ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
নতুন আধাৰ এপ ব্যাপকভাবে গ্ৰহণ কৰিছে জনতাই, তিনিমাহত ২১ নিযুত ডাউনলোড
নতুন আধাৰ এপ ব্যৱহাৰ কৰি ২৮ লাখৰো অধিক লোকে মোবাইল নম্বৰ আপডেট কৰিছে
আধাৰ এপে মানুহক কাগজবিহীনভাবে পৰিচয় অৱগত কৰা , সন্মতিৰ নিয়ন্ত্ৰণ আৰু নিৰ্বাচিতভাৱে তথ্যৰ ভাগ-বাটোৱাৰা কৰাত সহায় কৰিছে
পোষ্ট কৰা হৈছে:
06 MAY 2026 6:09PM by PIB Guwahati
নতুন আধাৰ এপটোৱে তিনি মাহৰ ভিতৰত ২১ নিযুতৰো অধিক ডাউনলোডৰ সৈতে ব্যাপক জন সমৰ্থনৰ সাক্ষী হৈ পৰিছে। যাৰ ফলত এতিয়া মানুহৰ হাতৰ মুঠিত সেৱাসমূহ আহি পৰিছে আৰু মানুহৰ জীৱন সহজ হৈ পৰিছে। দেখা গৈছে যে আধাৰ এপ ব্যৱহাৰ কৰি মানুহে মোবাইল নম্বৰ আৰু ঠিকনা আপডেট কৰাকে ধৰি বিভিন্ন সেৱাৰ সুবিধা সহজে, যিকোনো সময়তে, যিকোনো ঠাইতে লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়ালৈকে ২.৮ নিযুতৰো অধিক (২৮ লাখ) লোকে নতুন আধাৰ এপ ব্যৱহাৰ কৰি নিজৰ মোবাইল নম্বৰ আপডেট কৰিছে। একেদৰে প্ৰায় ৬,০০,০০০ লোকে নিজৰ ঠিকনা আপডেট কৰিবলৈ এই এপটো ব্যৱহাৰ কৰিছে।
আধাৰ এপ হৈছে আধাৰ নম্বৰ থকাসকলক (এএনএইচ) গোপনীয়তা ৰক্ষা কৰি নিজৰ পৰিচয় অৱগত কৰা , তথ্যৰ প্ৰদৰ্শন কৰা, তথ্য ভাগ-বাটোৱাৰা কৰিব পৰা আৰু পৰীক্ষা কৰিব পৰাৰ এক সুৰক্ষিত, সুবিধাজনক তথা গোপনীয়তাৰ আধাৰত প্ৰস্তুত কৰা পৰৱৰ্তী প্ৰজন্মৰ মোবাইল এপ্লিকেচন এপ।
এই নতু এপটোক ক্ৰমবৰ্ধমান ৰূপত মানুহে গ্ৰহণ কৰাৰ কথাই কেৱল মানুহৰ আস্থাকে নহয়, আধাৰ সেৱাসমূহ অধিক সুলভ তথা ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ কৰি তুলিছে। ইয়াৰ ফলত আধাৰ নম্বৰ থকাসকলে নিজৰ হাতৰ মুঠিতে সেৱাৰ সুবিধা লাভ কৰি জীৱন সহজ কৰি তুলিব পাৰিছে। এপটোত উপস্থিতিৰ প্ৰমাণৰ বাবে ফেচ ভেৰিফিকেছন , এটা ক্লিকতে বায়’মেট্ৰিক লক/আনলক, প্ৰমাণীকৰণৰ ইতিহাস তথা ভৌতিক ভিজিটিং কাৰ্ডৰ পৰিৱৰ্তে যোগাযোগৰ বিৱৰণ সহজে ভাগ-বাটোৱাৰা কৰিব পৰা কিউ আৰ ক’ড ভিত্তিক সম্পাদনাৰ যোগ্য কন্টাক্ট কাৰ্ড আদিৰ ব্যৱস্থা অন্তৰ্ভুক্ত হৈ আছে।
ব্যৱহাৰৰ সহজতাৰ বাবে ডিজাইন কৰা আধাৰ এপে বাস্তৱ জীৱনৰ ব্যৱহাৰৰ এক বিস্তৃত পৰিসৰক সমৰ্থন কৰিছে। ইয়াৰ ভিতৰত অফলাইন ভেৰিফিকেচন ছিকিং এণ্টিটিৰ (OVSE) কিউআৰ ক’ড স্কেনিঙৰ জৰিয়তে হোটেলত চেক-ইন কৰাটোও অন্তৰ্ভুক্ত হৈ আছে । ই এনে বহু ব্যৱহাৰৰ ক্ষেত্ৰৰ মাজত বয়সৰ ভিত্তিত এপৰ ব্যৱহাৰ (এজ গেটিং) , চিকিৎসালয়ত ভৰ্তি, দৰ্শনাৰ্থীৰ পৰিচালনা, অনুষ্ঠান আদিত প্ৰৱেশ, গিগ কৰ্মী আৰু সেৱা অংশীদাৰৰ পৰিচয় পৰীক্ষণৰ সুবিধা প্ৰদান কৰে।
নতুন আধাৰ এপটো এণ্ড্ৰইড আৰু এপল আই অ’ এছ দুয়োটা প্লেটফৰ্মতে উপলব্ধ। এই এপ মানুহে ইয়াত ডাউনলোড কৰিব পাৰিব:
এণ্ড্ৰইড: https://play.google.com/store/apps/details?id=in.gov.uidai.pehchaan&hl=en_IN
আই অ' এছ- https://apps.apple.com/in/app/aadhaar/id6744029871
****
MSZ/DM
(ৰিলিজ আই ডি : 2258543)
অতিথি কক্ষ : 8