MIFF banner

১৯ সংখ্যক ‘মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ বাবে মুকলি কৰা হৈছে মিডিয়া স্বীকৃতিৰ প্ৰক্ৰিয়া

‘মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৬’ৰ বাবে সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ পঞ্জীয়ন আৰম্ভ

 

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ(এমআইএফএফ)ৰ ১৯ সংখ্যক সংস্কৰণৰ বাবে সংবাদ মাধ্যমৰ প্ৰতিনিধি পঞ্জীয়ন প্ৰক্ৰিয়া মুকলি কৰাৰ কথা ঘোষণা কৰা হৈছে। এই মহোত্সৱখন ২০২৬ চনৰ ১৫ ৰ পৰা ২১ জুনলৈ মুম্বাইৰ গোপালৰাও দেশমুখ মাৰ্গৰ এনএফডিচি–চলচ্চিত্ৰ সংমণ্ডলৰ চৌহদত অনুষ্ঠিত হ’ব।

দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সন্মানীয় উৎসৱ হিচাপে স্বীকৃতিপ্ৰাপ্ত এমআইএফএফ-য়ে পৃথিৱীৰ চলচ্চিত্ৰ নিৰ্মাতা, কাহিনীকাৰ, আৰু সৃষ্টিশীল কণ্ঠক সন্মিলিত কৰি আহিছে। এইবাৰৰ সংস্কৰণত সমসাময়িক চলচ্চিত্ৰৰ বিৱৰ্তনশীল পৰিৱেশক প্ৰতিফলিত কৰা নিৰ্বাচিত তথ্যচিত্ৰ, চুটি কল্পকাহিনী, এনিমেশ্যন, আৰু পৰীক্ষামূলক ছবিৰ বৈচিত্ৰ্যময় আৰু মনোগ্ৰাহী উপস্থাপন কৰা হ’ব।

ভাৰতে চলচ্চিত্ৰ নিৰ্মাণ, ডিজিটেল কাহিনী কথন, আৰু সৃষ্টিশীল প্ৰকাশৰ কেন্দ্ৰ হিচাপে অগ্ৰগতি লাভ কৰাৰ মুহূৰ্তত এমআইএফএফ-য়ে বৈচিত্ৰ্যময় কণ্ঠস্বৰৰ প্ৰদৰ্শন, কলাত্মক কথোপকথনক উৎসাহিত কৰা, আৰু পৰৱৰ্তী প্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতা তথা বিষয়বস্তুৰ নিৰ্মাতাসকলক প্ৰতিপালন কৰাত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ অৱদানক স্বীকৃতি দি আহিছে। এই উৎসৱে চিনেমাৰ উৎকৃষ্টতা, সৃষ্টিশীল সহযোগিতা, আৰু সংস্কৃতি আৰু সম্প্ৰদায়ৰ মনোগ্ৰাহী কাহিনীসমূহৰ উদযাপনক প্ৰসাৰিত কৰা এক সমাৱেশী মঞ্চ হিচাপে সেৱা আগবঢ়াই আহিছে।

পঞ্জীয়নৰ বিৱৰণ

সংবাদ মাধ্যমৰ পঞ্জীয়ন ইতিমধ্যে  মুকলি হৈছে আৰু এই প্ৰক্ৰিয়া ২০২৬ চনৰ ৭ জুন পৰ্যন্ত চলি থাকিব। সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ বাবে পঞ্জীয়ন বিনামূলীয়া হ’ব। সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলে https://accreditation.pib.gov.in/eventregistration/login.aspx ত গৈ বা তলৰ QR ক'ড-ত স্কেন কৰি মিডিয়া প্ৰতিনিধি হিচাপে পঞ্জীয়ন কৰিব পাৰিব।

 

 

১৯ সংখ্যক এমআইএফএফ ২০২৬ ৰ বিষয়ে

নন-ফিচাৰ চিনেমাৰ নামত নিবেদিত দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ মহোৎসৱ হিচাপে স্বীকৃতিপ্ৰাপ্ত মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (এমআইএফএফ) দীৰ্ঘদিন ধৰি তথ্যচিত্ৰ, চুটি কল্পকাহিনী, আৰু এনিমেশ্যন চলচ্চিত্ৰ নিৰ্মাণৰ এক সজীৱ উদযাপন হিচাপে পৰিগণিত হৈ আহিছে। ১৯৯০ চনত স্থাপিত আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তত্বাৱধানত সংগঠিত হোৱা এম আই এফ এফ ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী, আৰু চলচ্চিত্ৰ অনুৰাগীসকলক আকৰ্ষণ কৰা এক প্ৰতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মঞ্চত পৰিণত হৈছে।

এম আই এফ এফ-ৰ ১৯ সংখ্যক সংস্কৰণে এক নিমজ্জিত আৰু সমৃদ্ধিশালী চিনেমাৰ অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি দিছে, য’ত উদ্যোগকেন্দ্ৰিক পদক্ষেপৰ এক ৰোমাঞ্চকৰ শৃংখলৰ সমান্তৰালভাৱে প্ৰশংসিত আন্তঃৰাষ্ট্ৰীয় ছবিৰ এক চিন্তাশীলভাৱে চয়ন কৰা শৃংখল অন্তৰ্ভুক্ত আছে। মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-ৰ প্ৰতিযোগিতামূলক শাখাৰ ১৯ সংখ্যক সংস্কৰণত ভাৰতকে ধৰি ৪৭খন দেশৰ ১৪৫৯খন ছবিয়ে প্ৰৱেশানুমোদন লাভ কৰিছে। এই মহোৎসৱত ৪২টাতকৈয়ো অধিক ভাৰতীয় ভাষা আৰু ভাৰতৰ বাহিৰৰ ৩০টাতকৈয়ো অধিক ভাষাৰ ছবি প্ৰদৰ্শন কৰা হ’ব, যিয়ে মহোত্সৱখনৰ বিশ্বব্যাপ্ত প্ৰসাৰ আৰু সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰতিফলিত কৰে। বিশ্বৰ প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ কৰ্মৰাজিৰে এই মহোৎসৱত কিছুমান উন্নত তথ্যচিত্ৰ, চুটি্কল্পকাহিনী, এনিমেশ্যন, প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰা পৰিচালকৰ ছবি, আৰু শিক্ষাৰ্থীসকলৰ ছবি উপস্থাপন কৰা হ’ব। প্ৰদৰ্শনৰ সমান্তৰালভাৱে ডক বজাৰ-ৰ দ্বিতীয় সংস্কৰণ, সমৃদ্ধ মাষ্টাৰক্লাছ, আৰু আইডিপিএ-ৰ মুকলি মঞ্চই উৎসৱত চিনেমা আৰু সৃষ্টিশীল বিনিময়ক আৰু অধিক সমৃদ্ধি প্ৰদান কৰিব।

এম আই এফ এফ-২৬ত গল্প কথনৰ সজীৱ জগতখনত খোজ দিয়ক — য'ত শক্তিশালী ছবি, সৃষ্টিশীল মন, আৰু প্ৰেৰণাদায়ক কণ্ঠই সন্মিলিত হৈ তথ্যচিত্ৰ, এনিমেশ্যন, আৰু চুটি কল্পকাহিনী চলচ্চিত্ৰ নিৰ্মাণৰ এক অবিস্মৰণীয় উদযাপনৰ সৃষ্টি কৰিব।

১৯ সংখ্যক এমআইএফএফ-ৰ বাবে মিডিয়া স্বীকৃতি সম্পৰ্কীয় নীতিসমূহৰ সবিশেষ তলত দিয়া linkৰ জৰিয়তে লাভ কৰিব পাৰিব।

 

 

* * *

PIB Mumbai | Jaydevi Pujari Swami/Robin Singh/Darshana Rane/KB


Great films resonate through passionate voices. Share your love for cinema with #MIFF2026. Tag us @pibmumbai on X, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at miff.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2264434   |   Visitor Counter: 57