গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে বিএছএফৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে আৰু ভাৰ্চুৱেল মাধ্যমেৰে ৰাজস্থানৰ বিকানেৰৰ সাঞ্চু পোষ্টত মহিলা বেৰেক উদ্বোধন কৰে
মোদী চৰকাৰে ৰাজস্থানৰ ১৮০টা বি এছ এফৰ আউটপোষ্টত পাৰ্শ্বীয় পথ নিৰ্মাণ, উচ্চ প্ৰযুক্তিৰ বেৰ স্থাপন আৰু পাইপেৰে খোৱাপানী যোগান ধৰি সীমান্ত অঞ্চলসমূহৰ পৰিৱেশ সলনি কৰিছে
গুৰুতৰ ভৌগোলিক প্ৰত্যাহ্বান আৰু প্ৰতিকূল পৰিস্থিতিৰ মাজতো বি এছ এফে সীমান্তত দৃঢ়তাৰে থিয় দিছে; আমি ২০০০ শ্বহীদৰ পৰম বলিদানক শ্ৰদ্ধাঞ্জলি জনাইছো
সীমান্ত নিৰাপত্তা নিৰ্ভৰ কৰে বিএছএফ, সেনাবাহিনী, সীমান্ত অঞ্চলৰ নাগৰিক আৰু স্থানীয় প্ৰশাসনক সামৰি লোৱা
‘চতুৰ্ভুজ নিৰাপত্তা গ্ৰীড’ৰ ওপৰত; সীমান্ত নিৰাপত্তা কোনো বিচ্ছিন্ন কৰ্তব্য নহয়, বৰঞ্চ ই এক ভূখণ্ডৰ দায়িত্ব
‘শূন্য অনুপ্ৰৱেশ’ নিশ্চিত কৰাটো আমাৰ দায়িত্ব—এয়া চতুৰ্ভুজ সুৰক্ষা গ্ৰীডৰ জৰিয়তেহে লাভ কৰিব পৰা এক লক্ষ্য
সীমান্তৰ পৰা ৫০ কিলোমিটাৰ ব্যাসাৰ্ধত অৱস্থিত গাঁওসমূহত সংঘটিত হোৱা যিকোনো ‘অস্বাভাৱিক জনগাঁথনি পৰিৱৰ্তন’ৰ বিষয়ত বি এছ এফে সতৰ্ক দৃষ্টি ৰাখিব লাগিব আৰু যিকোনো অকৰ্তৃত্বশীল নিৰ্মাণ সন্দৰ্ভত স্থানীয় প্ৰশাসনক সতৰ্ক কৰি দিব লাগিব
অহা ৬ মাহৰ ভিতৰত সীমান্তত ড্ৰ’ন প্ৰতিৰোধী ব্যৱস্থা স্থাপন কৰা হ’ব, সীমান্ত সুৰক্ষাৰ বাবে বিশ্বমানৰ প্ৰযুক্তি অতি সোনকালে উপলব্ধ কৰা হ’ব
দেশ বিৰোধী উপাদানসমূহে প্ৰযুক্তিৰ অপব্যৱহাৰ কৰিছে; সেইবাবেই মোদী চৰকাৰে বি এছ এফৰ কাৰ্যকৰী অধিকাৰক্ষেত্ৰ ১৫ৰ পৰা ৫০ কিলোমিটাৰলৈ সম্প্ৰসাৰিত কৰিছে
সীমান্তৱৰ্তী গাঁওসমূহৰ প্ৰতিখনতে জনকল্যাণমূলক আঁচনিৰ ১০০% পৰিপূৰ্ণতা নিশ্চিত কৰিবলৈ বি এছ এফে ‘ভাইব্ৰেণ্ট ভিলেজছ কাৰ্যসূচী ’ত আগভাগ ল’ব লাগে
বি এছ এফে কঠোৰ আৰু নিৰ্ণায়কভাৱে নিচাযুক্ত দ্ৰব্য তথা অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ অন্ত পেলাবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব
আমাৰ সীমান্তৰ ভিতৰৰ পৰা আভ্যন্তৰীণ ভাবুকিৰ সৃষ্টি কৰিব বিচৰাসকলৰ ওপৰত আমি চোকা দৃষ্টি ৰাখিব লাগিব আৰু তেওঁলোকৰ বিৰুদ্ধে নিৰ্দয়ভাবে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব
পোষ্ট কৰা হৈছে:
26 MAY 2026 7:58PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে বিকানেৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত সীমান্ত সুৰক্ষা বাহিনীৰ (বি এছ এফৰ) সাঞ্চু পোষ্টত কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে আৰু ভাৰ্চুৱেল মাধ্যমেৰে মহিলা বেৰেক উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজন লাল শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল, কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, সচিব (সীমান্ত ব্যৱস্থাপনা), বি এছ এফৰ সঞ্চালক প্ৰধানকে ধৰি অন্যান্য বহু জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

বিএছএফৰ কৰ্মীসকলক সম্বোধন কৰি অমিত শ্বাহে কয় যে বি এছ এফ প্ৰতিষ্ঠাৰ পিছৰে পৰা সীমান্তৰক্ষীসকলে কৰ্তব্যৰ প্ৰতি সমৰ্পণ, সাহস আৰু পৰম ত্যাগৰ মনোভাৱেৰে দেশৰ সীমান্ত ৰক্ষাৰ দায়িত্ব পালন কৰি আহিছে। অতি মাত্ৰা গৰম , তীব্ৰ ঠাণ্ডা, বৰষুণ, ঘন অৰণ্য, বৰফেৰে আবৃত পৰ্বত শিখৰত , বা ৪৫ ডিগ্ৰীৰ পৰা মাইনাছ ৪৫ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতা থকা ঠাইতো তেওঁলোকে সদা সতৰ্ক হৈ আছে। তেওঁ কয় যে ২০০০ৰো অধিক সীমান্তৰক্ষীৰ বলিদানৰ বাবে কেৱল বি এছ এফ আৰু ভাৰত চৰকাৰ ঋণী নহয়, আটাইকেইজনৰ বলিদানৰ বাবে ১.৪ বিলিয়ন ভাৰতীয় ঋণী হৈ আছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সীমান্তৰক্ষীক লৈ সমগ্ৰ দেশ গৌৰৱান্বিত।
শ্ৰী অমিত শ্বাহে কয় যে চৰকাৰে দেশৰ কন্যাসকলে প্ৰতিটো ক্ষেত্ৰতে লিংগ নিৰপেক্ষভাৱে অংশগ্ৰহণ নিশ্চিত কৰিব পৰাৰ লগতে তেওঁলোকক সম সুযোগ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে পূৰ্বৰ চৰকাৰসমূহে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা তথা তেওঁলোকৰ বাবে প্ৰয়োজনীয় সা-সুবিধাসমূহৰ প্ৰতি পৰ্যাপ্ত গুৰুত্ব দিয়া নাছিল, যদিও ৰাষ্ট্ৰীয় নিৰাপত্তাত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত দেশৰ কন্যাসকলে পুৰুষতকৈ দুখোজ আগুৱাই গৈছে। তেওঁ লগতে কয় যে ২০৩০ চনৰ ভিতৰত সীমান্ত সুৰক্ষাত নিয়োজিত মহিলা কৰ্মীৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা নিশ্চিত কৰা হ’ব। শ্ৰী শ্বাহে জনায় যে ৰাজস্থানত ৭৯টা বেৰেক নিৰ্মাণত অনুমোদন কৰা হৈছে আৰু ইয়াৰে ৬৭টা বেৰেক ইতিমধ্যে প্ৰায় ৩৯ কোটি টকা ব্যয়ৰে সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰে ১৪টা বেৰেক আজি উদ্বোধন কৰা হয়। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বি এছ এফে পহৰা দিয়া সীমান্তৰ কাষে কাষে প্ৰায় ২০০ কোটি টকা ব্যয় কৰি মুঠ ৩৫৬টা বেৰেক নিৰ্মাণ কৰা হ’ব। এই বেৰেকসমূহ সম্পূৰ্ণ হোৱাৰ পিছত মহিলা কৰ্মীসকলক কৰ্তব্যত মোতায়েন কৰাটো বহুত বেছি সুবিধাজনক হৈ পৰিব।

শ্ৰী অমিত শ্বাহে কয় যে ২০১৪ চনত শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা দেশৰ নিৰাপত্তাৰ পৰিৱেশত লক্ষ্যণীয়ভাবে মৌলিক পৰিৱৰ্তন ঘটিছে। তেওঁ কয় যে সশস্ত্ৰ বাহিনীক আধুনিকীকৰণ কৰাৰ লগতে সীমান্ত সুৰক্ষা বাহিনীৰো আধুনিকীকৰণৰ কাম চলি আছে। তেওঁ লগতে কয় যে ভাৰত চৰকাৰে সন্ত্ৰাসবাদীৰ যিকোনো অপচেষ্টাক নিৰ্দয়ভাৱে উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ নীতি গ্ৰহণ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে শূন্য অনুপ্ৰৱেশ নিশ্চিত কৰাটো আমাৰ দায়িত্ব আৰু চতুৰ্ভুজ নিৰাপত্তা গ্ৰীডৰ জৰিয়তে এই কাম সম্ভৱ হ’ব পাৰে।
শ্ৰী অমিত শ্বাহে কয় যে ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত বি এছ এফৰ জোৱানসকলে প্ৰশংসনীয় প্ৰদৰ্শন কৰিছিল। তেওঁ কয় যে বি এছ এফে য’তেই আগশাৰীত থাকি দায়িত্ব লয় ত'তেই তেওঁলোকে সম্পূৰ্ণ দৃঢ়তাৰে থিয় দিয়ে।তেওঁ লগতে কয় যে সীমান্তৱৰ্তী জিলাত বসবাস কৰা লোকসকলৰ মনোবল বজাই ৰখাতো বি এছ এফে মুখ্য ভূমিকা পালন কৰি আহিছে। যেতিয়াই প্ৰয়োজন হয়, বি এছ এফৰ জোৱানসকলে তেওঁলোকৰ গৌৰৱময় পৰম্পৰা অনুসৰি পাকিস্তানক উপযুক্ত প্ৰত্যুত্তৰ দিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ঐতিহাসিক সাঞ্চু পোষ্টটো পৰিদৰ্শন কৰি সুখ প্ৰকাশ কৰে আৰু কয় যে ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত সাঞ্চুৰ জনসংখ্যা ৫০০ৰো অধিক আছিল, আনহাতে আৰ এ চি পোষ্টটো প্ৰায় ২৫ কিলোমিটাৰ দূৰৈত ৰঞ্জিতপুৰা গাঁৱত আছিল।তেওঁ কয় যে যেতিয়া তিনিটা আৰ এ চি ইউনিট আৰু ১৩টা গ্ৰেনেডিয়াৰৰ সাহসী জোৱানে পাকিস্তানে সাঞ্চু দখল কৰিবলৈ চেষ্টা কৰা বুলি তথ্য লাভ কৰিছিল, তেতিয়া তেওঁলোকে তীব্ৰ আক্ৰমণ চলাইছিল আৰু ভাৰতৰ সীমাৰ ভিতৰত সাঞ্চুক সুৰক্ষিত হৈ থকাটো নিশ্চিত কৰিছিল, যাৰ ফলত পাকিস্তানে পিছুৱাই যাবলৈ বাধ্য হৈছিল।কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান বি এছ এফৰ দ্বাদশ বেটেলিয়নৰ অন্তৰ্গত আৰ এ চি ইউনিট তিনিটাই প্ৰতি বছৰে গৌৰৱেৰে বিজয় উৎসৱ উদযাপন কৰে। এই বিজয় দিৱসক “সাঞ্চু দিৱস” নামেৰে নামাকৰণ কৰা হৈছে। তেওঁ লগতে কয় যে এই পোষ্টটোৰ কথা ভাৰতৰ সামৰিক ইতিহাসত সোণালী আখৰেৰে খোদিত হৈ ৰ'ব।
শ্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ ৰাজস্থানৰ মৰুভূমিৰ মাজৰে এটা পাৰ্শ্বীয় পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰায় ১,০৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাৰ্শ্বীয় পথ আৰু ৫২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অক্ষীয় পথটোৱে বিএছএফৰ কৰ্মীসকলক উন্নত সুবিধা প্ৰদান কৰাই নহয়, সংযোগৰ ক্ষেত্ৰতো উন্নতি সাধন কৰিব।তেওঁ লগতে কয় যে নতুন আৰ্হিৰ বেৰৰ কামো চলি আছে আৰু ৰাজস্থানৰ প্ৰায় ১৮০টা সীমান্ত চকীলৈ পাইপলাইনৰ জৰিয়তে খোৱাপানী যোগান ধৰাৰ কাম সম্পূৰ্ণ হৈছে। শ্ৰী অমিত শ্বাহে কয় যে বি এছ এফৰ পৰম্পৰাগত ভূমিকাক এতিয়া নতুন দৃষ্টিকোণেৰে চাব লাগিব। তেওঁ কয় যে সীমান্ত সুৰক্ষাৰ লগতে বাহিনীটোৱে অবৈধ সৰবৰাহ, অনুপ্ৰৱেশ আৰু সীমা অতিক্ৰম কৰি হোৱা কাৰ্যকলাপৰ বিৰুদ্ধে অহৰহ সতৰ্কতা বজাই ৰাখি নিজৰ প্ৰস্তুতি শক্তিশালী কৰিব লাগিব।
গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কেইবছৰমান পূৰ্বে ভাৰত চৰকাৰে বি এছ এফৰ অধিকাৰক্ষেত্ৰ সীমান্তৰ পৰা পূৰ্বৰ ১৫ কিলোমিটাৰৰ সলনি ৫০ কিলোমিটাৰলৈ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ কয় যে এই ৫০ কিলোমিটাৰ অঞ্চলৰ ভিতৰত অৱস্থিত গাঁৱৰ ভিতৰত যদি কোনো অবৈধ নিৰ্মাণ কাৰ্য সংঘটিত হয় তেন্তে অসামৰিক প্ৰশাসনক অৱগত কৰাটো আমাৰ দায়িত্ব।কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লগতে কয় যে ৫০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যদি জনগাঁথনিৰ কোনো কৃত্ৰিম পৰিৱৰ্তন ঘটিছে , তেন্তে বি এছ এফে এই বিষয়ত সজাগ হ'ব লাগিব আৰু ৰাজ্য চৰকাৰক অৱগত কৰিব লাগিব। তেওঁ লগতে কয় যে ড্ৰ’ন আৰু অন্যান্য উপায়েৰে নিচাযুক্ত দ্ৰব্য তথা অস্ত্ৰ-শস্ত্ৰৰ সৰবৰাহ কঠোৰভাৱে ৰোধ কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাটোও বাহিনীটোৰ দায়িত্ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অহা ছমাহৰ ভিতৰত ভাৰত চৰকাৰে ড্ৰ’ন প্ৰতিৰোধী ব্যৱস্থা স্থাপনৰ কাম আৰম্ভ কৰিব। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতৰ মাটিত এবাৰ ড্ৰ’ন অৱতৰণ কৰাৰ পিছত সেয়া কোনে গ্ৰহণ কৰে আৰু কোনে সেই সামগ্ৰী দেশবিৰোধী কামত ব্যৱহাৰ কৰে সেয়া চিনাক্ত কৰাটোও সমানেই গুৰুত্বপূৰ্ণ।শ্ৰী শ্বাহে কয় যে এনে কাৰ্যকলাপৰ ক্ষেত্ৰত অহৰহ সতৰ্ক হৈ থাকিব লাগিব। সেই শক্তিসমূহৰ নিষ্ক্ৰিয়কৰণৰ বাবে অসামৰিক কৰ্তৃপক্ষ আৰু জিলা আৰক্ষীৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়, আৰু এইক্ষেত্ৰত জনোৱা সঁহাৰি ফলাফলমুখী হ’ব লাগিব।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা ধৰণে সীমান্তৱৰ্তী গাঁওসমূহৰ উন্নয়ন কৰা হৈছে। ভাইব্ৰেণ্ট ভিলেজছ কাৰ্যসূচীৰ অধীনত বি এছ এফে আগভাগ লোৱাৰ লগতে সীমান্তৱৰ্তী গাঁওসমূহত ৰাজ্য চৰকাৰ তথা ভাৰত চৰকাৰৰ কল্যাণমূলক আঁচনিৰ ১০০ শতাংশ প্ৰাপ্তি নিশ্চিত কৰাৰ দিশত কাম কৰিব লাগে বুলিও তেওঁ কয়।
তেওঁ লগতে কয় যে সীমান্তৱৰ্তী গাঁৱৰ নতুন প্ৰজন্মক সজাগ তথা সবলীকৰণ কৰিব লাগিব, কাৰণ তেতিয়াহে বি এছ এফ, সশস্ত্ৰ বাহিনী আৰু সজাগ নাগৰিকে মিলি এক শক্তিশালী নিৰাপত্তা গ্ৰীড গঢ়ি তুলিব পাৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে সীমান্তৰ সিপাৰৰ পৰা উদ্ভৱ হোৱা সকলো ভাবুকিৰ ক্ষেত্ৰত অহৰহ সতৰ্ক হৈ থাকিব লাগিব। একে সময়তে আমাৰ সীমান্তৰ ভিতৰত যিসকলক আভ্যন্তৰীণ ভাবুকিৰ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়, তেওঁলোকৰ প্ৰতিও সতৰ্ক হৈ থাকিব লাগিব, আইন অনুসৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।শ্ৰী শ্বাহে কয় যে পাকিস্তান আৰু বাংলাদেশ সীমান্ত সুৰক্ষিত কৰাৰ দায়িত্ব বি এছ এফৰ ওপৰত। এই দুয়োটা সীমান্তৰ কাষে কাষে আমি চতুৰ্ভুজ নিৰাপত্তা গ্ৰীড শক্তিশালী কৰিব লাগিব।
যিকোনো ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ বি এছ এফ, সশস্ত্ৰ বাহিনী, সীমান্তবাসী আৰু স্থানীয় প্ৰশাসনে যৌথভাৱে কাম কৰিব লাগিব; সেইবাবেই ইয়াক চতুৰ্ভুজ গ্ৰীড বুলি কোৱা হৈছে। সীমান্ত নিৰাপত্তা কোনো বিচ্ছিন্ন কৰ্তব্য নহয়, বৰঞ্চ আমাৰ সকলোৰে বাবে ভূখণ্ডৰ প্ৰতি এক দায়িত্ব।
শ্ৰী অমিত শ্বাহে কয় যে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে বৃক্ষৰোপণৰ প্ৰচেষ্টাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁ কয় যে বিগত পাঁচ বছৰত চিএপিএফৰ কৰ্মীসকলে প্ৰায় ৭ কোটি ৩৫ লাখ গছপুলি ৰোপণ কৰিছে।শ্ৰী শ্বাহে লগতে কয় যে, জলবায়ু পৰিৱৰ্তন তথা বৃদ্ধি পোৱা বিশ্বৰ উষ্ণতাৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতে ইমান গছবোৰ অত্যন্ত উপকাৰী বুলি প্ৰমাণিত হ’ব। গৃহমন্ত্ৰীগৰাকীয়ে খেজুৰ পুলি ৰোপণ কৰি কয় যে খেজুৰ গছ হৈছে মৰুভূমিৰ বাবে কল্পতৰু।
***
RK/PR/PS/DM
(ৰিলিজ আই ডি : 2265713)
অতিথি কক্ষ : 8