গৃহ মন্ত্ৰালয়
কিংবদন্তি ক্ৰীড়াবিদ যশপাল ৰাণাৰ মৃত্যুত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ গভীৰ শোক প্ৰকাশ
শ্ৰীযশপাল ৰাণাৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি
শ্ৰীৰাণায়ে শ্বুটিংত ভাৰতৰ অদম্য প্ৰতিভা প্ৰতিষ্ঠা কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰাৰ লগতে যুৱ শ্বুটাৰসকলক প্ৰশিক্ষক হিচাপে গঢ় দিছিল
গৃহ মন্ত্ৰীগৰাকীয়ে শ্ৰীৰাণাৰ পৰিয়াল আৰু তেওঁৰ অগণন গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে
प्रविष्टि तिथि:
12 JUN 2026 12:54PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কিংবদন্তি ক্ৰীড়াবিদ যশপাল ৰাণাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰিয়াল তথা গুণমুগ্ধসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে এক্সত পোষ্ট কৰিছে, "কিংবদন্তি ক্ৰীড়াবিদ শ্ৰীযশপাল ৰাণাৰ মৃত্যুত গভীৰভাৱে শোকাহত। তেওঁ দেশৰ বাবে আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰাৰ লগতে প্ৰশিক্ষক হিচাপে যুৱ শ্বুটাৰসকলক গঢ় দি শ্বুটিঙত ভাৰতৰ অদম্য প্ৰতিভা প্ৰতিষ্ঠা কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। শ্ৰীৰাণাৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি। দুখৰ এই মুহূৰ্তত, মই তেওঁৰ পৰিয়াল আৰু লাখ লাখ গুণমুগ্ধৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো। "
****
RK/PR/PS/DD
(रिलीज़ आईडी: 2272082)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada