পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল

দেশত সাৰৰ সামগ্ৰিক মজুতৰ স্থিতি সন্তোষজনক; প্ৰয়োজনীয়তকৈ যোগান ধাৰাবাহিকভাৱে অধিক আছে

যোৱা ৪ দিনত প্ৰায় ১.৬৬ কোটি এলপিজি চিলিণ্ডাৰৰ বুকিঙৰ বিপৰীতে প্ৰায় ১.৭২ কোটি চিলিণ্ডাৰ বিতৰণ কৰা হৈছে

২০২৬ বৰ্ষৰ ৩ এপ্ৰিলৰ পৰা ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে ৫ কেজি ওজনৰ এফটিএল চিলিণ্ডাৰৰ সন্দৰ্ভত প্ৰায় ১৫,৪০০টা সজাগতা শিবিৰৰ আয়োজন কৰিছে আৰু এই শিবিৰসমূহৰ জৰিয়তে ২.৪৫ লাখতকৈও অধিক ৫ কেজিৰ এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰিছে

২০২৬ চনৰ মাৰ্চ মাহৰ পৰা এতিয়ালৈকে প্ৰায় ৭.৯৯ লাখ ঘৰুৱা পাইপলাইন গেছ সংযোগ কাৰ্যক্ষম কৰা হৈছে আৰু অতিৰিক্ত ২.৮৭ লাখ সংযোগৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে, যাৰ ফলত সৰ্বমুঠ সংযোগৰ সংখ্যা ১০.৮৬ লাখলৈ বৃদ্ধি পাইছে

অঞ্চলটোত থকা ভাৰতীয় মিছনসমূহে স্থানীয় ভাৰতীয় সমাজৰ সদস্য আৰু সংগঠনসমূহৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগ ৰাখিছে যাতে তেওঁলোকৰ সুৰক্ষা আৰু কল্যাণ সুনিশ্চিত কৰিব পৰা যায়

পোষ্ট কৰা হৈছে: 25 MAY 2026 6:16PM by PIB Guwahati

পশ্চিম এছিয়াৰ ক্ৰমবৰ্ধমান পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে দেশৰ নাগৰিকসকলক নিয়মীয়া তথ্য যোগান ধৰি সজাগ কৰি ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আজি নেচনেল মিডিয়া চেণ্টাৰত এখন সংবাদমেল অনুষ্ঠিত হয়, য’ত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে ইন্ধনৰ উপলব্ধতা আৰু গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ সুস্থিৰতা বজাই ৰাখিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ খতিয়ান দাঙি ধৰে। তদুপৰি,, ৰসায়ন আৰু সাৰ মন্ত্ৰালয়েও দেশত সাৰৰ উপলব্ধতা আৰু মজুতৰ স্থিতি সম্পৰ্কে তথ্য প্ৰকাশ কৰিছে।

সাৰৰ মজুতৰ স্থিতি আৰু উপলব্ধতা

ৰসায়ন আৰু সাৰ বিভাগে জনোৱা মতে ভাৰতৰ সাৰ সুৰক্ষা অত্যন্ত শক্তিশালী, সুস্থিৰ আৰু সুপৰিচালিত হৈ আছে। দেশত সকলো মুখ্য সাৰৰ সামগ্ৰিক উপলব্ধতা প্ৰয়োজনীয়তকৈ ধাৰাবাহিকভাৱে অধিক আৰু মজুত আছে।

  • আগন্তুক খাৰিফ ২০২৬ বৰ্ষৰ বাবে কৃষি আৰু কৃষক কল্যাণ বিভাগে সৰ্বমুঠ ৩৯০.৫৪ লাখ মেট্ৰিক টন সাৰৰ প্ৰয়োজনীয়তা নিৰূপণ কৰিছে। এই প্ৰয়োজনীয়তাৰ বিপৰীতে বৰ্তমান প্ৰায় ২০০.১২ লাখ মেট্ৰিক টন সাৰ মজুত আছে, যিয়ে সৰ্বমুঠ প্ৰয়োজনীয়তাৰ ৫১% তকৈও অধিক অংশ সামৰি লৈছে। এইয়া সাধাৰণ বাফাৰ ষ্টক (৩৩%) তকৈ উল্লেখনীয়ভাৱে অধিক। চৰকাৰৰ উন্নত পৰিকল্পনা, আগতীয়া মজুতকৰণ আৰু দক্ষ পৰিবহন ব্যৱস্থাপনাৰ বাবেই এইয়া সম্ভৱ হৈ উঠিছে।
  • শেহতীয়া সঙ্কটপূৰ্ণ পৰিস্থিতিৰ পিছত আমদানি আৰু ঘৰুৱা উৎপাদনৰ জৰিয়তে সৰ্বমুঠ প্ৰায় ১১৭.৬ লাখ মেট্ৰিক টন সাৰ দেশৰ সামগ্ৰিক উপলব্ধতাত সফলতাৰে সংযোজন কৰা হৈছে।
  • ঘৰুৱা উৎপাদন আৰু আমদানিৰ সবিশেষ (লাখ টনত):
  • ইউৰিয়াঃ ঘৰুৱা উৎপাদন ৫৭.৬৬; ভাৰতীয় বন্দৰত উপস্থিত হোৱা আমদানি ১৩.৬০।
  • ডিএপিঃ ঘৰুৱা উৎপাদন ৭.৯৩; ভাৰতীয় বন্দৰত উপস্থিত হোৱা আমদানি ০.৮৮।
  • এনপিকেঃ ঘৰুৱা উৎপাদন ১৮.৭১; ভাৰতীয় বন্দৰত উপস্থিত হোৱা আমদানি ৪.৪৪।
  • এছএছপিঃ ঘৰুৱা উৎপাদন ১০.৭০; কোনো আমদানি হোৱা নাই।
  • এমওপিঃ ঘৰুৱা উৎপাদন শূন্য; ভাৰতীয় বন্দৰত উপস্থিত হোৱা আমদানি ৩.৬৮।
  • সৰ্বমুঠ: সৰ্বমুঠ ঘৰুৱা উৎপাদন ৯৫; ভাৰতীয় বন্দৰত উপস্থিত হোৱা সৰ্বমুঠ আমদানি ২২.৬০।
  • সাৰৰ সৰ্বাধিক প্ৰয়োজনীয়তা থকা সময়ছোৱাত পৰ্যাপ্ত যোগান সুনিশ্চিত কৰিবলৈ, ভাৰতে হৰমুজ প্ৰণালী অঞ্চলৰ বাহিৰৰ পৰা প্ৰায় ১৩.৫ লাখ মেট্ৰিক টন ডিএপি  আৰু ৯ লাখ মেট্ৰিক টন এনপিকেসহ সফলতাৰে সুৰক্ষিত কৰিছে। এই সাৰসমূহ মে’ আৰু জুন মাহত ভাৰতীয় বন্দৰত উপস্থিত হোৱাৰ কথা আছে।
  • সাৰ বিভাগে ইউৰিয়া আৰু পি এণ্ড কে সাৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় কেঁচামালৰ উপলব্ধতা নিয়মীয়াকৈ পৰ্যালোচনা কৰি আছে। উদ্যোগসমূহৰ কাৰ্যক্ষমতা বজাই ৰাখিবলৈ বিভাগে কোম্পানীসমূহে দাখিল কৰা সকলো ৰাজসাহায্যৰ বিল সপ্তাহ ভিত্তিত নিয়মীয়াকৈ পৰিশোধ কৰি আহিছে।
  • যোগান শৃংখলাৰ সমস্যাসমূহ সমাধানৰ বাবে এতিয়ালৈকে 'এম্পাৱাৰ্ড গ্ৰুপ অব্ চেক্ৰেটাৰীজ'ৰ ৯খন বৈঠক অনুষ্ঠিত হৈছে। সাৰৰ পৰ্যাপ্ত উপলব্ধতা সুনিশ্চিত কৰাত এই বৈঠকসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু বেছিভাগ প্ৰত্যাহ্বানেই ইয়াৰ জৰিয়তে ফলপ্ৰসূভাৱে সমাধান কৰা হৈছে।
  • এই ব্যাপক পদক্ষেপসমূহৰ সফলতাৰ কথা উল্লেখ কৰি মন্ত্ৰালয়ে কয়:

 "ভাৰত চৰকাৰৰ ফলপ্ৰসূ প্ৰয়াসৰ ফলত দেশত ঘৰুৱা উৎপাদন ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। দেশত সাৰৰ পৰ্যাপ্ত মজুত উপলব্ধ আছে, যাৰ ফলত কৃষকসকলৰ প্ৰয়োজনীয়তা নিয়মীয়াকৈ পূৰণ কৰাটো সুনিশ্চিত হৈছে আৰু তেওঁলোকক সুলভ মূল্যত সাৰ সহজে যোগান ধৰা হৈছে।"

 

শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বৰ্তমানৰ ইন্ধন যোগান পৰিস্থিতিৰ খতিয়ান দাঙি ধৰি পশ্চিম এছিয়াৰ পৰিস্থিতিৰ মাজতো পেট্ৰলিয়াম সামগ্ৰী আৰু এলপিজিৰ নিৰৱচ্ছিন্ন যোগান সুনিশ্চিত কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ ৰূপৰেখা দাঙি ধৰে:

সৰ্বসাধাৰণ ৰাইজৰ বাবে পৰামৰ্শ আৰু সজাগতা:

  • চৰকাৰে পেট্ৰ’ল, ডিজেল আৰু এলপিজিৰ উপলব্ধতা সুনিশ্চিত কৰিবলৈ সকলো ধৰণৰ প্ৰয়াস কৰি থকাৰ পৰিপ্ৰেক্ষিতত নাগৰিকসকলক আতংকিত হৈ অত্যধিক ইন্ধন ক্ৰয় নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
  • উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে চৰকাৰী উৎসৰ ওপৰত ভৰসা কৰক।
  • এলপিজি গ্ৰাহকসকলক ডিষ্ট্ৰিবিউটৰৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
  • নাগৰিকসকলক পাইপলাইন গেছ আৰু বৈদ্যুতিক বা ইণ্ডাকচন চৌকাৰ দৰে বিকল্প ইন্ধন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
  • বৰ্তমানৰ পৰিস্থিতিত সকলো নাগৰিককে তেওঁলোকৰ দৈনন্দিন ব্যৱহাৰত শক্তি সংৰক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰয়াস কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

 

 

 

চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনা:

* চলিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ স্বত্বেও, চৰকাৰে ঘৰুৱা ব্যৱহাৰৰ এলপিজি, ঘৰুৱা পিএনজি আৰু পৰিবহনৰ বাবে ব্যৱহৃত চিএনজিৰ ১০০% যোগান সুনিশ্চিত কৰিছে।

* বাণিজ্যিক এলপিজিৰ ক্ষেত্ৰত হাস্পতাল আৰু শিক্ষানুষ্ঠানসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে। তদুপৰি, ফাৰ্মা, তীখা, অটোম’বাইল, বীজ, কৃষি আদি খণ্ডকো অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে ৫ কেজি ওজনৰ এফটিএল চিলিণ্ডাৰৰ যোগান ২০২৬ চনৰ ২ আৰু ৩ মাৰ্চৰ গড় দৈনিক যোগানৰ তুলনাত দুগুণ কৰা হৈছে।

* চৰকাৰে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও যুক্তিসঙ্গত পদক্ষেপ ইতিমধ্যে কাৰ্য্যকৰী কৰিছে। ইয়াৰ ভিতৰত শোধনালয়ৰ উৎপাদন বৃদ্ধি কৰা, চিলিণ্ডাৰ বুকিঙৰ ব্যৱধান চহৰ অঞ্চলত ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰামাঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা আৰু যোগানৰ বাবে অগ্ৰাধিকাৰ প্ৰাপ্ত খণ্ডসমূহ নিৰ্ধাৰণ কৰা অন্তৰ্ভুক্ত।

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে সমন্বয়:

  • অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এলপিজি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত ৰাজ্য চৰকাৰসমূহক যোগান পৰ্যবেক্ষণ কৰা আৰু ক’লা বজাৰ তথা মজুতকৰণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে।
  • পেট্ৰ’ল, ডিজেল আৰু এলপিজিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰৰ প্ৰাথমিক ভূমিকা আছে। ভাৰত চৰকাৰে বিভিন্ন পত্ৰ আৰু ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক এই বিষয়ে পুনৰ অৱগত কৰিছে।
  • ভাৰত চৰকাৰে যোৱা ২৭.০৩.২০২৬ আৰু ০২.০৪.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে পৰ্যাপ্ত ইন্ধনৰ উপলব্ধতা সম্পৰ্কে নাগৰিকসকলক আশ্বস্ত কৰিবলৈ সক্ৰিয় জনসংযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়া পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ আছে য’ত তলত উল্লেখ কৰা দিশসমূহৰ ওপৰত গুৰুত্ব দিয়া হৈছে:

* দৈনিক সংবাদ বিবৃতি দিয়া আৰু নিয়মীয়া ৰাজহুৱা পৰামৰ্শৱলী জাৰি কৰা।

* ছচিয়েল মিডিয়াত ভুৱা খবৰ আৰু অপপ্ৰচাৰ সক্ৰিয়ভাৱে নিৰীক্ষণ কৰা আৰু প্ৰতিহত কৰা।

* জিলা প্ৰশাসনৰ দ্বাৰা দৈনিক বলবৎকৰণ অভিযান তীব্ৰতৰ কৰা আৰু তেল বিপণন কোম্পানীসমূহৰ (OMCs) সৈতে সমন্বয় ৰাখি অভিযান তথা পৰিদৰ্শন অব্যাহত ৰখা।

* পিএনজি গ্ৰহণ আৰু বিকল্প ইন্ধনৰ ব্যৱহাৰক উদগনি দিয়া।

* এলপিজি যোগান, বিশেষকৈ ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে অগ্ৰাধিকাৰ দিয়া আৰু যোগানৰ সুস্থিৰতা নিশ্চিত কৰিবলৈ ৫ কেজিৰ এফটিএল চিলিণ্ডাৰৰ লক্ষ্যভিত্তিক বিতৰণ ব্যৱস্থা গ্ৰহণ কৰা।

 

বলবৎকৰণ আৰু নিৰীক্ষণমূলক ব্যৱস্থা:

  • এলপিজিৰ মজুতকৰণ আৰু কলা বজাৰ ৰোধ কৰিবলৈ সমগ্ৰ দেশতে বলবৎকৰণ অভিযান অব্যাহত আছে। যোৱা ৪ দিনত সমগ্ৰ দেশতে ৬৪৮০ টাতকৈও অধিক অভিযান চলোৱা হৈছে, ৬৮০ টাতকৈও অধিক চিলিণ্ডাৰ জব্দ কৰা হৈছে, ১১ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু ১ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।
  • একেদৰে, ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহৰ বিষয়াসকলৰ দ্বাৰা আকস্মিক পৰিদৰ্শন কাৰ্যসূচীও অব্যাহত আছে আৰু যোৱা ৪ দিনত ৪১০০ টাতকৈও অধিক ৰিটেইল আউটলেট (পেট্ৰল পাম্প) আৰু এলপিজি ডিষ্ট্ৰিবিউটৰশ্বিপত পৰিদৰ্শন কৰা হৈছে।
  • পিএছইউ অএমচিসমূহে আকস্মিক পৰিদৰ্শন অধিক শক্তিশালী কৰি তুলিছে আৰু নিয়ম উলংঘা কৰা ৪৮৯টা এলপিজি ডিষ্ট্ৰিবিউটৰশ্বিপৰ ওপৰত জৰিমনা বিহিছে, লগতে যোৱা কালি পৰ্যন্ত ৮২টা এলপিজি ডিষ্ট্ৰিবিউটৰশ্বিপ বাতিল কৰিছে।

এলপিজি (LPG) যোগানৰ স্থিতি

ঘৰুৱা এলপিজি যোগান:

  • চলিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে এলপিজি যোগান কিছু পৰিমাণে প্ৰভাৱিত হৈছে।
  •  ঘৰুৱা গ্ৰাহকসকললৈ এলপিজি যোগানৰ ক্ষেত্ৰত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে।
  • কোনো এলপিজি ডিষ্ট্ৰিবিউটৰৰ ওচৰত ইন্ধন নাটনিৰ খবৰ পোৱা নাই।
  • কালি সমগ্ৰ উদ্যোগ ভিত্তিত অনলাইন এলপিজি চিলিণ্ডাৰ বুকিং প্ৰায় ৯৯%-লৈ বৃদ্ধি পাইছে।
  • চিলিণ্ডাৰৰ অবৈধ স্থানান্তৰ বা অপব্যৱহাৰ ৰোধ কৰিবলৈ ডেলীভাৰী অথেনটিকেচন কড (DAC) ভিত্তিক ডেলীভাৰী প্ৰায় ৯৫%-লৈ বৃদ্ধি কৰা হৈছে। গ্ৰাহকৰ পঞ্জীকৃত মবাইল নম্বৰত এই ডিএচি প্ৰেৰণ কৰা হয়।
  • যোৱা ৪ দিনত প্ৰায় ১.৬৬ কোটি এলপিজি চিলিণ্ডাৰৰ বুকিঙৰ বিপৰীতে প্ৰায় ১.৭২ কোটি চিলিণ্ডাৰ বিতৰণ কৰা হৈছে।

বাণিজ্যিক এলপিজি যোগান আৰু আবণ্টন:

  • সৰ্বমুঠ বাণিজ্যিক এলপিজি আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ প্ৰায় ৭০% লৈ বৃদ্ধি কৰা হৈছে, য’ত ১০% সংস্কাৰ-সংলগ্ন আবণ্টনো অন্তৰ্ভুক্ত আছে।
  • যোৱা ৪ দিনত প্ৰায় ১.৯৬ লাখ ৫ কেজিৰ এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে।
  •  ২০২৬ চনৰ ৩ এপ্ৰিলৰ পৰা পিএছইউ অএমচিসমূহে ৫ কেজিৰ এফটিএল চিলিণ্ডাৰৰ বাবে প্ৰায় ১৫,৪০০ টা সজাগতা শিবিৰৰ আয়োজন কৰিছে, ত ২.৪৫ লাখতকৈও অধিক ৫ কেজিৰ এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে।
  • কালি প্ৰায় ৮২ টা শিবিৰৰ জৰিয়তে প্ৰায় ১৪৮৭ টা ৫ কেজিৰ এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।
  • আইঅ’চিএল (IOCL), এইচপিচিএল (HPCL) আৰু বিপিচিএল (BPCL)ৰ কাৰ্যবাহী সঞ্চালকসকলৰ এটা তিনিজনীয়া সমিতিয়ে ৰাজ্যিক কৰ্তৃপক্ষ আৰু উদ্যোগ সংস্থাসমূহৰ সৈতে আলোচনা কৰি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বাণিজ্যিক এলপিজি বিক্ৰীৰ পৰিকল্পনা চূড়ান্ত কৰে।
  • ২০২৬ চনৰ ১ মেৰ পৰা এতিয়ালৈকে সৰ্বমুঠ ১,৫৬,৮৯৮ মেট্ৰিক টন বাণিজ্যিক এলপিজি বিক্ৰী কৰা হৈছে।
  • যোৱা ৪ দিনত সৰ্বমুঠ ২৪,৫৫৭ মেট্ৰিক টন বাণিজ্যিক এলপিজি বিক্ৰী হৈছে।
  •  যোৱা ৪ দিনত পিএছইউ অএমচিসমূহৰ দ্বাৰা প্ৰায় ৯৪২ মেট্ৰিক টন অটো এলপিজি বিক্ৰী কৰা হৈছে।

প্ৰাকৃতিক গেছ যোগান আৰু পিএনজি (PNG) সম্প্ৰসাৰণ

  • ঘৰুৱা পিএনজি (D-PNG) আৰু পৰিবহন চিএনজি (CNG-Transport) ৰ ক্ষেত্ৰত গ্ৰাহকসকলক ১০০% যোগানেৰে প্ৰাথমিকতা প্ৰদান কৰা হৈছে।
  • চিজিডি (CGD) নেটৱৰ্কৰ জৰিয়তে হোৱা যোগান ধৰি অন্যান্য ঔদ্যোগিক আৰু বাণিজ্যিক খণ্ডত গেছ যোগান ৮০% লৈ বৃদ্ধি কৰা হৈছে।
  • বাণিজ্যিক এলপিজিৰ উপলব্ধতাৰ চিন্তা দূৰ কৰিবলৈ চিজিডি গোটসমূহক তেওঁলোকৰ সকলো ভৌগোলিক এলেকাত হোটেল, ৰেষ্টুৰেণ্ট আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে।
  • ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় অনুমোদনসমূহ ক্ষিপ্ৰতাৰে প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
  • ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ পত্ৰযোগে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক অতিৰিক্ত ১০% বাণিজ্যিক এলপিজি আবণ্টনৰ প্ৰস্তাৱ দিছে, যদিহে তেওঁলোকে দীৰ্ঘম্যাদী ভিত্তিত এলপিজিৰ পৰা পিএনজিলৈ ৰূপান্তৰ প্ৰক্ৰিয়াত সহায় কৰে।
  • ২২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ সৈতে জড়িত অতিৰিক্ত বাণিজ্যিক এলপিজি আবণ্টন লাভ কৰিছে।
  • ভাৰত চৰকাৰে ২৪.০৩.২০২৬ তাৰিখৰ গেজেট জাননীৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ ৰ অধীনত 'প্ৰাকৃতিক গেছ আৰু পেট্ৰ’লিয়াম সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধা স্থাপন, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ জৰিয়তে) আদেশ, ২০২৬' অধিসূচিত কৰিছে। এই আদেশে সমগ্ৰ দেশতে পাইপলাইন স্থাপন আৰু সম্প্ৰসাৰণৰ বাবে এক সৰলীকৃত আৰু সময়সীমা নিৰ্ধাৰিত ব্যৱস্থা প্ৰদান কৰে, যিয়ে অনুমোদন আৰু ভূমি লাভৰ ক্ষেত্ৰত হোৱা পলম দূৰ কৰিব আৰু আৱাসিক এলেকাসমূহ ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনি খৰতকীয়া কৰিব। ইয়াৰ জৰিয়তে পিএনজি নেটৱৰ্কৰ বিকাশ দ্ৰুত হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
  • পিএনজিআৰবিয়ে চিজিডি গোটসমূহক ঘৰুৱা পিএনজি সংযোগ ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিছে। লগতে, পিএনজি সম্প্ৰসাৰণৰ গতি অক্ষুণ্ণ ৰাখিবলৈ 'নেচনেল পিএনজি ড্ৰাইভ ২.০'ৰ সময়সীমা ৩০.০৬.২০২৬ লৈ বৃদ্ধি কৰা হৈছে।
  • এক পৰিষ্কাৰ, অধিক সুৰক্ষিত আৰু স্বাৱলম্বী শক্তিৰ ভৱিষ্যতক উদগনি দিবলৈ ভাৰত চৰকাৰে এখন আৰ্হি খচৰা ৰাজ্যিক চিবিজি নীতি প্ৰস্তুত কৰিছে। এই আৰ্হি নীতিৰ উদ্দেশ্য হৈছে ৰাজ্যসমূহক চিবিজি বিকাশৰ বাবে নিজাকৈ বিনিয়োগকাৰী-অনুকূল আৰু ৰূপায়ণ-মুখী পৰিৱেশ সৃষ্টি কৰাত সহায় কৰা। যিবোৰ ৰাজ্যই এই নীতি গ্ৰহণ কৰিব, তেওঁলোকক বাণিজ্যিক এলপিজিৰ পৰৱৰ্তী অতিৰিক্ত আবণ্টনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব।
  • ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা এতিয়ালৈকে প্ৰায় ৭.৯৯ লাখ পিএনজি সংযোগ কাৰ্যক্ষম  কৰা হৈছে আৰু অতিৰিক্ত ২.৮৭ লাখ সংযোগৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে, যাৰ ফলত সৰ্বমুঠ সংযোগৰ সংখ্যা ১০.৮৬ লাখলৈ বৃদ্ধি পাইছে। তদুপৰি, নতুন সংযোগৰ বাবে প্ৰায় ৮.২৭ লাখ গ্ৰাহকে নাম পঞ্জীয়ন কৰিছে।
  • ২৪.০৫.২০২৬ তাৰিখলৈকে, ৫৯,৮০০তকৈও অধিক পিএনজি গ্ৰাহকে MYPNGD.in ৱেবছাইটৰ জৰিয়তে তেওঁলোকৰ এলপিজি সংযোগসমূহ ত্যাগ কৰিছে।

খাৰুৱা তেলৰ স্থিতি আৰু শোধনাগাৰৰ কাৰ্যকলাপ

* দেশৰ সকলো তেল শোধনালয় পৰ্যাপ্ত খাৰুৱা তেলৰ মজুতৰ সৈতে উচ্চ ক্ষমতাত পৰিচালিত হৈ আছে আৰু পেট্ৰ’ল তথা ডিজেলৰ পৰ্যাপ্ত স্টক বজাই ৰখা হৈছে।

* ঘৰুৱা ব্যৱহাৰৰ সহায়ক হোৱাকৈ শোধনালয়সমূহৰ পৰা ঘৰুৱা এলপিজি উৎপাদন বৃদ্ধি কৰা হৈছে।

* ঘৰুৱা বজাৰৰ বাবে পেট্ৰ’কেমিকেল ফিডষ্টক যোগান সুনিশ্চিত কৰিবলৈ এটা আন্তঃ-মন্ত্ৰালয় যুটীয়া কাৰ্য্যবাহী গোট গঠন কৰা হৈছে। ইয়াৰ পিছত, ভাৰত চৰকাৰে ০১.০৪.২০২৬ তাৰিখৰ আদেশৰ জৰিয়তে পেট্ৰ’কেমিকেল কমপ্লেক্সসহ তেল শোধনালয় কোম্পানীসমূহক চেণ্টাৰ ফৰ হাই টেকন’লজী দ্বাৰা নিৰ্ধাৰিত গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ বাবে নিৰ্দিষ্ট নূন্যতম পৰিমাণৰ C3 আৰু C4 ষ্ট্ৰীমহঁত উপলব্ধ কৰাৰ অনুমতি দিছে।

* ফাৰ্মাচিউটিকেল বিভাগ, ৰসায়ন আৰু পেট্ৰৰসায়ন বিভাগ, উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰণ বিভাগৰ পৰা প্ৰাপ্ত অনুৰোধৰ ভিত্তিত ফাৰ্মা, কেমিকেল আৰু পেইণ্ট খণ্ডৰ কোম্পানীসমূহৰ বাবে এলপিজি পুলৰ পৰা ১১২০ মেট্ৰিক টন/দিন C3-C4 অণুৰ ব্যৱস্থা কৰা হৈছে।

* ১ মে২০২৬ ৰ পৰা মুম্বাই, কোচি, ভাইজাগ, চেন্নাই, মথুৰা আৰু গুজৰাট শোধনালয়সমূহে কেমিকেল, ফাৰ্মা আৰু পেইণ্ট উদ্যোগসমূহলৈ ১২,৩৬০ মেট্ৰিক টনতকৈও অধিক C3-C4 অণু (প্ৰপিলিন আৰু বিউটিলিন সম্বলিত) আৰু ৪,৭০০ মেট্ৰিক টনতকৈও অধিক বিউটিল এক্ৰিলেট বিক্ৰী কৰিছে।

ইন্ধনৰ খুচুৰা উপলব্ধতা আৰু মূল্য নিয়ন্ত্ৰণমূলক ব্যৱস্থা

* সমগ্ৰ দেশতে সকলো ৰিটেইল আউটলেট (পেট্ৰ’ল পাম্প) স্বাভাৱিকভাৱে চলি আছে।

* মধ্য প্ৰাচ্যৰ সংকটে খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি কৰিছে। গ্ৰাহকক ইয়াৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ ভাৰত চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকাকৈ হ্ৰাস কৰি এই বোজাৰ এটা অংশ নিজে বহন কৰাৰ সিদ্ধান্ত লৈছে।

* ভাৰত চৰকাৰে ১৫.০৫.২০২৬ তাৰিখৰ গেজেট জাননীৰ জৰিয়তে ডিজেলৰ ওপৰত ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২৩ টকাৰ পৰা ১৬.৫০ টকালৈ আৰু এটিএফৰ ওপৰত ৩৩ টকাৰ পৰা ১৬ টকালৈ হ্ৰাস কৰিছে। তদুপৰি, পেট্ৰলৰ ওপৰত প্ৰতি লিটাৰত ৩ টকা ৰপ্তানি শুল্ক আৰোপ কৰা হৈছে।

* কিছুমান অঞ্চলৰ পেট্ৰল পাম্পত অস্বাভাৱিকভাৱে অধিক বিক্ৰী আৰু গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। অৱশ্যে, চৰকাৰে জনাইছে যে দেশৰ সকলো পেট্ৰল পাম্পতে পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল আৰু ডিজেল মজুত আছে।

অঞ্চলটোত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম এছিয়া অঞ্চলৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

* প্ৰধানমন্ত্ৰীয়ে ১৫ মে’, ২০২৬ তাৰিখে সংযুক্ত আৰব আমিৰশ্বাহীলৈ এক অত্যন্ত সফল ভ্ৰমণসূচী সমাপন কৰে। এই ভ্ৰমণৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়, যিয়ে ভাৰতৰ শক্তি সুৰক্ষা (কৌশলগত পেট্ৰ’লিয়াম সংৰক্ষণ আৰু এলপিজি যোগান বৃদ্ধি) আৰু দেশত বিনিয়োগ বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ গতি প্ৰদান কৰিব।

* তদুপৰি,, ভাৰতে কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্বৰ এক ফ্ৰেমৱৰ্ক চুক্তিও স্বাক্ষৰ কৰে। বিনিয়োগৰ ক্ষেত্ৰত ইউএইৰ গোটসমূহে ভাৰতীয় কোম্পানীসমূহত ৫ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে।

* উক্ত অঞ্চলটোত থকা ভাৰতীয় মিছন (দূতালয়) সমূহে স্থানীয় ভাৰতীয় সমাজৰ সদস্য আৰু সংগঠনসমূহৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগ ৰাখিছে যাতে তেওঁলোকৰ সুৰক্ষা আৰু কল্যাণ সুনিশ্চিত কৰিব পৰা যায়। তেওঁলোকে আমাৰ সাগৰীয় কৰ্মীসকলৰ সৈতেও নিৰন্তৰ যোগাযোগ ৰাখিছে আৰু সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়াইছে।

****

TM/DB


(ৰিলিজ আই ডি : 2265225) অতিথি কক্ষ : 8