মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বালপুৰস্কাৰ ২০২৬ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৩১ জুলাই
৫ৰ পৰা ১৮ বছৰ বয়সৰ যোগ্য শিশুৱে কৰিব পাৰিব যোগদান আবেদন
স্ব-মনোনয়ন আৰু তৃতীয় পক্ষৰ পৰামৰ্শ দুয়োটাই গ্ৰহণ কৰা হ'ব
प्रविष्टि तिथि:
09 JUN 2026 3:48PM by PIB Guwahati
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বালপুৰস্কাৰ (পিএমআৰবিপি) ২০২৬ৰ বাবে অনলাইন আবেদনৰ আহ্বান জনাইছে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে।
এই বঁটাৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল ২০২৬ চনৰ ১ এপ্ৰিলত, আবেদনৰ শেষ তাৰিখ ৩১ জুলাই ২০২৬ তাৰিখে নিৰ্ধাৰণ কৰা হৈছে।সকলো আবেদন https://awards.gov.in ত জমা দিব লাগিব।
৫ৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিশু (২০২৬ চনৰ ৩১ জুলাই তাৰিখলৈকে), যিসকল বৰ্তমান ভাৰতত বাস কৰা ভাৰতীয় নাগৰিক, তেওঁলোক এই সন্মানৰ বাবে যোগ্য। স্ব-মনোনয়ন আৰু তৃতীয় পক্ষৰ পৰামৰ্শ দুয়োটা গ্ৰহণ কৰা হ'ব। আবেদনকাৰীয়ে মৌলিক ব্যক্তিগত তথ্য আৰু বঁটাৰ শ্ৰেণী পূৰণ কৰিব লাগিব আৰু তাৰ পিছত শেহতীয়া ফটো আৰু সমৰ্থনকাৰী নথিপত্ৰ আপলোড কৰিব লাগিব। লগতে তেওঁলোকে এই কৃতিত্ব আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে এটা লেখনি (১০০০-শব্দৰ ভিতৰত ) জমা দিব লাগিব।
পিএমআৰবিপি বঁটাৰ জৰিয়তে ছটা ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে শিশুসকলক সন্মান জনোৱা হয়।
সাহসিকতা: যিসকল শিশুৱে আনক বচাবলৈ নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰিছিল বা অসাধাৰণ সাহস দেখুৱাইছিল
ক্ৰীড়া: ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰশংসা লাভ কৰা শিশু
সমাজ সেৱা: সমাজৰ দিশসমূহ সংস্কাৰ কৰাত সহায় কৰাৰ বাবে, পৰিৱেশ সংৰক্ষণ কৰাত, অভাৱগ্ৰস্ত লোকসকলক সহায় কৰাৰ বাবে পদক্ষেপ আৰম্ভ কৰা আৰু জাতীয় কামৰ পক্ষত থিয় দিয়া শিশুসকল
বিজ্ঞান আৰু প্ৰযুক্তি: শিশুৱে কৰা উদ্ভাৱন, গৱেষণা বা আৰ্হি আদি
পৰিৱেশ: বহনক্ষম পদ্ধতি, সজাগতা অভিযান, বা পৰিৱেশ উদ্ভাৱন আদি
কলা আৰু সংস্কৃতি: যিসকল শিশুৱে অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন কৰিছে আৰু সংগীত, নৃত্য, লেখা, চিত্ৰকলা, পৰিবেশন বা অন্যান্য কলাত পাৰদৰ্শিতা দেখুৱাইছে ।
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে ইয়াৰ জৰিয়তে বিদ্যালয়, প্ৰতিষ্ঠান, অভিভাৱক, গুৰু, আৰু জনসাধাৰণক এনে প্ৰতিভাক সক্ৰিয়ভাৱে বিচাৰি উলিয়াবলৈ আৰু তেওঁলোকক মনোনীত কৰিবলৈ আমন্ত্ৰণ জনাইছে। প্ৰতিগৰাকী যোগ্য শিশুৱে যাতে ৰাষ্ট্ৰীয় মঞ্চত জিলিকিবলৈ সুবিধা পায় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনোৱা হৈছে।


*****
SS/VN/DM
(रिलीज़ आईडी: 2270989)
आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam