হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৬ চনৰ ১১–১২ জুনত নতুন দিল্লীত ভাৰতে আয়োজন কৰিব ত্ৰয়োদশ ব্ৰিকছ নগৰায়ন মঞ্চৰ বৈঠক

‘মানুহৰ বাবে চহৰ: অন্তৰ্ভুক্ত আৰু স্থিতিস্থাপক নগৰীয়া ভৱিষ্যতৰ বাবে ব্ৰিকছ সহযোগিতা’

পোষ্ট কৰা হৈছে: 01 JUN 2026 5:42PM by PIB Guwahati

ভাৰতে  ২০২৬ বৰ্ষৰ  ১১–১২ জুনত নতুন দিল্লীত ত্ৰয়োদশ ব্ৰিকছ নগৰায়ন মঞ্চৰ বৈঠকৰ  আয়োজন কৰিছে ।  আজি এই অনুষ্ঠানৰ পূৰ্বে আয়োজন কৰা সংবাদমেলত কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী মনোহৰ লালে এই কথা  ঘোষণা কৰে। প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী ‘মানৱতা প্ৰথম’ আৰু  ‘স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ বাবে নিৰ্মাণ’ৰ  বিষয়বস্তুৰ  দ্বাৰা পৰিচালিত এই মঞ্চ  ২০২৬ চনত ভাৰতৰ ব্ৰিকছৰ অধ্যক্ষতাৰ অধীনত এক গুৰুত্বপূৰ্ণ মন্ত্ৰীসভাৰ অনুষ্ঠান হিচাবে পৰিগণিত হ'ব। ‘মানুহৰ বাবে চহৰ: অন্তৰ্ভুক্ত আৰু স্থিতিস্থাপক নগৰীয়া ভৱিষ্যতৰ বাবে ব্ৰিকছ সহযোগিতা’ শীৰ্ষক বিষয়বস্তুৰ অধীনত অনুষ্ঠিত হ’ব এই নগৰায়ন মঞ্চ। সংবাদমেলত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়বস্তুৱে ভাৰতৰ সেই দৃষ্টিভংগীক প্ৰতিফলিত কৰে,  যিয়ে চহৰৰ পৰিকল্পনা, শাসন, আৰু উন্নয়নত মানুহক কেন্দ্ৰীয় বিষয় হিচাবে গণ্য কৰে। 

ভাৰতৰ উত্তৰাধিকাৰ আৰু অবিৰত নেতৃত্ব

ভাৰতে ২০১৩ চনত নতুন দিল্লীত  প্ৰথমবাৰৰ বাবে ব্ৰিকছ নগৰায়ন মঞ্চৰ বৈঠকৰ  আয়োজন কৰিছিল আৰু এনেদৰে  নগৰায়নক আনুষ্ঠানিকভাৱে ব্ৰিকছৰ সহযোগিতাৰ কাৰ্যসূচীত স্থান দিছিল। ভাৰতে ২০১৬ চনত বিশাখাপট্টনমত পুনৰ এই  মঞ্চৰ বৈঠকৰ  আয়োজন কৰিছিল, য’ত বহনক্ষম নগৰ উন্নয়ন, স্মাৰ্ট চিটি আৰু নগৰীয়া  স্থিতিস্থাপকতাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হৈছিল। ভাৰতে ২০২১ চনত  বিশ্বত দেখা দিয়া  মহামাৰীৰ পিছত  ভাৰ্চুৱেল মাধ্যমেৰে পুনৰ  এনে বৈঠকৰ আয়োজন কৰিছিল। তাত  নগৰৰ পুনৰুদ্ধাৰৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হৈছিল।

২০২৬ চনত ত্ৰয়োদশ ব্ৰিকছ নগৰায়ন মঞ্চৰ জৰিয়তে ভাৰতে চতুৰ্থবাৰৰ বাবে এই মঞ্চৰ আয়োজন কৰিবলৈ ওলাইছে। আৰম্ভণিৰে পৰাই এই মঞ্চই ব্ৰিকছ দেশসমূহৰ বাবে নগৰ নীতিৰ অভিজ্ঞতাৰ বিনিময়, ভাগ-বাটোৱাৰা  কৰা অগ্ৰাধিকাৰৰ বিষয়  চিনাক্তকৰণ  আৰু  ব্ৰিকছৰ বিস্তৃত  প্ৰক্ৰিয়াত নগৰীয়া তথ্যসমূহত অৰিহণা যোগোৱাৰ বাবে মন্ত্ৰীসকলৰ বিশেষ  মঞ্চ হিচাপে কাম কৰি আহিছে।

ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত ভাগ-বাটোৱাৰা  কৰা নগৰীয়া বিষয়ৰ অগ্ৰাধিকাৰ

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ব্ৰিকছ নগৰায়ন মঞ্চ   এক  গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে, কিয়নো বহু ব্ৰিকছ ৰাষ্ট্ৰই গৃহ নিৰ্মাণ, গতিশীলতা, জলবায়ুৰ ক্ষেত্ৰত দেখা দিয়া বিপদ, পৌৰসভাৰ সামৰ্থ্য, নগৰীয়া বিত্ত আৰু সেৱা প্ৰদানৰ দৰে প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ লগতে দ্ৰুত নগৰ বৃদ্ধিৰ অভিজ্ঞতাৰ সন্মুখীন হৈছে। মঞ্চখনে কেইটামান বিশেষ  অগ্ৰাধিকাৰৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিব: অন্তৰ্ভুক্ত নগৰ উন্নয়ন, জলবায়ু আৰু দুৰ্যোগ-প্ৰতিৰোধী আন্তঃগাঁথনি, শক্তিশালী পৌৰসভাৰ প্ৰতিষ্ঠান আৰু উন্নত নগৰ শাসনৰ বাবে ডিজিটেল উদ্ভাৱন।

 

নিৰ্ধাৰিত কাৰ্যসূচী আৰু প্ৰত্যাশিত ফলাফল

দুদিন ধৰি অনুষ্ঠিত হ’বলগীয়া ত্ৰয়োদশ ব্ৰিকছ নগৰায়ন মঞ্চত ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰৰ মন্ত্ৰী, উচ্চপদস্থ বিষয়া, নীতি নিৰ্ধাৰক, নগৰীয়া বিষয়ৰ  অনুশীলনকাৰী আৰু বিশেষজ্ঞসকলে যোগদান কৰিব। ব্ৰিকছৰ এঘাৰখন সদস্য দেশৰ  মন্ত্ৰী পৰ্যায়ৰ প্ৰতিনিধি দলক ইয়াত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

মঞ্চৰ প্ৰথম দিনটোত উদ্বোধনী অধিৱেশনৰ লগতে ব্ৰিকছৰ ভাগ-বাটোৱাৰা কৰা নগৰীয়া অগ্ৰাধিকাৰৰ বিষয়ত  উচ্চ পৰ্যায়ৰ পূৰ্ণাংগ সভা অনুষ্ঠিত হ’ব। প্ৰতিনিধিসকলক নতুন দিল্লীৰ নিৰ্বাচিত স্থানসমূহলৈও ক্ষেত্ৰ ভ্ৰমণৰ বাবে  লৈ যোৱা হ’ব আৰু তেওঁলোকক  ভাৰতৰ নগৰ পৰিৱৰ্তনৰ সৈতে পৰিচিত হ’বলৈ সুবিধা প্ৰদান কৰা হ’ব।

দ্বিতীয় দিনটোত মঞ্চৰ অগ্ৰাধিকাৰ ভিত্তিক ক্ষেত্ৰসমূহক লৈ বিষয়ভিত্তিক পেনেল আলোচনা অনুষ্ঠিত হ’ব। সদস্য ৰাষ্ট্ৰসমূহে পেনেল আলোচনাত অংশগ্ৰহণ কৰি নিজৰ দেশৰ অভিজ্ঞতাসমূহ ভাগ-বাটোৱাৰা কৰিব। ইয়াৰ উপৰি  অংশগ্ৰহণ কৰিবলগীয়া দেশসমূহৰ প্ৰতিনিধিৰ মাজত দ্বিপাক্ষিক আলোচনাও অনুষ্ঠিত হ’ব।এই আলোচনাই নগৰায়নৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ত  ভাগ-বাটোৱাৰা   কৰা নীতিগত সমাধানক সমৰ্থন কৰিব আৰু অন্তৰ্ভুক্ত, স্থিতিস্থাপক তথা জনকেন্দ্ৰিক চহৰ নিৰ্মাণৰ ক্ষেত্ৰত ব্ৰিকছ দেশসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰি তুলিব  বুলি আশা কৰা হৈছে।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে  লগতে কয় যে ভাৰতে সমগ্ৰ ব্ৰিকছ পৰিয়ালৰ প্ৰতিনিধিক নতুন দিল্লীলৈ আদৰণি জনোৱাৰ লগতে মানুহৰ বাবেই গঢ় লৈ উঠা  চহৰসমূহৰ বিষয়ত একেলগে কাম কৰিবলৈ আগ্ৰহী।

******

SK/DM


(ৰিলিজ আই ডি : 2267664) অতিথি কক্ষ : 13