পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ কম মূল্যত ৰন্ধন গেছ লাভ কৰি আহিছে ভাৰতীয় পৰিয়ালসমূহে

ভাৰতীয় চিলিণ্ডাৰৰ মূল্য যিকোনো চুবুৰীয়া দেশতকৈ কম আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া তথা কানাডাৰ দৰে উন্নত অৰ্থনীতিৰ দেশবোৰৰ তুলনাত বহুত তলত

উজ্জ্বলা আঁচনিৰ অন্তৰ্ভুক্ত পৰিয়ালসমূহে প্ৰতি বছৰে প্ৰথম চাৰিবাৰ চিলিণ্ডাৰ ৰিফিল কৰিলে প্ৰতিটো চিলিণ্ডাৰত ৩০০ টকাকৈ লাভ কৰিব — অৰ্থাৎ প্ৰতিগৰাকী হিতাধিকাৰীয়ে বছৰি ১,২০০ টকা লাভ কৰিব; আনকি পিএমইউৱাইৰ অন্তৰ্ভুক্ত নোহোৱা এটা পৰিয়ালেও এলপিজিৰ বজাৰ মূল্যতকৈ প্ৰায় ৭০০ টকা কমকৈ পৰিশোধ কৰিব লাগিব

ফেব্ৰুৱাৰী মাহৰ পৰা চৌদি চিপিৰ এলপিজিৰ মূল্য প্ৰায় ৪৬% বৃদ্ধি পোৱাৰ বিপৰীতে, এটা চিলিণ্ডাৰ সৰবৰাহ কৰাৰ খৰচ ১,৬০০ টকাতকৈও অধিক হৈছেগৈ, যাৰ ফলত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত প্ৰায় ৭০০ টকাৰ লোকচান হৈছে

হৰমুজ প্ৰণালীৰ মাজেৰে নিজৰ শক্তি পৰিবাহী জাহাজসমূহৰ যাতায়াত অব্যাহত ৰখা কেইখনমান দেশৰ ভিতৰত ভাৰত অন্যতম; পেট্ৰ’লিয়াম সামগ্ৰীৰ কোনো ধৰণৰ অভাৱ হোৱা নাই

प्रविष्टि तिथि: 07 JUN 2026 8:02AM by PIB Guwahati

ভাৰতীয় পৰিয়ালসমূহে চুবুৰীয়া যিকোনো দেশৰ পৰিয়ালৰ তুলনাত বহু কম মূল্যত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া তথা কানাডাৰ দৰে উন্নত অৰ্থনীতিৰ দেশসমূহত পৰিশোধ কৰা মূল্যতকৈ বহু তলত ৰন্ধন গেছ ক্ৰয় কৰি আহিছে। বৰ্তমান এটা চিলিণ্ডাৰ সৰবৰাহ কৰাৰ খৰচ ১,৬০০ টকাতকৈও অধিক হৈছেগৈ; ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ এগৰাকী হিতাধিকাৰীয়ে এটা ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ বাবে প্ৰকৃততে ৬৪২ টকা আৰু দিল্লীৰ এজন সাধাৰণ গ্ৰাহকে ৯৪২ টকা পৰিশোধ কৰে।

 

বজাৰ

প্ৰতি ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰৰ মূল্য (টকাত)

উজ্জ্বলা গ্ৰাহকে কিমান শতাংশ কমকৈ পৰিশোধ কৰে

ভাৰত (উজ্জ্বলা সংশোধনীৰ পিছৰ প্ৰকৃত মূল্য)

৬৪২

পাকিস্তান

১,০৪৬

প্ৰায় ৩৯%

নেপাল

১,২০৭

প্ৰায় ৪৭%

বাংলাদেশ

প্ৰায় ১২২৫

প্ৰায় ৪৮%

শ্ৰীলংকা

১,২৪১

প্ৰায় ৪৮%

আমেৰিকা

প্ৰায় ১,৭৫৫

প্ৰায় ৬৩%

অষ্ট্ৰেলিয়া

প্ৰায় ১,৭৬৫

প্ৰায় ৬৪%

কানাডা

প্ৰায় ২,৪১১

প্ৰায় ৭৩%

অন্তিমটো স্তম্ভই দেখুৱাইছে যে প্ৰতিটো চিলিণ্ডাৰত ৬৪২ টকাৰ প্ৰকৃত উজ্জ্বলা মূল্য আন বজাৰসমূহৰ মূল্যতকৈ কিমান তলত আছে। উৎস: চৰকাৰী উৎস আৰু ৰাষ্ট্ৰীয় নিয়ন্ত্ৰকসমূহ।

ভাৰতত পেট্ৰ’লিয়াম সামগ্ৰীৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰৰ আনুসংগিক মূল্যৰ সৈতে সংলগ্ন। অৱশ্যে, চৰকাৰে ঘৰুৱা এলপিজিৰ ক্ষেত্ৰত গ্ৰাহকৰ বাবে প্ৰকৃত মূল্য নিয়ন্ত্ৰণ কৰি আহিছে। যিকোনো পৰিয়ালে নিজৰ প্ৰয়োজন অনুসৰি যিকোনো সংখ্যক চিলিণ্ডাৰ ৯৪২ টকাত ক্ৰয় কৰিব পাৰে। এগৰাকী পিএমইউৱাই হিতাধিকাৰীয়ে তদুপৰি প্ৰতি বছৰে প্ৰথম চাৰিবাৰ চিলিণ্ডাৰ ৰিফিল কৰিলে প্ৰতিটো চিলিণ্ডাৰত ৩০০ টকাকৈ পোনপটীয়া লাভালাভ হস্তান্তৰ লাভ কৰিব— যিটো সাধাৰণতে এটা সাধাৰণ উজ্জ্বলা পৰিয়ালৰ গড় বাৰ্ষিক ব্যৱহাৰ (বছৰি প্ৰায় চাৰিবাৰ ৰিফিল)ৰ সমান আৰু সেয়েহে সেই ৰিফিলসমূহৰ বাবে প্ৰকৃততে ৬৪২ টকা পৰিশোধ কৰে; এই সাহায্য অপৰিৱৰ্তিত আছে। আনকি এটা অনা-পিএমইউৱাই পৰিয়ালেও চিলিণ্ডাৰৰ বজাৰ-সংলগ্ন মূল্যতকৈ প্ৰায় ৭০০ টকা কমকৈ পৰিশোধ কৰিব লাগিব। বিতৰণ ব্যয়ৰ বাবে বিভিন্ন স্থানভেদে খুচুৰা মূল্যৰ সামান্য তাৰতম্য ঘটে।

পৰিয়ালসমূহে যিটো বোজা বহন কৰিবলগীয়া হোৱা নাই, সেয়া হৈছে চিলিণ্ডাৰ প্ৰতি কেইবাশ টকাৰ সেই ধন, যিটো চৰকাৰে নিজে বহন কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ মূল্যবৃদ্ধিৰ সময়ছোৱাত, এই বোজা গ্ৰাহকৰ ওপৰত জাপি দিয়াৰ পৰিৱৰ্তে উৎপাদন পৰ্যায়তে শোষণ কৰা হৈছে।

গ্ৰাহকৰ ওপৰত জাপি নিদিয়া মূল্যবৃদ্ধি

হোটেল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে ব্যৱহাৰ কৰা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰতি মাহে স্বয়ংক্ৰিয়ভাৱে সংশোধন কৰা হয়, কাৰণ ইয়াৰ মূল্য আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে প্ৰত্যক্ষভাৱে সংলগ্ন। কিন্তু ঘৰুৱা ৰন্ধন চিলিণ্ডাৰৰ ক্ষেত্ৰত তেনে নহয়। ভাৰতে ইয়াৰ প্ৰয়োজনীয় এলপিজিৰ ৬০ শতাংশ আমদানি কৰিবলগীয়া হৈছিল আৰু সেই আমদানিৰ খৰচ চৌদি কন্ট্ৰেক্ট প্ৰাইচৰ ওপৰত নিৰ্ভৰ কৰে, যিটো চৌদি এৰামকোৱে প্ৰতিটো মাহৰ আৰম্ভণিতে নিৰ্ধাৰণ কৰে। এয়া এটা বাহ্যিক মূল্য, যাৰ ওপৰত ভাৰতীয় গ্ৰাহকৰ কোনো নিয়ন্ত্ৰণ নাই।

পশ্চিম এছিয়াৰ অশান্তিৰ বাবে এই আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পালে। ভাৰতৰ এলপিজিৰ বাবে ব্যৱহৃত ৫০:৫০ প্ৰ’পেন-বিউটেন মিশ্ৰণ অনুসৰি, অশান্তিৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত এলপিজিৰ বাবে চৌদি চিপি আছিল প্ৰতি টনত প্ৰায় ৫৪৩ মাৰ্কিন ডলাৰ। ফেব্ৰুৱাৰীৰ শেষৰ ফালে হৰমুজ প্ৰণালী বন্ধ হৈ পৰাৰ পিছত, এপ্ৰিল মাহৰ চুক্তি মূল্য, যিটো মধ্য প্ৰাচ্যৰ উপসাগৰীয় ৰপ্তানি হ্ৰাস পোৱাৰ পিছত প্ৰথমবাৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল, প্ৰতি টনত ৭৭৫ মাৰ্কিন ডলাৰলৈ বৃদ্ধি পালে, য’ত প্ৰ’পেন আছিল ৭৫০ মাৰ্কিন ডলাৰ আৰু বিউটেন আছিল ৮০০ মাৰ্কিন ডলাৰ, আৰু তাৰ পিছৰে পৰা জুন মাহত ই আৰু অলপ বৃদ্ধি পাই প্ৰতি টনত ৭৯০ মাৰ্কিন ডলাৰ হৈছেগৈ। এইদৰে সংকতপূৰ্ব ফেব্ৰুৱাৰী মাহৰ তুলনাত মিশ্ৰিত এলপিজিৰ মানদণ্ডৰ মূল্য প্ৰায় ৪৬% বৃদ্ধি পাইছে। ইয়াৰ লগে লগে আমদানিকৃত গেছৰ মূল্যও বৃদ্ধি পালে।

 

 

সময়, ২০২৬

প্ৰপেন চিপি (মাৰ্কিন ডলাৰ/টন)

বিউটেন চিপি (মাৰ্কিন ডলাৰ/টন)

এলপিজিৰ বাবে চৌদি চিপি, ৫০:৫০ মিশ্ৰণ (মাৰ্কিন ডলাৰ/টন)

ফেব্ৰুৱাৰী (সংঘাতৰ পূৰ্বে)

৫৪৫

৫৪০

৫৪২.৫০

এপ্ৰিল (হৰমুজ সংঘাতৰ পিছত)

৭৫০

৮০০

৭৭৫.০০

জুন (শেহতীয়া)

৭৬০

৮২০

৭৯০.০০

বৃদ্ধি, ফেব্ৰুৱাৰীৰ পৰা জুনলৈ

+২১৫ (+৩৯%)

+২৮০ (+৫২%)

+২৪৭.৫০ (প্ৰায় +৪৬%)

 

 

গ্ৰাহকক পৰিশোধ কৰিব নলগীয়া ব্যয়

জুন মাহৰ চুক্তি মূল্য অনুসৰি এটা ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰ যদি আমদানি-সংলগ্ন ভিত্তিত মূল্য নিৰ্ধাৰণ কৰা হ’লহেঁতেন, তেন্তে ইয়াৰ সৰবৰাহৰ খৰচ ১,৬০০ টকাতকৈও অধিক হ’লহেঁতেন। বৰ্তমান প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত প্ৰায় ৭০০ টকাৰ লোকচান বহন কৰা হৈছে। ইয়াৰ প্ৰকৃত প্ৰভাৱ সম্পূৰ্ণ বজাৰ মূল্যত বিক্ৰী হোৱা বাণিজ্যিক চিলিণ্ডাৰত স্পষ্টকৈ দেখা গৈছে: পশ্চিম এছিয়াৰ সংকটৰ সময়ত পাঁচবাৰকৈ মূল্যবৃদ্ধি হোৱাৰ পিছত, হোটেল আৰু ৰেষ্টুৰেণ্টত ব্যৱহাৰ কৰা ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰটো দিল্লীত ৩,১১৩.৫০ টকাত বিক্ৰী হৈছে, যাৰ প্ৰতি কিলোগ্ৰামৰ মূল্য প্ৰায় ১৬৪ টকা। ইয়াৰ বিপৰীতে, মূল্য সংশোধনৰ পিছত ঘৰুৱা গ্ৰাহকে প্ৰতি কিলোগ্ৰামত প্ৰায় ৬৬ টকা পৰিশোধ কৰে। বাণিজ্যিক গেছৰ ওপৰত কৰৰ হাৰ বেছি আৰু লাভৰ পৰিমাণো অধিক, যাৰ বাবে ই ঘৰুৱা চিলিণ্ডাৰৰ প্ৰকৃত উৎপাদন ব্যয়ৰ স্তৰতকৈ ওপৰত থাকে; তথাপিও, ঘৰুৱা চিলিণ্ডাৰৰ আমদানি-সংলগ্ন ব্যয় প্ৰায় ১,৬০০ টকাতকৈ অধিক হয়গৈ।

হৰমুজ অশান্তিৰ মাজতো ব্যাহত হোৱা নাই সৰবৰাহ

সংঘাতৰ বাবে যেতিয়া হৰমুজ প্ৰণালী অবৰুদ্ধ হৈ পৰিছিল, যাৰ মাজেৰে বিশ্বৰ প্ৰায় এক-পঞ্চমাংশ তেল আৰু ভাৰতৰ শক্তি আমদানিৰ এক বুজন অংশ পাৰ হয়, তেতিয়া সেই জলপথৰ বেছিভাগ বাণিজ্যিক যাতায়াত প্ৰায় স্তব্ধ হৈ পৰিছিল। ভাৰতৰ এলপিজি ব্যৱহাৰৰ প্ৰায় ৫৪ শতাংশ হৰমুজ প্ৰণালীৰ মাজেৰে আহে, যাৰ ফলত ৰন্ধন গেছৰ সৰবৰাহ পোনপটীয়াকৈ এই অশান্তিৰ সন্মূখীন হৈছিল। কিন্তু এই সংকটৰ মাজতো নিজৰ শক্তি পৰিবাহী জাহাজসমূহৰ যাতায়াত অব্যাহত ৰখা কেইখনমান দেশৰ ভিতৰত ভাৰত অন্যতম আছিল। নিৰন্তৰ সমন্বয়ৰ জৰিয়তে, ভাৰতীয় পতাকাযুক্ত টেংকাৰসমূহে এই প্ৰণালীৰ মাজেৰে যাতায়াত অব্যাহত ৰাখিছিল আৰু খাৰুৱা তেল তথা এলপিজিৰ ক্ৰমাগত চালানসমূহ ভাৰতীয় বন্দৰসমূহত খালাছ কৰিছিল। কোনো ধৰণৰ পেট্ৰ’লিয়াম সামগ্ৰীৰ নাটনি হোৱা নাই, আৰু সমগ্ৰ নেটৱৰ্কত চিলিণ্ডাৰ ফিলিং আৰু বিতৰণ প্ৰক্ৰিয়া স্বাভাৱিকভাৱে চলি আছে।

এই সংকটৰ সময়ত সৰবৰাহ সুৰক্ষিত কৰিবলৈ এলানি পদক্ষেপ গ্ৰহণ কৰা হৈছিল। সৰবৰাহৰ ক্ষেত্ৰত, সীমিত আমদানিৰ ঘাটি পূৰাবলৈ ঘৰুৱা এলপিজি উৎপাদন প্ৰায় ৩২ টিএমটিৰ পৰা ৬০ শতাংশতকৈও অধিক বৃদ্ধি কৰি প্ৰায় ৫২ টি.এম.টি. কৰা হৈছিল। নিৰন্তৰ সমন্বয়ৰ ফলত এলপিজি ভৰ্তি জাহাজসমূহ হৰমুজ প্ৰণালীৰ পৰা ওলাই অহাটো নিশ্চিত কৰা হৈছিল, ভাৰতে যিকোনো দেশতকৈ অধিক সংখ্যক এনে জাহাজ উলিয়াই আনিছিল, আৰু সেয়া কোনো ধৰণৰ টোলকৰ নিদিয়াকৈ কৰা হৈছিল। একে সময়তে বিশ্বৰ অন্যান্য প্ৰান্তৰ যোগানকাৰীসকলৰ পৰাও আমদানি বৃদ্ধি কৰা হৈছিল, যিসকলৰ পথ হৰমুজ প্ৰণালীৰ মাজেৰে নহয়— যেনে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু আলজেৰিয়া; আৰু উপলব্ধ এলপিজিসমূহ পৰিয়াল আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত ব্যৱহাৰকাৰী যেনে চিকিৎসালয় আৰু শিক্ষানুষ্ঠানসমূহলৈ প্ৰেৰণ কৰা হৈছিল।

চাহিদাৰ ক্ষেত্ৰত, গ্ৰাহকসকলক যিবোৰ ঠাইত উপলব্ধ তাত পাইপলাইন প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছিল, যাতে চিলিণ্ডাৰৰ ওপৰত চাপ হ্ৰাস পায়। এই সীমিত ঘৰুৱা সৰবৰাহ সুৰক্ষিত কৰিবলৈ, ৰাজ্য চৰকাৰ আৰু উদ্যোগ সংস্থাসমূহৰ সৈতে মিলি ক’লা বজাৰ বন্ধ কৰাৰ অভিযান তীব্ৰতৰ কৰা হৈছিল: অ’টিপিভিত্তিক ডেলিভাৰী প্ৰমাণীকৰণ প্ৰায় ৯০ শতাংশলৈ বৃদ্ধি কৰা হৈছিল, যাৰ ফলত ৰাজসাহায্য প্ৰাপ্ত ঘৰুৱা এলপিজি বাণিজ্যিক বজাৰলৈ চোৰাংকৈ যোৱাটো প্ৰতিৰোধ কৰা হৈছিল।

বহন কৰা বোজা

গ্ৰাহকক প্ৰদান কৰা এই সুৰক্ষা দুটা সুকীয়া মাধ্যমৰ জৰিয়তে কাৰ্যকৰী হয় আৰু ইয়াৰ লোকচান  ৰাজসাহায্যতকৈ পৃথক। লোকচান হৈছে গেছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰয় মূল্য আৰু নিয়ন্ত্ৰিত খুচুৰা মূল্যৰ মাজৰ ব্যৱধান; ইয়াক ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে বহন কৰে আৰু আংশিকভাৱে চৰকাৰী কোষাগাৰৰ পৰা ক্ষতিপূৰণ দিয়া হয়। যোৱা বিত্তীয় বৰ্ষৰ শেষৰ ফালে, ঘৰুৱা এলপিজিৰ সঞ্চিত লোকচানৰ পৰিমাণ পূৰ্বৰ বছৰৰ ৪১,৩৩৮ কোটি টকাৰ পৰা বৃদ্ধি পাই ৬০,০০০ কোটি টকা হৈছিলগৈ, আৰু কেন্দ্ৰীয় কেবিনেটে এই বাবদ বিপণন কোম্পানীসমূহক ৩০,০০০ কোটি টকাৰ ক্ষতিপূৰণ অনুমোদন জনাইছে। ৰাজসাহায্য ইয়াৰ অতিৰিক্ত: উজ্জ্বলা গ্ৰাহকসকলে প্ৰতিটো চিলিণ্ডাৰত অতিৰিক্ত ৩০০ টকাকৈ পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰে, যাৰ সুবিধা ১০.৫৮ কোটিতকৈও অধিক সংযোগে লাভ কৰিছে। এইদৰে, বিগত কেইবছৰমান ধৰি প্ৰায় সকলো ভাৰতীয় গ্ৰাহকে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ তুলনাত বহুত কম মূল্যত এলপিজি লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মূল্যৰ চৰম তাৰতম্যৰ পিছতো ভাৰত চৰকাৰে বিগত কেইবাবছৰ ধৰি ভাৰতীয় নাগৰিকসকলৰ বাবে বিশ্বৰ ভিতৰতে আটাইতকৈ কম মূল্যত ৰন্ধন গেছ উপলব্ধ হোৱাটো নিশ্চিত কৰিছে।

 

সময়সীমা

ব্যৱস্থা (কেৱল ঘৰুৱা এলপিজিৰ বাবে)

পৰিমাণ

বিত্তীয় বৰ্ষ ২০২৪–২৫

ঘৰুৱা এলপিজিৰ সঞ্চিত লোকচান (পূৰ্বৰ বছৰৰ পুৰনৰুদ্ধাৰ)

৪১,৩৩৮ কোটি টকা

বিত্তীয় বৰ্ষ ২০২৫–২৬

ঘৰুৱা এলপিজিৰ সঞ্চিত লোকচান (যোৱা বিত্তীয় বৰ্ষৰ শেষলৈ পুনৰুদ্দাৰ)

৬০,০০০ কোটি টকা

বিত্তীয় বৰ্ষ ২০২৫–২৬

এলপিজিৰ লোকচানৰ বাবে বিপণন কোম্পানীসমূহলৈ কেবিনেটে অনুমোদন জনোৱা ক্ষতিপূৰণ

৩০,০০০ কোটি টকা

প্ৰতি চিলিণ্ডাৰত

বৰ্তমান প্ৰতিটো ঘৰুৱা ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰত বহন কৰা লোকচান পুনৰুদ্ধাৰ হৈছে

প্ৰায় ৭০০ টকা

২০১৬ চনৰ পৰা

পিএমইউৱাই সংযোগ আৰু পোনপটীয়া লাভালাভ হস্তান্তৰ (প্ৰতি চিলিণ্ডাৰত ৩০০ টকা)

১০.৫৮ কোটি সংযোগ

 

সামৰণি

হৰমুজ প্ৰণালীৰ অশান্তিয়ে উপসাগৰীয় অঞ্চলৰ সৰবৰাহ হ্ৰাস কৰাৰ বাবে ২০২৬ চনৰ ফেব্ৰুৱাৰী আৰু জুন মাহৰ ভিতৰত এলপিজিৰ চৌদি চিপি মানদণ্ড প্ৰায় ৪৬% বৃদ্ধি পাইছে, যাৰ ফলত এটা ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰ সৰবৰাহৰ খৰচ ১,৬০০ টকাতকৈও অধিক হৈছেগৈ। খুচুৰা মূল্য সংশোধন কৰি সাধাৰণ গ্ৰাহকৰ বাবে ৯৪২ টকা আৰু উজ্জ্বলা পৰিয়ালৰ বাবে প্ৰকৃত মূল্য ৬৪২ টকা কৰা হৈছে। লোকচান আৰু ৰাজসাহায্য দুটা সুকীয়া বিষয়: আন্তঃৰাষ্ট্ৰীয় ব্যয় আৰু নিয়ন্ত্ৰিত খুচুৰা মূল্যৰ মাজৰ এই ব্যৱধান, যোৱা সম্পূৰ্ণ বিত্তীয় বৰ্ষত ঘৰুৱা এলপিজিৰ ক্ষেত্ৰত ইয়াৰ আনুমানিক পৰিমাণ পূৰ্বৰ বছৰৰ ৪১,৩৩৮ কোটি টকাৰ পৰা বৃদ্ধি পাই ৬০,০০০ কোটি টকাৰ দিশে অগ্ৰসৰ হৈছে — ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহ আৰু চৰকাৰী কোষাগাৰে বহন কৰিছে, যাৰ বিপৰীতে কেন্দ্ৰীয় কেবিনেটে ৩০,০০০ কোটি টকাৰ ক্ষতিপূৰণ অনুমোদন জনাইছে; তদুপৰি,, উজ্জ্বলা গ্ৰাহকসকলে প্ৰতিটো চিলিণ্ডাৰত অতিৰিক্ত ৩০০ টকাকৈ পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰে, যাৰ সুবিধা ১০.৫৮ কোটিতকৈও অধিক সংযোগে লাভ কৰিছে।

বিগত কেইবছৰমান ধৰি প্ৰায় সকলো ভাৰতীয় গ্ৰাহকে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ তুলনাত বহুত কম মূল্যত এলপিজি লাভ কৰিছে আৰু ভাৰতীয় পৰিয়ালসমূহে পাকিস্তান, নেপাল, বাংলাদেশ আৰু শ্ৰীলংকাৰ পৰিয়ালতকৈ কম আৰু আনকি এতিয়াও আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া তথা কানাডাতকৈ বহু কম মূল্য পৰিশোধ কৰি আহিছে। এই সংকটৰ মাজতো হৰমুজ প্ৰণালীৰ মাজেৰে নিজৰ শক্তি পৰিবাহী জাহাজসমূহৰ যাতায়াত অব্যাহত ৰখা কেইখনমান দেশৰ ভিতৰত ভাৰত অন্যতম আছিল, যাৰ ফলত কোনো ধৰণৰ পেট্ৰ’লিয়াম সামগ্ৰীৰ অভাৱ হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় মূল্যৰ চৰম তাৰতম্যৰ পিছতো ভাৰত চৰকাৰে বিগত কেইবাবছৰ ধৰি ভাৰতীয় নাগৰিকসকলৰ বাবে বিশ্বৰ ভিতৰতে আটাইতকৈ কম মূল্যত ৰন্ধন গেছ উপলব্ধ হোৱাটো নিশ্চিত কৰিছে।

প্ৰথম ৪ টা চিলিণ্ডাৰৰ ক্ষেত্ৰত ৬৪২ টকাৰ প্ৰকৃত উজ্জ্বলা মূল্য হৈছে এলপিজি চিলিণ্ডাৰৰ প্ৰকৃত আন্তঃৰাষ্ট্ৰীয় মূল্যতকৈ প্ৰায় ৬০% ৰেহাই, আৰু অনা-পিএমইউৱাই গ্ৰাহকৰ বাবে ৯৪২ টকাৰ মূল্য হৈছে আন্তঃৰাষ্ট্ৰীয় মূল্যতকৈ প্ৰায় ৪৫% ৰেহাই।

গ্ৰাহকসকলক এই বহুমূলীয়া সম্পদটো অতি সাৱধানে ব্যৱহাৰ কৰিবলৈ আৰু ইন্ধন-ৰাহি কৰা ৰন্ধন প্ৰণালী অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে।

 

***

TM/DB


(रिलीज़ आईडी: 2270099) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Gujarati , Tamil , Kannada , Malayalam