গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

জালিয়াতিৰে জৰিত একাউণ্ট আৰু চাইবাৰ বিত্তীয় জালিয়াতি ধৰা পেলাবলৈ এ আই-চালিত ব্যৱস্থা শক্তিশালী কৰিবলৈ আই ৪ চি আৰু আৰ বি আই এইচৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় - মোদী চৰকাৰে চাইবাৰ সুৰক্ষিত ভাৰতৰ বাবে অক্লান্তভাৱে কাম কৰি আছে

চাইবাৰ অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত জালিয়াতিৰে পৰিচালিত একাউণ্ট ডাঙৰ বাধা

আই ৪ চি আৰু আৰ বি আই এইচৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিয়ে চাইবাৰ জালিয়াতিৰ বিৰুদ্ধে যুঁজিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ শক্তিক ব্যৱহাৰ কৰিব

এই পদক্ষেপে আই৪চিৰ সন্দেহযুক্ত পঞ্জীয়নৰ পৰা এআই-চালিত জালিয়াতি ধৰা পেলোৱা ব্যৱস্থালৈ তথ্য প্ৰেৰণ কৰি জাল একাউণ্টসমূহ দ্ৰুতভাৱে ধৰা পেলাব আৰু সেইবোৰ বন্ধ কৰিব

ই নাগৰিকসকলক চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ পৰৱৰ্তী প্ৰজন্মৰ ঢাল হিচাপে সেৱা আগবঢ়াব

বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে চাইবাৰ-সক্ষম বিত্তীয় জালিয়াতিৰ বিৰুদ্ধে যুঁজিবলৈ জালিয়াতিৰ বিপদ থকা চোৰাংচোৱাগিৰিৰ অংশীদাৰিত্ব, বিশ্লেষণাত্মক সমৰ্থন আৰু কাৰ্য্যকৰী সমন্বয় শক্তিশালী কৰি তোলা

পোষ্ট কৰা হৈছে: 12 MAY 2026 4:33PM by PIB Guwahati

ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (আই ৪ চি), গৃহ পৰিক্ৰমা মন্ত্ৰালয়, আৰু ৰিজাৰ্ভ বেংক উদ্ভাৱন হাবে (আৰ বি আই এইচ) চাইবাৰ বিত্তীয় জালিয়াতিৰ বিৰুদ্ধে যুঁজ দিবলৈ  আৰু সমগ্ৰ বেংকিং তথা  ডিজিটেল পেমেণ্ট পৰিৱেশতন্ত্ৰত  সোমাই থকা জাল একাউণ্ট হ্ৰাস কৰাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে বিত্তীয় প্ৰৱঞ্চনা-বিপদ সম্পৰ্কে  চোৰাংচোৱাৰ  তথ্য ভাগ-বাটোৱাৰা কৰা, বিশ্লেষণাত্মক সমৰ্থন আৰু সক্ৰিয়তাৰে জালিয়াতি ধৰা পেলোৱা তথা  প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে কাৰ্য্যকৰী সমন্বয়ৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে এক্সত দিয়া পোষ্টত  কয়, ‘মোদী চৰকাৰে চাইবাৰ সুৰক্ষিত ভাৰতৰ বাবে অক্লান্তভাৱে কাম কৰি আছে।চাইবাৰ অপৰাধ ৰোধৰ ক্ষেত্ৰত জালিয়াতিৰে খোলা  একাউণ্ট ডাঙৰ বাধা।আজি এম এইচ এৰ অধীনত আই ৪ চিয়ে ৰিজাৰ্ভ বেংক ইনোভেচন হাব (আৰ বি আই এইচ)ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰি চাইবাৰ জালিয়াতিৰ বিৰুদ্ধে যুঁজিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ শক্তি ব্যৱহাৰৰ পথ  মুকলি কৰিছে।  এই পদক্ষেপে আই ৪ চিৰ সন্দেহযুক্ত পঞ্জীয়নৰ পৰা এ আই -চালিত জালিয়াতি ধৰা পেলোৱা ব্যৱস্থালৈ তথ্য প্ৰেৰণ কৰি গোপনে থকা জাল একাউণ্টসমূহ দ্ৰুতভাৱে ধৰা পেলাব আৰু সেইবোৰ বন্ধ কৰিব । এনেদৰে ই  নাগৰিকসকলক চাইবাৰ অপৰাধৰ বিৰুদ্ধে তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মৰ ঢাল হিচাপে সেৱা আগবঢ়াব।”

এই বুজাবুজি চুক্তিত শ্ৰীমতী ৰূপা এম, আই জি (এডমিন)আই ৪ চি , আৰ বি আই এইচৰ চি ই অ’ শ্ৰীযুত সাহিল কিন্নীয়ে   আৰ বি আইৰ ডেপুটি- গভৰ্ণৰ শ্ৰীযুত ৰোহিত জৈন; শ্ৰী আনন্দ স্বৰূপ, বিশেষ সচিব  (আই এছ), গৃহ দপ্তৰ; শ্ৰী ৰাকেশ ৰাথী, জে এছ (চি আই এছ), এম এইচ এ; শ্ৰী ৰাজেশ কুমাৰ, চিইঅ’, আই৪চি; আৰু আৰ বি আই, আৰ বি আই এইচ আৰু আই ৪ চিৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত স্বাক্ষৰ কৰে ।

বুজাবুজি চুক্তিৰ অধীনত আই৪চি আৰু আৰবিআইএইচে আই৪চি-এমএইচএৰ সন্দেহযুক্ত পঞ্জীয়নৰ পৰা জাল  একাউণ্ট সম্পৰ্কীয় চোৰাংচোৱা  তথা  সন্দেহযুক্ত চিনাক্তকৰ্তাসমূহৰ তথ্য  ভাগ-বাটোৱাৰা কৰাৰ বাবে সহযোগিতা আগবঢ়াই  বেংকসমূহত কাৰ্যকৰী কৰা এআই-চালিত জালিয়াতি ধৰা পেলোৱা ব্যৱস্থা যেনে MuleHunter.aiTMক  শক্তিশালী কৰিব। আৰবিআইএইচ-এ ডাটাছেটসমূহ MuleHunter.aiTMকে ধৰি এআই-চালিত জালিয়াতি-বিপদৰ  মূল্যায়ন মডেলৰ প্ৰশিক্ষণ আদিৰ বাবে ব্যৱহাৰ কৰিব।

আই ৪ চিয়ে ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেল (এন চি আৰ পি), সন্দেহযুক্ত পঞ্জীয়ন আৰু অন্যান্য চোৰাংচোৱা বিনিময় ব্যৱস্থাৰ দৰে প্লেটফৰ্মৰ জৰিয়তে ভাৰতৰ চাইবাৰ অপৰাধৰল ক্ষেত্ৰত  সঁহাৰি প্ৰদানৰ  পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ লগতে  এই বিষয়ত সহযোগিতাৰ দিশত সক্ৰিয়ভাৱে কাম কৰি আহিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান আৰ বি আই এইচে ডিজিটেল পেমেণ্ট পৰিৱেশ তন্ত্ৰৰ সুৰক্ষা আৰু স্থিতিস্থাপকতা শক্তিশালী কৰাৰ লগতে ডিজিটেল বেংকিং পৰিৱেশ তন্ত্ৰৰ প্ৰতি নাগৰিকৰ আস্থা বৃদ্ধি কৰাৰ লক্ষ্যৰে প্ৰযুক্তি-নেতৃত্বাধীন পদক্ষেপ তথা  এ আই-সক্ষম জালিয়াতি ধৰা পেলোৱা কাঠামোৰ বিকাশৰ জৰিয়তে বিত্তীয় খণ্ডত উদ্ভাৱনক প্ৰসাৰিত কৰি আহিছে।

******

RK/PR/PS/DM


(ৰিলিজ আই ডি : 2260341) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी , Gujarati , Urdu , Marathi , Kannada