প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ আভাস শ্বেয়াৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
পোষ্ট কৰা হৈছে:
28 APR 2026 3:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ আভাস শ্বেয়াৰ কৰি ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্য, বহনক্ষম কাম-কাজ আৰু ৰাষ্ট্ৰীয় উন্নয়নত ইয়াৰ অৱদানৰ বাবে ভূয়সী প্ৰশংসা প্ৰকাশ কৰে।
এক্সৰ এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে;
‘মই আপোনালোকক, ছিকিমৰ জনসাধাৰণক আশ্বাস দিছো যে মই ইয়াৰ জনসাধাৰণৰ মৰম আৰু আশীৰ্বাদৰ প্ৰতিদান দিবলৈ কোনোধৰণৰ ত্ৰুটি নাৰাখো।’
‘পৰিবেশ-সুস্থতা পৰ্যটনৰ ক্ষেত্ৰত ছিকিমত অপাৰ সম্ভাৱনা আছে। আমি সমগ্ৰ দেশতে ইয়াৰ পৰ্যটনৰ বিকাশৰ লগতে সেইসমূহৰ প্ৰসাৰ কৰি আছো।
এইক্ষেত্ৰত মোৰ বিশেষ আহ্বান’
‘ছিকিমৰ যুৱক-যুৱতীসকল ক্ৰীড়াৰ প্ৰতি আগ্ৰহী আৰু খেলপথাৰতো তেওঁলোকে প্ৰতিভা প্ৰদৰ্শন কৰিছে।
কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক উন্নতমানৰ সুবিধা আৰু সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ বিভিন্ন প্ৰকল্পত কাম কৰি আছে।’
‘আজি বিশ্বই বহনক্ষম জীৱনশৈলীৰ কথা কৈ আছে। মই আনন্দিত যে আমাৰ উত্তৰ-পূব আৰু বিশেষকৈ ছিকিমে এইক্ষেত্ৰত প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে…’
‘গেংটকত ছিকিমৰ সাংস্কৃতিক ঐতিহ্যৰ সাক্ষী হোৱাটো মোৰ বাবে অবিস্মৰণীয় আছিল।
এনে লাগিছিল যেন সমগ্ৰ ভাৰত এটা কাৰ্যসূচীৰ জৰিয়তে একত্ৰিত হৈছে। মন্ত্ৰমুগ্ধ কৰা প্ৰদৰ্শনে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ উল্লেখযোগ্য আভাস প্ৰদান কৰিছিল।’
এই কাৰ্যসূচীৰ সৈতে জড়িত সকলোকে মোৰ আন্তৰিক অভিনন্দন।’
‘গেংটকৰ জনসাধাৰণৰ উৎসাহ আৰু মৰমে মোক নতুন শক্তিৰে ভৰাই তুলিছে। মই পুনৰবাৰ মোৰ ছিকিমৰ ভাতৃ-ভগ্নীসকলক তেওঁলোকৰ ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ ৫০ সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ বাবে অভিনন্দন জনাইছো। ৰাষ্ট্ৰীয় উন্নয়নত ছিকিমৰ অৱদানক লৈ ভাৰত অতি গৌৰৱান্বিত। ছিকিমৰ জনসাধাৰণে কেইবাটাও খণ্ডত নিজকে প্ৰতিষ্ঠা কৰিছে আৰু উৎকৃষ্ট স্বভাৱৰ বাবে তেওঁলোক প্ৰশংসাৰ পাত্ৰ।’
— Narendra Modi (@narendramodi) April 28, 2026
‘ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ আৰু কিছু আভাস।’
****
MJPS/PRK/NB
(ৰিলিজ আই ডি : 2256288)
অতিথি কক্ষ : 7