প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২৬ চনৰ ১৮ বছৰ অনুৰ্ধৰ এছিয়া কাপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰতীয় মহিলা ১৮ অনুৰ্ধ হকী দলক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
06 JUN 2026 6:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় মহিলা ১৮ অনুৰ্ধ হকী দলক এছিয়া কাপ ২০২৬ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সমগ্ৰ প্ৰতিযোগিতাখনত দলটোৱে উল্লেখযোগ্য উদ্যম প্ৰদৰ্শন কৰিছিল।
শ্ৰী মোদীয়ে কয় যে এই কৃতিত্বই ভাৰতত মহিলা হকীৰ ক্ৰমবৰ্ধমান শক্তি আৰু খেলুৱৈসকলৰ অপৰিসীম সম্ভাৱনাক প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে দলটোক আগন্তুক প্ৰচেষ্টাৰ বাবেও শুভেচ্ছা জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:়
"২০২৬ চনৰ ১৮ বছৰ অনুৰ্ধ এছিয়া কাপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰতীয় মহিলা ১৮ অনুৰ্ধ হকী দলটোক অভিনন্দন। সমগ্ৰ প্ৰতিযোগিতাখনতে দলটোৱে উল্লেখযোগ্য উদ্যম প্ৰদৰ্শন কৰিছিল। এই কৃতিত্বই ভাৰতত মহিলা হকীৰ ক্ৰমবৰ্ধমান শক্তি আৰু আমাৰ খেলুৱৈসকলৰ অপৰিসীম সম্ভাৱনাক প্ৰতিফলিত কৰিছে। দলটোক তেওঁলোকৰ আগন্তুক প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছো।"
***
MJPS/SS/PRK/DM
(रिलीज़ आईडी: 2269940)
आगंतुक पटल : 5