কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

মধ্যপ্ৰদেশৰ ৩৪৭বি ৰাষ্ট্ৰীয় ঘাইপথৰ হিৱাৰখেড়ি-ৰোশনি-আছাপুৰ-ৰুধি খণ্ডৰ বৰ্তমানৰ মধ্যমীয়া খণ্ডৰ পথছোৱা ১২৫.০১ কিলোমিটাৰ পথৰ সৈতে দ্বৈত পথলৈ উন্নীতকৰণ আৰু ৩৪৭বি ৰাষ্ট্ৰীয় ঘাইপথৰ দেশগাঁও-জুলৱানিয়া খণ্ডৰ বৰ্তমানৰ দ্বৈত পথছোৱা ফ’ৰলেনলৈ সম্প্ৰসাৰণত কেবিনেটৰ অনুমোদন

৪,৪১৫.৬০ কোটি টকাৰে নিৰ্মাণ হ’ব মুঠ ২৩৩.৬৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ

प्रविष्टि तिथि: 03 JUN 2026 3:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে মধ্যপ্ৰদেশৰ ৩৪৭বি ৰাষ্ট্ৰীয় ঘাইপথৰ হীৱাৰখেড়ি-ৰোশনি-আছাপুৰ-ৰুধি খণ্ডৰ বৰ্তমানৰ মধ্যম লে'ন(১২৫.০২ কিঃমিঃ)ক হাইব্ৰিড বাৰ্ষিকী পদ্ধতিত ৪,৪১৫.৬০ কোটি টকা ব্যয়েৰে দ্বৈত পথলৈ উন্নীতকৰণ আৰু ৩৪৭বি ৰাষ্ট্ৰীয় ঘাইপথ(১০৮.৬৪৩ কিঃমিঃ)ৰ দেশগাঁও-জুলৱানিয়া খণ্ডৰ দ্বৈত পথক ফ’ৰলেনলৈ সম্প্ৰসাৰণৰ বাবে অনুমোদন জনাইছে।

মধ্যপ্ৰদেশৰ ৩৪৭বি ৰাষ্ট্ৰীয় ঘাইপথৰ হিৱাৰখেড়ী-ৰোশনি-আশাপুৰ-ৰুধি আৰু দেশগাঁও-জুলৱানীয়া অংশৰ প্ৰস্তাৱিত উন্নীতকৰণে বেতুল, খাণ্ডৱা, খাৰগোণ আৰু বৰৱানী জিলাৰ ঘন জনবসতিপূৰ্ণ এলেকাসমূহৰ তীব্ৰ জ্যামিতিক ত্ৰুটি, তীক্ষ্ণ ভাঁজ আৰু যান-জঁটৰ সমস্যা সমাধান কৰিব। এই প্ৰকল্পৰ অংশ হিচাপে খাৰগোণ জিলাত ১৬.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা বৰ্ধিত গ্ৰীনফিল্ড বাইপাছ নিৰ্মাণ কৰা হ’ব। এই প্ৰকল্পই বাহনৰ গড় গতিবেগ বৃদ্ধি কৰিব, ভ্ৰমণৰ সময় হ্ৰাস কৰিব আৰু সামগ্ৰিকভাৱে পথ সুৰক্ষা, ইন্ধনৰ কাৰ্যক্ষমতা তথা বাহন পৰিচালনাৰ ব্যয় উন্নত কৰিব, যাৰ ফলত আঞ্চলিক গতিশীলতা আৰু আৰ্থ-সামাজিক উন্নয়ন অধিক ত্বৰান্বিত হ’ব।

এই প্ৰকল্পই মধ্যপ্ৰদেশৰ প্ৰধান অৰ্থনৈতিক, সামাজিক আৰু লজিষ্টিক নোডসমূহৰ মাজত এক নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব। এই উন্নীত কৰিডৰটোৱে ০৬টা পিএম গতি-শক্তি অৰ্থনৈতিক নোড (এটা টেক্সটাইল ক্লাষ্টাৰ, ২টা মেগা ফুড পাৰ্ক, এটা ঔদ্যোগিক পাৰ্ক, ২টা ছুপাৰ থাৰ্মেল পাৱাৰ প্লেণ্ট, ৫টা সামাজিক নোড (২খন অভিলাষী জিলা-খাণ্ডৱা আৰু বৰৱানী, ৩খন জনজাতীয় জিলা-বেতুল, খাণ্ডৱা, খাৰগোণ) আৰু ৫টা লজিষ্টিক নোডৰ (২টা প্ৰধান ৰেলৱে ষ্টেচন, ২টা বিমানবন্দৰ, এটা এমএমএলপি) সৈতে সংযুক্ত হৈ বহু-মুখী সংহতি বৃদ্ধি কৰিব, যাৰ ফলত সমগ্ৰ অঞ্চলটোত সামগ্ৰী আৰু যাত্ৰীৰ দ্ৰুত পৰিবহণ সুচল হৈ পৰিব।

কৰিডৰৰ মেপ

পৰিশিষ্ট - ১: প্ৰকল্পৰ সবিশেষ

বৈশিষ্ট্য

বিৱৰণ

প্ৰকল্পৰ নাম

হাইব্ৰিড এনুয়িটি মোডত মধ্যপ্ৰদেশ ৰাজ্যৰ ৩৪৭বি ৰাষ্ট্ৰীয় ঘাইপথৰ ১২৫.০১ কিলোমিটাৰ দৈৰ্ঘ্যৰ হিৱাৰখেড়ি-ৰোশনি-আশাপুৰ-ৰুধি অংশৰ বৰ্তমানৰ মধ্যম পথক দ্বৈত পথলৈ উন্নীতকৰণ আৰু ১০৮.৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশগাঁও-জুলৱানীয়া অংশৰ বৰ্তমানৰ দ্বৈত পথক ফ’ৰনেনলৈ উন্নীতকৰণ কৰা।


 

(মুঠ দৈৰ্ঘ্য- ২৩৩.৬৫৩ কিঃমিঃ)

কৰিডৰ


 

বেতুল-খাণ্ডৱা-ভডোদৰা

দৈৰ্ঘ্য (কিঃমিঃ)


 

২৩৩.৬৫৩

মুঠ চিভিল ব্যয়


 

২৭০৫.০৮ কোটি টকা

ভূমি অধিগ্ৰহণ ব্যয়

৪৩২.৭৭ কোটি টকা

মুঠ মূলধনী ব্যয়

৪৪১৫.৬০ কোটি টকা

পদ্ধতি/মড

হাইব্ৰিড এনুইটি মড (HAM)

বাইপাছসমূহ

হিৱাৰখেড়ি-ৰোশনি-আশাপুৰ-ৰুধি অংশ: বাইপাছৰ দৈৰ্ঘ্য = ৭০.৩৯ কিঃমিঃ

দেশগাঁও-জুলৱানীয়া অংশ: বাইপাছৰ দৈৰ্ঘ্য = ৫৪.২৭৩ কিঃমিঃ

সংযুক্ত হোৱা প্ৰধান পথসমূহ


 

ৰাষ্ট্ৰীয় ঘাইপথ: এনএইচ-৪৭, এনএইচ৭৫৩, এনএইচ-৩৪৭বিজি আৰু এনএইচ-৫২
 

ৰাজ্যিক ঘাইপথ: এছএইচ-১৫ আৰু এমডিআৰ (প্ৰধান জিলা পথ)

সংযুক্ত হোৱা অৰ্থনৈতিক / সামাজিক / পৰিবহণ কেন্দ্ৰসমূহ

বিমানবন্দৰ: ইন্দোৰ আৰু নাগপুৰ
ৰেলৱে ষ্টেচন: বেতুল, খাণ্ডৱা

 

মাল্টি-মডেল লজিষ্টিক পাৰ্ক: ইন্দোৰ

অৰ্থনৈতিক কেন্দ্ৰবিন্দু: এটা টেক্সটাইল ক্লাষ্টাৰ, ২টা মেগা ফুড পাৰ্ক, এটা ঔদ্যোগিক পাৰ্ক, ২টা ছুপাৰ থাৰ্মেল পাৱাৰ প্লাণ্ট

সংযুক্ত হোৱা প্ৰধান চহৰ / নগৰসমূহ

বেতুল, খাণ্ডৱা, খাৰগোণ, বৰৱানী

নিযুক্তি সৃষ্টিৰ সম্ভাৱনীয়তা

১৯.৫০ লাখ মানৱ দিন (প্ৰত্যক্ষভাৱে) আৰু ২৩.০০ লাখ মানৱ দিন (পৰোক্ষভাৱে)

***

MJPS/DB


(रिलीज़ आईडी: 2268443) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam