গৃহ মন্ত্ৰালয়
লোকসভাত সমষ্টি পুনৰনিৰ্ধাৰণ বিধেয়ক, ২০২৬, সংবিধান (১৩১সংখ্যক সংশোধনী) বিধেয়ক, ২০২৬ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন (সংশোধনী) বিধেয়ক, ২০২৬ সন্দৰ্ভত হোৱা আলোচনাত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অংশগ্ৰহণ
কোনো ৰাজ্য বিশেষকৈ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব
সমষ্টি পুনৰনিৰ্ধাৰণ বিধেয়ক, ২০২৬ -এ দক্ষিণৰ ৰাজ্যসমূহক লাভান্বিত কৰিব, সেইসমূহৰ ক্ষতি নকৰিব
বৰ্তমান দক্ষিণ ভাৰতৰ ১২৯ গৰাকী সাংসদ আছে; এই বিধেয়কৰ পিছত এই সংখ্যা ১৯৫ লৈ বৃদ্ধি পাব
আমি সমষ্টি পুনৰনিৰ্ধাৰণ আয়োগ আইনত কোনো পৰিৱৰ্তন কৰা নাই; আমি বৰ্তমানৰ আইনখনৰ আদিৰ পৰা অন্তলৈকে সঠিক পুনৰাবৃত্তি কৰিছো
তামিলনাডু বা পশ্চিমবংগৰ চলিত নিৰ্বাচনত এই আইনৰ কোনো প্ৰভাৱ নপৰিব; ২০২৯ চনৰ পূ্ৰ্বে ইয়াক কাৰ্যকৰী কৰাৰ কোনো প্ৰশ্নই নুঠে
২০২৯ চনলৈকে অনুষ্ঠিত হ’বলগীয়া সকলো নিৰ্বাচন বৰ্তমানৰ আসনৰ সংখ্যা আৰু নিয়ম অনুসৰি অনুষ্ঠিত হ’ব
লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হয়-প্ৰথমে ঘৰৰ গণনা আৰু তাৰ পিছত ব্যক্তিৰ গণনা, প্ৰথম পৰ্য্যায়টো বৰ্তমান চলি আছে, য'ত ঘৰৰ গণনা কৰা হৈছে আৰু ঘৰৰ কোনো জাতি নথকাৰ বাবে এই পৰ্যায়ত প্ৰ-পত্ৰত জাতিৰ কোনো বিকল্প নাই
ব্যক্তিৰ গণনা হ’লেহে জাতিভিত্তিক লোকপিয়লৰ প্ৰশ্ন উত্থাপন হ’ব
৮৫০খন আসন হৈছে এটা ৰাউণ্ড-অফ সংখ্যা আৰু ই ওপৰৰ সীমাক প্ৰতিনিধিত্ব কৰে; আসনৰ সঠিক সংখ্যা হ'ব ৮১৬, আনকি বৰ্তমান, ৰাউণ্ড-অফ সংখ্যাটো ৫৪৩খন আসন নহয়, বৰং ৫৫০খন আসনহে
কৰ্ণাটকৰ আসনৰ সংখ্যা বৰ্তমানৰ ২৮ৰ পৰা ৪২ লৈ বৃদ্ধি পাব আৰু মুঠ আসনসমূহত ৰাজ্যখনৰ অংশ বৰ্তমানৰ ৫.১৫ শতাংশৰ তুলনাত প্ৰায় একেই থাকিব ৫.১৪ শতাংশ হ'ব
অন্ধ্ৰ প্ৰদেশৰ আসনৰ সংখ্যা ২৫ৰ পৰা ৩৮লৈ বৃদ্ধি হ'ব আৰু মুঠ আসনসমূহত ৰাজ্যখনৰ অংশ ৪.৬০ শতাংশৰ পৰা ৪.৬৫শতাংশলৈ বৃদ্ধি হ'ব
তেলেংগানাৰ আসনৰ সংখ্যা ১৭ৰ পৰা ২৬ লৈ বৃদ্ধি হ'ব আৰু ইয়াৰ অংশ ৩.১৩ শতাংশৰ পৰা ৩.১৮ শতাংশলৈ বৃদ্ধি হ' ব
মই তামিলনাডুৰ জনসাধাৰণক আশ্বস্ত কৰিব বিচাৰো যে আপোনালোকৰ শক্তি হ্ৰাস নহয়, বৰং বৃদ্ধিহে হৈছে
তামিলনাডুৰ আসন বৰ্তমানৰ ৩৯ ৰ পৰা ৫৯লৈ বৃদ্ধি হ'ব আৰু মুঠ আসনসমূহত ৰাজ্যখনৰ অংশ ৭.১৮ শতাংশৰ পৰা ৭.২৩ শতাংশলৈ বৃদ্ধি হ' ব
কেৰেলমৰ আসন বৰ্তমানৰ ২০খনৰ পৰা ৩০খনলৈ বৃদ্ধি পাব আৰু ৰাজ্যখনৰ আসনৰ অংশ প্ৰায় একেই থাকিব
পোষ্ট কৰা হৈছে:
16 APR 2026 8:44PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে লোকসভাত পুনৰ নিৰ্ধাৰণ বিধেয়ক, ২০২৬, সংবিধান (১৩১সংখ্যক সংশোধনী) বিধেয়ক, ২০২৬ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক, ২০২৬ সন্দৰ্ভত হোৱা আলোচনাত অংশগ্ৰহণ কৰি কয় যে এই তিনিখন বিধেয়কৰ পিছত লোকসভাত দক্ষিণৰ ৰাজ্যসমূহৰ প্ৰতিনিধিত্ব উল্লেখযোগ্যভাৱে হ্ৰাস হ'ব আৰু তেওঁলোক বৃহৎ লোকচানৰ সন্মুখীন হ' ব বুলি এটা ভ্ৰান্ত ধাৰণা প্ৰচাৰ কৰা হৈছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে সমষ্টি পুনৰনিৰ্ধাৰণ বিধেয়ক, ২০২৬ -এ দক্ষিণৰ ৰাজ্যসমূহৰ ক্ষতি নকৰে, বৰং প্ৰকৃততে তেওঁলোক ইয়াৰ দ্বাৰা উপকৃতহে হ’ব। তেওঁ কয় যে ৫০ শতাংশ বৃদ্ধিৰ আৰ্হিৰ অধীনত, লোকসভাত আসনৰ সংখ্যা বৰ্তমানৰ ৫৪৩ৰ পৰা ৮১৬ লৈ বৃদ্ধি পাব, যাৰ ফলত দক্ষিণৰ সকলো ৰাজ্যৰ বাবে আসনৰ সংখ্যা বৃদ্ধি পাব। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে লোকসভাত দক্ষিণৰ ৰাজ্যসমূহৰ আসনৰ সংখ্যা বৰ্তমানৰ ১২৯ৰ পৰা ১৯৫ লৈ বৃদ্ধি পাব আৰু সদনৰ মুঠ আসনসমূহত তেওঁলোকৰ অংশ প্ৰায় পূৰ্বৰ দৰেই ২৪ শতাংশত হৈ থাকিব।
শ্ৰী অমিত শ্বাহে কয় যে বৰ্তমানৰ ৫৪৩ গৰাকী সদস্যৰ সদনত কৰ্ণাটকৰ ২৮ গৰাকী সদস্য আছে, যি মুঠ সদস্যৰ প্ৰায় ৫.১৫ শতাংশ। প্ৰস্তাৱিত বিধেয়কসমূহ গৃহীত হোৱাৰ পিছত আৰু সাংবিধানিক সংশোধনীৰ পিছত কৰ্ণাটকৰ আসনৰ সংখ্যা ২৮ৰ পৰা ৪২ লৈ বৃদ্ধি পাব। তেনে ক্ষেত্ৰত ৮১৬গৰাকী সদস্যৰ লোকসভাত কৰ্ণাটকৰ প্ৰতিনিধিত্ব প্ৰায় ৫.১৪ শতাংশ হৈ থাকিব, সেয়েহে, কৰ্ণাটকৰ কোনো ধৰণৰ লোকচান নহ'ব।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে অন্ধ্ৰ প্ৰদেশৰ বৰ্তমান ২৫খন আসন আছে, য'ত ৫৪৩ সদস্যযুক্ত সদনত প্ৰায় ৪.৬০ শতাংশ প্ৰতিনিধিত্ব আছে। প্ৰস্তাৱিত সংশোধনীৰ পিছত, প্ৰায় ৫০ শতাংশ বৃদ্ধিৰ সৈতে আসনৰ সংখ্যা ৩৮ লৈ বৃদ্ধি হ'ব আৰু অন্ধ্ৰ প্ৰদেশৰ প্ৰতিনিধিত্ব প্ৰায় ৪.৬৫ শতাংশলৈ বৃদ্ধি হ' ব। একেদৰে, বৰ্তমানৰ লোকসভাত প্ৰায় ৩.১৩ শতাংশ প্ৰতিনিধিত্বৰ সৈতে তেলেংগানাৰ বৰ্তমান ১৭ খন আসন আছে। প্ৰস্তাৱিত বৃদ্ধিৰ পিছত আসনৰ সংখ্যা ২৬ লৈ বৃদ্ধি হ'ব আৰু ইয়াৰ প্ৰতিনিধিত্ব প্ৰায় ৩.১৮ শতাংশত উপনীত হ' ব।
শ্ৰী অমিত শ্বাহে কয় যে তেওঁ তামিলনাডুৰ জনসাধাৰণক এই বুলি আশ্বাস দিব বিচাৰে যে তেওঁলোকৰ শক্তি হ্ৰাস নহয় বৰং প্ৰকৃতাৰ্থত বৃদ্ধিহে হ'ব। তামিলনাডুৰ প্ৰতিনিধিত্ব হ্ৰাস নহয়; বৰং ই পূৰ্বতকৈ বৃদ্ধি পাব। বৰ্তমান তামিলনাডুৰ পৰা ৩৯ গৰাকী সদস্য নিৰ্বাচিত হয়, যি হৈছে ৫৪৩ সদস্যযুক্ত সদনৰ প্ৰায় ৭.১৮ শতাংশ। প্ৰস্তাৱিত ৫০শতাংশ বৃদ্ধিৰ পিছত আসনৰ সংখ্যা প্ৰায় ৫৯ লৈ বৃদ্ধি পাব আৰু ৮১৬ গৰাকী সদস্যৰ নতুন সদনত ইয়াৰ প্ৰতিনিধিত্ব প্ৰায় ৭.২৩ শতাংশ হ'ব। সেয়েহে, এইটো স্পষ্ট যে এই ৰাজ্যসমূহৰ প্ৰতিনিধিত্বৰ কোনো ধৰণৰ হ্ৰাস নহ'ব; ইয়াৰ পৰিৱৰ্তে, বৃদ্ধিহে হ'ব।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে কেৰেলমৰ বৰ্তমান ২০ গৰাকী লোকসভাৰ সাংসদ আছে, যি ৫৪৩ সদস্যযুক্ত সদনৰ প্ৰায় ৩.৬৮ শতাংশক প্ৰতিনিধিত্ব কৰে। প্ৰস্তাৱিত বৃদ্ধিৰ পিছত, এই সংখ্যা ২০ৰ পৰা ৩০লৈ বৃদ্ধি পাব আৰু প্ৰতিনিধিত্ব প্ৰায় ৩.৬৭ শতাংশ হৈ থাকিব।
শ্ৰী অমিত শ্বাহে কয় যে যদি দক্ষিণ ভাৰতৰ সামগ্ৰিক প্ৰতিনিধিত্ব বিবেচনা কৰা হয়, বৰ্তমান ৫৪৩ সদস্যযুক্ত সদনত ১২৯ গৰাকী সাংসদ দক্ষিণৰ ৰাজ্যসমূহৰ পৰা আহিছে, যি হৈছে প্ৰায় ২৩.৭৬ শতাংশ। প্ৰস্তাৱিত ৫০শতাংশ বৃদ্ধিৰ পিছত, এই সংখ্যা ১২৯ৰ পৰা ১৯৫লৈ বৃদ্ধি পাব আৰু ৮১৬ সদস্যযুক্ত সদনত, তেওঁলোকৰ প্ৰতিনিধিত্ব প্ৰায় ২৩.৮৭ শতাংশ হ'ব, অৰ্থাৎ প্ৰায় ২৪শতাংশ। এইটোৱে স্পষ্ট কৰি দিয়ে যে দক্ষিণৰ ৰাজ্যসমূহৰ সামগ্ৰিক প্ৰতিনিধিত্বমূলক শক্তি বৃদ্ধি পাব।
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে জাতিভিত্তিক লোকপিয়ল কৰাৰ সিদ্ধান্ত লৈছে আৰু সমাগত লোকপিয়লত জাতি-সম্পৰ্কীয় তথ্যও সংগ্ৰহ কৰা হ'ব। তেওঁ কয় যে লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হয়-প্ৰথমে ঘৰৰ গণনা আৰু তাৰ পিছত ব্যক্তিৰ গণনা, বৰ্তমান প্ৰথম পৰ্যায় চলি আছে, য'ত ঘৰ গণনা কৰা হৈছে আৰু ঘৰবোৰৰ কোনো জাতি নথকাৰ বাবে, এই পৰ্যায়ৰ প্ৰ-পত্ৰত জাতিৰ কোনো বিকল্প নাই। গৃহ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে জনসংখ্যা গণনাৰ পৰ্যায়ত ব্যক্তিসকলৰ তথ্য সংগ্ৰহ কৰাৰ সময়ত জাতি-সম্পৰ্কীয় তথ্যও লিপিবদ্ধ কৰা হ’ব।
শ্ৰী অমিত শ্বাহে কয় যে আমি সমষ্টি পুনৰনিৰ্ধাৰণ আয়োগ আইনত কোনো পৰিৱৰ্তন কৰা নাই; আমি বৰ্তমানৰ আইনক আদিৰ পৰা অন্তলৈকে সঠিকভাৱে পুনৰাবৃত্তি কৰিছো। তেওঁ কয় যে অতীতত যদিহে এই আইনখন যিকোনো ধৰণৰ খেলিমেলিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল, তেন্তে তেওঁ সেই সন্দৰ্ভত কোনো মন্তব্য কৰিব নোৱাৰে, কিন্তু বৰ্তমানৰ চৰকাৰখনে এনেধৰণৰ কোনো প্ৰয়াস কৰা নাই। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে সমষ্টি পুনৰনিৰ্ধাৰণ আয়োগৰ প্ৰতিবেদন সংসদৰ দ্বাৰা অনুমোদন লাভ কৰাৰ পিছত আৰু ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰাৰ পিছতহে কাৰ্যকৰী হ'ব। সেয়েহে, ২০২৯চনৰ পূৰ্বে এই প্ৰক্ৰিয়াটো কাৰ্যকৰী কৰাৰ কোনো প্ৰশ্নই নুঠে। শ্ৰী শ্বাহে কয় যে তামিলনাডু অথবা পশ্চিমবংগৰ চলিত নিৰ্বাচনত এই আইনৰ কোনো প্ৰভাৱ নপৰিব; ২০২৯চনৰ পূৰ্বে ইয়াক কাৰ্যকৰী কৰাৰ কোনো প্ৰশ্নই নুঠে। ২০২৯ চনলৈকে অনুষ্ঠিত হ’বলগীয়া সকলো নিৰ্বাচন বৰ্তমানৰ আসনৰ সংখ্যা নিয়ম অনুসৰি অনুষ্ঠিত হ’ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে গণতন্ত্ৰত ক্ষমতা কেৱল ৰাজনৈতিক দল বা নেতাৰ দ্বাৰা নহয়, বৰং নাগৰিকৰ ইচ্ছা আৰু চিন্তাধাৰাৰ অনুসৰি নিৰ্ণয় কৰা হয়। তেওঁ কয় যে ১৩০কোটি লোকৰ জনাদেশক কোনেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে; যদি সেয়া সম্ভৱ হয় তেন্তে, অতীতৰ চৰকাৰৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহ’লহেঁতেন। তেওঁ লগতে কয় যে ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ সময়তো জনমত স্থায়ীভাৱে প্ৰভাৱিত হ’ব নোৱাৰিলে আৰু জনসাধাৰণে গণতান্ত্ৰিক পদ্ধতিৰে তেওঁলোকৰ সিদ্ধান্ত নিৰ্ণয় কৰিছিল। শ্ৰী অমিত শ্বাহে গুৰুত্ব আৰোপ কৰি কয় যে দেশৰ গণতন্ত্ৰক ধ্বংস কৰাৰ ক্ষমতা কাৰো নাই আৰু ইতিহাসে প্ৰমাণ কৰিছে যে যেতিয়াই এনে ধৰণৰ প্ৰয়াস কৰা হৈছে, জনসাধাৰণে সেই সমূহ প্ৰত্যাখ্যান কৰিছে।
৫৪৩ খন আসনৰ পৰা ৮১৬ খন আসনলৈ (৫০শতাংশ বৃদ্ধি আৰ্হি)
|
ক্ৰমিক নং
|
ৰাজ্য
|
মুঠ আসন ৫৪৩
আসনৰ সংখ্যা
|
বৰ্তমানৰ স্থিতি ৫৪৩-ৰ শতাংশ
|
৫০শতাংশ বৃদ্ধি (প্ৰায়)
|
সংশোধিত স্থিতি ৮১৬-ৰ শতাংশ
|
|
১.
|
কৰ্ণাটক
|
২৮
|
৫.১৫%
|
৪২
|
৫.১৪%
|
|
২.
|
অন্ধ্ৰ প্ৰদেশ
|
২৫
|
৪.৬০%
|
৩৮
|
৪.৬৫%
|
|
৩.
|
তেলেংগানা
|
১৭
|
৩.১৩%
|
২৬
|
৩.১৮%
|
|
৪.
|
তামিলনাডু
|
৩৯
|
৭.১৮%
|
৫৯
|
৭.২৩%
|
|
৫.
|
কেৰেলম
|
২০
|
৩.৬৮%
|
৩০
|
৩.৬৭%
|
|
মুঠ
|
১২৯
|
২৩.৭৬
(প্ৰায় ২৪%)
|
১৯৫
|
২৩.৮৭
(প্ৰায় ২৪%)
|
****
RK/RR/PR/PS/NB
(ৰিলিজ আই ডি : 2252983)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada