পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত আন্তঃমন্ত্ৰালয়ৰ সংবাদ মেল

দেশত সাৰৰ সামগ্ৰিক মজুত সন্তোষজনক; ভাৰতীয় কৃষকে ইতিমধ্যে কালিৰ দিনটোলৈকে মুঠ প্ৰয়োজনীয়তাৰ প্ৰায় ২৭% সাৰ ক্ৰয় কৰিছে

কাৰ্যক্ষম হৈ থকা ইউৰিয়া প্ৰকল্পসমূহলৈ প্ৰাকৃতিক গেছৰ যোগান যোৱা ছয় মাহৰ তেওঁলোকৰ গড় ব্যৱহাৰৰ প্ৰায় ১০০% স্পৰ্শ কৰিছে

যোৱা ৪ দিনত প্ৰায় ১.৬৬ কোটি এলপিজি চিলিণ্ডাৰৰ বুকিঙৰ বিপৰীতে প্ৰায় ১.৮৪ কোটি চিলিণ্ডাৰ যোগান ধৰা হৈছে

ক’লা বজাৰ বা অননুমোদিতভাৱে সামগ্ৰীৰ দিশ সলনি কৰাৰ বিৰুদ্ধে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশ দিয়া হৈছে

প্ৰায় ৬২,৩৭০ মেট্ৰিক টন এলএনজি কঢ়িয়াই অনা 'দিশা' নামৰ এলএনজি কেৰিয়াৰ জাহাজখন আজি নিৰাপদে হৰমুজ প্ৰণালী অতিক্ৰম কৰিছে; ১৮ জুন ২০২৬ত জাহাজখন ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে

प्रविष्टि तिथि: 15 JUN 2026 6:07PM by PIB Guwahati

পশ্চিম এছিয়াৰ পৰিৱৰ্তনশীল পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে নাগৰিকসকলক নিয়মীয়া তথ্য যোগান ধৰি অৱগত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আজি নেচনেল মিডিয়া চেণ্টাৰত এক সংবাদ মেল অনুষ্ঠিত হয়, য’ত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে ইন্ধনৰ উপলব্ধতা, সামুদ্ৰিক কাৰ্যকলাপ, উক্ত অঞ্চলত থকা ভাৰতীয় নাগৰিকসকলক সাহায্য আৰু গুৰুত্বপূৰ্ণ খণ্ডসমূহত সুস্থিৰতা বজাই ৰাখিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে তথ্য প্ৰদান কৰে। ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়েও দেশত সাৰৰ উপলব্ধতা আৰু মজুতৰ স্থিতি সন্দৰ্ভত তথ্য আদান-প্ৰদান কৰে।

সাৰৰ মজুতৰ স্থিতি আৰু উপলব্ধতা

  • দেশত সাৰৰ সামগ্ৰিক মজুতৰ স্থিতি সন্তোষজনক।
  • খাৰিফ ২০২৬ৰ বাবে, কৃষি আৰু কৃষক কল্যাণ বিভাগে সাৰৰ প্ৰয়োজনীয়তা ৩৮৩.৯ এলএমটি বুলি পুনৰ নিৰ্ধাৰণ কৰিছে, যাৰ বিপৰীতে আজিৰ দিনটাত মজুত থকা সাৰৰ পৰিমাণ হৈছে প্ৰায় ১৯৬.৬৫ এলএমটি (৫১% তকৈ অধিক)। এয়া স্বাভাৱিকতে থকা প্ৰায় ৩৩% স্তৰতকৈ উল্লেখনীয়ভাৱে বেছি। ই চৰকাৰৰ উন্নত পৰিকল্পনা, আগতীয়া মজুতকৰণ আৰু দক্ষ লজিষ্টিক ব্যৱস্থাপনাক প্ৰতিফলিত কৰে।
  • চলিত খাৰিফ-২০২৬ ঋতুত ১৪.০৬.২০২৬ তাৰিখলৈকে ভাৰতীয় কৃষকে ইতিমধ্যে মুঠ ১০২.৭৮ এলএমটি ৰাসায়নিক সাৰ ক্ৰয় কৰিছে। এয়া মুঠ প্ৰয়োজনীয়তাৰ প্ৰায় ২৭%।
  • দেশত বৰ্তমান প্ৰায় ২২.৬০ এলএমটি জৈৱিক সাৰ মজুত আছে।
  • যুদ্ধৰ পিছৰ সময়ছোৱাত ভাৰতীয় কৃষকে ১১.৮২ এলএমটি জৈৱিক সাৰ ক্ৰয় কৰিছে (পঞ্জাৱ ২.৯১ এলএমটি, উত্তৰ প্ৰদেশ ২.৯৪ এলএমটি, হাৰিয়ানা ১.৪৪ এলএমটি, মধ্যপ্ৰদেশ ১.৩৪ এলএমটি, গুজৰাট ১.০ এলএমটি, মহাৰাষ্ট্ৰ ০.৮৭ এলএমটি), যাৰ বিপৰীতে যোৱা বছৰৰ একে সময়ছোৱাত ইয়াৰ পৰিমাণ আছিল ৩.৩১ এলএমটি। এই উল্লেখনীয় বৃদ্ধিয়ে জৈৱিক পুষ্টিৰ উৎস গ্ৰহণৰ প্ৰতি এক ইতিবাচক প্ৰৱণতা প্ৰদৰ্শন কৰে আৰু ৰাসায়নিক সাৰৰ পৰা ক্ৰমান্বয়ে জৈৱিক বিকল্পৰ প্ৰতি কৃষকৰ পছন্দৰ পৰিৱৰ্তনক সূচায়।
  • বৰ্তমান চলিত খাৰিফ বতৰৰ বাবে সাৰৰ উপলব্ধতাৰ ক্ষেত্ৰত কোনো ডাঙৰ প্ৰত্যাহ্বান নাই।
  • সংকটৰ পিছত সাৰৰ ঘৰুৱা উৎপাদন আৰু আমদানিৰ পৰিমাণ; (লাখ টনত)-

সামগ্ৰী

সংকটৰ পিছত ঘৰুৱা উৎপাদন

সংকটৰ পিছত ভাৰতীয় বন্দৰত উপস্থিত হোৱা আমদানি

ইউৰিয়া

৭৪.৯৫

২১.৯৫

ডিএপি

১০.৩৩

৪.১৮

এনপিকে

২৩.৯৩

৮.৫২

এছএছপি

১৪.৪৪

এমওপি

৪.৭১

মুঠ

১২৩.৬৫

৩৯.৩৬

  • সংকটকালীন পৰিস্থিতিৰ পিছত আমদানি আৰু ঘৰুৱা উৎপাদনৰ জৰিয়তে মুঠ প্ৰায় ১৬৩.০১ এলএমটি সাৰ উপলব্ধতাৰ তালিকাত যোগ কৰা হৈছে।
  • এই চলিত সংকটৰ সময়ছোৱাত ভাৰতে ৫০ এলএমটিতকৈ অধিক ইউৰিয়া আৰু পি এণ্ড কে সাৰ সুৰক্ষিত কৰিছে।
  • বিদেশত থকা ২৮টা ভাৰতীয় মিছন বা দূতাবাসৰ সৈতে সমন্বয় ৰাখি ভাৰতে ওমান, মালয়েছিয়া, ভিয়েটনাম, জৰ্জিয়া, নাইজেৰিয়া, ৰাছিয়া, ফিনলেণ্ড, ইজিপ্ত, আলজেৰিয়া, তুৰস্ক, নেডাৰলেণ্ডৰ পৰা ইউৰিয়া আৰু লোহিত সাগৰীয় পথ হৈ ৰাছিয়া, মৰক্কো, ইজিপ্ত, আমেৰিকা যুক্তৰাষ্ট্ৰ, জৰ্ডান, দক্ষিণ কোৰিয়া, তিউনিছিয়া, চৌদি আৰৱ আদিৰ পৰা ডিএপি/এনপিকে যোগান নিশ্চিত কৰিছে।
  • চলিত জুন মাহত ভাৰতীয় বন্দৰসমূহত ২৫ এলএমটিতকৈ অধিক আমদানিকৃত ইউৰিয়া, ডিএপি আৰু এনপিকে উপস্থিত হোৱাৰ সম্ভাৱনা আছে।
  • ভাৰতে ১৭ এলএমটি ইউৰিয়া সংগ্ৰহৰ বাবে গোলকীয় নিবিদা জাৰি কৰিছে, যাৰ প্ৰক্ৰিয়া বৰ্তমান চলি আছে।
  • সাৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় কেঁচামাল, অৰ্থাৎ ইউৰিয়া আৰু পি এণ্ড কে সাৰৰ উপলব্ধতা সাৰ বিভাগৰ দ্বাৰা নিয়মীয়াকৈ পৰ্যালোচনা কৰা হৈছে।
  • সাৰ বিভাগে কোম্পানীসমূহে উত্থাপন কৰা সকলো ৰাজসাহায্যৰ বিল সপ্তাহ ভিত্তিত নিয়মীয়াকৈ পৰিশোধ কৰি আছে আৰু বৰ্তমান সাৰৰ ৰাজসাহায্য পৰিশোধৰ বাবে পৰ্যাপ্ত বাজেট উপলব্ধ আছে।
  • সাৰৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ এতিয়ালৈকে ইজিঅ’এছৰ ১২খন বৈঠক অনুষ্ঠিত হৈছে আৰু উপলব্ধতাৰ ক্ষেত্ৰত থকা বেছিভাগ প্ৰত্যাহ্বান ইজিঅ’এছৰ দ্বাৰা সমাধান কৰা হৈছে।
  • ভাৰতৰ সাৰ সুৰক্ষা শক্তিশালী, সুস্থিৰ আৰু সু-পৰিচালিত হৈ আছে, য’ত সকলো মুখ্য সাৰৰ উপলব্ধতা ধাৰাবাহিকভাৱে প্ৰয়োজনীয়তাতকৈ অধিক হৈ আছে।

শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বৰ্তমানৰ ইন্ধন যোগান পৰিস্থিতিৰ সন্দৰ্ভত শেহতীয়া তথ্য প্ৰদান কৰে। পশ্চিম এছিয়াৰ পৰিৱৰ্তনশীল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পেট্ৰ’লিয়াম সামগ্ৰী আৰু এলপিজিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহ তলত উল্লেখ কৰা ধৰণৰ:

খাৰুৱা তেলৰ স্থিতি আৰু শোধনাগাৰৰ কাৰ্যকলাপ

  • সকলো শোধনাগাৰ পৰ্যাপ্ত খাৰুৱা তেলৰ মজুতৰ সৈতে উচ্চ ক্ষমতাত কাৰ্যক্ষম হৈ আছে, আনহাতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত বজাই ৰখা হৈছে।
  • ঘৰুৱা ব্যৱহাৰক সমৰ্থন কৰিবলৈ শোধনাগাৰসমূহৰ পৰা ঘৰুৱা এলপিজি উৎপাদন বৃদ্ধি কৰা হৈছে।
  • ঘৰুৱা বজাৰৰ বাবে পেট্ৰ’কেমিকেল ফিডষ্টক যোগান নিশ্চিত কৰিবলৈ এক আন্তঃমন্ত্ৰালয় যৌথ কৰ্মী গোট গঠন কৰা হৈছে। ভাৰত চৰকাৰে ০১.০৪.২০২৬ তাৰিখৰ নিৰ্দেশনা যোগে তৈল শোধনাগাৰ কোম্পানীসমূহক (পেট্ৰ’কেমিকেল কমপ্লেক্সসহ) চেণ্টাৰ ফৰ হাই টেকন’লজীৰ দ্বাৰা নিৰ্ধাৰিত গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ বাবে নিৰ্দিষ্ট নূন্যতম পৰিমাণৰ C3 আৰু C4 সোঁত উপলব্ধ কৰাৰ অনুমতি দিছে।
  • ফাৰ্মাচিউটিকেল বিভাগ, ৰাসায়নিক আৰু পেট্ৰ’কেমিকেল বিভাগ (DCPC), উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগৰ পৰা প্ৰাপ্ত অনুৰোধৰ ভিত্তিত, ফাৰ্মা, ৰাসায়নিক আৰু ৰং খণ্ডৰ কোম্পানীসমূহৰ বাবে এলপিজি পুলৰ পৰা দৈনিক ১১২০ মেট্ৰিক টন C3-C4 অণুৰ ব্যৱস্থা কৰা হৈছে।
  • ০১-জুন-২৬ ৰ পৰা মুম্বাই, কোচি, ভাইজাগ, চেন্নাই, মথুৰা আৰু গুজৰাট শোধনাগাৰসমূহে ৰাসায়নিক, ফাৰ্মা আৰু ৰং উদ্যোগসমূহলৈ ৫৮৬০ মেট্ৰিক টনতকৈ অধিক C3-C4 অণু (যাৰ ভিতৰত প্ৰপিলিন আৰু বিউটাইলিন অন্তৰ্ভুক্ত) আৰু প্ৰপিলিন তথা প্ৰায় ৫০৫০ মেট্ৰিক টন বিউটাইল এক্ৰিলেট বিক্ৰী কৰিছে।

খুচুৰা ইন্ধনৰ উপলব্ধতা আৰু মূল্য নিৰ্ধাৰণৰ ব্যৱস্থা

  • সমগ্ৰ দেশতে সকলো খুচুৰা বিপণী স্বাভাৱিকভাৱে চলি আছে।
  • মধ্যপ্ৰাচ্যৰ সংকটে খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি কৰিছে; যি নহওক, গ্ৰাহকক সুৰক্ষা দিবলৈ ভাৰত চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকাকৈ হ্ৰাস কৰিছে।
  • কিছুমান নিৰ্দিষ্ট অঞ্চলৰ খুচুৰা বিপণীসমূহত অস্বাভাৱিকভাৱে অধিক বিক্ৰী আৰু গ্ৰাহকৰ গধুৰ ভিৰ পৰিলক্ষিত হৈছে; তথাপিও সমগ্ৰ দেশৰ সকলো পেট্ৰ’ল পাম্পত পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত উপলব্ধ আছে।

প্ৰাকৃতিক গেছ যোগান আৰু পিএনজি সম্প্ৰসাৰণ উদ্যোগ

  • গ্ৰাহকসকলক অগ্ৰাধিকাৰ প্ৰদান কৰি ডি-পিএনজি  আৰু চিএনজি-পৰিবহণলৈ ১০০% যোগান নিশ্চিত কৰা হৈছে।
  • কাৰ্যক্ষম হৈ থকা ইউৰিয়া প্ৰকল্পসমূহলৈ গেছৰ যোগান বৰ্তমান যোৱা ছয় মাহৰ তেওঁলোকৰ গড় ব্যৱহাৰৰ প্ৰায় ১০০% ত আছে।
  • চিজিডি নেটৱৰ্কৰ জৰিয়তে যোগানসহ অন্যান্য ঔদ্যোগিক আৰু বাণিজ্যিক খণ্ডসমূহলৈ গেছ যোগান ৮০% লৈ বৃদ্ধি কৰা হৈছে।
  • বাণিজ্যিক এলপিজিৰ উপলব্ধতা সম্পৰ্কীয় উদ্বেগসমূহ দূৰ কৰিবলৈ চিজিডি সংস্থাসমূহক তেওঁলোকৰ সকলো জিএত হোটেল, ৰেষ্টুৰেণ্ট আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে।
  • ভাৰত চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় আবেদনসমূহৰ অনুমোদন খৰতকীয়া কৰিবলৈ অনুৰোধ জনাইছে।
  • ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক বাণিজ্যিক এলপিজিৰ অতিৰিক্ত ১০% আবণ্টনৰ প্ৰস্তাৱ দিছে, যদিহে তেওঁলোকে এলপিজিৰ পৰা পিএনজিলৈ দীৰ্ঘম্যাদী পৰিৱৰ্তনত সহায় কৰিব পাৰে।
  • ২২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ সৈতে জড়িত অতিৰিক্ত বাণিজ্যিক এলপিজি আবণ্টন লাভ কৰি আছে।
  • এক পৰিষ্কাৰ, অধিক সুৰক্ষিত আৰু স্বাৱলম্বী শক্তিৰ ভৱিষ্যতক উদগনি যোগাবলৈ ভাৰত চৰকাৰে এখন আৰ্হি খচৰা ৰাজ্যিক চিবিজি নীতি প্ৰস্তুত কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে ৰাজ্যসমূহক চিবিজি বিকাশৰ বাবে নিজা বিনিয়োগকাৰী-অনুকূল আৰু ৰূপায়ণ-মুখী পৰিৱেশ সৃষ্টি কৰাত এক সৰল নিৰ্দেশনামূলক গাঁথনি হিচাপে সহায় কৰা। এই নীতি গ্ৰহণ কৰা ৰাজ্যসমূহক বাণিজ্যিক এলপিজিৰ পৰৱৰ্তী অতিৰিক্ত আবণ্টনৰ বাবে অগ্ৰাধিকাৰ দিয়া হ’ব।
  • মার্চ ২০২৬ ৰ পৰা, প্ৰায় ৯.৭৬ লাখ পিএনজি সংযোগত গেছ যোগান আৰম্ভ কৰা হৈছে আৰু অতিৰিক্ত ৩.১৯ লাখ সংযোগৰ বাবে আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে, যাৰ ফলত মুঠ সংযোগৰ সংখ্যা ১২.৯৫ লাখলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও, প্ৰায় ৯.৭২ লাখ গ্ৰাহকে নতুন সংযোগৰ বাবে পঞ্জীয়ন কৰিছে।

এলপিজি যোগান

ঘৰুৱা এলপিজি যোগানৰ স্থিতি:

  • বৰ্তমানৰ পৰিস্থিতিৰ বাবে এলপিজি যোগান প্ৰভাৱিত হৈ আছে।
  • ঘৰুৱা পৰিয়ালসমূহলৈ এলপিজি যোগানক অগ্ৰাধিকাৰ দিয়া হৈছে।
  • এলপিজি ডিষ্ট্ৰিবিউটৰশ্বিপসমূহত কোনো নাটনি হোৱাৰ খবৰ পোৱা নাই।
  • কালি উদ্যোগ ভিত্তিক অনলাইন এলপিজি চিলিণ্ডাৰ বুকিং প্ৰায় ৯৯% লৈ বৃদ্ধি পাইছে।
  • ডিষ্ট্ৰিবিউটৰ পৰ্যায়ত সামগ্ৰীৰ অননুমোদিত দিশ সলনি ৰোধ কৰিবলৈ ডেলিভাৰী অথেনটিকেচন ক’ড আধাৰিত ডেলিভাৰী প্ৰায় ৯৬% লৈ বৃদ্ধি কৰা হৈছে। গ্ৰাহকৰ পঞ্জীভূক্ত ম’বাইল নম্বৰত এই ডিএচি লাভ কৰে।
  • যোৱা ৪ দিনত, প্ৰায় ১.৬৬ কোটি এলপিজি চিলিণ্ডাৰৰ বুকিঙৰ বিপৰীতে প্ৰায় ১.8৪ কোটি এলপিজি চিলিণ্ডাৰ যোগান ধৰা হৈছে।

বাণিজ্যিক এলপিজি যোগান আৰু আবণ্টন ব্যৱস্থা:

  • ভাৰত চৰকাৰে মুঠ বাণিজ্যিক আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ ৭০% লৈ নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছে, যাৰ কৰ্ম-আধাৰিত ১০% ও অন্তৰ্ভুক্ত।
  • যোৱা ৪ দিনত-
    • প্ৰায় ২.১৮ লাখ – ৫ কিলোগ্ৰামৰ এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।
    • ৮৭১ টা শিবিৰৰ জৰিয়তে ১৪,৫০০ তকৈ অধিক ৫ কেজিৰ এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।
    • মুঠ ২৪১৮৪ মেট্ৰিক টন বাণিজ্যিক এলপিজি বিক্ৰী কৰা হৈছে।
    • পিএছইউ অএমচিসমূহৰ দ্বাৰা প্ৰায় ৭২২ মেট্ৰিক টন অটো এলপিজি বিক্ৰী কৰা হৈছে।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে সমন্বিত প্ৰচেষ্টা আৰু প্ৰতিষ্ঠানিক তন্ত্ৰ

  • ৰাজ্য চৰকাৰসমূহক ‘অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫’ আৰু ‘এলপিজি নিয়ন্ত্ৰণ আদেশ, ২০০০’ এর অধীনত যোগান নিৰীক্ষণ কৰিবলৈ আৰু জমাখোৰী তথা ক’লা বজাৰৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ ক্ষমতা প্ৰদান কৰা হৈছে।
  • পেট্ৰ’ল, ডিজেল আৰু এলপিজি সহ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহে প্ৰাথমিক ভূমিকা পালন কৰিব লাগিব। ভাৰত চৰকাৰে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ একাধিক পত্ৰ আৰু ভিচিৰ জৰিয়তে এই কথা দোহাৰিছে।
  • ভাৰত চৰকাৰে একাধিক পত্ৰ আৰু ভিচিৰ জৰিয়তে পৰ্যাপ্ত ইন্ধনৰ উপলব্ধতা সম্পৰ্কে নাগৰিকসকলক আশ্বস্ত কৰিবলৈ সক্ৰিয় জনসংযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
  • ভাৰত চৰকাৰে ২৬.০৫.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকলক জিলা ভিত্তিক এইচএছডি/এমএছ ক্ৰয়ৰ ধৰণ নিৰীক্ষণ আৰু পৰ্যালোচনা কৰিবলৈ, স্পৰ্শকাতৰ অঞ্চল আৰু প্ৰধান পৰিবহণ/ঔদ্যোগিক কৰিডৰসমূহত পৰিদৰ্শন আৰু প্ৰৱৰ্তন কাৰ্যকলাপ তীব্ৰতৰ কৰিবলৈ উপযুক্ত নিৰ্দেশনা জাৰি কৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰ উদ্দেশ্য হৈছে উদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহকৰ দ্বাৰা খুচুৰা বিপণীৰ পৰা এইচএছডিৰ অননুমোদিত সংগ্ৰহ প্ৰতিহত কৰা আৰু উলংঘণকাৰীৰ বিৰুদ্ধে তৰিৎ শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰা।
  • ভাৰত চৰকাৰে ১০.০৬.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকলক জিলা উপায়ুক্ত/জিলা দণ্ডাধীশ/আয়ুক্ত/নগৰীয়া সংস্থাসমূহৰ বিশেষ বিষয়াসকলক নিজ নিজ এছএলচি/চিজিডি সংস্থাসমূহৰ সৈতে সহযোগিতা কৰি এলপিজি গ্ৰাহকসকলক সম্ভৱপৰ ঠাইত সম্পূৰ্ণৰূপে পিএনজিলৈ স্থানান্তৰিত হ’বলৈ উৎসাহিত কৰিবলৈ প্ৰয়োজনীয় নিৰ্দেশ জাৰি কৰিবলৈ অনুৰোধ জনাইছে। জিলা আৰু নগৰীয়া সংস্থাৰ প্ৰশাসনিক অংশগ্ৰহণৰ ফলত পিএনজি নেটৱৰ্ক সম্প্ৰসাৰণত চৰকাৰৰ চলিত প্ৰচেষ্টাৰ ফলাফল উন্নত হ’ব।
  • ভাৰত চৰকাৰে ১১.০৬.২০২৬ তাৰিখৰ গেজেট জাননীৰ জৰিয়তে ওএমচিসমূহক নিম্নলিখিত কথাবোৰ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে–
    • খুচুৰা বিপণীসমূহে কেৱল বাহনৰ টেংক বা পেছো অনুমোদিত কণ্টেইনাৰতহে ডিজেল প্ৰদান কৰিব, যাৰ সৰ্বাধিক সীমা প্ৰতিগৰাকী গ্ৰাহক/বাহনৰ বাবে দৈনিক ২০০ লিটাৰ হ’ব। খুচুৰা বিপণীৰ পৰা ক্ৰয় কৰা ডিজেল পুনৰ বিক্ৰী কৰিব নোৱাৰিব।
    • উদ্যোগিক আৰু প্ৰত্যক্ষ বা প্ৰতিষ্ঠানিক আৰু বাণিজ্যিক গ্ৰাহকসকলক খুচুৰা বিপণীৰ পৰা ইন্ধন সংগ্ৰহ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু তেওঁলোকে গ্ৰাহক পাম্পৰ জৰিয়তে নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব।
    • অইল মাৰ্কেটিং কোম্পানী আৰু খুচুৰা বিপণীৰ ডিলাৰসকল নিৰ্ধাৰিত নিষেধাজ্ঞা মানি চলা নিশ্চিত কৰিবলৈ আৰু আদেশৰ ব্যৱস্থাসমূহ উলংঘা কৰাৰ যিকোনো প্ৰয়াস প্ৰতিহত কৰিবলৈ দায়বদ্ধ হ’ব।
    • সাধাৰণ জনতাৰ স্বাৰ্থ সুৰক্ষিত কৰাটো নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনসমূহক ক’লা বজাৰ বা অননুমোদিতভাৱে সামগ্ৰীৰ দিশ সলনি কৰাৰ দৰে যিকোনো অসৎ কাৰ্যৰ বিৰুদ্ধে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়া হৈছে।

আইনী আৰু নিৰীক্ষণমূলক পদক্ষেপ

  • পেট্ৰ’ল, ডিজেল আৰু এলপিজিৰ জমাখোৰী আৰু ক’লা বজাৰ ৰোধ কৰিবলৈ সমগ্ৰ দেশতে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা প্ৰৱৰ্তনমূলক কাৰ্যকলাপ অব্যাহত আছে।
  • এলপিজি সম্পৰ্কীয় প্ৰৱৰ্তন – মাৰ্চ-২৬ ৰ পৰা সামূহিকভাৱে সমগ্ৰ দেশতে প্ৰায় ১৩৩০ টা এজাহাৰ পঞ্জীয়ন কৰা হৈছে, ৩১১ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু প্ৰায় ৭৫,৯৬০ টা চিলিণ্ডাৰ জব্দ কৰা হৈছে।
  • পেট্ৰ’ল, ডিজেল সম্পৰ্কীয় প্ৰৱৰ্তন - ২৭ মে’ ২০২৬ ৰ পৰা সামূহিকভাৱে সমগ্ৰ দেশতে প্ৰায় ১২,৩০৭ লিটাৰ পেট্ৰ’ল আৰু প্ৰায় ৯১,২৬৩ লিটাৰ ডিজেল জব্দ কৰা হৈছে। তদুপৰি, ৫০ টাতকৈও অধিক এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু প্ৰায় ৩৯ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।
  • একেদৰে, পিএছইউ ওএমচি বিষয়াসকলৰ দ্বাৰা আকস্মিক পৰিদৰ্শনো অব্যাহত আছে-
    • খুচুৰা বিপণীসমূহ – যোৱা ৪ দিনত, বজাৰ অনুশাসন নিৰ্দেশনাসমূহ উলংঘা কৰাৰ বাবে ৩ টা খুচুৰা বিপণীৰ ওপৰত জৰিমনা বিহা হৈছে আৰু ৮৬৬ টা খুচুৰা বিপণী নিলম্বন কৰা হৈছে।

চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনাৰ ব্যৱস্থা

  • চলিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ স্বত্বেও, চৰকাৰে ঘৰুৱা এলপিজি, ঘৰুৱা পিএনজি আৰু চিএনজি (পৰিবহণ) লৈ ১০০% যোগান নিশ্চিত কৰিছে।
  • বাণিজ্যিক এলপিজিৰ বাবে হাস্পতাল আৰু শিক্ষানুষ্ঠানসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে। ফাৰ্মা, তীখা, অটোম’বাইল, বীজ, কৃষি আদিকো অগ্ৰাধিকাৰ দিয়া হৈছে।
  • প্ৰব্ৰজিত শ্ৰমিক, ছাত্ৰ-ছাত্ৰী আদিৰ এলপিজিৰ প্ৰয়োজনীয়তাক সমৰ্থন কৰিবলৈ ৫ কেজি এফটিএলৰ যোগান বৃদ্ধি কৰা হৈছে।
  • চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও যুক্তিসংগত পদক্ষেপ ৰূপায়ণ কৰিছে, যাৰ মধ্যে শোধনাগাৰৰ উৎপাদন বৃদ্ধি, চহৰ অঞ্চলত বুকিং ব্যৱধান ২১ৰ পৰা ২৫ দিনলৈ আৰু গ্ৰামাঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা আৰু যোগানৰ বাবে খণ্ডসমূহক অগ্ৰাধিকাৰ দিয়া অন্তৰ্ভুক্ত।

ৰাজহুৱা পৰামৰ্শ আৰু নাগৰিক সজাগতা

  • চৰকাৰে পেট্ৰ’ল, ডিজেল আৰু এলপিজিৰ উপলব্ধতা নিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা চলাইছে। নাগৰিকসকলক আতংকিত হৈ পেট্ৰ’ল, ডিজেল ক্ৰয় কৰা আৰু এলপিজি বুকিং কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
  • উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰক।
  • নাগৰিকসকলক পিএনজি, ইণ্ডাকচন/বৈদ্যুতিক কুকাৰ আদিৰ দৰে বিকল্প ইন্ধন ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
  • পাইকাৰী আৰু উদ্যোগিক গ্ৰাহকসকলক কৰ্তৃত্বপ্ৰাপ্ত ক্ৰয় চেনেলৰ পৰা ডিজেল সংগ্ৰহ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
  • বৰ্তমানৰ পৰিস্থিতিত, সকলো নাগৰিককে তেওঁলোকৰ দৈনিক ব্যৱহাৰত শক্তি সংৰক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাবলৈ অনুৰোধ জনোৱা হৈছে।

সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলাচল কাৰ্যকলাপ

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে পাৰস্য উপসাগৰৰ সাম্প্ৰতিক সামুদ্ৰিক পৰিস্থিতিৰ বুজ লয় আৰু এই অঞ্চলত ভাৰতীয় জাহাজ তথা কৰ্মীবৃন্দৰ সুৰক্ষা নিশ্চিত কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ সবিশেষ প্ৰদান কৰে। কোৱা হৈছে যে:

  • এছচিআইচালিত কনচৰ্টিয়ামৰ দ্বাৰা পৰিচালিত মাল্টাৰ পতাকাযুক্ত এলএনজি বাহক জাহাজ ‘দিশা’ (DISHA) (IMO: 9250713), আজি ১৫ জুন ২০২৬ তাৰিখে ভাৰতৰ দাহেজ অভিমুখে প্ৰায় ৬২,৩৭০ মেট্ৰিক টন এলএনজি কাৰ্গো কঢ়িয়াই নি থকা অৱস্থাত নিৰাপদে হৰমুজ প্ৰণালী অতিক্ৰম কৰে। জাহাজখন ১৮ জুন ২০২৬ তাৰিখে ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।
  • মন্ত্ৰালয়ে জাহাজ চলাচল সঞ্চালকালয়ৰ জৰিয়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, বিদেশত থকা ভাৰতীয় মিছন, জাহাজ কোম্পানী আৰু অন্যান্য প্ৰাসংগিক অংশীদাৰসকলৰ সৈতে ভাৰতীয় নাবিকসকলৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ আৰু সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ ধাৰাবাহিক সমন্বয় বজাই ৰাখিছে।
  • ডিজি শ্বিপিং কণ্ট্ৰোল ৰুমৰ শেহতীয়া তথ্য: কণ্ট্ৰোল ৰুমটো সক্ৰিয় হোৱাৰ পৰা এতিয়ালৈকে ১২,৭M৭ টা কল আৰু ২৮,২৯৯ তাতকৈও অধিক ইমেইল পৰিচালনা কৰিছে। যোৱা ৯৬ ঘণ্টাত নাবিক, তেওঁলোকৰ পৰিয়াল আৰু সামুদ্ৰিক অংশীদাৰসকলৰ পৰা মুঠ ৪০৬ টা কল আৰু M৮৪ টা ইমেইল প্ৰাপ্ত হৈছে।
  • প্ৰত্যাৱৰ্তনৰ শেহতীয়া তথ্য: মন্ত্ৰালয়ে জাহাজ চলাচল সঞ্চালকালয়ৰ জৰিয়তে এতিয়ালৈকে ৩,৫৮৭ গৰাকীতকৈও অধিক ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে স্বদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে, যাৰ ভিতৰত যোৱা ৯৬ ঘণ্টাত উপসাগৰীয় অঞ্চলৰ বিভিন্ন স্থানৰ পৰা অনা ৫০ গৰাকী নাবিকো অন্তৰ্ভুক্ত।
  • সমগ্ৰ ভাৰততে বন্দৰৰ কাৰ্যকলাপ স্বাভাৱিক হৈ আছে আৰু কোনো ভিৰ বা অচলাৱস্থাৰ খবৰ পোৱা নাই।

****

TM/DB


(रिलीज़ आईडी: 2273351) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Gujarati , Tamil , Telugu , Kannada , Malayalam