পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল
যোৱা তিনি দিনত প্ৰায় ১ কোটি ৪০ লাখ এল পি জি চিলিণ্ডাৰৰ বুকিঙৰ বিপৰীতে প্ৰায় ১ কোটি ৩৯ লাখ এল পি জি চিলিণ্ডাৰ ডেলিভাৰী কৰা হৈছে
পি এছ ইউ অ’ এম চিসমূহে ৫ কেজি এফ টি এল চিলিণ্ডাৰৰ বাবে ১১,৮৭০টাতকৈও অধিক সজাগতা শিবিৰ অনুষ্ঠিত কৰিছিল, এই শিবিৰসমূহত ২০২৬ চনৰ ৩ এপ্ৰিলৰ পৰা ২.১০ লাখৰো অধিক ৫ কেজিৰ এফ টি এল চিলিণ্ডাৰ বিক্ৰী কৰিছিল
২০২৬ চনৰ মাৰ্চৰ পৰা প্ৰায় ৭.০৩ লাখ পি এন জি সংযোগ সক্ৰিয় কৰা হৈছে, আৰু অতিৰিক্ত ২.৭২ লাখ সংযোগৰ বাবে আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে আৰু প্ৰায় ৭.৪৯ লাখ গ্ৰাহকে নতুন সংযোগৰ বাবে পঞ্জীয়ন কৰিছে
ভাৰতৰ বাবে এল পি জি কাৰ্গো কঢ়িয়াই নিয়া দুখন জাহাজ SYMI আৰু NV SUNSHINE-য়ে নিৰাপদে হৰমুজ প্ৰণালী অতিক্ৰম কৰিছে; নিৰ্ধাৰিত সময়ত কাণ্ডলা আৰু নিউ মেংগালুৰু কাৰ্গোৰ ডেলিভাৰী সম্পন্ন হ’ব
ওমানৰ জলসীমাত সংঘটিত হোৱা এই কাণ্ডৰ পিছত ভাৰতীয় ‘ধৌ’ (নাও)ৰ সকলো ক্ৰু মেম্বাৰ নিৰাপদ; বিগত ৭২ ঘণ্টাত ভাৰতীয় জাহাজ বা ভাৰতীয় নাৱিকৰ সৈতে বিদেশী জাহাজ জড়িত আন কোনো কাণ্ড সংঘটিত হোৱা নাই
পোষ্ট কৰা হৈছে:
14 MAY 2026 5:12PM by PIB Guwahati
পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে নিয়মীয়া তথ্য প্ৰদানেৰে দেশৰ নাগৰিকসকলক অৱগত কৰি ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ভাৰত চৰকাৰে। এই সন্দৰ্ভত আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত এখন সংবাদ মেল অনুষ্ঠিত হয়, য’ত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, বন্দৰ, জাহাজ আৰু জলপথ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিষয়াসকলে ইন্ধনৰ উপলব্ধতা, সামুদ্ৰিক কাৰ্যকলাপ আৰু মূল খণ্ডসমূহত স্থিতিশীলতা বৰ্তাই ৰাখিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে শেহতীয়া তথ্য প্ৰদান কৰে।
শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বৰ্তমানৰ ইন্ধন যোগানৰ পৰিস্থিতিৰ বিষয়ে এক আপডেট প্ৰদান কৰি পশ্চিম এছিয়াৰ বিকশিত পৰিস্থিতিৰ প্ৰেক্ষাপটত পেট্ৰ’লিয়ামজাত সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰে। ইয়াত তলত দিয়া কথাবোৰত আলোকপাত কৰা হৈছে :
জনসাধাৰণলৈ পৰামৰ্শ আৰু নাগৰিক সজাগতা
- নাগৰিকসকলক পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ আতংকিত ক্ৰয়ৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে, কিয়নো চৰকাৰে পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে।
- উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে কেৱল চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰক।
- এল পি জি গ্ৰাহকসকলক ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু বিতৰকসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
- নাগৰিকক বিকল্প ইন্ধন, যেনে- পিএনজি আৰু বৈদ্যুতিক বা ইণ্ডাকচন কুকটপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হয়।
- সকলো নাগৰিককে সাম্প্ৰতিক পৰিস্থিতিত দৈনন্দিন ব্যৱহাৰৰ সময়ত শক্তি সঞ্চয়ৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাবলৈ অনুৰোধ জনোৱা হৈছে।
চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনা
- বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজতো চৰকাৰে ঘৰুৱা এল পি জি, ঘৰুৱা পি এন জি আৰু চি এন জি (পৰিবহণ)ৰ ১০০% যোগান নিশ্চিত কৰিছে।
- বাণিজ্যিক এল পি জিৰ বাবে চিকিৎসালয় আৰু শিক্ষানুষ্ঠানক অগ্ৰাধিকাৰ দিয়া হৈছে। ঔষধ, তীখা, অটোম’বাইল, বীজ, কৃষি আদি খণ্ডকো অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ উপৰি ২০২৬ চনৰ ২ আৰু ৩ মাৰ্চৰ গড় দৈনিক যোগানৰ ভিত্তিত প্ৰব্ৰজিত শ্ৰমিকসকলক ৫ কিলোগ্ৰাম এফটিএলৰ যোগান দুগুণ কৰা হৈছে।
- শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত বুকিঙৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰামাঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা, যোগানৰ বাবে বিভিন্ন খণ্ডক অগ্ৰাধিকাৰ দিয়াকে ধৰি চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও যুক্তিসংগতকৰণ ব্যৱস্থা ৰূপায়ণ কৰিছে।
- এল পি জিৰ চাহিদাৰ চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধন উপলব্ধ কৰা হৈছে।
- কয়লা মন্ত্ৰালয়ে কোল ইণ্ডিয়া আৰু চিংগাৰেনী কলিয়াৰীক ক্ষুদ্ৰ আৰু মজলীয়া গ্ৰাহকক বিতৰণৰ বাবে ৰাজ্যসমূহক অতিৰিক্ত কয়লা যোগান ধৰিবলৈ নিৰ্দেশ দিছে।
- ৰাজ্যসমূহক ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহকক নতুন পিএনজি সংযোগ প্ৰদান কৰাত সহায় কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে সমন্বিত প্ৰচেষ্টা আৰু প্ৰতিষ্ঠানিক ব্যৱস্থা
- ৰাজ্য চৰকাৰসমূহক অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত যোগান নিৰীক্ষণ আৰু মজুত তথা ক’লা বিপণনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব দিয়া হৈছে।
- পেট্ৰ’ল, ডিজেল আৰু এল পি জিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰসমূহৰ মূল ভূমিকা আছে। ভাৰত চৰকাৰে কেইবাখনো পত্ৰ আৰু ভিডিঅ’ কনফাৰেন্স (ভিচি)ৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই কথা পুনৰাবৃত্তি কৰিছে।
- ভাৰত চৰকাৰে ২৭.০৩.২০২৬ আৰু ০২.০৪.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে নাগৰিকসকলক পৰ্যাপ্ত ইন্ধনৰ উপলব্ধতাৰ বিষয়ে আশ্বস্ত কৰিবলৈ সক্ৰিয় ৰাজহুৱা যোগাযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়াকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ আছে। এই সন্দৰ্ভত ০২.০৪.২০২৬ (সচিব, এম অ’ পি এন জিৰ অধ্যক্ষতাত) আৰু ০৬.০৪.২০২৬ তাৰিখে (আই এণ্ড বি আৰু গ্ৰাহক পৰিক্ৰমাৰ সচিবসকলৰ সৈতে এম অ’ পি এন জিৰ সচিবৰ অধ্যক্ষতাত) বৈঠক অনুষ্ঠিত হয়, য’ত তলত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
⮚ দৈনিক সংবাদ মেল অনুষ্ঠিত কৰা আৰু নিয়মীয়াকৈ ৰাজহুৱা পৰামৰ্শ জাৰি কৰা।
⮚ সামাজিক মাধ্যমত ভুৱা বাতৰি/ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু খণ্ডন কৰা।
⮚ জিলা প্ৰশাসনৰ দ্বাৰা দৈনিক বলৱৎকাৰী অভিযান তীব্ৰতৰ কৰা আৰু অ’এমচিৰ সমন্বয়ত অভিযান তথা পৰিদৰ্শন অব্যাহত ৰখা।
⮚ তেওঁলোকৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বাণিজ্যিক এল পি জি আবণ্টনৰ আদেশ জাৰি কৰা।
⮚ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ আবণ্টিত অতিৰিক্ত এছ কে অ’ৰ বাবে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰা।
⮚ পিএনজি আৰু বিকল্প ইন্ধন গ্ৰহণৰ প্ৰসাৰ।
⮚ বিশেষকৈ ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে এলপিজি যোগানক অগ্ৰাধিকাৰ দিয়া আৰু যোগানৰ স্থিৰতা নিশ্চিত কৰিবলৈ ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰা বিতৰণ গ্ৰহণ কৰা।
- সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত মজুত আৰু ক’লা বিপণন ৰোধ কৰিবলৈ নিয়ন্ত্ৰণ কক্ষ আৰু জিলা নিৰীক্ষণ সমিতি গঠন কৰা হৈছে।
- কেইবাখনো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে সংবাদ মেল অনুষ্ঠিত/বিবৃতি প্ৰকাশ কৰি আহিছে।
বলৱৎ আৰু নিৰীক্ষণ ব্যৱস্থা
- এল পি জিৰ মজুত আৰু ক’লা বিপণন ৰোধৰ বাবে সমগ্ৰ দেশতে বলৱৎকাৰী ব্যৱস্থা অব্যাহত আছে। কালি সমগ্ৰ দেশত ২০০০ৰো অধিক অভিযান চলোৱা হয়।
- কালি পিএছইউ অ’এমচিৰ বিষয়াসকলে সমগ্ৰ দেশৰ প্ৰায় ১১৬০টা আৰ অ’ আৰু এলপিজি বিতৰকত আকস্মিক পৰিদৰ্শন কৰি মসৃণ যোগান নিশ্চিত কৰে আৰু মজুত/ক’লা বিপণনৰ যিকোনো গোচৰ পৰীক্ষা কৰে।
- পিএছইউ অ’এমচিসমূহে আকস্মিক পৰিদৰ্শন আৰু অধিক শক্তিশালী তথা অব্যাহত ৰাখিছে আৰু ৪০১টা এলপিজি বিতৰকক শাস্তি প্ৰদান কৰিছে; লগতে, কালিলৈকে ৭৬টা এলপিজি বিতৰক স্থগিত ৰখা হৈছে।
এল পি জি যোগান
ঘৰুৱা এল পি জি যোগানৰ অৱস্থা :
- বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিয়ে এল পি জি যোগানত প্ৰভাৱ পেলাইছে।
- ঘৰুৱা পৰিয়াললৈ এল পি জি যোগানক অগ্ৰাধিকাৰ দিয়া হৈছে।
- এল পি জি বিতৰকত নাটনি হোৱাৰ কোনো খবৰ পোৱা নাই।
- কালি উদ্যোগ পৰ্যায়ত অনলাইন এল পি জি চিলিণ্ডাৰ বুকিং প্ৰায় ৯৯% লৈ বৃদ্ধি পাইছে।
- চিলিণ্ডাৰৰ জালিয়াতি ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (DAC)ৰ ওপৰত ভিত্তি কৰি ডেলিভাৰী প্ৰায় ৯৫%লৈ বৃদ্ধি পাইছে। গ্ৰাহকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত DAC প্ৰেৰণ কৰা হয়।
- যোৱা ৩ দিনত প্ৰায় ১.৪০ কোটি এল পি জি চিলিণ্ডাৰ বুকিং কৰাৰ বিপৰীতে প্ৰায় ১.৩৯ কোটি এল পি জি চিলিণ্ডাৰ ডেলিভাৰী কৰা হৈছে।
- কালি প্ৰায় ৪৬.০৬ লাখ বুকিঙৰ বিপৰীতে ৪৯.৭ লাখৰো অধিক ঘৰুৱা এল পি জি চিলিণ্ডাৰ ডেলিভাৰী কৰা হৈছিল।
বাণিজ্যিক এল পি জি যোগান আৰু আবণ্টন :
- মুঠ বাণিজ্যিক এল পি জি আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ প্ৰায় ৭০% লৈ বৃদ্ধি কৰা হৈছে, য’ত ১০% সংস্কাৰ ভিত্তিক আবণ্টনও অন্তৰ্ভুক্ত কৰা হৈছে।
- ভাৰত চৰকাৰে ০৬.০৪.২০২৬ তাৰিখৰ এখন পত্ৰৰ ভিত্তিত জনাইছে যে প্ৰতিখন ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকসকলক বিতৰণৰ বাবে উপলব্ধ দৈনিক ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ পৰিমাণ দুগুণ কৰা হৈছে। এই বৃদ্ধি ২১.০৩.২০২৬ তাৰিখৰ পত্ৰত উল্লেখ কৰা ২০% সীমাৰ ওপৰত, আৰু ২০২৬ চনৰ ২-৩ মাৰ্চৰ ভিতৰত প্ৰব্ৰজিত শ্ৰমিকসকলক দিয়া গড় দৈনিক যোগান (চিলিণ্ডাৰৰ সংখ্যা)ৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ইয়াৰ বাবে তেল বিপণন কোম্পানী (অ’এমচি)ৰ পৰা সহায় বিচৰা হ’ব।
- যোৱা ৩ দিনত প্ৰায় ১.৯০ লাখ ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে।
- কালি ৫ কিলোগ্ৰামৰ এফটিএল চিলিণ্ডাৰ প্ৰায় ৬৭,৬০০ বিক্ৰী হৈছিল।
- ২০২৬ চনৰ ৩ এপ্ৰিলৰ পৰা পিএছইউ অ’এমচিয়ে ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ বাবে ১১,৮৭০টাতকৈও অধিক সজাগতা শিবিৰৰ আয়োজন কৰিছে, য’ত ২.১০ লাখতকৈ অধিক ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।
- কালি ২১৪টা শিবিৰৰ জৰিয়তে প্ৰায় ৩৪৮০টা ৫ কিলোগ্ৰামৰ এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হয়।
- আই অ’ চি এল, এইচ পি চি এল আৰু বি পি চি এলৰ কাৰ্যবাহী সঞ্চালকসকলে গঠিত তিনিজনীয়া কমিটীয়ে ৰাজ্যিক বিষয়া আৰু উদ্যোগ সংস্থাসমূহৰ সৈতে আলোচনা কৰি ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বাণিজ্যিক এল পি জি বিক্ৰীৰ পৰিকল্পনা চূড়ান্ত কৰে।
- মে’-২৬ৰ পৰা মুঠ ৮৩,৫৪৯ মেট্ৰিক টন (৪৩.৯৭ লাখতকৈ অধিক ১৯ কিলোগ্ৰাম এল পি জি চিলিণ্ডাৰৰ সমতুল্য) বাণিজ্যিক এল পি জি বিক্ৰী হৈছে।
- যোৱা ৩ দিনত মুঠ ২৩,৮২০ মেট্ৰিক টন (১২.৫৩ লাখতকৈ অধিক ১৯ কিলোগ্ৰাম এল পি জি চিলিণ্ডাৰৰ সমতুল্য) বাণিজ্যিক এল পি জি বিক্ৰী হৈছে।
- কালি প্ৰায় ৭৮৩৬ মেট্ৰিক টন (৪.১২ লাখতকৈ অধিক ১৯ কিলোগ্ৰাম এল পি জি চিলিণ্ডাৰৰ সমতুল্য) বাণিজ্যিক এল পি জি বিক্ৰী কৰা হয়।
- কালি পিএছইউ অ’এমচিয়ে প্ৰায় ৩৫৭ মেট্ৰিক অটো এলপিজি বিক্ৰী কৰিছিল, যিটো জানুৱাৰী-২৬ আৰু ফেব্ৰুৱাৰী-২৬ত দৈনিক গড় প্ৰায় ১৭৭ মেট্ৰিক টন আছিল।
প্ৰাকৃতিক গেছ যোগান আৰু পিএনজি সম্প্ৰসাৰণৰ পদক্ষেপ
- গ্ৰাহকক অগ্ৰাধিকাৰ দিয়া হৈছে, ডি-পিএনজি আৰু চিএনজি (পৰিবহণ) ১০০% যোগান ধৰা হৈছে।
- চিজিডি নেটৱৰ্কৰ জৰিয়তে কৰাকে ধৰি অন্যান্য ঔদ্যোগিক আৰু বাণিজ্যিক খণ্ডলৈ গেছৰ যোগান ৮০% লৈ বৃদ্ধি কৰা হৈছে।
- চিজিডি সত্তাসমূহক তেওঁলোকৰ সকলো জিএ (ভৌগোলিক অঞ্চল)ত হোটেল, ৰেষ্টুৰেণ্ট, আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানসমূহক পিএনজি সংযোগ প্ৰদান কৰাত অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে যাতে বাণিজ্যিক এলপিজিৰ উপলব্ধতাৰ সম্পৰ্কে উদ্বেগসমূহ সমাধান কৰিব পৰা যায়।
- আইজিএল, এমজিএল, গেইল গেছ, আৰু বিপিচিএলৰ দৰে চিজিডি কোম্পানীয়ে ঘৰুৱা আৰু বাণিজ্যিক পিএনজি সংযোগৰ বাবে প্ৰৰোচনা আগবঢ়াইছে।
- ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় অনুমোদন ক্ষিপ্ৰতাৰে কৰিবলৈ অনুৰোধ কৰা হৈছে।
- ভাৰত চৰকাৰে ২০২৬ চনৰ ১৮ মাৰ্চ তাৰিখৰ পত্ৰখনৰ ভিত্তিত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ অতিৰিক্ত ১০% বাণিজ্যিক এল পি জি আবণ্টনৰ প্ৰস্তাৱ দিছে, যদিহে তেওঁলোকে এল পি জিৰ পৰা পি এন জিলৈ দীৰ্ঘম্যাদী পৰিৱৰ্তনক সমৰ্থন কৰে।
- ২২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ সৈতে জড়িত অতিৰিক্ত বাণিজ্যিক এলপিজি আবণ্টন লাভ কৰিছে।
- পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ২৪.০৩.২০২৬ তাৰিখৰ পত্ৰখনৰ ভিত্তিত চিজিডি আন্তঃগাঁথনিৰ সৈতে জড়িত আবেদনসমূহ অগ্ৰাধিকাৰ ভিত্তিত প্ৰক্ৰিয়াকৰণ কৰিবলৈ ৩ মাহৰ নিৰ্দিষ্ট সময়ৰ বাবে ‘চুটি সময়সীমাৰ সৈতে চিজিডি আন্তঃগাঁথনিৰ বাবে দ্ৰুত ক্লিয়াৰেন্স ফ্ৰেমৱৰ্ক’ গ্ৰহণ কৰিছে।
- ভাৰত চৰকাৰে ২৪.০৩.২০২৬ তাৰিখৰ ৰাজপত্ৰৰ ভিত্তিত অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ অধীনত ‘প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধাসমূহ স্থাপন, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ জৰিয়তে) আদেশ, ২০২৬’ অধিসূচনা কৰিছে। এই আদেশে সমগ্ৰ দেশতে পাইপলাইন স্থাপন আৰু সম্প্ৰসাৰণৰ বাবে এক সুশৃংখলিত আৰু সময়সীমাবদ্ধ কাঠামো প্ৰদান কৰে, অনুমোদনৰ পলম আৰু ভূমি প্ৰৱেশৰ সমস্যাসমূহ সমাধান কৰে, আৰু আৱাসিক অঞ্চলকে ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন সক্ষম কৰে। ইয়াৰ দ্বাৰা পিএনজি নেটৱৰ্কৰ বিকাশ ত্বৰান্বিত হ’ব, শেষ মাইলৰ সংযোগ বৃদ্ধি হ’ব, আৰু পৰিষ্কাৰ ইন্ধনলৈ পৰিৱৰ্তনত সহায়ক হ’ব, যাৰ ফলত শক্তিৰ সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছভিত্তিক অৰ্থনীতি আগবাঢ়িব।
- পিএনজিআৰবিয়ে চিজিডি সত্তাসমূহক ডি-পিএনজি সংযোগসমূহৰ ৰোলআউট ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি পিএনজি সম্প্ৰসাৰণৰ গতি বজাই ৰাখিবলৈ ‘ৰাষ্ট্ৰীয় পিএনজি ড্ৰাইভ ২.০’ ৩০.০৬.২০২৬লৈ বৃদ্ধি কৰা হৈছে।
- স্বচ্ছ, অধিক সুৰক্ষিত, আৰু স্বাৱলম্বী শক্তিৰ ভৱিষ্যতৰ প্ৰসাৰৰ বাবে ভাৰত চৰকাৰে এখন আৰ্হি খচৰা ৰাজ্যিক চিবিজি নীতি প্ৰস্তুত কৰিছে। এই আৰ্হি নীতিৰ লক্ষ্য হৈছে ৰাজ্যসমূহে চিবিজি উন্নয়নৰ বাবে নিজৰ বিনিয়োগকাৰী-বন্ধুত্বপূৰ্ণ আৰু ৰূপায়ণমুখী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিবলৈ সক্ষম কৰিবলৈ এক বিস্তৃত, নমনীয় পথ প্ৰদৰ্শক কাঠামো হিচাপে কাম কৰা। এই নীতি গ্ৰহণ কৰা ৰাজ্যসমূহক বাণিজ্যিক এল পি জিৰ অতিৰিক্ত আবণ্টনৰ পৰৱৰ্তী খণ্ডত অগ্ৰাধিকাৰ দিয়া হ’ব।
- ০৭.০৪.২০২৬ তাৰিখৰ এক আদেশৰ জৰিয়তে এমঅ’ইএফচিচিয়ে চিপিচিবিক ১৫ দিনৰ ভিতৰত চিজিডি নেটৱৰ্ক/আন্তঃগাঁথনিৰ বাবে ‘প্ৰতিষ্ঠা কৰিবলৈ সন্মতি’ বা ‘অপাৰেচন কৰিবলৈ সন্মতি’ প্ৰদান কৰিবলৈ এছপিচিবি/পিচিচিসমূহক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিবলৈ নিৰ্দেশ দিছে।
- ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা প্ৰায় ৭.০৩ লাখ পিএনজি সংযোগ গেছ আৰু আন্তঃগাঁথনিৰ সৈতে সংযোগ কৰা হৈছে আৰু অতিৰিক্ত ২.৭২ লাখ সংযোগ সৃষ্টি কৰা হৈছে, যাৰ ফলত মুঠ সংযোগৰ সংখ্যা ৯.৭৫ লাখ হৈছে। ইয়াৰ উপৰিও প্ৰায় ৭.৪৯ লাখ গ্ৰাহকে নতুন সংযোগৰ বাবে পঞ্জীয়ন কৰিছে।
- ১৩.০৫.২০২৬ তাৰিখলৈকে ৫৭,২০০ৰো অধিক পিএনজি গ্ৰাহকে এমৱাইপিএনজিডি.ইন ৱেবছাইটৰ জৰিয়তে নিজৰ এলপিজি সংযোগ আত্মসমৰ্পণ কৰিছে।
খাৰুৱা তেলৰ অৱস্থা আৰু শোধনাগাৰৰ কাৰ্যকলাপ
- সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা তেলৰ মজুতৰে সম্পূৰ্ণ ক্ষমতাৰে কাম কৰি আছে, আনহাতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত ৰখা হৈছে।
- ঘৰুৱা ব্যৱহাৰ পূৰণ কৰিবলৈ শোধনাগাৰৰ পৰা ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি কৰা হৈছে।
- ঘৰুৱা বজাৰৰ বাবে পেট্ৰ’কেমিকেল ফিডষ্টকৰ যোগান নিশ্চিত কৰিবলৈ আন্তঃমন্ত্ৰালয়ৰ যুটীয়া কৰ্মগোট (জে ডব্লিউ জি) গঠন কৰা হৈছে। পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে ০১.০৪.২০২৬ তাৰিখৰ আদেশৰ জৰিয়তে তেল শোধনাগাৰ কোম্পানীসমূহক (পেট্ৰ’কেমিকেল কমপ্লেক্সকে ধৰি) চেণ্টাৰ ফৰ হাই টেকন’লজি (চি এইচ টি) দ্বাৰা চিনাক্ত কৰা জটিল খণ্ডসমূহলৈ নিৰ্দিষ্ট নূন্যতম পৰিমাণৰ চি ৩ আৰু চি ৪ ষ্ট্ৰিম প্ৰদান কৰিবলৈ অনুমতি প্ৰদান কৰিছে।
- ঔষধ বিভাগ, ৰাসায়নিক আৰু পেট্ৰ’কেমিকেল বিভাগ (ডিচিপিচি), আৰু উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (ডিপিআইআইটি)ৰ পৰা পোৱা অনুৰোধৰ ভিত্তিত ফাৰ্মা, ৰাসায়নিক, আৰু ৰং খণ্ডৰ কোম্পানীসমূহৰ বাবে এলপিজি পুলৰ পৰা যোগানৰ বাবে ১১২০ মেট্ৰিক টন প্ৰতিদিনে ব্যৱস্থা কৰা হৈছে।
- ২০২৬ চনৰ ১ মে’ৰ পৰা মুম্বাই, কোচি, বিশাখাপট্টনম, চেন্নাই, মথুৰা, আৰু গুজৰাটৰ শোধনাগাৰে ৬,৭০০ মেট্ৰিক টনতকৈ অধিক C3-C4 অণু (য’ত প্ৰপাইলিন আৰু বুটাইলিন অন্তৰ্ভুক্ত) আৰু ২,৮০০ মেট্ৰিক টনতকৈ অধিক বুটাইল এক্ৰিলেট ৰাসায়নিক, ঔষধ, আৰু ৰং উদ্যোগক বিক্ৰী কৰিছে।
খুচুৰা ইন্ধনৰ উপলব্ধতা আৰু মূল্য নিৰ্ধাৰণৰ সৈতে জড়িত ব্যৱস্থা
- সমগ্ৰ দেশৰ সকলো খুচুৰা বিপণী স্বাভাৱিকভাৱে চলি আছে।
- মধ্যপ্ৰাচ্যৰ সংকটৰ বাবে খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে; কিন্তু গ্ৰাহকক সুৰক্ষা দিবলৈ ভাৰত চৰকাৰে পেট্ৰল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰিছে।
- সমগ্ৰ দেশৰ সকলো পেট্ৰ’ল পাম্পতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত উপলব্ধ। পেট্ৰ’ল আৰু ডিজেলৰ নিয়মীয়া খুচুৰা মূল্য অপৰিৱৰ্তিত হৈ আছে, আৰু পিএছইউ অ’এমচিৰ খুচুৰা বিপণীসমূহত কোনো মূল্যবৃদ্ধি হোৱা নাই।
সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলাচলৰ কাৰ্যকলাপ
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে পাৰ্চী উপসাগৰৰ বৰ্তমানৰ সামুদ্ৰিক পৰিস্থিতিৰ বিষয়ে এক আপডেট প্ৰদান কৰে, য’ত অঞ্চলটোত ভাৰতীয় জাহাজ আৰু ক্ৰুৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিশদ বিৱৰণ দিয়া হয়। ইয়াত উল্লেখ কৰা হৈছিল যে:
- ভাৰতৰ বাবে ১৯,৯৬৫ মেট্ৰিক টন এলপিজি কাৰ্গো কঢ়িয়াই নিয়া আৰু ২১ জন বিদেশী ক্ৰু কঢ়িয়াই অনা এলপিজি বাহক আৰু মাৰ্শ্বেল দ্বীপপুঞ্জৰ পতাকাযুক্ত জাহাজ SYMI য়ে ২০২৬ চনৰ ১৩ মে’ত হৰমুজ জলদ্বীপত নিৰাপদে অতিক্ৰম কৰিছিল আৰু ২০২৬ চনৰ ১৬ মে’ত কাণ্ডলাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।
- এল পি জি বাহক আৰু ভিয়েটনামৰ পতাকা থকা জাহাজ এন ভি ছানশ্বাইনে ৪৬,৪২৭ মেট্ৰিক টন এল পি জি কাৰ্গো ভাৰতলৈ কঢ়িয়াই ২৪ জন বিদেশী ক্ৰু কঢ়িয়াই লৈ ২০২৬ চনৰ ১৪ মে’ত নিৰাপদে হৰমুজ জলদ্বীপ অতিক্ৰম কৰি ২০২৬ চনৰ ১৮ মে’ত নিউ মংগলদৈত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।
- ভাৰতীয় ধৌ নামৰ যান্ত্ৰিক পালতোলা জাহাজ (MSV), HAJI ALI, ছোমালিয়াৰ পৰা ইউ এ ইৰ শ্বাৰজাহলৈ যাত্ৰা কৰি আছিল। খবৰ অনুসৰি ২০২৬ চনৰ ১৩ মে’ৰ পুৱা ওমানৰ জলসীমাত এক কাণ্ড সংঘটিত হয়, যাৰ ফলত জুই লাগে আৰু তাৰ পিছত ডুব যায়।
- জাহাজত থকা ১৪ জন ক্ৰু সদস্যক ওমান ক’ষ্ট গাৰ্ডে নিৰাপদে উদ্ধাৰ কৰি ওমানৰ ডিব্বা বন্দৰত উপস্থিত হৈছে। ক্ৰুসকলক নিৰাপদ বুলি জনোৱা হৈছে, আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হৈছে।
- ভাৰত চৰকাৰে ওমান চুলতান ৰাজ্যৰ কৰ্তৃপক্ষ, ভাৰতীয় মিছন, আৰু সংশ্লিষ্ট সামুদ্ৰিক সংস্থাসমূহৰ সৈতে অহৰহ যোগাযোগত আছে।
- যোৱা ৭২ ঘন্টাত এম এছ ভি হাজি আলীৰ সৈতে জড়িত ঘটনাৰ বাহিৰে আন কোনো ভাৰতীয় জাহাজ বা ভাৰতীয় নাৱিক কঢ়িয়াই অনা বিদেশী জাহাজৰ সৈতে কোনো কাণ্ড সংঘটিত হোৱা নাই। অঞ্চলটোত থকা আন সকলো ভাৰতীয় নাৱিক নিৰাপদ বুলি জানিব পৰা গৈছে।
- ডিজি শ্বিপিং কণ্ট্ৰল ৰুমে আৰম্ভণিৰ পৰাই ৯,২৬৬টা কল আৰু ২০,৫৯২টাতকৈও অধিক ইমেইল চম্ভালিছে। যোৱা ৭২ ঘণ্টাত মুঠ ৩৭৭টা ফোন আৰু ৮৩৪টা ইমেইল আহিছিল।
- মন্ত্ৰালয়ে জাহাজ সঞ্চালকালয় (ডি জি জাহাজ)ৰ জৰিয়তে এতিয়ালৈকে ৩,১৫৮ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে ঘূৰাই অনাৰ সুবিধা প্ৰদান কৰিছে; ইয়াৰ ভিতৰত আছে উপসাগৰীয় অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা ৭২ ঘন্টাত উভতি অহা ৬২ জন নাৱিক।
- সমগ্ৰ ভাৰতবৰ্ষৰ বন্দৰসমূহ স্বাভাৱিকভাৱে চলি আছে, আৰু ক’তো যানজঁটৰ কোনো খবৰ পোৱা নাই।
- বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে যাতে নাৱিকসকলৰ কল্যাণ আৰু মসৃণ সামুদ্ৰিক কাৰ্য্যকলাপ নিশ্চিত হয়।
****
TM/KD
(ৰিলিজ আই ডি : 2261274)
অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam