তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
আইআইএমচিয়ে এমএ আৰু স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰমত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে; ই-কাউন্সেলিঙৰ বাবে পঞ্জীয়ন ৭ জুন ২০২৬লৈ খোলা থাকিব
তিনিটা নতুন বিশেষ এমএ পাঠ্যক্ৰম সংযোজনে আইআইএমচিৰ ছটা কেম্পাছত শৈক্ষিক পৰিসৰ অধিক শক্তিশালী কৰিছে
प्रविष्टि तिथि:
03 JUN 2026 4:09PM by PIB Guwahati
দেশৰ অন্যতম শীৰ্ষ গণসংযোগ আৰু সাংবাদিকতা শিক্ষা প্ৰতিষ্ঠান ভাৰতীয় জনসংযোগ প্ৰতিষ্ঠান (আইআইএমচি)-ত ছটা এমএ আৰু চাৰিটা স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ই-কাউন্সেলিং প্ৰক্ৰিয়া আৰম্ভ হৈছে। এমএ আৰু স্নাতকোত্তৰ ডিপ্ল’মাকে ধৰি সকলো পাঠ্যক্ৰমত নামভৰ্তি কেৱল ই-কাউন্সেলিং প্ৰক্ৰিয়াৰ জৰিয়তেহে সম্পন্ন কৰা হ’ব। ইয়াৰ বাবে https://iimc.admissions.nic.in/ ৱেবছাইটত পঞ্জীয়ন কৰিব পাৰিব। ই-কাউন্সেলিঙৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ ৭ জুন, ২০২৬। প্ৰথম পৰ্যায়ৰ আসন আবণ্টনৰ ফলাফল ৯ জুনত ঘোষণা কৰা হ’ব।

আইআইএমচিৰ নামভৰ্তিৰ ভাৰপ্ৰাপ্ত বিষয়া তথা পৰীক্ষা নিয়ন্ত্ৰক অধ্যাপক (ড০) ৰাকেশ কুমাৰ গোস্বামীয়ে জনোৱা মতে, চলিত বৰ্ষত প্ৰতিষ্ঠানটোৱে তিনিটা নতুন এমএ পাঠ্যক্ৰম আৰম্ভ কৰিছে। এইসমূহ হৈছে স্বাস্থ্য যোগাযোগত এমএ, সংবাদ মাধ্যম আৰু যোগাযোগ শাসনত এমএ, আৰু কৰ্প’ৰেট যোগাযোগ আৰু ব্ৰেণ্ড ব্যৱস্থাপনাত এমএ। ইয়াৰ ফলত এতিয়া আইআইএমচিয়ে ইয়াৰ নতুন দিল্লী, ঢেংকানল, আইজল, অমৰাৱতী, জম্মু আৰু কোট্টায়মস্থিত ছটা কেম্পাছত মুঠ ছটা এমএ পাঠ্যক্ৰম আগবঢ়াইছে।
আইআইএমচিৰ ঐতিহ্যবাহী চাৰিটা স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰমো এইবাৰ উপলব্ধ কৰা হৈছে। এইসমূহ হৈছে ইংৰাজী সাংবাদিকতা, হিন্দী সাংবাদিকতা, ৰেডিঅ’ আৰু টেলিভিছন সাংবাদিকতা, আৰু বিজ্ঞাপন আৰু জনসংযোগ বিষয়ক স্নাতকোত্তৰ ডিপ্ল’মা।
এমএ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আবেদনকাৰী ভাৰতীয় নাগৰিকসকলে কমেও ৫৫ শতাংশ নম্বৰৰ সৈতে স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে গণসংযোগ আৰু সাংবাদিকতা (চিঅ’কিউপি১৭) বিষয়ত বৈধ চিইউইটি-পিজি স্ক’ৰ থাকিব লাগিব। একে বিষয়ত বৈধ চিইউইটি-পিজি স্ক’ৰধাৰী স্নাতকসকল স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোগ্য বিবেচিত হ’ব। ২০২৬ চনৰ ১ আগষ্টলৈ স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ সৰ্বোচ্চ বয়স ২৫ বছৰ, অ’বিচি শ্ৰেণীৰ বাবে ২৮ বছৰ আৰু অনুসূচিত জাতি, অনুসূচিত জনজাতি তথা দিৱ্যাংগ প্ৰাৰ্থীৰ বাবে ৩০ বছৰ নিৰ্ধাৰণ কৰা হৈছে।

পঞ্জীয়ন কৰাৰ পূৰ্বে প্ৰাৰ্থীসকলক নামভৰ্তি জাননী, তথ্যপুথি আৰু নামভৰ্তি প্ৰক্ৰিয়াৰ সম্পূৰ্ণ বিৱৰণ ভালদৰে পঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে। পঞ্জীয়ন প্ৰ-পত্ৰ পূৰণৰ সময়ত পাঠ্যক্ৰম আৰু কেম্পাছৰ পছন্দসমূহ সাৱধানে নিৰ্বাচন কৰিব লাগিব, কিয়নো পঞ্জীয়ন প্ৰ-পত্ৰ দাখিল কৰাৰ পিছত পছন্দ পৰিৱৰ্তনৰ কোনো আবেদন গ্ৰহণ কৰা নহ’ব।
আবণ্টিত পাঠ্যক্ৰমত নামভৰ্তি নিশ্চিত কৰাৰ বাবে প্ৰাৰ্থীসকলে ২০,০০০ টকা আসন গ্ৰহণ মাচুল জমা দিব লাগিব। নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বাকী শিক্ষামাচুলো পৰিশোধ কৰিব লাগিব।

প্ৰাৰ্থীসকলে জন্ম তাৰিখ পৰীক্ষাৰ বাবে উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰমাণপত্ৰ আৰু স্নাতক পৰীক্ষাৰ চূড়ান্ত নম্বৰ পত্ৰ দাখিল কৰিব লাগিব। যিসকল প্ৰাৰ্থীয়ে এতিয়াও স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফল লাভ কৰা নাই, তেওঁলোকে নিৰ্ধাৰিত তাৰিখ আৰু সময়ৰ ভিতৰত প্ৰয়োজনীয় নথি-পত্ৰ দাখিল কৰিব লাগিব। সংৰক্ষিত শ্ৰেণীৰ অন্তৰ্গত যিসকল প্ৰাৰ্থীয়ে নামভৰ্তিৰ সময়ত জাতিগত প্ৰমাণপত্ৰ দাখিল কৰিব নোৱাৰে, তেওঁলোকে এক প্ৰতিশ্ৰুতি-পত্ৰ দাখিল কৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰমাণপত্ৰ জমা দিব পাৰিব।
নামভৰ্তি প্ৰক্ৰিয়া সম্পৰ্কীয় অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলক আইআইএমচিৰ ৱেবছাইট iimc.gov.in পৰিদৰ্শন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কোনো ধৰণৰ জিজ্ঞাসাৰ বাবে admissions@iimc.gov.in ঠিকনাত ই-মেইল প্ৰেৰণ কৰিব পাৰিব।
*****
Mahesh Kumar/ Vivek Vishwash/ Riya Rani/AA
(रिलीज़ आईडी: 2268587)
आगंतुक पटल : 10