প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তিক ঐতিহাসিক মুহূৰ্ত হিচাপে প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে, উন্নয়নমূলক অংশীদাৰিত্বত ই অভূতপূৰ্ব গতি প্ৰদান কৰিব বুলিও তেওঁ কয়
পোষ্ট কৰা হৈছে:
27 APR 2026 5:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তিক দুয়োখন দেশৰ অংশীদাৰিত্বৰ এক উল্লেখযোগ্য মুহূৰ্ত হিচাপে প্ৰশংসা কৰে।
তেওঁ কয় যে এই চুক্তিয়ে উন্নয়নমূলক অংশীদাৰিত্বত অভূতপূৰ্ব গতি প্ৰদান কৰিব আৰু ই দুয়োখন ৰাষ্ট্ৰ মাজত থকা গভীৰ আস্থা, ভাগ-বাটোৱাৰা কৰা মূল্যবোধ আৰু উচ্চাকাংক্ষাক প্ৰতিফলিত কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে কৃষক, যুৱক-যুৱতী, মহিলা, এম এছ এম ই, শিপিনী, ষ্টাৰ্টআপ, ছাত্ৰ-ছাত্ৰী আৰু উদ্ভাৱকসকল যথেষ্ট উপকৃত হ’ব। তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা বিকাশৰ নতুন পথ মুকলি হ’ব, নতুন সুযোগ সৃষ্টি হ’ব আৰু খণ্ডসমূহৰ মাজত সহযোগিতা আৰু অধিক গভীৰ হ’ব৷
শ্ৰী মোদীয়ে লগতে আলোকপাত কৰে যে নিউজিলেণ্ডৰ ২০ বিলিয়ন ডলাৰৰ বিনিয়োগৰ প্ৰতিশ্ৰুতিয়ে কৃষি, উৎপাদন, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত থকা সহযোগিতা শক্তিশালী কৰিব। ফলত দুয়োখন দেশৰ বাবে অধিক সমৃদ্ধিশালী আৰু গতিশীল ভৱিষ্যতৰ পথ মুকলি হ’ব।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;
“আজি ভাৰত-নিউজিলেণ্ডৰ অংশীদাৰিত্বৰ এক ঐতিহাসিক মুহূৰ্ত!
আজি স্বাক্ষৰিত ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তিয়ে আমাৰ উন্নয়নমূলক অংশীদাৰিত্বত অভূতপূৰ্ব গতি বৃদ্ধি কৰিব বাবে মই আনন্দিত৷ ই আমাৰ দুয়োখন দেশক সযোগ কৰি ৰখা গভীৰ আস্থা, ভাগ-বাটোৱাৰা কৰা মূল্যবোধ আৰু উচ্চাকাংক্ষাক প্ৰতিফলিত কৰে।
এই চুক্তিয়ে আমাৰ কৃষক, যুৱক-যুৱতী, মহিলা, এম এছ এম ই, শিপিনী, ষ্টাৰ্টআপ, ছাত্ৰ-ছাত্ৰী আৰু উদ্ভাৱকসকলক যথেষ্ট উপকৃত কৰিব। ই বিকাশৰ বাবে নতুন পথ মুকলি কৰিব, সুযোগ সৃষ্টি কৰিব আৰু খণ্ডসমূহৰ মাজত আমাৰ সহযোগিতা গভীৰ কৰিব৷
নিউজিলেণ্ডৰ ২০ বিলিয়ন ডলাৰৰ বিনিয়োগৰ প্ৰতিশ্ৰুতিয়ে কৃষি, উৎপাদন, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ সহযোগিতাক আৰু অধিক শক্তিশালী কৰি তুলিব, যাৰ ফলত দুয়োখন দেশৰ বাবে অধিক সমৃদ্ধিশালী আৰু গতিশীল ভৱিষ্যতৰ পথ মুকলি হ’ব।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েও এক্সৰ পোষ্টত এনেদৰে কয়;
“এক বাৰ্তাত পিএম শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত-নিউজিলেণ্ড এফটিএ গভীৰ বিশ্বজোৰা সংযোগ আৰু ভাগ-বাটোৱাৰা কৰা সমৃদ্ধিৰ দিশত এক ডাঙৰ মাইলৰ খুঁটিক চিহ্নিত কৰিছে।
ই দুখন সজীৱ গণতন্ত্ৰৰ মাজত অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰিব, কৃষক, শিল্পী, যুৱক-যুৱতী, উদ্যোগী, মহিলা আৰু এম এছ এম ইৰ বাবে সুযোগ মুকলি কৰিব।
ই কৃষক, যুৱক-যুৱতী, এম এছ এম ই আৰু উদ্যোগীসকলৰ বাবে সুযোগৰ সৃষ্টি কৰিব।
#IndiaNZFTA”
**********
MJPS/VJ/DM
(ৰিলিজ আই ডি : 2256094)
অতিথি কক্ষ : 9