প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বুলগেৰিয়াৰ সংসদীয় নিৰ্বাচনত জয়লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্ৰীযুত ৰুমেন ৰাদেৱক অভিনন্দন জনাইছে

পোষ্ট কৰা হৈছে: 21 APR 2026 10:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুলগেৰিয়াৰ সদ্যসমাপ্ত সংসদীয় নিৰ্বাচনত জয়লাভ কৰাৰ বাবে শ্ৰী ৰুমেন ৰাদেৱ আৰু তেওঁৰ দল প্ৰগ্ৰেছিভ বুলগেৰিয়াক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে কয়, "ভাৰত আৰু বুলগেৰিয়াৰ মাজত বন্ধুত্বপূৰ্ণ তথা বহুমুখী সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ লগতে অঞ্চলটোত আমাৰ ব্যাপক সহযোগিতাক আগুৱাই নিয়াৰ বাবে একেলগে কাম কৰিবলৈ আগ্ৰহী।"

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰিছে:

"বুলগেৰিয়াৰ সদ্যসমাপ্ত সংসদীয় নিৰ্বাচনত জয়লাভ কৰাৰ বাবে শ্ৰী ৰুমেন ৰাদেৱ আৰু তেওঁৰ দল প্ৰগ্ৰেছিভ বুলগেৰিয়ালৈ আন্তৰিক অভিনন্দন।

ভাৰত আৰু বুলগেৰিয়াৰ মাজত বন্ধুত্বপূৰ্ণ তথা বহুমুখী সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ লগতে অঞ্চলটোত আমাৰ ব্যাপক সহযোগিতাৰ বাবে একেলগে কাম কৰিবলৈ মই আগ্ৰহী।"

*****

 

MJPS/VJ/KD


(ৰিলিজ আই ডি : 2254833) অতিথি কক্ষ : 12