প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াত সংঘৰ্ষৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত হোৱা বুজাবুজিক আদৰণি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 15 JUN 2026 1:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াত সংঘৰ্ষৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত হোৱা বুজাবুজিক আদৰণি জনাইছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সংঘাতে সমগ্ৰ বিশ্বতে গুৰুতৰ অৰ্থনৈতিক ব্যাঘাতৰ সৃষ্টি কৰাৰ লগতে বহুতো দেশত প্ৰাণহানি ঘটাইছে।

প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই বুজাবুজিৰ ফলত অঞ্চলটোলৈ শান্তি আৰু সুস্থিৰতা উভতি অহাত সহায় হোৱাৰ উপৰি নৌ পৰিবহণ আৰু বাণিজ্যৰ স্বাধীনতা নিশ্চিত হ'ব।

শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতে এক বহনক্ষম চূড়ান্ত চুক্তিত উপনীত হোৱাৰ বাবে বাকী বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে আগ্ৰহী।

এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

"সমগ্ৰ বিশ্বতে গুৰুতৰ অৰ্থনৈতিক ব্যাঘাতৰ সৃষ্টি কৰাৰ লগতে বহুতো দেশত প্ৰাণহানি ঘটোৱা পশ্চিম এছিয়া সংঘৰ্ষৰ সমাপ্তিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত হোৱা বুজাবুজিক মই আদৰণি জনাইছো ।

ভাৰতে আশা কৰে যে এই বুজাবুজিৰ কাৰ্যকৰীকৰণে অঞ্চলটোলৈ শান্তি আৰু সুস্থিৰতা ঘূৰাই অনাৰ লগতে নৌ পৰিবহণ আৰু বাণিজ্যৰ স্বাধীনতা নিশ্চিত কৰিব।

আমি এক বহনক্ষম চূড়ান্ত চুক্তিত উপনীত হোৱাৰ বাবে বাকী বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে আগ্ৰহী।"

****

MJPS/SS/ST/DD


(रिलीज़ आईडी: 2272943) आगंतुक पटल : 17
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam