তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতীয় সংবাদ মাধ্যমক ভৱিষ্যতৰ বাবে অধিক সক্ষম আৰু প্ৰস্তুত কৰি তুলিবলৈ আইআইএমচিয়ে মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্টৰ বাবে এআই একাডেমী উদ্বোধন কৰিছে


এআইয়ে সংবাদ মাধ্যমত গতি আৰু সৃষ্টিশীলতা বৃদ্ধি কৰিব পাৰে, কিন্তু এআই যুগতো মানৱীয় বিচাৰবোধ, সঠিকতা আৰু সম্পাদনাগত দায়িত্ব কেন্দ্ৰীয় স্থান দখল কৰি থাকিব লাগিব: তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব

এই স্নাতক অনুষ্ঠানৰ জৰিয়তে ২৩খন চহৰৰ ১১০টাতকৈ অধিক নিউজৰুম আৰু সংবাদ মাধ্যম পেছাদাৰীৰ বাবে আয়োজন কৰা এআই দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সমাপ্তি উদযাপন কৰা হয়

পোষ্ট কৰা হৈছে: 29 MAY 2026 5:16PM by PIB Guwahati

নতুন দিল্লীস্থিত ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আইআইএমচি)য়ে আজি দেশত এআই-চালিত সংবাদ মাধ্যম শিক্ষা আৰু সামৰ্থ্য বিকাশ শক্তিশালী কৰাৰ উদ্দেশ্যে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে এআইএমই একাডেমী (এআই একাডেমী ফৰ মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট) উদ্বোধন কৰে। নতুন দিল্লীত অৱস্থিত আইআইএমচি কেম্পাছত আয়োজিত অনুষ্ঠানত আইআইএমচিৰ উপাচাৰ্য ড০ প্ৰজ্ঞা পালিৱাল গৌৰ আৰু গুগল ডিপমাইণ্ড ইণ্ডিয়াৰ জ্যেষ্ঠ সঞ্চালক ড০ মনীষ গুপ্তাৰ উপস্থিতিত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে আনুষ্ঠানিকভাৱে একাডেমীখনৰ শুভ উদ্বোধন কৰে। এই অনুষ্ঠানত ২৩খন চহৰ আৰু ১০টাতকৈ অধিক ভাৰতীয় ভাষাক সামৰি ১০০ৰো অধিক নিউজৰুম, সংবাদ মাধ্যম মহাবিদ্যালয় আৰু পেছাদাৰী প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰা ১১০জনতকৈ অধিক সংবাদ মাধ্যম পেছাদাৰী, শিক্ষক আৰু শিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰা ১০ সপ্তাহব্যাপী হাইব্ৰিড “এআই স্কিলছ ট্ৰেইনিং প্ৰগ্ৰেম”ৰ সফল সমাপ্তিও উদযাপন কৰা হয়।

এআইএমই একাডেমী: এক প্ৰতিষ্ঠানিক মাইলৰ খুঁটি

সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডত এআইভিত্তিক সক্ষমতা বিকাশৰ ক্ষেত্ৰত “এআইএমই একাডেমী”ক এক ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সামৰ্থ্য বিকাশ, গৱেষণা, উদ্ভাৱন আৰু ইনকিউবেচন, দায়িত্বশীল এআই নীতি বিকাশ আৰু কৌশলগত সহযোগিতা—এই পাঁচটা মুখ্য স্তম্ভৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা এই একাডেমীৰ লক্ষ্য হৈছে আইআইএমচিক পৰম্পৰাগত সংবাদ মাধ্যম প্ৰশিক্ষণৰ গণ্ডীৰ পৰা ভৱিষ্যতমুখী সংবাদ মাধ্যম সক্ষমতাৰ দিশলৈ আগুৱাই নিয়া।

একাডেমীখনৰ উদ্দেশ্য হৈছে ভাৰত-নিৰ্দিষ্ট প্ৰশিক্ষণ মডিউল বিকশিত কৰা, সাংবাদিকতাত এআইৰ ব্যৱহাৰৰ ওপৰত প্ৰয়োগমূলক গৱেষণাক উৎসাহিত কৰা, নিউজৰুমসমূহত এআই গ্ৰহণ পদ্ধতিৰ নথিভুক্তকৰণ কৰা আৰু ভাৰতীয় সংবাদ মাধ্যম পৰিৱেশত এআইৰ দায়িত্বশীল ব্যৱহাৰক প্ৰসাৰিত কৰা।

নতুন দিল্লী, ধেনকানাল, জম্মু, আইজল, আমৰাৱতী আৰু কোট্টায়মত অৱস্থিত আইআইএমচিৰ ছয়টা কেন্দ্ৰৰ জৰিয়তে সমগ্ৰ দেশজুৰি ভাষাভিত্তিক এআই সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত একাডেমীখন বিশেষভাৱে উপযুক্ত স্থানত অৱস্থিত। একাডেমীয়ে বহুভাষিক যোগাযোগ, জনসেৱা সম্প্ৰচাৰ, গ্ৰাম্য দৰ্শক আৰু গণতান্ত্ৰিক বৈচিত্ৰ্যৰ দৰে ভাৰতীয় বাস্তৱতাক এআই আৰু সংবাদ মাধ্যম সম্পৰ্কীয় বৈশ্বিক আলোচনাৰ কেন্দ্ৰবিন্দুলৈ আনিব বুলিও আশা প্ৰকাশ কৰা হৈছে।

প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান: এআই দক্ষতা অৰ্জনকাৰীক স্বীকৃতি

স্নাতক দিৱসৰ অন্যতম মুখ্য আকর্ষণ আছিল প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান, য’ত দূৰদৰ্শন, আকাশবাণী (অল ইণ্ডিয়া ৰেডিঅ’), প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পিআইবি), প্ৰকাশন বিভাগ আৰু আইআইএমচিৰ অংশগ্ৰহণকাৰীসকলক এআই দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচী সফলভাৱে সম্পূৰ্ণ কৰাৰ বাবে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা হয়।

এই কাৰ্যসূচীৰ অধীনত চৰকাৰী জনসেৱা প্ৰতিষ্ঠান আৰু ব্যক্তিগত নিউজৰুমৰ অংশগ্ৰহণকাৰীসকলক নোটবুকএলএম, জেমিনি, এআই ষ্টুডিঅ’ আৰু পিনপইণ্টকে ধৰি গুগলৰ বিভিন্ন এআই সঁজুলিৰ ক্ষেত্ৰত মৌলিক এআই সাক্ষৰতা আৰু ব্যৱহাৰিক দক্ষতাৰে সমৃদ্ধ কৰি তোলা হয়।

সচিবৰ ভাষণ: এআই বিকল্প নহয়, সক্ষমকাৰী শক্তি

অনুষ্ঠানত ভাষণ প্ৰদান কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে সকলো অংশগ্ৰহণকাৰীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভাৰতীয় সংবাদ মাধ্যমৰ বাবে এই পদক্ষেপৰ সুদূৰপ্ৰসাৰী তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে।

তেওঁ কয়, “আজিৰ অনুষ্ঠান কেৱল এটা প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান নহয়; ই ভাৰতীয় সংবাদ মাধ্যম প্ৰতিষ্ঠানসমূহে নিজকে ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰাৰ এক বৃহত্তৰ পৰিৱৰ্তনৰ সূচক। আমাৰ সন্মুখত থকা প্ৰধান প্ৰশ্নটো এআইয়ে সংবাদ মাধ্যমক প্ৰভাৱিত কৰিব নেকি সেয়া নহয়, কাৰণ সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। অধিক গুৰুত্বপূৰ্ণ বিষয় হৈছে—আমাৰ সাংবাদিক, সম্পাদক, সংবাদ মাধ্যম শিক্ষাবিদ আৰু জনসংযোগ পেছাদাৰীসকলে আত্মবিশ্বাস, দায়িত্ববোধ আৰু ভাৰতকেন্দ্ৰিক দৃষ্টিভংগীৰে এআইক কিমান ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰে।”

সচিবগৰাকীয়ে উল্লেখ কৰে যে দূৰদৰ্শন, আকাশবাণী, পিআইবি আৰু প্ৰকাশন বিভাগৰ দৰে ভাৰতৰ জনসেৱা সংবাদ মাধ্যম প্ৰতিষ্ঠানসমূহে ভাষা আৰু ভৌগোলিক বিস্তৃতিৰ ক্ষেত্ৰত এক বিশেষ দায়িত্ব বহন কৰে। সেইবাবে, এই প্ৰতিষ্ঠানসমূহৰ এআই-প্ৰস্তুতি বিশেষভাৱে গুৰুত্বপূৰ্ণ। তেওঁ স্পষ্টভাৱে কয়—

“এআইক সহায়ক শক্তি হিচাপে ব্যৱহাৰ কৰিব পাৰি, কিন্তু সম্পাদনাগত দায়িত্বৰ বিকল্প হিচাপে নহয়। ই গতি বৃদ্ধি কৰিব পাৰে, কিন্তু সঠিকতাৰ মূল্যত নহয়। ই সৃষ্টিশীলতাক সমৰ্থন কৰিব পাৰে, কিন্তু প্ৰামাণ্যতাৰ ক্ষতি সাধন নকৰি। এআই যুগত মানৱীয় বিচাৰবোধৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিব।”

সচিবগৰাকীয়ে এআই সম্পৰ্কে চৰকাৰৰ বহল দৃষ্টিভংগীক “ইতিবাচক, সক্ষমকাৰী আৰু দায়িত্বশীল” বুলি অভিহিত কৰি উল্লেখ কৰে যে এই দৃষ্টিভংগী প্ৰধানমন্ত্ৰীৰ “ভাৰতত এআই সৃষ্টি কৰক” আৰু “এআইক ভাৰতৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰক” শীৰ্ষক ৰাষ্ট্ৰীয় আহ্বানৰ সৈতে সামঞ্জস্যপূর্ণ।

এআই দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ বিষয়ে

“গুগল নিউজ ইনিচিয়েটিভ এআই স্কিলছ প্ৰগ্ৰেম” হৈছে আইআইএমচিয়ে গুগলৰ সহযোগিতাত আৰু “হাউ ইণ্ডিয়া লিভছ”ৰ প্ৰশিক্ষণ সহায়ত ৰূপায়ণ কৰা ১০ সপ্তাহব্যাপী এক হাইব্ৰিড কাৰ্যসূচী। এই কাৰ্যসূচীয়ে ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ ছপা, ডিজিটেল, সম্প্ৰচাৰ, আঞ্চলিক আৰু স্থানীয় সংবাদ মাধ্যমৰ অংশগ্ৰহণকাৰীসকলক এক মঞ্চত একত্ৰিত কৰিছিল।

কাৰ্যসূচীৰ মুখ্য হাইলাইটসমূহঃ

• ২৩খন চহৰ আৰু ১০টাতকৈ অধিক ভাষাৰ পৰা ১১০জনতকৈ অধিক অংশগ্ৰহণকাৰী

• ১০০টাতকৈ অধিক নিউজৰুম, সংবাদ মাধ্যম মহাবিদ্যালয় আৰু ৰাজহুৱা যোগাযোগ প্ৰতিষ্ঠান

• প্ৰতিজন অংশগ্ৰহণকাৰীৰ বাবে ৪০ ঘণ্টাতকৈ অধিক এআই প্ৰশিক্ষণ আৰু ১:১ মেণ্টৰিং

• ১৭০টাতকৈ অধিক এআই-চালিত প্ৰকল্প আৰু প্ৰকাশিত কাম

• ৫০টাতকৈ অধিক ভাইব-ক’ডিং এপ্লিকেচন (অংশগ্ৰহণকাৰীসকলৰ দ্বাৰা নিৰ্মিত এপ)

• দেশজুৰি অৱস্থিত আইআইএমচিৰ ৬টা কেন্দ্ৰত কেম্পাছ আউটৰিচ কাৰ্যসূচী

 

 

*****

Mahesh Kumar/ Aparajita Priyadarshini/AA


(ৰিলিজ আই ডি : 2266836) অতিথি কক্ষ : 11