৰাগত নিৰাময় পদ্ধতি আৰু স্বাস্থ্য আৰু সুস্থতাৰ আধুনিক আকাংক্ষাৰ মাজৰ উত্তেজনাক লৈ চিন্তা কৰা হৈছে। এই আখ্যানৰ জৰিয়তে ছবিখনে মিজো সাংস্কৃতিক ঐতিহ্য আৰু অসুস্থতা আৰু নিৰাময়ক কেন্দ্ৰ কৰি থকা অটুত বিশ্বাসৰ আভাস দাঙি ধৰিছে।

মণিপুৰ ব্ৰ এণ্টলাৰ্ড ডীয়েৰ (সাংগাই) (মণিপুৰী আৰু ইংৰাজী)
আকাংক্ষা সুদ সিঙৰ পৰিচালনা আৰু ৰোশনী নাদাৰ মালহোত্ৰা আৰু ৰুশিকেশ আত্মাৰাম চৱনৰ প্ৰযোজনাৰে নিৰ্মিত ২০২৫ চনৰ এই তথ্যচিত্ৰখন মণিপুৰী আৰু ইংৰাজী ভাষাত নিৰ্মিত ৩০ মিনিটৰ দ্বিভাষিক ছবি। ইয়াত মণিপুৰ ৰাজ্যৰ চিনাকি প্ৰতীক হিচাপে পৰিগণিত হোৱা বিলুপ্তপ্ৰায় হৰিণৰ উপ প্ৰজাতি সাংগাইৰ কাহিনী অনুসৰণ কৰা হৈছে। জাতিগত আৰু ৰাজনৈতিক উত্তেজনাৰ দ্বাৰা গঠিত অঞ্চল এটাৰ পটভূমিত নিৰ্মিত এই তথ্যচিত্ৰখনে ৰাজ্যখনৰ অনন্য ওপঙা ঘাঁহনিৰ মাজেৰে গতি কৰা ৰূপৱতী প্ৰাণীটোক বন্দী কৰাৰ লগতে ইয়াৰ অস্তিত্বৰ দীৰ্ঘদিনীয়া সংগ্ৰামক উজলাই তুলিছে। সাংগাইৰ কাহিনীৰ জৰিয়তে ছবিখনে বন্যপ্ৰাণী, বাসস্থান সংৰক্ষণ, আৰু অঞ্চলটোৰ আৰ্থ-ৰাজনৈতিক বাস্তৱতাৰ মাজৰ ভংগুৰ সম্পৰ্কক প্ৰতিফলিত কৰিছে।
MIFF ত দৈনন্দিন অনুষ্ঠানৰ প্ৰেছ বিজ্ঞপ্তি আৰু উচ্চমানৰ ফটোসমূহ চাবলৈ Click here।
* * *
PIB Team MIFF | Mahesh Kumar/Sriyanka Chatterjee/Darshana Rane/KB
रिलीज़ आईडी:
2274107
| Visitor Counter:
20
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Khasi
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali-TR
,
Bengali
,
Gujarati
,
Tamil
,
Telugu
,
Kannada