তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

চৰকাৰে ভুৱা বাতৰি ৰোধ কৰিবলৈ বহুস্তৰীয় ব্যৱস্থা স্থাপন কৰে; তথ্যৰ বিশ্বাসযোগ্যতা উন্নত কৰাৰ লক্ষ্যৰে এফচিইউ, আইটি নিয়ম আৰু সংবাদ মাধ্যমৰ নিয়ম প্ৰস্তুত কৰা হয়

পিআইবিৰ ফেক্ট চেক ইউনিটে (এফচিইউ) সময়োপযোগী আৰু সঠিক ৰাজহুৱা যোগাযোগ নিশ্চিত কৰে

प्रविष्टि तिथि: 02 APR 2026 4:09PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰেছ তথ্য ব্যুৰোৰ অধীনত  এটা ফেক্ট চেক ইউনিট (এফচিইউ) কৰ্মৰত। এফচিইউৱে কেন্দ্ৰীয় চৰকাৰৰ সৈতে জড়িত ভুল তথ্য আৰু ভুৱা বাতৰি চিনাক্ত কৰে। অনুমোদিত উৎসৰ পৰা বাতৰিৰ সত্যতা পৰীক্ষা কৰাৰ পিছত এফচিইউৱে সীমান্তৱৰ্তী জিলাকে ধৰি ব্যাপক প্ৰচাৰৰ বাবে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শুদ্ধ তথ্য প্ৰকাশ কৰে।

 

অপাৰেচন চিণ্ডু সিন্দুৰৰ সময়ত এফচিইউৱে অনলাইনত প্ৰচাৰিত ভুল তথ্য আৰু ভুৱা বাতৰি সক্ৰিয়ভাৱে চিনাক্ত কৰিছিল। ই ভুৱা দাবীসমূহ তৎক্ষণাত তথ্য পৰীক্ষা কৰিছিল, প্ৰামাণিক তথ্য প্ৰদান কৰিছিল আৰু সঠিক ৰাজহুৱা যোগাযোগ নিশ্চিত কৰিছিল। মন্ত্ৰালয়ে অপাৰেচন সিন্দুৰৰ সময়ত ডিজিটেল মিডিয়াত ১৪০০ৰো অধিক ইউ আৰ এল ব্লক কৰাৰ বাবেও নিৰ্দেশনা জাৰি কৰে। এই ইউআৰএলসমূহৰ বিষয়বস্তুৰ ভিতৰত আছিল ভুৱা, বিভ্ৰান্তিকৰ, ভাৰত বিৰোধী বাতৰিৰ বিষয়বস্তু, মূলতঃ পাকিস্তান ভিত্তিক ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে উচটনিমূলক বিষয়বস্তু।

 

তথ্য প্ৰযুক্তি আইন, ২০০০ৰ ধাৰা ৬৯এৰ অধীনত ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা, ভাৰতৰ প্ৰতিৰক্ষা, ৰাজ্যৰ সুৰক্ষা, আৰু জনশৃংখলাৰ স্বাৰ্থত চৰকাৰে ৱেবছাইট, ছ’চিয়েল মিডিয়া হেণ্ডেল আৰু পোষ্ট ব্লক কৰিবলৈ প্ৰয়োজনীয় আদেশ জাৰি কৰে।

 

ওপৰৰ কথাৰ বাহিৰেও চৰকাৰে বিভিন্ন সংবাদ মাধ্যমৰ মঞ্চত উপলব্ধ বিধিগত আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰে ভুৱা বাতৰি ৰোধৰ বাবে সকলো সম্ভৱপৰ পদক্ষেপ গ্ৰহণ কৰে, য’ত অন্তৰ্ভুক্ত:

 

  • ছপা মাধ্যম: বাতৰি কাকতসমূহে ভাৰতীয় প্ৰেছ কাউন্সিল (পিচিআই)য়ে জাৰি কৰা “নৰ্মছ অৱ জাৰ্নেলিষ্টিক কণ্ডাক্ট” মানি চলাটো বাধ্যতামূলক। এই মানদণ্ডসমূহত অন্যান্য বিষয়ৰ লগতে, ভুৱা/ মানহানিকাৰক/ বিভ্ৰান্তিকৰ বাতৰি প্ৰকাশ কৰাত বাধা দিয়াটো অন্তৰ্ভুক্ত। পিচিআই আইনৰ ১৪ নং ধাৰা অনুসৰি, পৰিষদে নীতি-নিয়মৰ উলংঘাৰ অভিযোগৰ তদন্ত কৰে আৰু বিষয় অনুসৰি কাকত, সম্পাদক, সাংবাদিক আদিক সতৰ্ক, উপদেশ বা নিন্দা কৰিব পাৰে।

 

  • টেলিভিছন: টিভি চেনেলসমূহে কেবল টেলিভিছন নেটৱৰ্ক (নিয়ন্ত্ৰণ) আইন, ১৯৯৫ৰ অধীনত প্ৰগ্ৰেম ক’ড মানি চলিব লাগিব, য’ত অন্যান্য বিষয়ৰ লগতে এই কথা উল্লেখ কৰা হৈছে যে যিবোৰ বিষয়বস্তুত যিকোনো অশ্লীল, মানহানিকাৰক, ইচ্ছাকৃতভাৱে ভুৱা আৰু ভ্ৰামক সংকেত আৰু অৰ্ধসত্য থাকে, সেইবোৰ সম্প্ৰচাৰ কৰিব নোৱাৰি। কেবল টেলিভিছন নেটৱৰ্ক (সংশোধনী) নিয়ম ২০২১,ত টিভি চেনেলসমূহে সংহিতা উলংঘাৰ সৈতে জড়িত অভিযোগসমূহ চাবলৈ তিনিটা স্তৰৰ অভিযোগ নিৰাময়ৰ ব্যৱস্থা কৰিছে। য'ত প্ৰগ্ৰেম ক'ড উলংঘা পোৱা যায় তাত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হয়।

 

  • ডিজিটেল মিডিয়া: ডিজিটেল মাধ্যমৰ বাতৰি আৰু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰকাশক আৰু অনলাইন কিউৰেট কৰা বিষয়বস্তুৰ প্ৰকাশকৰ বাবে তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১ (আই টি নিয়ম, ২০২১)ত এনে প্ৰকাশকে নৈতিকতা সংহিতা উলংঘাৰ সৈতে জড়িত অভিযোগৰ প্ৰতিকাৰৰ বাবে তিনিস্তৰীয় প্ৰতিষ্ঠানিক ব্যৱস্থাৰ লগতে নৈতিকতা সংহিতাৰ ব্যৱস্থা কৰা হৈছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কেবল টেলিভিছন নেটৱৰ্ক (নিয়ন্ত্ৰণ) আইন, ১৯৯৫ৰ অধীনত প্ৰগ্ৰেম ক’ড আৰু এডভাৰটাইজিং ক’ড মানি চলাৰ বাবে ব্যক্তিগত চেটেলাইট টিভি চেনেলসমূহকো সময়ে সময়ে পৰামৰ্শ জাৰি কৰে।

 

কমিউনিটি ৰেডিঅ’ ষ্টেচনসমূহে (চি আৰ এছ) সীমান্তৱৰ্তী জিলাসমূহকে ধৰি বিভিন্ন অঞ্চলত প্ৰামাণিক, সময়োপযোগী আৰু স্থানীয়ভাৱে প্ৰাসংগিক তথ্য প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰ্যসূচীসমূহ স্থানীয় সম্প্ৰদায়ৰ বাবে তাৎক্ষণিকভাৱে প্ৰাসংগিক হ’ব লাগে, যাৰ ফলত স্থানীয় উদ্বেগসমূহ সমাধান কৰিব পাৰি আৰু ভুল তথ্যক ফলপ্ৰসূভাৱে প্ৰতিহত কৰিব পাৰি। চি আৰ এছসমূহে স্থানীয় সম্প্ৰদায়ৰ সদস্যসকলক লৈ এখন পৰামৰ্শদাতা আৰু বিষয়বস্তু সমিতি গঠন কৰিব লাগিব, যাতে সম্প্ৰদায়ৰ ৰেডিঅ’ত সম্প্ৰচাৰিত বিষয়বস্তুৰ ওপৰত সিদ্ধান্ত লয়। অভিপ্সিত গ্ৰাহকৰ মাজত উন্নত প্ৰসাৰ আৰু বুজাবুজি নিশ্চিত কৰিবলৈ অনুষ্ঠানসমূহ স্থানীয় ভাষা আৰু উপভাষাত সম্প্ৰচাৰ কৰাটো ভাল।

 

তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী ড° এল মুৰুগানে লোকসভাত শ্ৰী উম্মেদা ৰাম বেনিৱালে সোধা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য দাখিল কৰে।

*********

 

Mahesh Kumar/ Vivek Vishwash


(रिलीज़ आईडी: 2257599) आगंतुक पटल : 32
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Telugu , Kannada , Malayalam