যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাজহুৱা ৱাই-ফাইক সহজ আৰু অধিক সুলভ কৰি তুলিবলৈ পিএম- ৱানি (WANI)ত বৃহৎ নাগৰিক-বন্ধুত্বপূৰ্ণ উন্নীতকৰণৰ ব্যৱস্থা

কিউআৰ-ভিত্তিক লেপটপ লগ ইন, নমনীয় হ্ৰস্বকালীন পৰিকল্পনা আৰু প্ৰামাণিককৃত পিএম-ৱানি হটস্পটৰ নাম প্ৰৱৰ্তন

পিএম-ৱানি পৰিৱেশ তন্ত্ৰই ডিজিটেল সংযোগ সক্ষম কৰিবলৈ ব্যাপক ৰূপান্তৰৰ সম্ভাৱনা কঢ়িয়াই আনিছে

পোষ্ট কৰা হৈছে: 26 MAY 2026 12:05PM by PIB Guwahati

ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত আৰু নাগৰিকসকলৰ বাবে ইণ্টাৰনেটৰ সুবিধাৰ উন্নতি সাধনৰ  দিশত এক বৃহৎ পদক্ষেপ হিচাপে দূৰসংযোগ বিভাগে পিএম-ৱানি (প্ৰধানমন্ত্ৰীৰ ৱাই-ফাই এক্সেছ নেটৱৰ্ক ইন্টাৰফেচ) কাঠামোৰ অধীনত ব্যৱহাৰকাৰী অনুকূল সংস্কাৰৰ ধাৰাবাহিকতাৰে কেতবোৰ বিশেষ ব্যৱস্থা  প্ৰৱৰ্তন কৰিছে।

নতুন ব্যৱস্থাসমূহৰ ভিতৰত আছে-

• লেপটপ আৰু গৌণ ডিভাইচসমূহৰ বাবে কিউআৰ-ভিত্তিক প্ৰমাণীকৰণ

• ১৫, ৩০ আৰু ৬০ মিনিটৰ নমনীয় কম সময়ৰ ৱাই-ফাই পৰিকল্পনাৰ প্ৰৱৰ্তন

• সহজে চিনাক্ত কৰিব পৰাকৈ আৰু বৰ্ধিত নিৰ্ভৰযোগ্যতাৰ বাবে পিএম-ৱানি  হটস্পটৰ নাম (SSIDs)ৰ প্ৰমাণীকৃত কৰা হৈছে

২০২৬ চনৰ ২২ মে’ৰ দূৰসংযোগ বিভাগে চাৰ্কুলাৰ নং ১/পিএম-ৱানি/২০২৬ আৰু ২/পিএম-ৱানি/২০২৬ৰ জৰিয়তে এই সংস্কাৰসমূহ প্ৰৱৰ্তন কৰা হৈছে।

পিএম-ৱানিৰ সকলো অংশীদাৰক সশোধিত  নিৰ্দেশনা জাৰি কৰাৰ তাৰিখৰ পৰা আঠ সপ্তাহৰ ভিতৰত সংশোধিত নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাৰ ফলত নতুন ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ ২০২৬ চনৰ জুলাই মাহৰ ভিতৰত সমগ্ৰ পৰিৱেশ তন্ত্ৰত কাৰ্যক্ষম হৈ উঠিব।

এই সংস্কাৰসমূহ হৈছে  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক প্ৰতিজন নাগৰিকৰ বাবে সুলভ কৰি তোলা আৰু সুলভ ডিজিটেল সংযোগলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰৰ অবিৰত প্ৰচেষ্টাৰ অংশ।

উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ আৰু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়াৰ নেতৃত্বত পি এম-ৱানি পৰিৱেশতন্ত্ৰত সুলভতা, আন্তঃকাৰ্য্যক্ষমতা, ব্যৱহাৰৰ সহজতা আৰু নাগৰিক গ্ৰহণৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক ব্যাপক পৰিৱৰ্তন সাক্ষী হৈ আছে।যোগাযোগ আৰু গ্ৰাম্য উন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ চন্দ্ৰ শেখৰ পেম্মাছানীয়ে শেহতীয়াকৈ পিএম-ৱানিৰ অধীনত কাৰ্যকৰীকৰণ ত্বৰান্বিত আৰু ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে বিভাগীয় বিষয়া আৰু অংশীদাৰসকলৰ সৈতে বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছে। সংস্কাৰৰ প্ৰসংগত মন্তব্য কৰি ড০ পেম্মাছানীয়ে কয় যে পিএম-ৱানি হৈছে আমাৰ সাৰ্বজনীন ৰাজহুৱা ৱাই-ফাই প্ৰৱেশৰ মঞ্চ — আৰু আমি ইয়াক ব্যৱহাৰ কৰাত সহজ কৰি তুলিছো। কিউআৰ-ভিত্তিক লগিনে এতিয়া আপোনাক আপোনাৰ ফোনত এটা ক'ড স্কেন কৰি আপোনাৰ লেপটপ সংযোগ কৰিবলৈ সুবিধা দিব। আমি হটস্পট অপাৰেটৰসকলকো পৰামৰ্শ দিছো যে যিসকল ব্যৱহাৰকাৰীক কম সময়ৰ ইণ্টাৰনেটৰ ব্যৱহাৰৰ প্ৰয়োজন হয় তেওঁলোকৰ বাবে ১৫, ৩০ আৰু ৬০ মিনিটৰ কম সময়ৰ পৰিকল্পনা আগবঢ়াব লাগে।

তেওঁ কয় যে আজিৰ ডিজিটেল যুগত ৰাজহুৱা ৱাই-ফাই সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰী, ভ্ৰমণকাৰী, যাতায়ত, পেছাদাৰী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক সহায় কৰা এক গুৰুত্বপূৰ্ণ ৰাজহুৱা মাধ্যম হিচাপে আত্মপ্ৰকাশ কৰিছে।

কিউআৰ  প্ৰমাণীকৰণৰ জৰিয়তে সৰলীকৃত লেপটপ সংযোগ

দূৰসংযোগ বিভাগে এতিয়া  পিএম-ৱানি অভিগম সহজ কৰিবলৈ লেপটপৰ দৰে গৌণ ডিভাইচৰ বাবে কিউআৰ-ভিত্তিক প্ৰমাণীকৰণৰ অনুমতি দিছে। ব্যৱহাৰকাৰীসকলে প্ৰমাণিত স্মাৰ্টফোন এপ ব্যৱহাৰ কৰি লগইন পেজত এটা কিউআৰ ক’ড স্কেন কৰি সংযোগ কৰিব পাৰে, যাৰ ফলত বাধা হ্ৰাস পায় আৰু দ্ৰুত তথা সুৰক্ষিত অভিজ্ঞতাৰ সাক্ষী হ'ব পাৰে।

নমনীয় হ্ৰস্বকালীন প্ৰৱেশ পৰিকল্পনা

ট্ৰেনজিট হাব আৰু মলৰ দৰে ৰাজহুৱা স্থানত ব্যৱহাৰকাৰীসকলক সহায় কৰিবলৈ যোগাযোগ মন্ত্ৰালয়ে অপাৰেটৰসকলক চেচেট-শৈলীৰ বৈধতাৰ পৰিকল্পনা আগবঢ়াবলৈ পৰামৰ্শ দিছে:

• ১৫, ৩০, আৰু ৬০ মিনিট

এই পৰিকল্পনাসমূহে যাত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যয়সাধ্যতা বৃদ্ধি কৰাৰ লগতে অপাৰেটৰৰ ৰাজহ তথা  হটস্পটৰ ব্যৱহাৰ বৃদ্ধি কৰিব।

প্ৰামাণিককৃত হটস্পট চিনাক্তকৰণ

ব্যৱহাৰকাৰীসকলক প্ৰামাণিক নেটৱৰ্ক চিনাক্ত কৰাত সহায় কৰিবলৈ এছএছআইডি (SSID) নামকৰণ এতিয়া পিএম ৱানি ব্ৰেণ্ডিঙৰ সৈতে প্ৰামাণিককৃত কৰা হৈছে। ডিজিটেল ইণ্ডিয়াৰ পদক্ষেপৰ অধীনত আৰম্ভ কৰা পিএম-ৱানিয়ে পিডিঅ’, পিডিঅ’এ আৰু এপ প্ৰদানকাৰীক এই পৰিৱেশ তন্ত্ৰৰ জড়িয়তে পৰিমাপযোগ্য , সুলভ ইণ্টাৰনেট প্ৰদান কৰিব। এই সংস্কাৰৰ লক্ষ্য হৈছে ৰাজহুৱা ৱাই-ফাই আন্তঃগাঁথনি দেশজুৰি গ্ৰহণ কৰাত সহায় কৰা।

****

NJ/ARJ/DM


(ৰিলিজ আই ডি : 2265428) অতিথি কক্ষ : 7