প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ পৰা প্ৰধানমন্ত্ৰীলৈ ফোন কল,পশ্চিম এছিয়াৰ পৰিস্থিতি আৰু সামুদ্ৰিক সুৰক্ষাৰ বিষয়ে আলোচনা
পোষ্ট কৰা হৈছে:
16 APR 2026 10:24PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ পৰা এটা ফোন কল লাভ কৰে।
বাৰ্তালাপত দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে হৰমুজ প্ৰণালীত সুৰক্ষা পুনৰ নিশ্চিত কৰা আৰু নৌ পৰিবহণৰ স্বাধীনতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সন্মতি প্ৰকাশ কৰে।
দুয়োগৰাকী নেতাই অঞ্চলটোৰ লগতে ইয়াৰ বাহিৰতো শান্তি আৰু সুস্থিৰতাৰ অগ্ৰগতিৰ ক্ষেত্ৰত সহযোগিতা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।
এক্স-ত প্ৰধানমন্ত্ৰীয়ে লিখিছে;
"মোৰ বন্ধু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ পৰা এটা ফোন কল পাইছিলো। আমি পশ্চিম এছিয়াৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰি হৰমুজ প্ৰণালীত সুৰক্ষা আৰু নৌ পৰিবহণৰ স্বাধীনতা পুনৰ নিশ্চিত কৰাৰ প্ৰয়োজন সন্দৰ্ভত সহমত প্ৰকাশ কৰিছিলো।
আমি অঞ্চলটোৰ লগতে ইয়াৰ বাহিৰতো শান্তি আৰু সুস্থিৰতাৰ বাবে আমাৰ সহযোগিতা অব্যাহত ৰাখিম।
@EmmanuelMacron”
***
MJPS/SS/ST/NB
(ৰিলিজ আই ডি : 2252912)
অতিথি কক্ষ : 54
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam