নিতি আয়োগ
নীটি আয়োগৰ একাদশ পৰিচালনা পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে সভাপতিত্ব কৰিব
বিষয়বস্তুঃ বিকশিত ভাৰতৰ বাবে অন্তৰ্ভুক্তিমূলক মানৱ উন্নয়ন @2047
प्रविष्टि तिथि:
10 JUN 2026 1:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীটি আয়োগৰ একাদশ পৰিচালনা পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব। বিকশিত ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীৰ 'টিম ইণ্ডিয়া' ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি, এই বছৰৰ বিষয়বস্তু, ‘বিকশিত ভাৰতৰ বাবে সামগ্ৰিক মানৱ উন্নয়ন @2047’, বয়স, অঞ্চল, লিংগ বা আৰ্থ-সামাজিক পটভূমি নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয়ৰ কল্যাণ তথা উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পৰিচালনা পৰিষদৰ বৈঠকত এই দৃষ্টিভংগীক বাস্তৱায়িত কৰা আৰু ইয়াক সমগ্ৰ দেশৰ প্ৰতিজন নাগৰিকৰ বাবে দৃঢ়, পৰিমাপযোগ্য ফলাফললৈ ৰূপান্তৰিত কৰাৰ দৃষ্টিভংগীৰ ওপৰত আলোচনা কৰা হ’ব।
এই পৰিচালনা পৰিষদৰ বৈঠকত চাৰিটা মূল স্তম্ভৰ ওপৰত ভিত্তি কৰি অন্তৰ্ভুক্তিমূলক মানৱ উন্নয়ন পৰিকাঠামোৰ বিষয়ে আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰী আৰু উপ-ৰাজ্যপালসকলক একত্ৰিত কৰা হ’বঃ (১) মৌলিক মানৱ মূলধন আৰু ভৱিষ্যতৰ বাবে সাজু দক্ষতা; (২) উৎপাদনশীল নিযুক্তি, উদ্যোগশীলতা আৰু বিকেন্দ্ৰীকৃত বিকাশ; (৩) স্বাস্থ্য, পুষ্টি আৰু কল্যাণ; (৪) সকলোৰে বাবে সমতা তথা মৰ্য্যাদা। সমগ্ৰ দেশতে উদ্যোগশীলতাৰ প্ৰসাৰ, দক্ষতা বৃদ্ধি আৰু বহনক্ষম নিযুক্তিৰ সুযোগ সৃষ্টিৰ পদক্ষেপসমূহৰ বিষয়েও বৈঠকত আলোচনা কৰা হ’ব।
আলোচনাবোৰে সামূহিকভাৱে এক ৰূপায়ণ নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব যি প্ৰশাসন, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই), একত্ৰীকৰণ, অংশীদাৰিত্ব আৰু তথ্য-চালিত প্ৰণালীকে ধৰি গুৰুত্বপূৰ্ণ সহায়কবোৰক ব্যৱহাৰ কৰে, লগতে চুটি, মধ্যমীয়া আৰু দীৰ্ঘম্যাদী ফলাফল অনুসৰণ কৰাৰ বাবে এক গঠনমূলক ব্যৱস্থা, দায়বদ্ধতা তথা পৰিমাপযোগ্য প্ৰভাৱ নিশ্চিত কৰে। অন্তৰ্ভুক্তিমূলক মানৱ উন্নয়নৰ ওপৰত ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে ৰাজ্যিক দৃষ্টিভংগীক একত্ৰিত কৰা, ন্যায়সংগত আৰু বহনক্ষম বিকাশৰ দিশত এক একত্ৰিত তথা সহযোগিতামূলক দৃষ্টিভংগীক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
নীটি আয়োগৰ পৰিচালনা পৰিষদে ২০২৫ চনৰ ২৮ তাৰিখৰ ভিতৰত অনুষ্ঠিত মুখ্য সচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনৰ পৰামৰ্শসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব। মুখ্য সচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত নিম্নলিখিত পাঁচটা মূল বিষয়বস্তুৰ ওপৰত পৰামৰ্শ দিয়া হৈছিলঃ (i) প্ৰাৰম্ভিক শৈশৱ শিক্ষাঃ ভেটি স্থাপন; (ii) বিদ্যালয় শিক্ষাঃ খণ্ড নিৰ্মাণ; (iii) দক্ষতাঃ ভৱিষ্যতৰ বাবে সাজু কৰ্মশক্তি; (iv) উচ্চ শিক্ষাঃ জ্ঞান অৰ্থনীতি; (v) শ্ৰেণীকোঠাৰ বাহিৰৰ ক্ৰীড়া আৰু পাঠ্যক্ৰম।
একাদশ পৰিচালনা পৰিষদৰ বৈঠকত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপাল/প্ৰশাসক, কেন্দ্ৰীয় মন্ত্ৰীসকল কাৰ্যবাহী সদস্য আৰু বিশেষ আমন্ত্ৰিতসকল তথা নীটি আয়োগৰ উপাধ্যক্ষ, সদস্য আৰু মুখ্য কাৰ্যবাহী বিষয়া উপস্থিত থাকিব।
*****
MJPS/SS/PKK/MK
(रिलीज़ आईडी: 2271189)
आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam