তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
শ্ৰী শশী শেখৰ ভেম্পাতী কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ড (চিবিএফচি)ৰ অধ্যক্ষ হিচাপে নিযুক্ত
পোষ্ট কৰা হৈছে:
06 MAY 2026 3:16PM by PIB Guwahati
ভাৰত চৰকাৰে ২০২৬ চনৰ ৬ মে’ তাৰিখে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাৰ জৰিয়তে শ্ৰী শশী শেখৰ ভেম্পাতীক কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ড (চিবিএফচি)ৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰিছে। তেওঁ যোগদানৰ তাৰিখৰ পৰা তিনি বছৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিব।

শ্ৰী প্ৰসুন যোশীক প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ হিচাপে উন্নীত কৰা হোৱাৰ পৰিণতিত তেওঁ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ড (চিবিএফচি)ৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰি বৰ্তমানৰ এই নতুন দায়িত্ব গ্ৰহণ কৰিছে।
শ্ৰী শশী শেখৰ ভেম্পাতীয়ে সংবাদ মাধ্যম, সম্প্ৰচাৰ আৰু জনসংযোগ ক্ষেত্ৰত বিস্তৃত আৰু গহীন অভিজ্ঞতা লৈ এই পদত অধিষ্ঠিত হৈছে। তেওঁৰ এই নিযুক্তিয়ে চিবিএফচিৰ কাৰ্যকলাপক অধিক গতিশীল আৰু সুদৃঢ় কৰি তুলিব বুলি আশা কৰা হৈছে।
*****
Mahesh Kumar/ Aparajita Priyadarshini/AA
(ৰিলিজ আই ডি : 2258489)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali-TR
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam